বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰোমাণ্টিক ভাবৰ গীত
ড॰ পৰেশ খনিকৰ
অসমীয়া
বিভাগ, নাহৰকটীয়া মহাবিদ্যালয়
প্ৰস্তাৱনা
‘কলাগুৰু’ হিচাপে খ্যাত বিষ্ণুপ্ৰসাদ ৰাভা অধুনিক অসমীয়া গানৰো এগৰাকী
ৰূপকাৰ৷ জ্যোতিপ্ৰসাদ আগৰৱালাই কাটি দিয়া আধুনিক অসমীয়া গানৰ পথাৰখন বিষ্ণুপ্ৰসাদ
ৰাভাই সাৰুৱা কৰি তুলিলে৷ একাধাৰে কবি,
সাহিত্যিক, নাট্যকাৰ, নৃত্যবিদ, অভিনেতা, ৰাজনীতিক, সংগঠক, বিষ্ণুপ্ৰসাদ ৰাভাই
ৰাজনৈতিক সংগ্ৰামৰ ধামখুমীয়াৰ মাজতো কলা-সংস্কৃতিৰ ক্ষেত্ৰখনৰপৰা নিজকে নিলগাই ৰখা
নাছিল৷ বৰং ৰাজনৈতিক সংগ্ৰামৰ সৈতে সাংস্কৃতিক সংগ্ৰামক একীভূত কৰাতহে
গুৰুত্বসহকাৰে মনোনিৱেশ কৰিছিল৷ অসমীয়া সংস্কৃতিৰ গভীৰ অধ্যয়ন, বিকাশ, অসমৰ কলা-সংস্কৃতি
তুলি ধৰাই আছিল বিষ্ণু ৰাভাৰ এটা অন্যতম উদ্দেশ্য৷ এই সকলোবোৰ দিশৰপৰাই
বিষ্ণুপ্ৰসাদ ৰাভাক জ্যোতিপ্ৰসাদৰ পিচতেই স্থান দিব পাৰি৷ সংখ্যাৰ লেখেৰে সীমিত হ’লেও বিষয়বস্তুৰ বিচিত্ৰতা, চিন্তা-চেতনাৰ গভীৰতা, সৃষ্টিশীলতাৰ অভিনৱ
প্ৰয়াসেৰে তেওঁৰ গীতক এক অনন্য মাত্ৰা প্ৰদান কৰিছে৷ জ্যোতিপ্ৰসাদৰ দৰে
বিষ্ণুপ্ৰসাদ ৰাভাও এগৰাকী সচেতন ৰাজনৈতিক শিল্পী হোৱাৰ সমান্তৰালভাৱে সাম্যবাদী
দৰ্শন তথা মাক্সৰ্বাদী-লেনিনবাদী মতাদৰ্শত বিশ্বাস কৰিছিল৷ সেয়ে এই মতাদৰ্শই তেওঁক
প্ৰদান কৰিছিল বস্তুগত আৰু শ্ৰেণীগত
দৃষ্টিভংগী৷ বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত-মাত-নাট-কবিতা সকলোতে তাৰ প্ৰতিফলন দেখিবলৈ
পোৱা যায়৷ প্ৰেম-বিৰহ, পোৱা-নোপোৱা, হ’ব-নহ’বৰ দ্বন্দৰে বিষ্ণুপ্ৰসাদ ৰাভাই জীৱনটো আগবঢ়াই নিব লগা
হোৱাৰ পিছতো তেওঁৰ সৃষ্টিত আৱেগ অনুভূতিৰ উচ্চল ঢৌৰ প্ৰবাহ নোহোৱাকৈ থকা নাছিল৷
সেয়ে কেতিয়াবা প্ৰেমিক ৰূপত, কেতিয়াবা কালিদাসৰ
বিৰহী যক্ষৰ ভাৱত আদি অনেক ৰূপত জীৱন্ত হৈ উঠিছিল৷ গতিকে ৰাভাৰ যিবোৰ গীতত
প্ৰেম-বিৰহৰ ভাব প্ৰকাশ ঘটিছে সেইবোৰৰ অন্তৰালত তেওঁৰ ব্যক্তিগত জীৱনৰ বহু কথাই
সাক্ষী হৈ ৰৈছে৷ তেওঁৰ জীৱনৰ সমগ্ৰ ৰূপান্তৰ প্ৰক্ৰিয়া তেওঁৰ গীতে ধৰি ৰাখিছে৷
মন কৰিলে দেখা যায় যে বিষ্ণুপ্ৰসাদ ৰাভাৰ যিখিনি
গীতে বেছিকৈ মানুহৰ হৃদয়ত আজিও স্পৰ্শ কৰি যায় সিবিলাকৰ বেছিভাগেই হৈছে ৰোমাণ্টিক
ভাবৰ গীত৷ এই গীতবোৰত তেওঁৰ যি প্ৰেম,
যি
সুগভীৰ অনুভূতিৰ প্ৰকাশ ঘটিছে সেয়া দৰাচলতে নিভাঁজ অকৃত্ৰিম মানৱানুভূতি৷
বাস্তৱিকতে ৰাভাৰ প্ৰেম আছিল বিফল প্ৰেম৷ তেওঁৰ প্ৰেম প্ৰত্যোশিত হৈছে৷ কিন্তু
বিফল প্ৰেমৰ দহনত যিবোৰ সৃষ্টি হৈছে সেয়া সফল সৃষ্টি৷ এনে সৃষ্টিৰ ভিতৰত গীতৰ
সংখ্যাই বেছি৷ সমান্তৰালভাৱে একে গীতকেইটাৰ জনপ্ৰিয়তাও বেছি৷
অসমীয়া আধুনিক গীতৰ ভঁৰাললৈ বিষ্ণুপ্ৰসাদ ৰাভাৰ
অৱদান অপৰিসীম৷ আধুনিক অসমীয়া গীতি
সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰা এইজন গীতিকাৰৰ গীত বিভিন্ন দিশৰপৰা সমৃদ্ধ৷ বিশেষকৈ ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হৈ থকা
বিষ্ণুপ্ৰসাদ ৰাভাই বিভিন্ন সময়ত বিভিন্ন লোকৰ সৈতে পৰিচয় ঘটাৰ লগতে বিভিন্ন
বিষয়বস্তুৰ সৈতে পৰিচয় হোৱাৰ এখন বৈচিত্ৰ্যময় ক্ষেত্ৰ লাভ কৰিছিল৷ গতিকে তেওঁৰ
গীতবোৰত বিভিন্ন ধৰণৰ বিষয়ে ভিৰ কৰিছেহি৷ এই গীতৰ বিষয়বস্তুবোৰলৈ মন কৰিলে দেখা
যায় যে তেখেতৰ গীতৰ মাজত বিভিন্ন ধৰণে ৰোমাণ্টিক চেতনা প্ৰকাশ পাইছে৷ উত্তৰ জোনাকী
স্তৰৰ গীতিকাৰ বা আধুনিক অসমীয়া সংগীতৰ গীতিকাৰ হিচাপে তেখেতৰ গীতত ৰোমাণ্টিক
চেতনা প্ৰকাশ পোৱাটো এটা উল্লেখযোগ্য দিশ৷ ভিন্ন সময়ত তেখেতৰ গীত ৰোমাণ্টিক
বিশেষত্বৰে পৰিপূৰ্ণ৷ বিভিন্ন সময়ত তেওঁ সমাজৰ শোষিতজনক জাগ্ৰত কৰাৰ উদ্দেশ্য আগত
ৰাখিও গীত ৰচনা কৰিছে৷ এনে গীত ৰচনাৰ অন্তৰালতো তেওঁৰ সমাজৰ প্ৰতি থকা প্ৰেম
চেতনাই প্ৰকাশ পাইছে৷ এনে বিষয়বস্তুবোৰ গীতৰ মাজেৰে প্ৰকাশ কৰোঁতে কেনেধৰণেৰে ৰোমাণ্টিক ভাৱৰ
প্ৰকাশ ঘটিছে সেয়া আলোচনা কৰাৰ গুৰুত্ব নি(য় আছে৷ এনে দিশবোৰ বিশ্লেষণাত্মকভাৱে এই
আলোচনাপত্ৰৰ জৰিয়তে ফঁহিয়াই চেৱাৰ প্ৰয়াস কৰা হৈছে৷
বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰোমাণ্টিক
ভাবৰ গীত : এক আলোচনা –শীৰ্ষক বিষয়টি আলোচনা কৰিবলৈ যাওঁতে দুইধৰণৰ অধ্যয়নৰ পদ্ধতি
অৱলম্বন কৰা হৈছে– তথ্য আহৰণৰ পদ্ধতি
আৰু বিষয় বিশ্লেষণৰ পদ্ধতি৷ তথ্য আহৰণৰ পদ্ধতিৰ ক্ষেত্ৰত পুথিভঁৰাল অধ্যয়ন পদ্ধতিৰ
সহায় লোৱা হৈছে৷ বিভিন্ন গ্ৰন্থত সিঁচৰতি হৈ থকা আধুনিক অসমীয়া গীতি সাহিত্য
সম্পৰ্কীয় বিভিন্ন প্ৰবন্ধৰ লগতে বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰচনাৱলীত সন্নিৱিষ্ট গীতসমূহক মূল উৎস হিচাপে
গ্ৰহণ কৰা হৈছে৷ আনহাতে বিষয় বিশ্লেষণৰ ক্ষেত্ৰত বিশ্লেষণাত্মক পদ্ধতিৰে গীতসমূহ
বিচাৰ কৰি চোৱা হৈছে৷
বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত বিভিন্ন দিশৰ পৰা সমৃদ্ধ৷
তেখেতৰ গীতৰ সকলোবোৰ দিশ ইমান কম পৰিসৰতে সামৰা সম্ভৱ নহয়৷ আনহাতে যিকোনো এটা বিষয়
অধ্যয়ন কৰিবলৈ যোৱাৰ আগতে বিষটি অধ্যয়নৰ পৰিসৰ
নিৰ্ধাৰণ কৰি লোৱা উচিত বুলি বিবেচনা কৰা হয়৷ বিষয়ৰ ব্যপকতা আৰু অধ্যয়নৰ
সীমাবদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ আলোচনাত বিষ্ণুপ্ৰসাদ ৰাভাৰ কেৱল ৰোমাণ্টিক
ভাবৰ গীতবোৰকহে বিচাৰ কৰা হৈছে৷
আধুনিক অসমীয়া গীতি-সাহিত্যলৈ
বিষ্ণুপ্ৰসাদ ৰাভাৰ অৱদান
ঊনবিংশ শতিকাৰ শেষ দশকত শুভাৰম্ভ ঘটি সুদীৰ্ঘ
ছকুৰি বছৰ অতিক্ৰম কৰা অসমীয়া আধুনিক গীতৰ এক বৈচিত্ৰ্যপূৰ্ণ ইতিহাস আছে৷ ইতিহাসৰ
এক ক্ৰমবিৱৰ্তনৰ মাজেদি আহি অসমীয়া গীতি সাহিত্যই বৰ্তমানৰ আধুনিক ৰূপ লাভ কৰিছে৷
পূবৰ্ৰ লোকসংগীত আৰু ধ্ৰুপদী গীতৰ পিচতেই অসমীয়া আধুনিক গীতে বিকাশ লাভ কৰিছে৷
ইংৰাজসকল ভাৰতলৈ অহাৰ পিচতে বংগৰ সংগীতে
এক নতুন ৰূপ লাভ কৰিলে৷ প্ৰিয়ানো, অৰ্গেন, গীটাৰ, হামোৰ্নি, আদি যন্ত্ৰৰ সংযোগত
অসমীয়া গীতি সাহিত্যই আধুনিক ৰূপ পৰিগ্ৰহ কৰে৷ তদুপৰি ইয়াৰ সমসাময়িকভাৱে
গীতৰ বিষয়বস্তুৰ পৰিৱেশন ৰীতি আদি সকলোতে পৰিৱৰ্তন স্পষ্ট হৈ উঠিল৷ বংগদেশৰ
ৰবীন্দ্ৰনাথৰ সংগীতক এই আধুনিক ৰূপটোৰ বাটকটীয়া বুলি অভিহিত কৰা হয়৷ সংগীতৰ এই
পৰিৱৰ্তনে অসমতো ব্যাপকভাৱে প্ৰভাৱ পেলায়৷ অসমীয়া শিক্ষিত সzান্ত লোকসকলে অসমীয়া সংস্কৃতিক সম্পূৰ্ণৰূপে আওকাণ কৰি
ৰবীন্দ্ৰ সংগীত চৰ্চাত আত্মনিয়োগ কৰিছিল৷ এই বিষয়টোকে অসমীয়া এচাম জাতীয়প্ৰেমী
লোকে প্ৰত্যাহ৩ান হিচাপে গ্ৰহণ কৰি অসমীয়া ভাষাত নাটক, গান আদি ৰচনা কৰাৰ লগতে ইবিলাকত সুৰাৰূপ কৰি গোৱাৰ প্ৰয়াস
কৰিলে যাৰ ফলত অসমীয়া সংগীতৰ জগতত এক নতুন ধাৰা আধুনিক অসমীয়া গীতৰ জন্ম আৰু বিকাশ
হ’বলৈ ধৰে৷
জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘শোণিত কোঁৱৰী’ নাটকৰ গীতসমূহৰ
মাজেদি অসমীয়া আধুনিক গীতৰ প্ৰকৃত আৰম্ভণি ঘটে৷ আগৰৱালাদেৱে বিয়ানাম, বিহুনাম আদি থলুৱা লোকগীতৰ সুৰ তেওঁৰ গীতবিলাকত আৰোপিত
কৰিছিল৷ প্ৰসংগক্ৰমে তেওঁৰ ‘গছে গছে পাতি দিলে...’ গীতটিৰ কথা উল্লেখ কৰিব পাৰি৷ তদুপৰি তেওঁৰ ‘ৰূপহ কোঁৱৰৰ চুমা পৰশতে..’, ‘সোণৰে পালেঙতে অ’ মনেতৰা..’, ‘লুইতৰে পানী যাবি ঐ বৈ.. ’, ‘তোৰে মোৰে আলোকৰে যাত্ৰা..’ ইত্যাদি চিৰন্তন
আৱেগমিশ্ৰিত গীতসমূহৰ জৰিয়তে আধুনিক অসমীয়া গীতি সাহিত্যক এখন সুষ্ঠ সৱল আসনত
প্ৰতিষ্ঠা কৰে৷
জ্যোতিপ্ৰসাদৰ সমসাময়িকভাৱে আধুনিক অসমীয়া গীতি
সাহিত্যলৈ অৱদান আগবঢ়োৱা আন দুজন গীতিকাৰ হ’ল বিষ্ণুপ্ৰসাদ ৰাভা
আৰু পাবৰ্তি প্ৰসাদ বৰুৱা৷ জ্যোতিপ্ৰসাদে
নান্দনিক সৌন্দৰ্যৰে সজাই-পৰাই খাৰা কৰোৱা আধুনিক গীতৰ ভেটিটো বিষ্ণু ৰাভাই
বিশেষভাৱে জনচেতনাৰ ৰূপ-ৰস ঢালি অধিক জনমুখী কৰি তোলে৷ৰ এওঁলোকৰ গীতৰাজি সাঙ্গীতিক
আৰু সামাজিক মূল্যবোধেৰে ভৰপূৰ৷ পাবৰ্তিপ্ৰসাদৰ ‘হেৰ’ বলীয়া নয়ন ভৰি ভৰি চা’, ‘কিহৰ ৰাগীত জলা-কলা হ’লি’, ‘বীণ বৰাগী তোৰ বীণ খনি ল তুলি’ আদি গীতবোৰ কালজয়ী৷ ইবিলাকৰ সাবৰ্জনীন আৱেদনে সকলোকে
মন্ত্ৰমুগ্ধ কৰি ৰাখে৷ তদুপৰি সমাজৰ শ্ৰেণী বৈষম্যৰ এখন স্পষ্ট ছবি তেওঁৰ গীতৰ
মাজত ফুটি উঠা দেখা যায়৷ সমান্তৰালভাৱে বিষ্ণুপ্ৰসাদ ৰাভাই বিভিন্ন সময়ত ৰাজনৈতিক
ক্ষেত্ৰৰ লগত জড়িত হৈ থাকোঁতে লাভ কৰা ভিন্ন অভিজ্ঞতা, প্ৰেম-বিৰহ পোৱা-নোপোৱাৰ বেদনা ইত্যাদি গীতৰ ম্যধ্যমেৰে
প্ৰকাশ কৰিছে৷ বিভিন্ন বিষয়বস্তুৰে সৰ্বমুঠ ১৩২ টা গীত ৰচনা কৰি¸ ৰাভাই অসমীয়া গীতি-সাহিত্যৰ ভঁৰাল বিশেষভাৱে সমৃদ্ধ কৰি
গৈছে৷ সাংগীতিক মূল্যৰ দিশৰ পৰাও গীতবোৰৰ বিশেষ মূল্য আছে৷ মুঠৰ ওপৰত আধুনিক
অসমীয়া গীতি সাহিত্যৰ জগতখনলৈ বিষ্ণুপ্ৰসাদ ৰাভাই ভিন্ন ধৰণৰ দিশ যেনে বৰগীতৰ
স্বৰলিপি সংগ্ৰহ কৰা, জ্যোতিপ্ৰসাদৰ গীতৰ
স্বৰলিপি প্ৰস্তুতকৰা, হিন্দুস্তানী আৰু
বৰগীতৰ তাল আৰু ৰাগৰ লৈকে আলোচনা কৰি সকলো
দিশতে সমৃদ্ধি প্ৰদান কৰি থৈ গৈছে৷ এই সকলো দিশৰ পৰা মন কৰিলে আধুনিক অসমীয়া
গীতি-সাহিত্যৰ ইতিহাসত জ্যোতিপ্ৰসাদ আগৰৱালাৰ পিছতেই বিষ্ণুপ্ৰসাদ ৰাভাৰ স্থান৷
বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতত
ৰোমাণ্টিক চেতনা
বিষ্ণুপ্ৰসাদ ৰাভাৰ ব্যক্তিগত জীৱনলৈ মন কৰিলে
দেখা যায় যে বিভিন্ন সময়ত প্ৰেম বিৰহ,
পোৱা-নোপোৱা, হ’ব-নহ’ব আদি দ্বন্দ্বৰ মাজেৰে তেওঁৰ জীৱনটো আগবাঢ়িছে৷ নিজৰ
দৃষ্টিভংগী আৰু জাতীয় মুক্তি সংগ্ৰামৰ সক্ৰিয় ৰাজনীতিয়ে তেওঁৰ জীৱনত বিভিন্ন ধৰণে
প্ৰভাৱ পেলোৱাৰ লগতে কিছুমান বেমেজালীৰো সৃষ্টি কৰিছিল৷ এনে কৰাৰ মূৰকত তেওঁৰ
মন-মগজুৰ সংঘৰ্ষবোৰ বৃদ্ধি পাইছিল আৰু ঠাই বিশেষে পৰিস্থিতি সাপেক্ষে সিবোৰে
গীত-নাট-কবিতাৰ মাজেৰে মূৰ্ত হৈ প্ৰকাশ লাভ কৰিছিল৷ অৱশ্যে তেওঁৰ এনে সময়ত সৃষ্টি
হোৱা লেখাবোৰত আবেগ-অনুভূতিৰ উচ্চল ঢৌৰ প্ৰবাহ নোেহাৱাকৈ থকা নাছিল৷ সেয়ে কেতিয়াবা
প্ৰেমিকৰ ৰূপত, কেতিয়াবা কালিদাসৰ বিৰহী
যক্ষৰ ভাৱত আদি অনেক ৰূপত জীৱন্ত হৈ উঠিছিল৷ গতিকে ৰাভাৰ যিবোৰ গীতত প্ৰেম-বিৰহৰ
ভাৱ প্ৰকাশ ঘটিছে সেইবোৰৰ অন্তৰালত তেওঁৰ ব্যক্তিগত জীৱনৰ বহু কথাই সাক্ষী হৈ
ৰৈছে৷ তেওঁৰ জীৱনৰ বিভিন্ন সময়ত ঘটা ৰূপান্তৰ প্ৰক্ৰিয়া গীতৰ মাজেৰে ধৰি ৰখাৰ
প্ৰয়াস কৰিছে৷
বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ বিষয়বস্তুবোৰলৈ মন কৰিলে
দেখা যায় যে তেখেতৰ গীতৰ মাজত বিভিন্ন ধৰণে ৰোমাণ্টিক চেতনা প্ৰকাশ পাইছে৷ উত্তৰ
জোনাকী স্তৰৰ গীতিকাৰ বা আধুনিক অসমীয়া সংগীতৰ গীতিকাৰ হিচাপে তেখেতৰ গীতত
ৰোমাণ্টিক চেতনা প্ৰকাশ পোৱাটো এটা উল্লেখযোগ্য দিশ৷ বিভন্ন সময়ত তেখেতৰ গীত
ৰোমাণ্টিক বিশেষত্বৰে পৰিপূৰ্ণ৷ তেওঁ সমাজৰ শোষিতজনক জাগ্ৰত কৰাৰ উদ্দেশ্য আগত
ৰাখিও গীত ৰচনা কৰিছে৷ এনে গীত ৰচনাৰ অন্তৰালতো তেওঁৰ সমাজৰ প্ৰতি থকা প্ৰেম
চেতনাই প্ৰকাশ পাইছে৷ তেখেতৰ গীতত প্ৰকাশ পোৱা বিভিন্ন ধৰণৰ ৰোমাণ্টিক ভাবৰ ভিতৰত
প্ৰকৃতি প্ৰীতি, মানৱ প্ৰেম, স্বদেশ প্ৰীতি,
অতীতৰ
প্ৰতি শ্ৰদ্ধাশীল মনোভাব ইত্যাদি দিশবোৰৰ কথা ক’ব পাৰি যিবোৰে ৰোমাণ্টিক চেতনাক প্ৰতিনিধিত্ব কৰিছে৷
প্ৰকৃতি প্ৰেম
বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতত প্ৰকৃতি চিত্ৰণ আৰু
সৌন্দৰ্যময়ী নৈসৰ্গিক শোভা বৰ্ণনা থকাটো মন কৰিবলগীয়া বিশেষত্ব৷ ৰাভাৰ প্ৰায়বোৰ
গীতেই যোৱা শতিকাৰ পঞ্চাছ আৰু ষাঠী দশকত ৰচিত৷ বেছিভাগ গীতেই দেশপ্ৰেমৰ আৰু
মানৱবন্দনাৰ স্বৰূপ হ’লেও বিষ্ণুৰাভাৰ
ডেৰকুৰিৰো অধিক গীতত প্ৰকৃতিৰ চিত্ৰণ সুস্পষ্ট৷ প্ৰকৃতি প্ৰেমৰ ভাব আৰু নৈসৰ্গিক
সৌন্দৰ্যই কেতবোৰ গীতত ৰোমাণ্টিক কবিতাৰ সুৰ আৰু বৈশিষ্ট্য স্পষ্টভাৱে প্ৰকাশ
পাইছে৷
সত্য আৰু সুন্দৰৰ সাধনাৰে জীৱনৰ খেল খেলি সুন্দৰৰ পূজাৰী হৈ বিষ্ণুৰাভাই ‘সুৰৰ দেউলৰ ৰূপৰ শিকলী ভাঙি দিলি খুলি দুৱাৰ সোণোৱালী’ বুলি বনগীতৰ সুৰেৰে হৃদয় জুৰাইছে আৰু প্ৰাণক সজাইছে৷ মন কৰিলে দেখা যায়, বিষ্ণুপ্ৰসাদ ৰাভাৰ যিখিনি গীতে আটাইতকৈ বেছি মানুহৰ হৃদয় আজিও স্পৰ্শ কৰি যায়, সেইখিনিয়েই হৈছে প্ৰেম আৰু বিৰহৰ চিত্ৰণ ঘটা গীত৷ এই গীতবোৰত তেওঁৰ প্ৰেম, তেওঁৰ যি সুগভীৰ অনুভূতিৰ প্ৰকাশ পাইছে সেয়া দৰাচলতে নিভাঁজ অকৃত্ৰিম মানবানুভূতি৷২ তেওঁ গীতৰ মাজেৰে কৈছে–
মাণিক ফুলে নুশুৱায়
[যদি] সাত-সৰীতে তোৰ
[হিয়া] ফালি উলিয়াই পিন্ধাম
তেজাল পোৱাল-মণি মোৰ৷
–প্ৰেয়সীক সাগৰ সিঁচি
মাণিক আনি পিন্ধাব খুজা ৰাভাই প্ৰকৃতিৰ বুকু শুৱনি কৰা নাহৰ, তগৰ, কপৌফুলক হৃদয়ৰ বাণিৰে
খোপাত গুজি দি হিয়াৰ ফুল পাৰি দিবলৈ ওলাইছে৷ তেওঁৰ গীতত প্ৰকাশিত এনে নৈসৰ্গিক
ছৱিৰ মাজত প্ৰকৃতি সৌন্দৰ্য আৰু জীৱনৰ সৌন্দৰ্যৰ সমাহাৰেৰে, সুন্দৰৰ আৰাদনাৰে প্ৰেমৰ কথা কোৱাটো ৰাভাৰ গীতৰ অন্যতম এক
বিশেষত্ব৷ হৃদয়ৰ ভালপোৱাৰ বতৰা মলয়াই কাণে কাণে অনা এইগৰাকী গীতিকাৰৰ প্ৰেমৰ
গীতবোৰতো এনেদৰেই প্ৰকৃতিৰ ছবি চিত্ৰিত হৈছে৷ বহুক্ষেত্ৰত প্ৰকৃতিৰ শোভাৰ মাজতে
ৰাভাৰ মন প্ৰাণ নিমজ হৈ থকাৰ কথাও গীতৰ মাজেৰে প্ৰতিফলিত হৈছে৷
প্ৰকৃতিৰ জগতখনক বিষ্ণুপ্ৰসাদ ৰাভাই অতি সূক্ষ্মভাৱে লক্ষ্য কৰিছিল৷ ৰাভাৰ গীতত প্ৰকৃতিৰ সুৰ প্ৰকৃতাৰ্থত হৃদয় জুৰোৱা৷ খামটি ছোৱালীক প্ৰকৃতিৰ ফুলৰ হাঁহিৰে সজাই গীতৰ মাজেৰে বাৰেবৰণীয়া প্ৰকৃতিৰ ৰংবোৰক জীৱনত ৰঙৰ লগত মিলাই দিব খোজা ৰাভাৰ গীতত প্ৰকৃতিৰ সৌন্দৰ্যমস চিত্ৰণ মনকৰিবলগীয়া–
বিলতে হালিছে
ধুনীয়া পদুমী
ফুলনিত ফুলিছে ফুল
সেই ফুলে ফুলে পখিলা উৰিছে
সানিছে ৰেণুৰে বুল...
কল্পনাৰে প্ৰকৃতিৰ ছবিক জীৱন্ত কৰি তোলাত
সিদ্ধহস্ত ৰাভাৰ গীতবোৰত জীৱন আৰু প্ৰকৃতিৰ ‘বৰষুণ-প্ৰেম-ধুমুহাৰ’ চিত্ৰকল্পবোৰ খুবেই আকৰ্ষণীয় আৰু ব্যঞ্জনাধৰ্মী৷ ৰাভাৰ গীতত
জীৱন আৰু প্ৰকৃতিৰ সোণালী ৰিজনীৰ কথা খুবেই চিন্তাকৰ্ষক৷ সেয়েহে ক’ব পাৰি যে বিষ্ণুৰাভাৰ ৰোমাণ্টিক ভাবৰ গীতসমূহৰ মাজেৰে
প্ৰকৃতি প্ৰীতি উজ্জ্বল ৰূপে ধৰা দিছে৷
মানৱ প্ৰেম
বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰেম আছিল মানুহৰ প্ৰতি প্ৰেম, প্ৰেয়সীৰ প্ৰতি প্ৰেম৷ তেওঁ প্ৰেমৰ মহত্বক চিৰসুন্দৰ ৰূপত অংকণ কৰা এগৰাকী প্ৰেমিক আছিল৷ ৰাভা আছিল প্ৰেমৰ একান্ত পূজাৰী৷ বিশাল মহাসাগৰৰ ঢৌৰ গভীৰতাৰ পৰা মুকুতা বিচাৰি অনা দুৰ্দান্ত প্ৰেমিক আছিল ৰাভা৷ প্ৰেমৰ বাবে কিছুমান দুৰ্বোধ্য কামো প্ৰেমিকে যেন সহজেই কৰিব পাৰে৷ মহাসাগৰ সিঁচি প্ৰেমিকাৰ বাবে সাত সাগৰৰ ধন অনাটো কোনো কথাই নহয়৷ তেওঁৰ হিয়াত, তেওঁৰ জীৱন বীণত যি আঙুলিৰ বুলনি পৰিল তাৰ কাৰণ এটাই আৰু তাৰ বাবেই তেওঁ সকলো ত্যাগ আৰু কষ্ট স্বীকাৰ কৰিবলৈ প্ৰস্তুত–
মেঘৰ বুকুফালি আনিম
বিজুলীৰে চাকি
খোপাতে গুজিবা নে?
কুঁৱলী জাল কাটি আনিম
ৰূপোৱালী জোনাই
বিৰীত লগাবানে?
ৰাভা আছিল চিৰসুন্দৰৰ পূজাৰী৷ পৃথিৱীৰ সকলো বস্তুৱেই তেওঁ ধুনিয়া আৰু সৌন্দৰ্যময় হোৱাটো বিচাৰিছিল৷ তেওঁৰ প্ৰেম আছিল শিশুৰ দৰে পবিত্ৰ, নিষ্পাপ, অকৃত্ৰিম আৰু নিৰ্মল৷ সৌন্দৰ্যপ্ৰিয়তাৰ বাবেই হয়তো তেওঁৰ জীৱনলৈ প্ৰেম আহিছিল এইদৰেই–
লুইতৰ পাৰৰে ৰূপহী কঁুৱৰী
নাচি নাচি হালি আপোন বিভোৰ
তোৰ নাচোন দেখি বনৰ হৰিণী
থমকি থমকি চাই জুমি জুমি৷
বাস্তাৱিকতে ৰাভাদেৱৰ প্ৰেম আছিল বিফল প্ৰেম৷ তেওঁ প্ৰেমত প্ৰত্যাশিত হৈছে৷ এই বিফল প্ৰেমৰ দহন তেওঁৰ গীতত ধৰা দিছে৷ তথাপি ৰাভা আছিল আশাবাদী, ইহকাল পৰকালত বিশ্বাসী৷ মনৰ আশা পূৰণ নোহোৱাৰ বাবে ৰাভাৰ মনত কোনোধৰণৰ খেদ নাই৷ ইমান ধুনীয়া অথচ গভীৰ ৰোমাণ্টিক ভাবধাৰাৰে সমৃদ্ধ এই গীতটিত বিষ্ণু ৰাভাই গীতৰ সকলোবোৰ চৰিত্ৰ ৰক্ষা কৰিছে আৰু গীতৰ মেলডিও ৰক্ষা কৰিছে এনেদৰে–
পৰ জনমৰ শুভ লগনত
যদিহে আমাৰ হয় দেখা
পোৰাবানে প্ৰিয়ে এই জনমৰ
মোৰ হিয়াৰ অপূৰ্ণ আশা
ৰোমাণ্টিক চিন্তাধাৰাৰে ৰাভাই সুৰৰো প্ৰাচ্য আৰু পাশ্চাত্যৰ মধুৰ সমন্বয় ঘটাইছে এনেদৰে–
নাহৰ ফুলে নুশুৱায়
তগৰ ফুলে শুৱাব
তগৰ ফুলে নুশুৱায়
কপৌ ফুলে শুৱাব৷...
–এই গীটকেইটিলৈ মন কৰিলে দেখা যায় যে তেওঁৰ প্ৰেম বিফল হ’লেও, তাৰ স্মৃতিত তেওঁ দগ্ধ হ’লেও হৃদয়ে মনে এটাই নিশ্চিতি সাবটি থাকে আৰু সেয়া হৈছে জীৱনৰ ইহকালৰ অপূৰ্ণতাখিনি পৰকালত তেওঁ পূৰণ হোৱাটো কামনা কৰিছে৷ সেয়ে তেওঁ কিছুমান গীতত জনম-মৰণ এই দুই দিশৰ দুই পাৰত মাজে মাজে দেখা পোৱা যৌৱনৰ উচ্চলতাবোৰকে যেন জুকিয়াই চাইছে৷ বিষাদৰ প্ৰকাশ ঢাকি ৰখা যে সম্ভৱ নহয় সেয়া তেওঁ নিশ্চিত৷ তেওঁ অনুভৱ কৰিছে বিষাদ বেদনাত হৃদয় পুৰি ছাৰখাৰ হৈ যাব পাৰে৷ এনে ভগ্ন হৃদয়ৰ কম্পনবোৰকো তেখেতে জীৱনৰ প্ৰাপ্য বুলিয়ে মানি লৈছে৷ আনহাতে তেওঁৰ প্ৰেম প্ৰত্যাখান কৰা প্ৰেমিকাকো দোষী সাব্যস্ত কৰিব খোজা নাই৷ ইয়াতেই তেখেতৰ জীৱনৰ আদৰ্শই চৰম ৰূপ লাভ কৰিছে৷ কেতিয়াবা সেই দৃষ্টিভংগী এনে পৰ্যায় পাইছে যে তেওঁ সেয়া কোনোবা অদৃষ্টৰ পৰিহাস বুলি মানি লৈছে৷ তেওঁ গীতৰ মাজেৰে কৈছে–
মোৰেই সুৰত নাচে নে তাই
তোমাৰ সুৰত নাচে
অসীম লীলা নুবুজিলোঁ
তেও যে প্ৰভু তোমাক নাপালোঁ৷
স্বদেশপ্ৰীতি
বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰোমাণ্টিক ভাবৰ গীতসমূহত প্ৰতিফলিত স্বদেশপ্ৰীতি এক উল্লেখযোগ্য বিশেষত্ব৷ তেওঁৰ প্ৰবল আকাংক্ষা আছিল বৈচিত্ৰ্যৰ মাজত ঐক্যৰ সন্ধান কৰা৷ অসমৰ বাৰেবৰণীয়া নৃ-গোষ্ঠীসমূহৰ মাজত সমন্বয়ৰ এনাজৰী দেখা পাইছিল বাবে অবিভক্ত অসমৰ প্ৰত্যেক জনগোষ্ঠীৰ কৃষ্টি তেওঁ অনুশীলন কৰিছিল–
জাগিব লাগিব তই কছাৰী মিকিৰ
খাচী ৰাভা গাৰো মিৰি কুকি নগাবীৰ
খামতি, মিচিমি, আবৰ, লালুং, লুচাই
চিংফৌ, চিনটেং মণিপুৰী টাই
টিপৰা, ডিমাচা অঁকা ডফলা ককাই
চুতীয়া দেউৰী টোটোলা কোচ হাজং বৰাহী
জাগিব লাগিব তই জাগ
নিজ দেশ তথা ইয়াৰ জনগণৰ আশা-আকাংক্ষাক বাস্তৱত ৰূপ দি ইয়াৰ ধৰ্ম, ভাষা, সাহিত্য সংস্কৃতিৰ প্ৰতি আনুগত্যই হ’ল স্বদেশ প্ৰেম৷ স্বদেশ প্ৰেম হ’ল জাতীয়তাবাদৰ মূল উৎস৷ দেশ আৰু জাতিৰ প্ৰতি ভালপোৱাই হ’ল জাতীয়তাবোধ৷ মাতৃভূমিক ভালপোৱাই আছিল ৰাভাদেৱৰ লক্ষ্য আৰু অসমৰ জনসাধাৰণ আছিল ইয়াৰ উৎস৷ দেশ আৰু জাতিৰ বাবে কৰা যিখিনি সেই গোটেইখিনি তেখেতে উচৰ্গা কৰিছিল৷ সেইবাবেই স্বদেশৰ লোকৰ প্ৰতি ৰাভাই গুণগান কৰিছে এনেদৰে–
অ’ মোৰ নিচলা অসমী আইৰ
হালোৱা বনুৱা ভাই
কোনে পতিয়াব তোমাৰ আজিৰ
কিয়নো এনে বিলাই?
নিচলা আইৰে আমি খাটি অসমীয়া
অসমী আইৰে আমি ছোৱালী ধুনীয়া
ধৰণী শুৱাই থকা অই মোহনীয়া
ৰাভাৰ স্বদেশপ্ৰেমৰ পটভূমি আছিল স্বাধীনতা সংগ্ৰাম অসম তথা ভাৰতৰ মানৱ সমাজলৈ অনা জন জাগৰণ৷ অৱহেলিত জনগোষ্ঠীৰ পৰা ওলোৱা সত্বেও তেওঁ যে অসমৰ নৱজাগৰণৰ অন্যতম নেতা হৈ পৰিছিল সেই ঘটনাটো তাৎপৰ্যপূৰ্ণ৷ তেওঁৰ গীতত দুখুনী অসমৰ লগতে নিচলা ভাৰতো মাতৃৰূপে ধৰা দিছে৷ দুয়োৰে দৈন্য আৰু দুৰ্দশাৰ কাৰণ হ’ল পৰাধীনতা৷ সেয়েহে ৰাভাই স্বদেশপ্ৰেমেৰে ভাৰতভূমিৰ বৰ্ণনা কৰিছে গীতৰ মাজেৰে–
আই মোৰ ভাৰতী জননী
লখিমী দুখুনী
ভাৰতবাসীৰ হৃদয়ৰে বাণী
মোৰ পৰাণৰ মোৰ জীৱনৰ
চেনেহী গোঁসানী
নিজৰ দেশৰ প্ৰতি থকা অগাধ প্ৰীতিৰ এক জ্বলন্ত কিম্বদন্তি জয়মতীৰ কাহিনী সৰ্বজনবিদিত৷ সেয়ে জয়মতীৰ কাহিনীৰ মাজেদি মানুহৰ মাজত স্বদেশপ্ৰীতিৰ অনুৰণন ঘটাবলৈ বিষ্ণুপ্ৰসাদে লিখিছে–
জয়সাগৰৰ বুকুৰ মাজত
উঠে চকুলোৰে ঢল
মলয়াই তোলে হিয়া ভগা সুৰ
কৰুণ বিননি ৰোল
জয়া নাই জয়া নাই
অসমী আইৰ চেনেহৰ জী
সতী জয়মতী নাই৷
অতীতৰ প্ৰতি শ্ৰদ্ধা
ৰোমাণ্টিকতাৰ এটি অন্যতম বৈশিষ্ট্য হৈছে ‘অতিতৰ প্ৰতি শ্ৰদ্ধা’৷ বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰোমাণ্টিক ভাবৰ গীতসমূহৰ মাজেৰে অতীতৰ প্ৰতি শ্ৰদ্ধাশীল মনোভাব স্পষ্ট ৰূপত প্ৰকাশ পাইছে৷ অসমীয়া সমাজৰ পৰা ভেদাভেদ, দুষ্কৃতি, অস্পৃশ্যতা আঁতৰাই এখন সাম্যবাদী সমাজৰ সৃষ্টি কৰি অসমক জ্ঞানৰ পোহৰেৰে উজ্বলাই তোলা মহাপুৰুষ শংকৰদেৱৰ প্ৰতি ভক্তি আৰু শ্ৰদ্ধাৰে গুণানুকীৰ্ত্তন কৰি কৈছিল– ‘মোৰ বিপ্লৱক অৰিহণা যোগাইছে মহান বিপ্লৱী শংকৰে’৷ বিভিন্ন সময়ত তেখেতে অসমীয়া সাহিত্য তথা শাস্ত্ৰীয় সংগীতৰ ইতিহাসক শ্ৰদ্ধা কৰাৰ লগতে শংকৰ-মাধৱৰ প্ৰতি থকা শ্ৰদ্ধাশীল মনোভাব গীতৰ মাজেৰে প্ৰকাশ কৰিছে–
শুনা শুনা শুনা
শুনা হেৰা ভাই
মহান কলাকাৰ শংকৰ আমাৰ
হওক আমাৰ আৰ্হি বিপ্লৱৰ
শংকৰদেৱক বিপ্লৱৰ আৰ্হি হিচাপে লৈ আগুৱাই যোৱাৰ কথা বিষ্ণুৰাভাই পোষকতা কৰিছিল৷ কেৱল সেয়াই নহয়, বৰগীতৰ প্ৰতিও তেওঁৰ আছিল এক বিশেষ শ্ৰদ্ধা৷ সেয়েহে তেওঁ লিখিছে–
যাউতিযুগীয়া বৰগীত অমিয়া
মন-প্ৰাণ ভৰি
সুন্দৰ চিৰ সুন্দৰ
উপসংহাৰ
বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰোমাণ্টিক
ভাবৰ গীত : এক আলোচনা –শীৰ্ষক বিষয়টি অধ্যয়ন কৰি নিম্নলিখিত সিদ্ধান্তত উপনীত হ’ব পাৰি–
Ø আধুনিক অসমীয়া
গীতি-সাহিত্যৰ জগতখনক বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতে সমৃদ্ধি প্ৰদান কৰিছে৷
Ø ৰোমাণ্টিক ভাবাৰ গীতৰ
ভিতৰত প্ৰকৃতি প্ৰেম বা প্ৰকৃতি চিত্ৰ সম্বলিত গীতবোৰক বিষ্ণুপ্ৰসাদে এক সুকীয়া
মাত্ৰা প্ৰদান কৰিছে৷
Ø জাতীয় ভাবাপন্ন
গীতবোৰৰ জৰিয়তে বিষ্ণুপ্ৰসাদ ৰাভাৰ সংগ্ৰামী তথা জাতীয়তাবাদী আদৰ্শ প্ৰকাশ পাইছে৷
সংগ্ৰামী বিষ্ণুপ্ৰসাদে বিভিন্ন সময়ত সমাজৰ শোষিত শ্ৰেণীৰ হকে মাত মতাৰ লগতে জাতীয়
সংগ্ৰামৰ বাবে আগবাঢ়ি অহিবলৈ আহ্বান জনাইছে৷
Ø বিষ্ণুপ্ৰসাদ ৰাভাৰ
গীতৰ মাজত নৈসৰ্গীক পৰিৱেশৰ বৰ্ণনাই বিশেষ সজীৱতা লাভ কৰিছে৷
Ø বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ
মাজত অতীতৰ প্ৰতি এক শ্ৰদ্ধাশীল মনোভাব দেখিবলৈ পোৱাৰ সমান্তৰালভাৱে পাছৰ প্ৰজন্মৰ
বাবে বা ভৱিষ্যতৰ সমাজখনৰ বাবে ঐতিহ্যৰ প্ৰেৰণাময় বাৰ্তা নিহিত হৈ আছে৷
প্ৰসংগসূত্ৰ নিৰ্দেশ
1 লোকনাথ
গোস্বামী, অসমীয়া আধুনিক গান
জন্মক্ৰন্দনৰপৰা জাতীয় স্পন্দনলৈ..., পৃষ্ঠা– ৬০
২ হৃদয়ানন্দ গগৈ, বিষ্ণুৰাভাৰ গীতৰ বিষয় বৈচিত্ৰ্য আৰু সমাজ চিন্তন ধাৰা, কৰবী ডেকা হাজৰিকা সম্পা.] ঃ সামাজিক সাংস্কৃতিক
প্ৰেক্ষাপটত অসমীয়া গীত আৰু গীতিকবিতা,
পৃষ্ঠা– ১১৩
গ্ৰন্থপঞ্জী
আহমেদ,
কুতুবুদ্দিন
[সম্পা.]: বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ বিভিন্ন দিশ আৰু প্ৰাসংগিকতা, প্ৰকাশক : ড॰ মহেশ্বৰ নেওগ অসমতত্ত্ব
গৱেষণা সংস্থান, অসম সাহিত্য সভা, প্ৰথম সংস্কৰণ : ২০১৬
গগৈ,
বগেন
আৰু তিলেন গগৈ [সম্পা.] : বিষ্ণুৰাভাৰ কৃতি আৰু কৃতিত্ব, ধেমাজি অফচেট প্ৰিণ্টাৰ্চ, ৰতনপুৰ, ধেমাজি, প্ৰথম প্ৰকাশ –আগষ্ট, ২০০৫
গোস্বামী,
লোকনাথ : অসমীয়া
আধুনিক গান জন্ম ক্ৰন্দনৰপৰা জাতীয় স্পন্দনলৈ, সাৰস্বত, গুৱাহাটী, প্ৰকাশক -সমিৰণ গোস্বামী, দ্বিতীয় প্ৰকাশ- এপ্ৰিল, ২০১৪
–ঃ অসমীয়া আধুনিক
সংগীতৰ ইতিহাস, ৰেখা প্ৰকাশন, পাণবজাৰ, গুৱাহাটী-ৰ, প্ৰকাশক -দেৱেন কলিতা,
মূদ্ৰণ : অভিলেখ
গ্ৰাফিক, উজান বজাৰ, গুৱাহাটী, প্ৰথম প্ৰকাশ- ২০১৬
দাস,
যোগেশ
[সম্পা.] : বিষ্ণুৰাভাৰ ৰচনা সম্ভাৰ [প্ৰথম
খণ্ড]সৰ্বেশ্বৰ বড়া, ৰাভা ৰচনাৱলী প্ৰকাশন
সংঘ, দ্বিতীয় মূদ্ৰণ– মাৰ্চ, ২০০৮
দেৱী,
হেমলতা : বিষ্ণুপ্ৰসাদ
ৰাভা ঃ ব্যক্তিত্ব আৰু প্ৰতিভা,
অসম
প্ৰকাশন পৰিষদ, গুৱাহাটী-২১, প্ৰথম প্ৰকাশ : ডিচেম্বৰ, ২০১৬
ভূঞা,
সৰলা : অসমীয়া
গীতি-সাহিত্যৰ ৰূপৰেখা, অসম সাহিত্য সভা, যোৰহাট, প্ৰথম প্ৰকাশ
জানুৱাৰী, ২০১১
হুছেইন,
ইছমাইল : বিষ্ণুৰাভাৰ
জীৱন আৰু দৰ্শন, ত্ৰিনয়ন গ্ৰাফিক
অফছেট, ৰিহাবাৰী, গুৱাহাটী, চতুৰ্থ প্ৰকাশ, অক্টোবৰ ২০০৫
হাজৰিকা,
কৰবী
ডেকা[সম্পা.] : সামাজিক সাংস্কৃতিক প্ৰেক্ষাপটত অসমীয়া গীত আৰু গীতি কবিতা, সাহিত্য অকাডেমি,
প্ৰথম
প্ৰকাশ : ২০১১
হাজৰিকা,
সূৰ্য
[সম্পা.] : বিভিন্নজনৰ দৃষ্টিত বিষ্ণুপ্ৰসাদ ৰাভা, এছ. এইছ. শৈক্ষিক ন্যাস, চন্দ্ৰকান্ত হাজৰিকা পথ, তৰুণ নগৰ, গুৱাহাটী, প্ৰথম প্ৰকাশ ২০০৮
1 Comments
ধুনীয়া লাগিল পঢ়ি ছাৰ
ReplyDelete