আকূতি ।। কবিতা


* এবুকু হেঁপাহ বান্ধি নৈখন উজায় আহে

বুকুলৈ


দুটি পাৰে দুটি নখহা ৰঙা গড়া

এডাল সাঁকো সঁজাৰ কথা
বুকুৰ পৰা বুকুলৈ বগোৱা সাঁকো

এচাটি মৃদু বতাহত নৈখনে কলকলায়
নৈৰ কলকলনিত কঁপি উঠে 
নৈ কাণৰ কঁহুৱা

নৈখন আৰু উজাব খুজি ৰৈ যায়
গড়া খহাৰ ভয়
সেতু ভগাৰ ভয়

পাৰ নভঙাকৈয়ে নৈখন উজায় 
উফন্দি উঠা নৈৰ বুকু দোঁ খায় 

পলসুৱা উপকুলত
সম্ভাৱনাই গেঁৰ ধৰে

কিনকিনিয়া বৰষুণজাকত নৈখন জুৰুলিজুপুৰিকৈ তিতে

এচমকা ৰ’দে নৈখন চুমে
নৈখন বৈ থাকে

প্ৰতিশ্ৰুতিৰে

Post a Comment

1 Comments