* প্ৰস্তাৱনা
সাহিত্য আৰু সমাজৰ সম্পৰ্ক অতি নিবিড়৷ সমসাময়িক সমাজৰ কিছুমান ঘটনাই সাহিত্যিকৰ হাতত পৰি কলাত্মক ৰূপ লাভ কৰে আৰু তেতিয়াই সি সাহিত্য হিচাপে পৰিগণিত হয়৷ অসমীয়া সাহিত্যৰ জগতখনকো বিভিন্নধৰণৰ সামাজিক পৰিস্থিতিয়ে প্ৰভাৱান্বিত কৰি আহিছে আৰু বিভিন্ন সময়ত ভিন্ন সমাজৰ চিত্ৰ এই সাহিত্যসমূহত প্ৰতিফলিত হৈছে৷ সেয়ে সাহিত্যক সমাজৰ দাপোন বুলিও কোৱা হয়৷
বৰ্তমান সময়ৰ এগৰাকী বিশিষ্ট ঔপন্যাসিক হোমেন বৰগোহাঞিৰ “মৎস্যগন্ধা” উপন্যাসতো এখন স্পষ্ট সমাজৰ চিত্ৰ প্ৰকাশ পাইছে৷ ঔপন্যাসিকে সমসাময়িক সমাজৰ ভালেমান দিশ উপন্যাসখনত ধৰি ৰাখিছে৷ বিশেষকৈ জাতিভেদ প্ৰথা তথা উচ্ছ-নিচ জাতিৰ শুচিবায়ুগ্ৰস্থতাৰ বিষয়ে উপন্যাসখনত বৰ্ণিত হৈছে৷ এই দিশবোৰ উপন্যাসখনত কেনেদৰে প্ৰকাশ হৈছে সেয়া আলেচনা কৰাৰ গুৰুত্ব অস্বীকাৰ কৰিব নোৱাৰি৷
যিকোনো এটা বিষয় অধ্যয়ন কৰিবলৈ যাওঁতে বিষয়বস্তুৰ ব্যাপকতা আৰু অধ্যয়নৰ সীমাবদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি একোটা পৰিসৰ নিৰ্ধাৰণ কৰি লোৱা উচিত বুলি বিবেচনা কৰা হয়৷ আমাৰ আলোচ্য বিষয়টিৰো পৰিসৰ নিৰ্ধাৰণ কৰি লোৱা হৈছে৷ কেৱল “মৎস্যগন্ধা” উপন্যাসত প্ৰতিফলিত সমাজ চিত্ৰৰ বিষয়েহে ইয়াত আলোচনা কৰা হৈছে৷ উপন্যাসখনৰ জৰিয়তে ঔপন্যাসিকে ক’ব বিচৰা সমাজৰ শৈক্ষিক, অৰ্থনৈতিক, ধৰ্মীয়, সাংস্কৃতিক আদি দিশৰ লগতে কানিৰ ব্যৱহাৰে কেনেধৰণৰ প্ৰভাৱ পেলাইছিল সেই দিশবোৰৰ বিষয়ে অধ্যয়নৰ পৰিসৰত সামৰি লোৱা হৈছে৷ অধ্যয়নৰ সামগ্ৰী হিচাপে “মৎস্যগন্ধা” উপন্যাসখনক মূল গ্ৰন্থ হিচাপে লোৱাৰ লগতে কেইবাখনো প্ৰাসংগিক গ্ৰন্থ-আলোচনীৰ সহায় লোৱা হৈছে৷
হোমেন বৰগোহাঞিৰ মৎস্যগন্ধা উপন্যাসত সমসাময়িক সমাজৰ চিত্ৰ
অসমীয়া সাহিত্যৰ ভঁড়াল সমৃদ্ধ কৰাৰ ক্ষেত্ৰত উপন্যাসৰ ভূমিকা গুৰুত্বপূৰ্ণ৷ বিভিন্নজন ঔপন্যাসিকৰ উপন্যাসে অসমীয়া সাহিত্যক সমৃদ্ধ কৰিছে৷ এই উপন্যাসবোৰৰ প্ৰায়ভাগতেই চিত্ৰিত হৈছে একো একোখন বাস্তৱ সমাজৰ চিত্ৰ৷ অসমীয়া উপন্যাস সাহিত্যক বিশিষ্ট অৱদানেৰে সমৃদ্ধ কৰা হোমেন বৰগোহাঞিৰ “মৎস্যগন্ধা” উপন্যাসখনো ইয়াৰ ব্যতিক্ৰম নহয়৷ উপন্যাসখনত চিত্ৰিত হৈছে এখন কৈৱৰ্ত গাঁৱৰ বাস্তৱ চিত্ৰ৷ উপন্যাসখনৰ কাহিনীৰ বাস্তৱতা সম্পৰ্কে হোমেন বৰগোহাঞিয়ে লিখিছেঃ মৎস্যগন্ধাৰ মূল কাহিনীটো আমাৰ গাঁৱত ঘটা এটা বাস্তৱ ঘটনাৰ পৰা লোৱা হৈছে৷ চৰিত্ৰবোৰ কাল্পনিক নহয়, আটাইবোৰেই জীৱন্ত বাস্তৱ চৰিত্ৰ৷ (হোমেন বৰগোহাঞিঃ মোৰ উপন্যাসৰ পটভূমি, হীৰেন শইকীয়া আৰু ৰাজীৱ মহন্ত [সম্পা.] : হোমেন বৰগোহাঞিঃ এক অবিৰত যাত্ৰা, পৃষ্ঠাঃ ১২৫ )
ধৰ্মীয় দিশ
মৎস্যগন্ধা উপন্যাসৰ সমাজখন বিশেষকৈ গাঁৱলীয়া সমাজ৷ সমাজখনত বসবাস কৰা লোকসকল হিন্দু ধৰ্মাৱলম্বী৷ হিন্দু ধৰ্মাৱলম্বী গ্ৰাম্য সমাজৰ এখন চিনাকি ছবি হৈছে নামঘৰ৷ এই নামঘৰে সমাজখন পৰিচালনাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷ নামঘৰত সাধাৰণতে গাৱঁৰ বয়োজ্যেষ্ঠসকলে সন্ধিয়া সময়ত নাম-প্ৰসংগ কৰে৷ এয়া অসমৰ প্ৰতিখন গাঁৱৰেই এক সমৃদ্ধিশালী ঐতিহ্য৷ নামঘৰ এখন পবিত্ৰ ঠাই, শান্তিৰ ঠাই৷ নামঘৰত সোমোলেই এক গভীৰ মানসিক প্ৰশান্তি অনুভৱ কৰা যায়৷ তাতে সন্ধিয়া সময়ত এই নাম-প্ৰসংগ কৰা পৰম্পৰাই পৰিৱেশটো আৰু অধিক আধ্যাত্মিক কৰি তোলে৷ নামঘৰৰ প্ৰসংগ মৎস্যগন্ধা উপন্যাসত ঔপন্যাসিকে কৈছে এনেদৰে– গাঁৱৰ বুঢ়া কেইজনমানে গধুলি নামঘৰত নাম-প্ৰসংগ কৰে৷ কৰিবলৈ একো কাম নাথাকিলে বা মেনকাৰ জঁক উঠা দেখিলে পূৰ্ণয়ো নামঘৰতে গৈ বহেগৈ৷(মৎস্যগন্ধা, পৃষ্ঠাঃ ১৩)
সামাজিক ভেদাভেদ
মৎস্যগন্ধা উপন্যাসত ঔপন্যাসিকে সমসাময়িক সমাজত প্ৰচলিত জাতিভেদ প্ৰথাৰ এখন স্পষ্ট ছবি সুন্দৰ ৰূপত আঁকিবলৈ সক্ষম হৈছে৷ তথাকথিত উচ্ছ-নিচ জাতিভেদ আৰু স্পৃশ্য-অস্পৃশ্যৰ বাতাবৰণক ঔপন্যাসিকে কলাত্মক ৰূপত উপন্যাসখনত তুলি ধৰিছে৷ উপন্যাসখনৰ বিভিন্ন প্ৰসংগত জাতি-অজাতিৰ ভেদাভেদৰ কথা কোৱা হৈছে৷ সেইখন সমাজত কৈৱৰ্ত গাঁৱৰ মানুহক ছুলে গা ধুব লাগে, ঘৰৰ ভিতৰত বহিবলৈ দিয়া নহয়, বাটিত পানী খাবলৈ দিয়া নহয়, হালোৱ-গৰখীয়া বা দাৱনীয়ে পানী খাব খুজিলে কচুপাত ছিঙি আনি পানী দিয়া হয়৷ আনকি কৈৱৰ্ত মানুহৰ গাৰ ছাঁ পৰিলেও যিকোনো খাদ্যবস্তুৱেই অখ্যদ্য হয়– ...মেনকাই পিছলৈ নিজৰ অভিজ্ঞতাৰেই বুজিছিল যে ডোমৰ গাৰ ছাঁ পৰিলে কেৱল যে চোতালত শুকাবলৈ মেলি দিয়া উখুৱা ধানেই চুৱা হয় এনে নহয়; ডোমৰ হাত লাগিলে সকলো খাদ্যবস্তুৱেই অখ্যদ্য হয়৷ হেঁদু মানুহৰ ঘৰৰ ভিতৰত সোমাবলৈ ডোমৰ অধিকাৰ নাই৷ পিয়াহত কাতৰ হৈ ডোমে কাৰোবাৰ ঘৰত পানী খাব খুজিলে বাটৰ কাষৰ কচুৱনিৰপৰা কচু পাত চিঙি লৈ গ’লেহে গিৰিহঁতে তাত পানী ঢালি দিব! ঘৰত হালোৱা বা গৰখীয়া হৈ কাম কৰা ডোমৰ ল’ৰাক যদি গিৰিহঁতৰ ল’ৰা-ছোৱালীয়ে কেনেবাকৈ স্পৰ্শ কৰে, তেন্তে তৎক্ষণাৎ সিহঁতে গা ধোৱ লাগিবঃ ইত্যাদি৷ (মৎস্যগন্ধা, পৃষ্ঠাঃ ১৬)
শৈক্ষিক দিশ
কৈৱৰ্ত গাঁৱৰ সমাজ শিক্ষাৰ দিশৰ পৰা একেবাৰে পিছপৰা৷ আচলতে সমাজে সেই সুবিধা তেওঁলোকক দিয়া নাই৷ কৈৱৰ্ত গাঁৱৰ মানুহে শিক্ষা গ্ৰহণ কৰাটো এটা সাংঘাটিক কথা, সেইকথা তথাকথিত উচ্চ জাতিৰ মানুহবিলাকে সহজভাবে ল’ব পৰা নাই৷ তেনে এক চিত্ৰৰ বৰ্ণনা উপন্যাসখনত এনেদৰে পোৱা যায়–...ভূধৰ শৰ্মাই ডিগম্বৰৰ আগমনৰ উদ্দেশ্য জানিব পাৰি, তেওঁৰ ব্ৰহ্মতেজ ওপৰলৈ উজাই গৈ একেচাটে ব্ৰহ্মতালুত খুন্দা মাৰিলে৷ পৰম অবিশ্বাসৰ দৃষ্টিৰে তেওঁ কেইমৃহুৰ্তমান সময় দিগম্বৰৰ মুখলৈ চাই ৰ’ল৷ কিন্তু মনে মনে তেওঁ মনৰ ভিতৰতে স্বগতোক্তি কৰিবলৈ ধৰিলে– ‘কটা ডোমৰ পো, যাৰ গাত হাত লাগিলেও গা ধুব লাগে, তাৰ পুতেকে এতিয়া বামুন-গোসাঁইৰ লৰাৰ লগত একে শাৰীতে বহি স্কুল পঢি.ব! মাছ মাৰিবলৈ এৰি এতিয়া সিহঁতে চকিত বহি বাবু হ’ৱ!’ (মৎস্যগন্ধা, ৩৭-৩৮)
অৰ্থনৈতিক দিশ
যিখন সমাজৰ কথা “মৎস্যগন্ধা” উপন্যাসত কোৱা হৈছে সেই সমাজখন দৰিদ্ৰতাই কোঙা কৰা এখন সমাজ৷ জীৱিকাৰ বিশেষ পথ একো নাই৷ মাছ বিক্ৰি কৰিয়েই বেছিভাগ মানুহে দুবেলা দুমুঠি খাই আছে৷ ওচৰত বজাৰৰ সু-ব্যৱস্থা নাথকাৰ বাবে এই ক্ষেত্ৰত তেওঁলোক বিশেষভাৱে লাভবান হ’ব পৰা নাই– ...গাঁৱৰ বেছিভাগ মানুহে জীৱিকাৰ কাৰণে কেৱল মাছৰ ওপৰত নিৰ্ভৰ কৰে কাৰণেই সিহঁতৰ একো উন্নতি নাই৷ কাৰণ ম’হঘুলিত মাছৰ বজাৰ নাই৷(মৎস্যগন্ধা, পৃষ্ঠাঃ ৪২)
মৎস্যগন্ধা উপন্যাসখনত বৰ্ণিত সমাজখনৰ আন এক দৃশ্য হৈছে নৈৰ ঘাটৰ পৰা পানী আনিবলৈ যোৱাটে৷ তদুপৰি ভাল হওক বেয়া হওক তেওঁঁলোকে সেই পানী খাই আহিছে, সেই নৈতে গা ধুইছে৷ কাৰণ সেই সময়ত তেওঁলোকৰ গাঁৱত খুৱা পানীৰ বিশেষ ব্যৱস্থা নাছিল৷ ম’হঘুলী নৈখনেই তেওঁলোকৰ একমাত্ৰ সম্বল৷ এনে এখন চিত্ৰৰ বৰ্ণনা উপন্যাসখনত এনেদৰে পোৱা যায়– দুপৰীয়া নৈত গা ধুবলৈ গৈ গৰৈমাৰী গাঁৱৰ মানুহে ম’হঘুলিত আৰু কেইবাটাও মৰা-শ উতি অহা আবিষ্কাৰ কৰিলে৷ মৰা-শ কেইটা উতি গৈ চকুৰে নমনা হোৱালৈকে তেওঁলোকে অপেক্ষা কৰিলে৷ তাৰ পিছত সেই নৈত গা ধুই আৰু খাবৰ কাৰণে কলহ ভৰাই পানী লৈ সিহঁত ঘৰলৈ উভতিল৷ সেই সময়ত কাড়ীগাঁৱৰ পূৰণমল জৈন মহাজনৰ ঘৰুৱা পকা নাদটোৰ বাহিৰে চাৰিওফালে দহ মাইল দূৰলৈকে দ্বিতীয় এটা পকা নাদ নাছিল৷ (মৎস্যগন্ধা,পৃষ্ঠাঃ ৪১)
সামাজিক ৰীতি-নীতি
“মৎস্যগন্ধা” উপন্যাসত বৰ্ণিত সমাজখনত ছোৱালী পলোৱাই নিয়াটো কোনো অনিয়ম নহয়, বৰঞ্চ নিয়মহে৷ এনে এক চিত্ৰ ঔপন্যাসিকে এনেদৰে উপস্থাপন কৰিছে– ..তেওঁলোকৰ সমাজত ছোৱালী বিয়া পাতি নিয়াতকৈ পলোৱাই নিয়াটোৱেই ব্যতিক্ৰম নহয়, বৰং নিয়মহে...৷ (মৎস্যগন্ধা, পৃষ্ঠাঃ ২৪-২৫)
সামাজিক নিয়ম অনুসৰি সাধাৰণতে ঘৰৰ মূল চৰু-কেৰাহী বাহিৰলৈ উলিওৱা নহয়৷ ঘৰৰ কোনোবা মানুহ মৰিলেহে চৰু-কেৰাহী বাহিৰলৈ উলিওৱা নিয়ম সেই সমাজত প্ৰচলন আছে৷ তদুপৰি কোনোবাই যদি মহা পাপ কৰে তেতিাও চৰু-হাড়ি বাহিৰলৈ উলিয়াই ধুব লাগে৷ তেতিয়াহে সমাজ আৰু ধৰ্ম ৰক্ষা পৰে বুলি ভবা হয়৷ এনে এক চিত্ৰ ঔপন্যাসিকে উপন্যাসখনত এনেদৰে বৰ্ণনা কৰিছে– নৰম গাঁওবুঢ়া আৰু মধু পাচনি দুয়ো পদুলী মুখতে থমকি ৰ’ল৷ গাঁওবুঢ়াই মাত লগালে- হেৰি হৰিভকত, কথাটো দেখোন কেনেবা কেনেবা যেন লাগিছে৷ মৰা শ্মশানলৈ নিয়াৰ লগে লগেই জানো চৰু-হাড়ি বাহিৰলৈ উলিয়ায়? তেওঁলোক দুজনক চক খুৱাই দি বাটেদি গৈ থকা আদহীয়া মানুহএজনে উপযাচি উত্তৰ দিলে- ‘উলিয়ায়, উলিয়ায়৷ যদি কোনোবাই মহা পাপ কৰি আও-মৰণে মৰে তেন্তে মৰাটো আৰু চৰু-হাডি. একলগে বাজ কৰিব লাগে৷ তেতিয়াহে সমাজ আৰু ধৰ্ম ৰক্ষা পৰে৷’ (মৎস্যগন্ধা, পৃষ্ঠাঃ ৮৪-৮৫)
গ্ৰাম্য সমাজৰ কথনভংগী
মৎস্যগন্ধা উপন্যাসত সমসাময়িক গাঁৱলীয়া সমাজৰ গালি-শপনীয়ে স্থান পাইছে৷ স্বাধীনতা পৃবৰ্কালৰ অসমৰ কৈৱৰ্ত সম্প্ৰদায়ৰ এক অনুন্নত গ্ৰাম্যাঞ্চলৰ পটভূমিত ৰচনা কৰা এই উপন্যাস পৰম্পৰাগত গাঁৱলীয়া অসমীয়া মানুহৰ কথন-ভংগী আৰু গালিশপনীৰ ভাষাৰ দলিল স্বৰূপ৷(জয়ন্ত কুমাৰ বৰাঃ হোমেন বৰগোহাঞিৰ উপন্যাসৰ শিল্প-বৈভৱ, পৃষ্ঠাঃ ১৫৫) গাঁৱলীয়া সমাজৰ গালি-শপনি ঔপন্যাসিকে বিদ্ৰোহী মেনকা চৰিত্ৰৰ মুখেৰে এনেদৰে প্ৰকাশ কৰিছেঃ ঐ মুখত পোক লগা, ঐ খেকাৰখোৱা, ঐ মেখেলা-তলীয়াঃ কাক ‘ডোম ডোম’ কৰিছ? থিয়ৈ নাঙঠ কৰি মেখেলাৰে কুবাম, চিনি পোৱা নাই! জাতলৈ নমোৱা নাই, আজি তহঁতৰ এটাক জাতত তুলিলোঁ৷ ভয় নকৰিবি, তহঁতৰো আৰু বেছি দিন নাই৷ এটা এটাকৈ তহঁত গোটেইবোৰকে জাতত নোতোলালৈকে মোৰ শান্তি নাই৷ (মৎস্যগন্ধা, পৃষ্ঠাঃ ৫২)
মৎস্যগন্ধা উপন্যাসত সেই সময়ৰ কৈৱৰ্ত গাঁৱৰ মাজত থকা ডেকা-গাভৰুৰ প্ৰেম-পীৰিতি, বিশ্বাস, সততা আদিৰ এক স্পষ্ট চিত্ৰ ঔপন্যাসিকে বৰ্ণনা কৰিছে৷ তদুপৰি সেই সমাজৰ যি সমূহীয়াভাৱে কাম কৰা ৰীতি সেয়া উপন্যাসত প্ৰকাশ পাইছে এনেদৰে- কৈৱৰ্ত গাঁৱৰ ডেকা-গাভৰুৱে পথাৰত একেলগে বিহু মাৰে৷ কৈৱৰ্ত গাঁৱৰ ডেকা গাভৰুৱে নৈ-বিলত একেলগে জাকৈ আৰু পলৰে মাছ মাৰে৷ কৈৱৰ্ত গাঁৱৰ ডেকা গভৰুৱে নৈ-ঘাটত প্ৰাণ খু্লি পৰস্পৰৰ লগত চুপতি মাৰে৷ অতি সহজেই সিহঁতৰ মাজত প্ৰেম-পীৰিতি হয়, হিয়া দিয়া-দি হয়, চাপৰিৰ ইকৰাৰ খাগৰিৰ মাজত জীৱনৰ বসন্ত উৎসৱ হয়, কিন্তু সাত শতৰুৱেও ক’ব নোবাৰে যে সিহঁতৰ মাজত ব্যাভিচাৰ হয় বা কোনোবই কাৰোবাক বিশ্বাসঘাটকতা কৰে৷ ডেকা গাভৰুৰ মাজত প্ৰেম-পীৰিতি হ’লেই সিহঁতে সংসাৰ পাতে৷ (মৎস্যগন্ধা, পৃষ্ঠা- ৮৮)
এই পথাৰত একেলগে বিহু মৰা কথাটোৱে সমাজখনৰ সাংস্কৃতিক দিশৰ পৰিচয় দাঙি ধৰে৷ তদুপৰি প্ৰসংগক্ৰমে ঔপন্যসিকে উপন্যাসখনত অৱতাৰণা কৰা বিহুগীত আৰু বনঘোষই এই দিশটো আৰু অধিক প্ৰকট কৰি তুলিছে৷
সেই সময়ত কানিৰ ব্যৱহাৰে সমাজৰ মানুহচামক কেনেদৰে কোঙা কৰি পেলাইছিল তাৰ বৰ্ণনা উপন্যাসখনত স্পষ্ট ৰূপত পোৱা যায়৷ কানি খাবলৈ নাপলে কানিয়া মানুহৰ হোৱা যন্ত্ৰণাৰ কথাও ঔপন্যাসিকে বৰ্ণাইছে৷
উপসংহাৰ
হোমেন বৰগোহাঞিৰ মৎস্যগন্ধা উপন্যাসত প্ৰতিফলিত সমসাময়িক সমাজ চিত্ৰ শীৰ্ষক বিষয়টো আলোচনা কৰি নিম্নলিখিত সিদ্ধান্তত উপনীত হ’ব পাৰি–
ক) মৎস্যগন্ধা উপন্যাসত প্ৰতিফলিত সমাজখন বিশেষকৈ গাঁৱলীয়া সমাজ৷
খ) দৰিদ্ৰতাৰ একোখন স্পষ্ট চিত্ৰ উপন্যাসখনত ফুটি উঠিছে৷ জীৱিকাৰ বাবে তেওঁলোকে মাছ বিক্ৰি কৰাৰ বাহিৰে অন্য উপায় নাই৷ আকৌ সেই মাছ বিক্ৰি কৰিবলৈকো তেওঁলোকৰ ওচৰত তেনে কোনো বজাৰৰ সু-ব্যৱস্থা নাই৷
গ) সমাজখনৰ ধম¹য় দিশটো মন কৰিবলগীয়া৷ নামঘৰৰ ব্যৱস্থাৰ কথা কোৱা হৈছে৷
ঘ) জাতিভেদ প্ৰথা আৰু অস্পৃশ্যতা মৎস্যগন্ধা উপন্যাসৰ সমাজৰ ক্ষেত্ৰত বিশেষভাৱে উল্লেখযোগ্য৷ প্ৰাচীন কালৰে পৰা অসমৰ সমাজ ব্যৱস্থাত প্ৰচলিত জাতিভেদৰ বিষবাষ্পৰ ফলত সৃষ্টি হোৱা বাস্তৱ সমস্যাৰ নিৰ্মোহ ছবি একোখন উপন্যাসখনৰ জৰিয়তে ঔপন্যাসিকে বেকত কৰিছে৷
ঙ) মৎস্যগন্ধা উপন্যাসত এখন কৈৱৰ্ত গাঁৱৰ ওচৰৰ আহোম, বামুন, কলিতা, আদি জাতিৰ মানুহৰ শুচিবায়ুগ্ৰস্ততাৰ বাবে হোৱা দুৰৱস্থাৰ এক স্বচ্চ ছবি ফুটি উঠিছে৷
চ) শিক্ষাৰ দিশৰ পৰা সমাজখন এক প্ৰকাৰে বঞ্চিত৷ তথাকথিত উচ্ছ জাতিৰ লোকসকলে কৈৱৰ্ত গাঁৱৰ ল’ৰা-ছোৱালীয়ে শিক্ষা গ্ৰহণ কৰাটো সহজ ভাৱে ল’ব পৰা নাছিল যিটো বৰ্তমান সময়ত পৰিৱৰ্তন হৈছে৷
ছ) সেই সময়ৰ সমাজত কানিৰ প্ৰচলন আছিল৷ কানিৰ ব্যৱহাৰে সমাজত কেনে প্ৰভাৱ পেলাইছিল আৰু কানি খাবলৈ নাপালে কানিয়া মানুহৰ কেনে অৱস্থা হৈছিল তাৰ এক স্পষ্ট ছবি ঔপন্যাসিকে অংকন কৰিবলৈ সক্ষম হৈছে৷
জ) মৎস্যগন্ধা উপন্যাত সমসাময়িক সমাজৰ জাতিভেদ প্ৰথাৰ সমান্তৰালভাৱে কৈৱৰ্ত সম্প্ৰদায়ৰ দুবৰ্ল অৰ্থনৈতিক দিশটোও প্ৰকট হৈ উঠিছে৷ উপন্যাসখনত জাতিভেদ প্ৰথা আৰু তাৰ অন্তৰালত থকা অৰ্থনৈতিক বৈষম্যৰ চিত্ৰখন স্বচ্চ ৰূপত ঔপন্যাসিকে দাঙি ধৰিছে৷
গ্ৰন্থপঞ্জী
ঠাকুৰ, নগেন [সম্পা.]: এশ বছৰৰ আসমীয়া উপন্যাস, জ্যোতি প্ৰকাশন, পাণবজাৰ, গুৱাহাটী-১ প্ৰথম প্ৰকাশঃ নৱেম্বৰ, ২০০০
ডেকা, নমিতা [সম্পা.]: হোমেন বৰগোহাঞিৰ সন্ধানত, ষ্টুডেণ্টচ্ ষ্ট’ৰচ্, গুৱাহাটী, প্ৰথম প্ৰকাশ, ১৯৯৮
বৰুৱা, প্ৰহ্লাদ কুমাৰঃ উপন্যাস, বনলতা, ডিব্ৰুগড., প্ৰথম প্ৰকাশ, ১৯৮৩
বৰা, জয়ন্ত কুমাৰঃ হোমেন বৰগোহাঞিৰ উপন্যাসৰ শিল্প-বৈভৱ, অসম পাবলিচিং কোম্পানী, প্ৰথম প্ৰকাশ ২০১৫
বৰগোহাঞি, হোমেনঃ মৎস্যগন্ধা, ষ্টুডেণ্টচ্ ষ্ট’ৰচ, গুৱাহাটী, তৃতীয় প্ৰকাশ, ১৯৯৪
ঐ [সম্পা.]: অসমীয়া সাহিত্যৰ বুৰঞ্জী, ষষ্ঠ খণ্ড আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা, অসম, দ্বিতীয় প্ৰকাশ, মাৰ্চ ২০১২
শইকীয়া, হীৰেন আৰু মহন্ত, ৰাজীৱ [সম্পা.]: হোমেন বৰগোহাঞিঃ এক অবিৰত যাত্ৰা, বনলতা, গুৱাহাটী, প্ৰথম প্ৰকাশ, ২০০১
শৰ্মা, গোবিন্দ প্ৰসাদঃ উপন্যাস আৰু অসমীয়া উপন্যাস, ষ্টুডেণ্টচ্ ষ্ট’ৰচ্, কলেজ হোষ্টেল ৰোড, গুৱাহাটী-ৰ, তৃতীয় সংশোধিত সংস্কৰণঃ অক্টোবৰ, ২০১২
আলোচনীঃ
বৰা, লক্ষ্মীনন্দন[সম্পা.]গৰীয়সী একবিংশ বছৰ, তৃতীয় সংখ্যা, ডিচেম্বৰ, ২০১৩ সাহিত্য প্ৰকাশ, ট্ৰিবিউন ভৱন, গুৱাহাটী-৩
1 Comments
Dhuniya sir
ReplyDelete