হোমেন বৰগোহাঞিৰ সাউদৰ পুতেকে নাও মেলি যায় ।। প্ৰবন্ধ



*অৱতৰণিকা

সাহিত্য হিচাপে উপন্যাসৰ ভূমিকা তাৎপৰ্যপূৰ্ণ৷ অসমীয়া সাহিত্যৰ জগতখনকো বিভিন্ন ঔপন্যাসিকৰ উপন্যাসে সমৃদ্ধ কৰিছে৷ আনহাতে, এই উপন্যাস ৰচনাৰ সমানে সমানে ইবিলাক বেছি সংখ্যকৰে সমালোচনাও হৈ আহিছে৷ অসমীয়া সাহিত্যত উপন্যাসৰ সমালোচনা এতিয়া আৰু পিছ পৰি থকা নাই৷ বিশেষকৈ ষাঠিৰ দশকৰপৰা সত্যেন্দ্ৰনাথ শৰ্মাৰ অসমীয়া উপন্যাসৰ ঐতিহাসিক বিচাৰ, হীৰেন গোহাঁই আৰু ভবেন বৰুৱাৰ কেতবোৰ নিৰ্বাচিত উপন্যাসৰ বিচক্ষণ সমালোচনাই এফালে অসমীয়া উপন্যাসক যেনেকৈ অসমীয়া সাহিত্যৰ এক সন্মানিত প্ৰধান দিশ বুলি প্ৰতিপন্ন কৰিছে, তেনেকৈ অসমীয়া সাহিত্যৰ অন্য ভালেকেইটা দিশৰ তুলনাত উপন্যাসৰ যি বৃহৎ সংখ্যা, তাৰ মাজৰ উচ্ছ মূল্যৰ উপন্যাসবোৰৰ প্ৰায়বোৰেই চিহ্নিত হৈছে৷ 

হোমেন বৰগোহাঞিৰ জীৱন আৰু সাহিত্য-কৃতি 

হোমেন বৰগোহাঞিৰ জন্ম হয় ১৯৩২ চনৰ জ্জ ডিচেম্বৰ তাৰিখে অবিভক্ত লখিমপুৰ জিলাৰ ঢকুৱাখনাত৷ তেওঁৰ দেউতাক আছিল ইন্দ্ৰধৰ বৰগোহাঞি আৰু মাক আইতা বৰগোহাঞি৷ হোমেন বৰগোহাঞিয়ে প্ৰাথমিক আৰু আধুনিক শিক্ষা লাভ কৰে ঢকুৱাখনাতেই৷ ১৯৪৭ চনত তেওঁ ডিব্ৰুগড় চৰকাৰী হাইস্কুলত নামভৰ্ত্তি কৰে৷ ১৯৫০ চনত সেই বিদ্যালয়ৰ পৰাই পৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়৷ ১৯৫০ চনত তেওঁ উচ্ছ শিক্ষাৰ বাবে গুৱাহাটীৰ কটন কলেজত নামভৰ্ত্তি কৰে৷ ইণ্টাৰমিডিয়েট চায়েন্সত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ পুনৰ কটন কলেজত ইংৰাজী বিষয়ত অনাৰ্চ লৈ ১৯৫৪ চনত স্নাতক ডিগ্ৰী লাভ কৰে৷ বৰগোহাঞিয়ে কলিকতা বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্ত্তি কৰিছিল যদিও তেওঁৰ আনুষ্ঠানিক শিক্ষা আৰু আগ নাবাঢ়িল৷ স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত কটন কলেজতেই কিছুদিনৰ বাবে শিক্ষকতা কৰে৷ ১৯৫৫ চনত অসম প্ৰশাসনিক পৰীক্ষাত উত্তীৰ্ণ হৈ উপ-প্ৰতি সমাহৰ্তা হিচাপে চৰকাৰী চাকৰিত যোগদান কৰে৷ বিশিষ্ট লেখিকা নিৰুপমা তামুলীৰ সৈতে ১৯৫৮ চনত হোমেন বৰগোহাঞিৰ বৈবাহিক জীৱন আৰম্ভ হয়৷ 

হোমেন বৰগোহাঞিয়ে সাংবাদিক জীৱনৰ পাতনি মেলিছিল মালিগাঁৱৰ পৰা প্ৰকাশিত দেৱেন্দ্ৰনাথ শৰ্মা প্ৰকাশিত অসমীয়া কাকত দৈনিক শান্তিদূতৰ জৰিয়তে৷ তেওঁ প্ৰুফ চোৱা আৰু মাজে মাজে পি.টি.আই পৰিৱেশিত বাতৰি অসমীয়ালৈ অনুবাদ কৰা আদিৰ  দায়িত্ব লৈছিল৷ ১৯৬০ চনৰ এক নৱেম্বৰৰ পৰা চন্দ্ৰপ্ৰসাদ শইকীয়াৰ সম্পাদনাত অসম বাতৰি প্ৰকাশ হোৱাত এই কাকতত বৰগোহাঞিয়ে প্ৰবন্ধ লিখাৰ কাম আৰম্ভ কৰে৷ ১৯৬৮ চনত তেওঁ চৰকাৰী চাকৰি ইস্তফা দি নীলাচল নামৰ সাপ্তাহিক কাকতৰ প্ৰতিষ্ঠাপক সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰে আৰু ১৯৭৭ চনলৈকে এই দায়িত্বত কাৰ্যনিবাহ কৰে৷ ১৯৬৯ চনত তেওঁ পাটিয়ালাৰ পাঞ্জাৱী বিদ্যালয়ত অনুষ্ঠিত নিখিল ভাৰত পি. আই. এন [পয়েট এছেয়িষ্ট এণ্ড নভেলিষ্ট] কংগ্ৰেছৰ বাৰ্ষিক অধিৱেণত নিমন্ত্ৰিত বক্তা হিচাপে যোগদান কৰে৷ ১৯৭৭ চনত তেওঁ সাপ্তাহিক নীলাচল কাকতৰ সম্পাদক পদৰপৰা পদত্যাগ কৰে আৰু সাপ্তাহিক নাগৰিক নামৰ এখন নতুন সাপ্তাহিক কাকতৰ প্ৰতিষ্ঠাপক সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰে৷ ১৯৭৭ চনত তেওঁ পিতা-পুত্ৰ উপন্যাসৰ বাবে অসম প্ৰকাশন পৰিষদ বঁটা আৰু ১৯৭৮ চনত সাহিত্য অকাডেমী বঁটা লাভ কৰে৷ ১৯৮০ চনত তেওঁ লোকায়ত নামৰ আন এখন কাকতৰ সম্পাদনাৰ দায়িত্ব লয়৷ ১৯৮১ চনত তেওঁ কলিকতাৰ পৰা প্ৰকাশিত আজকাল নামৰ বাংলা দৈনিক কাকতত উত্তৰ-পূবৰ্াঞ্চলৰ বিশেষ প্ৰতিনিধি হিচাপে নিযুক্তি লাভ কৰে৷ ১৯৮৭ চনত তেওঁ সমকাল নামৰ আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদকৰ দায়িত্ব লয়৷ ১৯৮৯ চনত সূত্ৰধাৰ নামৰ আন এখন আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক হিচাপে কাম কৰে৷ ১৯৯১ চনত কিশোৰ শীৰ্ষক চেমনীয়াৰ বাবে প্ৰকাশিত আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদকৰ দ্বায়িত্ব লয়৷ ১৯৯২ চনত তেওঁ মেগৰ শৈক্ষিক ন্যাসে প্ৰদান কৰা অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিবলৈ সক্ষম হয়৷ ১৯৯৩ চনত তেওঁ অসম বাণী নামৰ সাপ্তাহিক কাকতখনৰ সম্পাদকৰ দ্বায়িত্ব গ্ৰহণ কৰে আৰু ১৯৯৭ চনলৈকে কাৰ্যনিবাহ কৰে৷ ১৯৯৭ চনত তেওঁ অসম বাণীৰ চাকৰি ইস্তফা দি আমাৰ অসম নামৰ দৈনিক কাকতৰ প্ৰতিষ্ঠাপক সম্পাদকৰ দ্বায়িত্ব গ্ৰহণ কৰে৷ ২০০০ চনত তেওঁ অসম সাহিত্য সভাৰপৰা কৃতী সাংবাদিক লক্ষ্মীনাথ ফুকন বঁটা লাভ কৰিবলৈ সক্ষম হয়৷ একেটা বৰ্ষতে তেওঁ বংগীয় সাহিত্য পৰিষদৰ হৰনাথ ঘোষ পদক লাভ কৰে৷ ২০০১ চনত তেওঁ অসম সাহিত্য সভাৰ ডিব্ৰুগড. অধিৱেশনৰ সভাপতি পদৰ বাবে মনোনীত হয়৷ ২০০২ চনত উৎকৃষ্ট সাংবাদিকতাৰ কাৰণে তেওঁলৈ জয়কৃষ্ণ ৰামদয়াল[দিল্লী] সমন্বয় বঁটা আগবঢ়োৱা হয়৷ ২০০৪ চনত তেওঁ আমাৰ অসম কাকতৰ সম্পাদক পদৰপৰা পদত্যাগ কৰি দৈনিক বাতৰি নামৰ অসমীয়া দৈনিক কাকতৰ প্ৰতিষ্ঠাপক মূখ্য সম্পাদকৰ দ্বায়িত্ব গ্ৰহণ কৰে৷ ২০০৫ চনত তেওঁ দৈনিক বাতৰি কাকতৰ দায়িত্ব ইস্তফা দি পষেকীয়া সাহিত্যধম চিন্তামূলক আলোচনী সাতসৰীৰ প্ৰতিষ্ঠাপক সম্পাদকৰ দ্বায়িত্ব গ্ৰহণ কৰে৷

হোমেন বৰগোহাঞিৰ প্ৰকাশিত সাহিত্য-গ্ৰন্থসমূহ হ’ল--

গল্প সংকলনঃ বিভিন্ন কোৰাছ [১৯৫৭], প্ৰেম আৰু মৃত্যুৰ কাৰণে [১৯৫৮], স্বৰ্গ, স্মৃতি, বিষাদ [১৯৬৩], গল্প আৰু নক্সা [১৯৬৬], অস্তিত্বৰ জ্যোতিৰ্ময় চেতনা [সম্পা. তীৰ্থ ফুকন]

উপন্যাসঃ সুবালা [১৯৬৩], তান্ত্ৰিক [১৯৬৭], কুশীলৱ [১৯৭০], পুৱাৰ পূৰৱী নিশাৰ বিভাস [পত্নী নিৰুপমা বৰগোহাঞিৰ সৈতে যুটীয়াভাৱে-১৯৭১], হালধীয়া চৰায়ে বাওধান খায় [১৯৭৩], পিতা-পুত্ৰ [১৯৭৫], অস্তৰাগ [১৯৮৬], মৎস্যগন্ধা [১৯৮৭], সাউদৰ পুতেকে নাও মেলি যায় [১৯৮৭], নিঃসংগতা [২০০০], বিষণ্ণতা [২০০২], এদিনৰ ডায়েৰী [২০০৩]

কবিতাপুথিঃ হৈমন্তী [১৯৮৭]

ৰচনা আৰু প্ৰবন্ধঃ বিভিন্ন নৰক [১৯৬৬], ধূসৰ দিগন্ত [১৯৭০], জীৱনৰ মানচিত্ৰ [১৯৭৯], জিজ্ঞাসা [১৯৮০], আনন্দ আৰু বেদনাৰ সন্ধানত [১৯৮১], স্বৰ্গ আৰু নৰক [১৯৮৭], ইতিহাসৰ সাক্ষী [১৯৮৮], সপ্তম দশক [১৯৮৯], সুখ-দুখ [১৯৯২], পাঠকৰ টোকাবহী [১৯৯৩], প্ৰজ্ঞাৰ সাধনা [১৯৯৪], জীৱনৰ সাধনা [১৯৯৪], আত্মদীপো ভব [১৯৯৬], কথা-বাৰ্তা [১৯৯৯], বিচিত্ৰ অভিজ্ঞতা আৰু অনুভূতি [১৯৯৯], জীৱনৰ পৰা আমি কি বিচাৰোঁ [২০০১], আশীৰ দশকৰ দস্তাৱেজ [আমিনুৰ ৰহমানৰ দ্বাৰা সম্পাদিত], [২০০১], বিপদৰ বন্ধ³ [২০০৩], প্ৰথম কলম [২০০৩], জীৱন জিজ্ঞাসা [যুটীয়াভাৱে গীতিমালিকা নেওগৰ সৈতে], [২০০৩], জীৱনৰ উপহাৰ [যুটীয়াভাৱে গীতিমালিকা নেওগৰ সৈতে], [২০০৪], কথাৰ মূৰৰ কথা [২০০৫], কালগাৰ্ল, উচ্ছাকাংক্ষা, চিত্ৰশালা [২০০৬], মই যেতিয়া ক্লান্ত হওঁ [২০০৭], মোৰ যৌৱনৰ ৰামধেনু [২০০৯], ৰহস্যময় বিষাদ আৰু যন্ত্ৰণা [২০০৯], স্বাস্থ্য ৰক্ষাৰ সহজ নিয়ম [২০১৩], বিশ্বপথিক ১৯৬৮-১৯৮০ [২০১৪]

আত্মজীৱনীঃ আত্মানুসন্ধান [১৯৮৮], মোৰ সাংবাদিক জীৱন [১৯৮৯], ধুমুহা আৰু ৰামধেনু, প্ৰথম খণ্ড [১৯৯৭], ধুমুহা আৰু ৰামধেনু, দ্বিতীয় খণ্ড [১৯৯৮]৷

সম্পাদিত গ্ৰন্থঃ বিংশ শতাব্দীৰ অসমীয়া সাহিত্য [১৯৬৭], ৰৌদ্ৰ নীলিমা [নন্দ তালুকদাৰৰ লগত যুটীয়াভাৱে][১৯৬৯], অসমীয়া গল্প সংকলন, প্ৰথম খণ্ড [১৯৭৫], অসমীয়া গল্প সংকলন, দ্বিতীয় খণ্ড [১৯৭৬], অসমীয়া গল্প সংকলন, তৃতীয় খণ্ড [২০০৫], মালিক [১৯৮৯], অসমীয়া সাহিত্যৰ বুৰঞ্জী, ষষ্ঠ খণ্ড [১৯৯৩], গদ্যৰ সাধনা [১৯৯৪], বিংশ শতাব্দীৰ সন্ধানত [১৯৯৪], অসমীয়া প্ৰেমৰ কবিতা [কৰবী ডেকা হাজৰিকাৰ সৈতে], [২০০২], শৰৎ চন্দ্ৰ সিংহ; শ্ৰেষ্ঠ নিৰ্বাচিত অসমীয়া প্ৰবন্ধ, প্ৰথম খণ্ড [২০০৫], শ্ৰেষ্ঠ নিৰ্বাচিত অসমীয়া প্ৰবন্ধ, দ্বিতীয় খণ্ড [২০০৬], অসম প্ৰকাশন পৰিষদৰ অসমীয়া বিশ্বকোষৰ সাহিত্য আৰু ভাষা অধ্যয়ন, জীৱনৰ পৰা মই কি শিকিলোঁ [২০১৩], ভাৰতীয় আৰু ইউৰোপীয় চিন্তাত মৃত্যু [২০১৪]৷

শিশু-কিশোৰ উপযোগী গ্ৰন্থঃ অ আ ক খ, কিতাপ পঢ়াৰ আনন্দ [১৯৯১], আমাক কিতাপ লাগে [১৯৯৩], মানুহ হোৱাৰ গৌৰৱ [১৯৯৪], মোৰ প্ৰিয় মানুহ ছক্ৰেটিছ [১৯৯৪], অন্তহীন প্ৰেৰণাৰ উৎস; লুই পেষ্টিঅ’ৰ [১৯৯৪], আধুনিক যুগৰ জন্ম কাহিনী [১৯৯৬], প্ৰতিভাৰ সংজ্ঞা বিচৰা মানুহজন [১৯৯৬], বেঞ্জামিন ফ্ৰেঙ্কলিন, ইত্যাদি৷

ৰচনাসমগ্ৰঃ চাৰিটা দশকৰ ফচলঃ উপন্যাস সমগ্ৰ, চাৰিটা দশকৰ ফচলংগল্প আৰু প্ৰবন্ধ সমগ্ৰ৷

অনুবাদ গ্ৰন্থঃ মোৰ প্ৰিয় পাঁচটা জাৰ্মান গল্প [১৯৯৬]৷

হোমেন বৰগোহাঞিৰ সাউদৰ পুতেকে নাও মেলি যায় উপন্যাসৰ কাহিনীৰ বৈশিষ্ট্যঃ

হোমেন বৰগোহাঞিৰ ১৯৮৭ চনত প্ৰকাশিত সাউদৰ পুতেকে নাও মেলি যায় এখন বিখ্যাত উপন্যাস৷ বিষয়বস্তুৰ ফালৰ পৰা আন উপন্যাসসমূহতকৈ সম্পূৰ্ণ সুকীয়া উপন্যাসখনত ঔপন্যাসিকে কৈশোৰ মনস্তত্ত্বত গুৰুত্ব আৰোপ কৰিছে৷ উপন্যাসখনৰ পাতনিতে তেওঁ যোগবাশিষ্ঠ ৰামায়ণৰ এটা অংশ উল্লেখ কৰিছে– বাল্যকালত যিবোৰ চিন্তাই হৃদয়ক কৰ্তিত কৰে, যৌৱন, বাৰ্ধক্য, ৰোগ, শোক, আনকি মৃত্যৰ সময়তো সেইবোৰ চিন্তা নাথাকে৷ প্ৰকৃতপক্ষে শৈশৱদশা মৃতু্যতকৈয়ো কষ্টকৰ, সকলোৰে অৱজ্ঞাৰ বস্তু আৰু চাঞ্চল্যময়৷ – ইয়াৰপৰাই অনুমান কৰিব পাৰি যে উপন্যাসখনত ঔপন্যাসিকে বাল্যকালৰ চিন্তা, চেতনা, সমস্যা ইত্যাদি দিশসমূহৰ প্ৰতি গুৰুত্ব আৰোপ কৰিছে৷ উপন্যাসখনত ঔপন্যাসিক নিজেই সোমাই আছে৷ প্ৰকৃততে এইখন তেওঁৰ আত্মজীৱনীমূলক উপন্যাস৷

সাউদৰ পুতেকে নাও মেলি যায়  উপন্যাসৰ প্ৰধান চৰিত্ৰ হৈছে বাপুকণ ওৰফে বিক্ৰম৷ উপন্যাসখনত প্ৰথমৰপৰা শেষলৈকে কিশোৰ বাপুকণে বিভিন্নজনৰ সংস্পৰ্শলৈ আহি লাভ কৰা অভিজ্ঞতা, চিন্তা, চেতনা, আদৰ্শসমূহ প্ৰকাশ কৰা হৈছে৷ উপন্যাসখন অসমৰ গাঁৱলীয়া সমাজৰ পৰিৱেশৰ পটভূমিত ৰচিত৷ দুটা অধ্যায়ত বিভক্ত উপন্যাসখনৰ কাহিনীভাগ চমুকৈ এনেধৰণৰঃ

বাপুকণ এটা দহ বছৰীয়া কিশোৰ৷ গৰম বন্ধৰ এটি দুপৰীয়া বাপুকণে দেউতাক টোপনি যোৱালৈ বাট চায় আছে৷ দেউতাকে তাক ৰাতিপুৱাই দহটা অংক কৰিবলৈ দিছিল৷ পিছে বাপুকণে মাত্ৰ দুটা অংক কৰিয়েই বন্ধু হেবাঙৰ লগত সাঁতুৰিবলৈ যোৱাত শাস্তি স্বৰূপে দেউতাকে দুপৰীয়া বাকী আঁঠটা অংক শেষ কৰিবলৈ দিছে৷ কিন্তু বাপুকণে এটাও অংক কৰিব পৰা নাই৷ কিয়নো দুপৰীয়া সি আৰু হেবাঙে হলিবাৰীৰ আম খাবলৈ যোৱাৰ কথা৷ সেয়ে কথামতেই দেউতাক টোপনি যোৱাৰ সুযোগত সিহঁত আম খাবলৈ গ’ল৷ কিন্তু আম পাৰি থাকোঁতে তাক বিচাৰি যোৱা দেউতাকক দেখি ভূত দেখাৰ দৰে ভয় খায় সিহঁত দৌৰিলে আৰু শাস্তিৰ ভয়ত ঘৰলৈ নাহি সেইদিনাৰ কাৰণে হেবাঙৰ ঘৰতে আশ্ৰয় ল’লে৷ গধূলিলৈকে পুতেক ঘৰলৈ নহাত দেউতাকে হেবাঙৰ ঘৰলৈ তাক বিচাৰি গ’ল৷ বাহিৰত বাপেকৰ মাত শুনি বাপুকণ ভয়ত হেবাঙহঁতৰ বিছনাৰ তলত সোমাল আৰু দেউতাক যোৱাৰ পিছতো সি তাতে সোমাই থাকিল৷ হেবাঙ আৰু তাৰ মাকে অশেষ চেষ্টা কৰিও তাক উলিয়াব নোৱাৰিলে৷ চাং তলৰ পৰা ওলাব নোখোজাৰ কাৰণ হ’ল বাপুকণৰ প্ৰচণ্ড লাজ৷ দেউতাকৰ ভয়ত চাঙৰ তলত সোমাল হয় পিছে নিজৰ এই ভয়াতুৰ স্বভাৱৰ বাবে হেবাঙ আৰু তাৰ মাকৰ আগত ওলাবলৈ লাজ লাগিল৷ লাজতে সি মৰি যোৱাটোৱেই ভাল বুলি ভাবিলে৷ মৰাৰ কথা ভােবাঁতেই সি সিদ্ধান্ত ল’লে চাঙৰ তলৰ পৰা সি নোলায়; নাখাই  নাখাই  তাতে মৰিব৷ তাৰ মৃত্যুৰ চিন্তায়ো ক্ৰিয়া কৰিবলৈ ধৰিলে৷ তাৰ মনলৈ আহিল দেউতাকে কোৱা বিপ্লৱী দেশপ্ৰেমিকজনৰ কথা; যিজনে পঞ্চাচ-ষাঠি দিন একো নোখোৱাকৈ মৃত্যুবৰণ কৰিছিল৷ তাৰ মনলৈ মৃত্যুক লৈ বিভিন্ন চিন্তা আহিল৷ চাঙৰ তলৰ আন্ধাৰখিনি সি সৰু ল’ৰা-ছোৱালী মৰিলে খন্দা গাঁতৰ ভিতৰৰ লগত মিলাবলৈ ধৰিলে৷ সি এবাৰ নিজৰ মৃত্যুৰ ছবিখনো কল্পনা কৰি চালে৷ তেজ হাগনিৰ মহামাৰীত মৃত্যুয হোৱা সৰু ভনীয়েক মাখনীৰ কথাও তাৰ মনলৈ আহিল৷

উপন্যাসখনৰ দ্বিতীয় অধ্যায় আৰম্ভ হৈছে গৰম বন্ধৰ এটি দুপৰীয়াৰে৷ বাপুকণৰ স্কুলৰ নাম বিক্ৰমৰে কাহিনী উপস্থান কৰা হৈছে৷ এতিয়া বিক্ৰম হেবাঙৰ লগত আম বিচাৰি, মাছ বিচাৰি, চৰাই বিচাৰি অলৌ-তলৌকৈ ঘূৰি নুফুৰে৷ আগতে হেবাঙৰ লগত এইবোৰ কৰি যি আনন্দ পাইছিল তাৰ পৰিৱৰ্তে সি এতিয়া কিতাপত মনোনিৱেশ কৰিহে বেছি ভাল পায়৷ বিক্ৰমে স্কুলৰ পুথিভঁৰালৰ কিতাপসমূহ পঢ়াৰ উপৰিও দেউতাকৰ আলমাৰিৰ কিতাপবোৰো পঢ়ে৷ এসময়ত হেবাঙৰ সংগ ভালপোৱা বিক্ৰমৰ এতিয়া অন্তৰংগ বন্ধু হ’ল দুলাল৷ দুলালৰ সান্নিধ্যত তাৰ সুপ্ত হৈ থকা প্ৰতিভাসমূহে বিকাশ লাভ কৰিলে৷ দুয়ো বন্ধুৱে পাঠ্যপুথিৰ মাজতেই সীমাবদ্ধ নাথাকি সৃষ্টিশীল কামতো আত্মনিয়োগ কৰিলে৷ বিক্ৰম আৰু দুলালৰ প্ৰচেষ্টাত গাঁৱত এটা ‘হৰগোবিন্দ লাইেব্ৰৰী’ নিৰ্মাণ হ’ল৷ এদিন বিক্ৰমে দেউতাকৰ সোঁৱৰণখন পঢ়ি দেউতাকৰ পঞ্চাছ বছৰত তাৰ মাকৰ মৃত্যৰ বাতৰি পায়৷ মৰমৰ মাকৰ মৃত্যুৰ বতৰাই তাক অত্যন্ত মনোকষ্ট দিয়ে৷

কৈশোৰ-বয়সন্ধিৰ স্তৰত উপনীত হোৱা বিক্ৰমৰ জীৱনলৈ এদিন প্ৰৱেশ ঘটে ৰেণু নামৰ তাৰ সৈতে একে বয়সৰ এজনী ছোৱালীৰ৷ লাহে লাহে সি ৰেণুৰ প্ৰতি দুবৰ্ল হৈ পৰে আৰু প্ৰেমৰ বাবেই সি সহস্ৰবাৰ পঢ়া ডঃ বাণীকান্ত কাকতিৰ সাহিত্য আৰু প্ৰেম কিতাপখনৰ ডাণ্টে-বিয়েট্ৰিছৰ কাহিনী পঢ়ি বিয়েট্ৰিছৰ সোন্দৰ্য্যৰ কল্পনা কৰে; যতীন দুৱৰা, গণেশ গগৈ, দেৱকান্ত বৰুৱাৰ কবিতা পঢ়ি নিজেও ৰেণুৰ নামত বহুটো প্ৰেমৰ কবিতা ৰচিছে৷ ব্ৰহ্মচৰ্য কিতাপখন পঢ়ি তাৰো ব্ৰহ্মচৰ্য পালন কৰিবলৈ মন গৈছে৷ 

এদিন তাৰ জীৱনলৈ আহিল অপ্ৰত্যাশিত এক শুভ সংবাদ৷ প্ৰাথমিক বিদ্যালয়ৰ বৃত্তি পৰীক্ষাত ছাত্ৰবৃত্তি পালে দেউতাকে তাক টাউনৰ হাইস্কুলত পঢ়িবলৈ পঠাব৷ জ্ঞান হ’বৰ দিন ধৰি দেখি আহা সপোনটো বাস্তৱত পৰিণত হোৱাৰ ব্যাকুলতাত সি আত্মহাৰা হয় যদিও মৰমৰ ঘৰখন, মাক-দেউতাক, বায়েক-ভনীয়েক, মৰমৰ গৰুবোৰ, নৈ-ঘাট, বাটৰ গছবোৰ, গাঁওখনক এৰিব লগা হোৱাৰ বেদনায়ো তাক ক্ৰিয়া কৰে৷ অশ্ৰুসিক্ত নয়নেৰে সি বাটৰ কাষৰ গছবোৰ, গোহালিৰ গৰুবোৰ, ম’হঘূলি নৈখনৰ ওচৰত সি বিদায় মাগে৷ উপন্যাসৰ কাহিনীভাগ চমুকৈ ইমানেই৷

সাউদৰ পুতেকে নাও মেলি যায় উপন্যাসৰ কাহিনী বৰ্ণনা কৰা হৈছে প্ৰধানতঃ তৃতীয় পুৰুষত৷ উপন্যাসৰ প্ৰধান চৰিত্ৰ বাপুকণ [বিক্ৰম]ৰ শৈশৱৰ বন্ধু হেবাঙৰ লগত নৈত সাঁতুৰা, কলি আম পাৰি নিমখ-জলকীয়া সানি খোৱা, বৰশিৰে মাছ বোৱা, হাবিত চৰাই পোৱালি বিচৰা, বাপুকণৰ মাক-দেউতাকৰ মৃত্যু চিন্তা, নিজৰ মৃত্যু চিন্তা আদি সকলো তৃতীয় পুৰুষত বৰ্ণনা কৰা হৈছে৷ ইয়াৰ মাজে মাজে হেবাঙ আৰু বাপুকণৰ কিছুমান কথোপকথন, বিক্ৰম আৰু দুলালৰ, বিক্ৰম আৰু দুলালৰ পিতৃৰ, বিক্ৰম আৰু তাৰ দেউতাকৰ কিছুমান কথোপকথন প্ৰথম পুৰুষত বৰ্ণনা কৰা হৈছে৷

সাউদৰ পুতেকে নাও মেলি যায় উপন্যাসৰ কাহিনীৰ দৃষ্টিকোণৰপৰা এটা সবল আৰু শক্তিশালী কাহিনী৷ উপন্যাসখনত বৰগোহাঞিয়ে শৈশৱকালৰ পৰা বয়ঃসন্ধিৰ স্তৰত উপনীত হোৱা এটা কিশোৰৰ মনোজগতেৰে কাহিনী উপস্থান কৰিছে৷ 

গৰম বন্ধ সকলো ল’ৰা-ছোৱালীৰ বাবেই এক আনন্দৰ দিন৷ এই দিনটো ওচৰ চপাৰ লগে লগেই ল’ৰা-ছোৱালীয়ে স্বাধীনমনে ফুৰা, খেলা-ধূলা কৰাৰ সপোন দেখে৷ স্কুলৰ দিনবোৰত শিক্ষক আৰু অভিভাৱকৰ শাসনৰ তলত থকা ল’ৰা-ছোৱালীয়ে গৰম বন্ধৰ দিনকেইটাক নিজৰ স্বাধীনতাৰ দিন হিচাপে গণ্য কৰে৷ এই আপুৰুগীয়া দিনকেইটাত ল’ৰা-ছোৱালীয়ে ডাঙৰৰ শাসনৰ অধীনত থাকিব নিবিচাৰে৷ উপন্যাসখনত বাপুকণেও গৰম বন্ধৰ দিনকেইটাত হেবাঙ আৰু অন্যান্য লগৰীয়াৰ লগত ম’হঘূলি নৈত সাঁতুৰিছে, বৰশী বাই মাছ ধৰিছে৷ বাপেকে বন্ধত কৰিবলৈ দিয়া অংকত সি মন বহুৱাব পৰা নাই; অংকৰ সলনি সি কাৰ বাৰীত জামু পকিছে, কাৰ বাৰীৰ আম খাব পৰা হৈছে তাৰ চিন্তা কৰি আছে৷ বাপেকে অংক নকৰাৰ বাবে শাস্তি দিয়াত সি বাপেকৰ মৃত্যুৰ চিন্তা কৰিছে৷ সৰু ল’ৰা-ছোৱালীৰ মনোজগতৰ এখন সুন্দৰ ছবি উপন্যাসখনত প্ৰকাশ পাইছে৷

বাল্যকালৰ স্বভাৱ-চিন্তা সদায় একে নাথাকে৷ বয়স বয়সৰ লগে লগে মানুহৰ স্বভাৱৰ লগতে চিন্তা-চেতনাও সলনি হয়৷ বাল্যকালৰপৰা বয়ঃসন্ধিৰ স্তৰত উপনীত হোৱা বাপুকণৰো জীৱন সলনি হৈছে দুলালক বন্ধুৰূপে পায়৷ আগতে হেবাঙৰ লগত যিবোৰ চিন্তা কৰিছিল দুলালৰ লগত সেইবোৰ চিন্তা কৰা নাই৷ বৌদ্ধিকভাৱে বাপুকণ উন্নত হোৱাৰ লগতে সমাজৰ কল্যাণৰ কথাও চিন্তা কৰিছে৷ গাঁৱত লাইেব্ৰৰী প্ৰতিষ্ঠা কৰাৰ লগতে গাঁৱত সাহিত্যৰ পৰিৱেশ সৃষ্টি কৰিবৰ বাবে হাতে লিখা আলোচনী উলিওৱাৰ পৰিকল্পনা কৰিছে৷ বয়ঃসন্ধি কালৰ সময়ছোৱাৰ বিপৰীত লিংগৰ প্ৰতি হোৱা স্বাভাৱিক আকৰ্ষণৰ হেতু বাপুকণেও সমনীয়া ৰেণুৰ প্ৰতি আকৰ্ষিত হৈছে৷ ৰেণুক আকৰ্ষিত কৰিবলৈ গৈ জাঁপ মাৰি পিছল খাই কঁকালৰ জোৰাৰলৈকে দুখ পাইছে৷ প্ৰেমত অনেক কবিতাও ৰচিছে৷ আকৌ ব্ৰহ্মচৰ্য কিতাপখন পঢ়ি কিতাপখনত থকা কথাবোৰৰ প্ৰতি আকৰ্ষিত হৈছে৷ কিতাপখনত থকা “বাল্যকাল হ’ল  ব্ৰহ্মচৰ্য পালনৰ সময়, আৰু বাল্যকালত নাৰী-চিন্তা মহাপাপ” কথাষাৰে তাক চিন্তিত কৰি তুলিছে৷

কৈশোৰ কালৰ চিন্তা, চেতনা, সৃজনীশীলতা, স্বাধীনতাপ্ৰিয় মনোভাৱ আদিৰ প্ৰকাশ ঘটা উপন্যাসখনৰ কাহিনীভাগ সেয়ে এক সবল আৰু শক্তিশালী কাহিনীলৈ ৰূপান্তৰ ঘটিছে৷

উপকাহিনীৰ ভূমিকা উপন্যাসখনত গৌণ ৰূপত দেখা যায়৷ উপকাহিনীৰূপে গাঁৱৰ জয়ালহাবি ৰূপে পৰিচিত হলিবাৰীৰ লগত জড়িত পুৰুষানুক্ৰমে চলি অহা অলৌকিক কাহিনীটো পোৱা গৈছে৷ উপকাহিনীটোৱে উপন্যাসখনৰ কাহিনীৰ সৌষ্ঠৱত আঘাত সনা নাই৷ উপকাহিনীটোৰ মাজেৰে মানুহৰ মাজত অলৌকিক শক্তিৰ প্ৰতি যি বিশ্বাস আছে তাৰেই প্ৰকাশ ঘটিছে ৷

উপন্যাসখনত সংঘাত, উৎকণ্ঠা আদিও সীমিত৷ দহ বছৰীয়া বাপুকণৰ চিন্তা-চেতনাৰ মনোজগত আৰু তাৰ দেউতাকৰ চিন্তাক সংঘাত হিচাপে ধৰিব পাৰি৷ বাপেকৰ সৎ চিন্তাবোৰ শিশুমনে বুজি নোপোৱা বাপুকণে দেউতাকৰ শাসনৰ পৰা মুক্ত হ’বলৈ সেয়ে ভাবিছে– “বাপুকণৰ দেউতাকো যদি মৰি যায়, তেন্তে সিও হেবাঙ আৰু নোমলৰ নিচিনাকৈ স্বাধীন হ’ব৷” (পৃ.১২)

সেইদৰে দেউতাকৰ সোঁৱৰণী পঢ়াৰ পিছত মাকৰ মৃত্যুৰ সংবাদ পোৱা বাপুকণৰ মাকলৈ তাৰ চিন্তাৰপৰা মাকৰ মৃত্যু সোঁৱৰণীৰ মতে হ’ল নে নাই এই কথাই পাঠকক উৎকণ্ঠিত কৰি ৰাখিবলৈ সক্ষম হৈছে৷

উপন্যাসখনৰ নামকৰণো এক মনকৰিবলগীয়া দিশ৷ হোমেন বৰগোহাঞিয়ে অসমৰ লোকগীতৰ ‘সাউদৰ পুতেকে নাও মেলি যায়’  শাৰীটোক উপন্যাসখনৰ নামৰ ক্ষেত্ৰত ব্যাৱহাৰ কৰিছে৷ নামকৰণতেই লুকাই আছে কাহিনীৰ তাৎপৰ্য৷ এই সম্পৰ্কে জয়ন্ত কুমাৰ বৰাই লিখিছে– লোকগীতটিত সাউদৰ পুতেকে বণিজ বেহাবলৈ নাও মেলি সেই বণিজৰ পৰা বহু ধন-সোণ, মণি-মুকুতা আহৰণৰ ইংগিত আছে৷ গাঁৱলীয়া মনুহ, প্ৰকৃতি আৰু পঢ়াশালিৰ পৰা আহৰণ কৰা অভিজ্ঞতাৰে বাপুকণে [বিক্ৰম]ও নগৰৰ হাইস্কুললৈ পঢ়িবলৈ ওলাইছে৷ বাপুকণৰ উদ্দেশ্য জ্ঞান সাগৰৰ গৰ্ভৰ পৰা মণি-মুকুতা আহৰণ কৰা৷ (জয়ন্ত কুমাৰ বৰা, হোমেন বৰগোহাঞিৰ উপন্যাসৰ শিল্প-বৈভৱ, পৃষ্ঠা- ৮৪)

এয়াই উপন্যাসখনৰ নামকৰণৰ তাৎপৰ্য৷ উপন্যাসখনৰ কাহিনীয়ে নামকৰণৰ তাৎপৰ্য্যক সুন্দৰকৈ বহন কৰিবলৈ সক্ষম হৈছে৷

উপন্যাসখনৰ এই বৈশিষ্ট্যসমূহৰ পৰা দেখা যায় যে গাঁৱলীয়া মানুহৰ চিন্তা-চেতনা, সমাজ ব্যৱস্থাৰ অকৃত্ৰিম আদৰৰ মাজত ডাঙৰ-দীঘল হোৱা এটি কিশোৰৰ গাঁও তথা সমাজৰ পৰা পোৱা অভিজ্ঞতা, আদৰ্শ, জীৱন আৰু জগতৰ প্ৰতি থকা গভীৰ উপলব্ধি প্ৰকাশ পাইছে৷ নিজ গাঁৱৰ প্ৰতি, নৈ-বিল, গছ-লতিকাৰ প্ৰতি, জীৱ-জন্তু, চৰাই-চিৰিকতিৰ প্ৰতি থকা সঁচা মৰম, অনুভূতিসমূহেৰে বাল্যকাল আৰু বয়ঃসন্ধি কালৰ দুমোজাত ভৰি দিয়া এটি কিশোৰৰ মনোজগতৰ বিশ্লেষণ দাঙি ধৰা সাউদৰ পুতেকে নাও মেলি যায় এখন সুখপাঠ্য উপন্যাস৷

হোমেন বৰগোহাঞিৰ সাউদৰ পুতেকে নাও মেলি যায় উপন্যাসৰ চৰিত্ৰৰ মূল্যায়ন 

এখন উপন্যাসৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ হ’ল চৰিত্ৰ৷ চৰিত্ৰৰ জৰিয়তে পাঠকে উপন্যাসখনৰ লগত একাত্মবোধ অনুভৱ কৰে, ঔপন্যাসিকৰ অনুভূতিসমূহ উপলব্ধি কৰিব পাৰে৷ হোমেন বৰগোহাঞিৰ সাউদৰ পুতেকে নাও মেলি যায় উপন্যাসখনৰ চৰিত্ৰসমূহ অতিকে মনোৰম৷ 

বাপুকণ [বিক্ৰম] 

সাউদৰ পুতেকে নাও মেলি যায় উপন্যাসৰ প্ৰধান চৰিত্ৰ বাপুকণ ওৰফে বিক্ৰম৷ কৈশোৰ আৰু বয়ঃসন্ধি স্তৰত উপনীত হোৱা এটি কিশোৰ ৰূপে অংকণ কৰা বাপুকণ চৰিত্ৰটিক এটি মুক্ত চৰিত্ৰ বুলিব পাৰি৷ গোটেই উপন্যাসখনত বাপুকণে  নিজকে নিয়ন্ত্ৰণ কৰি আগবঢ়াই নিছে৷ উপন্যাসখনত বাপুকণক যথেষ্ট অনুভূতিপ্ৰৱণ চৰিত্ৰৰূপে দাঙি ধৰা হৈছে৷ বাহিৰত সি লগৰীয়াৰ লগত নৈত সাঁতুৰিছে, মাছ ধৰিছে, চৰাই পোৱালী বিচাৰি হাবিয়ে-বননিয়ে ঘূৰি ফুৰে; কিন্তু মনৰ ভিতৰত অন্য কিছুমান চেতনাই তাক ক্ৰিয়া কৰি থাকে৷ তেনে এটা চেতনা হ’ল মৃত্যুচেতনা৷ মৃত্যু চেতনাই তাৰ জীৱনত বহুবাৰ ক্ৰিয়া কৰিছে৷ কেতিয়াবা সি মাক-দেউতাকৰ মৃত্যুৰ কথা চিন্তা কৰিছে, আকৌ কেতিয়াবা নিজৰ মৃত্যুৰ কল্পনা কৰিছে৷ 

প্ৰেম এক শাশ্বত অনুভূতি৷ কেতিয়া কাৰ লগত হৈ যায় জনা নাযায়৷ বাপুকণৰ জীৱনলৈও প্ৰেম আহিছে৷ সি সমনীয়া ৰেণুৰ প্ৰেমত পৰিছে৷ পঢ়া-শুনাত মেধাৱী বাপুকণে শিক্ষাৰ ক্ষেত্ৰত এক নতুন পৰিৱৰ্তন আনিছে গাঁৱত লাইেব্ৰৰী প্ৰতিষ্ঠা কৰি৷ ইয়াৰ উপৰিও নতুন মূল্যবোধৰ প্ৰতি আগ্ৰহী বাপুকণে গাঁৱত সাহিত্যৰ পৰিৱেশ গঢ়ি তুলিবলৈ হাতে লিখা আলোচনী উলিওৱাৰ পৰিকল্পনাও কৰিছে৷ উপন্যাসত বাপুকণক যথেষ্ট সবল চৰিত্ৰ ৰূপে অংকণ কৰা হৈছে৷ ঔপন্যাসিক বৰগোহাঞিয়ে বাপুকণক পৃথিৱীৰ সমস্ত কিশোৰ-কিশোৰীৰ প্ৰতিনিধি ৰূপে অংকণ কৰাৰ প্ৰয়াস কৰিছে৷

দুলাল

উপন্যাসখনৰ আন এটি উল্লেখযোগ্য চৰিত্ৰ হ’ল দুলাল৷ বাপুকণহঁতৰ গাঁৱৰ থানাৰ নতুন অ.চি.-ৰ পুত্ৰ দুলাল অত্যন্ত মেধাৱী ছাত্ৰ৷ পাঠ্যপুথিৰ উপৰিও সাহিত্যৰ প্ৰতি আগ্ৰহী দুলালে প্ৰচুৰ কিতাপ, আলোচনী অধ্যয়ন কৰে৷ ইয়াৰ উপৰিও দুলাল এটি সৃজনীশীল মনৰ ল’ৰা৷ দেউতাকৰ চাকৰিসূত্ৰে থাকি অহা ঠাইসমূহত সি বহুতো জনকল্যাণমূলক কাম কৰি আহিছে৷ বাপুকণকো গাঁৱত লাইেব্ৰৰী খোলাৰ কথা দুলালেই পোনপ্ৰথম কৈছিল৷  উপন্যাসখনত দুলালক বাপুকণৰ অন্তৰংগ বন্ধু হিচাপে দেখুওৱা হৈছে৷

বাপুকণৰ দেউতাক

উপন্যাসখনত বাপুকণৰ দেউতাকক এজন মৰমিয়াল পিতৃ ৰূপত অংকন কৰা হৈছে৷ সন্তানক অত্যন্ত ভালপোৱা, ফৰকাল ৰাতি চোতালত সাধু কৈ শুনোৱা দেউতাকে যেতিয়াই বাপুকণে কিবা বেয়া কাম কৰিছে তেতিয়াই তাক শাস্তি দিছে৷ আকৌ ভাল কামসমূহত তাক উদগনিও দিছে৷ বাপুকণৰ ভাল ভৱিষ্যতৰ বাবে তাক টাউনৰ হাইস্কুলত নাম লগাই দিব বিচাৰিছে৷ বাপুকণৰ পিতৃ নিজেও এজন শিক্ষিত লোক৷ সেয়ে শিক্ষাৰ মূল্যক তেওঁ উপলব্ধি কৰিব পাৰে৷ উপন্যাসখনত বাপুকণৰ দেউতাকক সন্তানৰ মংগল কামনা কৰা, সন্তানৰ ভৱিষ্যতক লৈ চিন্তিত এজন পিতৃ ৰূপে দেখুওৱা হৈছে৷

দাৰোগা

দাৰোগা অথাৰ্ৎ দুলালৰ পিতৃ শিক্ষাৰ প্ৰয়োজনীয়তাক বুজি পোৱা এজন ব্যক্তি৷ পঢ়া-শুনা কৰা ল’ৰা-ছোৱালীক তেওঁ অত্যন্ত ভাল পায়৷ তদুপৰি উপন্যাসখনত দাৰোগাক সমাজৰ নিঃকিন ধ্যান-ধাৰণাবোৰৰ পৰা আঁতৰত থকা আৰু নতুন মূল্যবোধৰ প্ৰতি সচেতন এজন ব্যক্তিৰ ৰূপত অংকন কৰা হৈছে৷

অন্যান্য চৰিত্ৰ

সাউদৰ পুতেকে নাও মেলি যায় উপন্যাসৰ অন্যান্য চৰিত্ৰসমূহ হ’ল– হেবাঙ, যোগেন গগৈ আদি চৰিত্ৰ৷ হেবাঙ চৰিত্ৰটি ঔপন্যাসিকে পঢ়া-শুনাৰ প্ৰতি ৰাপ নথকা, স্বাধীনভাৱে ঘূৰি ফুৰা ল’ৰাৰ ৰূপত অংকন কৰিছে৷ সৰুতেই পিতৃক হেৰোৱা হেবাঙে পঢ়াতকৈও মাছ ধৰি, চৰাই পোৱলি, কুকুৰ পোৱালি পুঁহিহে বেছি ভাল পায়৷ এসময়ত হেবাঙ বাপুকণৰ অন্তৰংগ বন্ধু আছিল৷ 

যোগেন গগৈ চৰিত্ৰটোক এজন সাহিত্যিক ৰূপে দেখুওৱা হৈছে৷ গাঁৱখনৰ ভিতৰত তেওঁৱেই একমাত্ৰ বাঁহী আৰু আৱাহন আলোচনী পঢ়া লোক৷ যোগেন দদাইদেউৱে নাটক ৰচনা কৰি গাঁৱত মঞ্চায়নো কৰে৷ বাপুকণহঁতৰ লাইেব্ৰৰীৰ ‘হৰগোবিন্দ’ নামটো তেৱেঁই নামকৰণ কৰিছে৷

উপন্যাসখনত দেখা পোৱা আন আন চৰিত্ৰ যেনে– বাপুকণৰ মাক, হেবাঙৰ মাক, কেহু আদি চৰিত্ৰসমূহৰ থুল-মুল আভাসহে দিয়া হৈছে৷ উপন্যাসখনত শিশু মনস্তত্ত্বক কেন্দ্ৰ কৰি চৰিত্ৰসমূহ নিমাৰ্ণ কৰা হৈছে৷   

হোমেন বৰগোহাঞিৰ সাউদৰ পুতেকে নাও মেলি যায় উপন্যাসৰ সমাজ-চিত্ৰ

উপন্যাস সৃষ্টি হয় এখন সমাজৰ প্ৰেক্ষাপটত৷ সমাজখনৰ ৰীতি-নীতি, পৰম্পৰা, লোকাচাৰ আদি সকলো উপন্যাসত প্ৰতিফলিত হয়৷ সাউদৰ পুতেকে নাও মেলি যায় উপন্যাসখন সৃষ্টি হৈছে অসমীয়া গ্ৰামীণ সমাজৰ প্ৰেক্ষাপটত৷ আধুনিকতাৰ পৰশ নোপোৱা এখন সহজ-সৰল গ্ৰামীণ সমাজক কেন্দ্ৰ কৰি উপন্যাসখন ৰচিত৷ ম’হঘূলি নৈৰ পাৰৰ প্ৰাকৃতিক পৰিৱেশেৰে পৰিপূৰ্ণ মনোমোহা এখন গাঁৱৰ ছবি উপন্যাসখনত দেখুওৱা হৈছে৷

উপন্যাসখনত অসমীয়া মানুহৰ বিশ্বাস, লোকাচাৰ, ৰীতি-নীতিসমূহৰ প্ৰতিফলন ঘটিছে৷ অসমীয়া মানুহে পঞ্জিকা চাই কাম কৰা, সোঁৱৰণী বিশ্বাস কৰা আদিবোৰ প্ৰকাশ পাইছে৷ বাপুকণহঁতৰ গাঁৱৰ মানুহ পঞ্জিকাত থকা একাদশী-আঁউসী আদিত হালখতি জানিবৰ বাবে সিহঁতৰ ঘৰলৈ আহে–“গাঁৱৰ মানুহেও কেতিয়াবা একাদশী-আঁউসী-পূৰ্ণিমাৰ হালখতি কেতিয়া পৰিছে জানিবলৈ সিহঁতৰ ঘৰলৈ আহে আৰু বিক্ৰমৰ দেউতাক নাথাকিলে বিক্ৰমেই পঞ্জিকা চাই তেওঁলোকক সেইবোৰ বতৰা দিব লগা হয়৷” [পৃ. ৮৩]

তদুপৰি জন্মৰ সোঁৱৰণীখনৰ প্ৰতি অসমীয়া মানুহৰ যি বিশ্বাস সেয়া প্ৰকাশ পাইছে উপন্যাসখনত৷ অসমীয়া মানুহে বিশ্বাস কৰে যে নিজৰ জন্মৰ সোঁৱৰণী নিজে পঢ়িব নাপায়৷ এই বিশ্বাসৰ বাবেই সোঁৱৰণী সদায় সযতনে আৰু গোপন ঠাইত ৰখা হয়৷ বাপুকণকো তাৰ দেউতাকে মানুহে কেতিয়াও নিজৰ সোঁৱৰণী পিI.ব নাপায় বুলি কৈছে৷ বাপুকণে এদিন দেউতাকৰ সোঁৱৰণীখন উদ্ধাৰ কৰিছে- “সোঁৱৰণীখনৰ দুটা ভাগ৷ প্ৰথম ভাগ গণনা৷ ...দ্বিতীয় ভাগত খুব কম কথাত মাত্ৰ কেইটামান বাক্যত দেউতাকৰ বিষয়ে ভৱিষ্যবাণী কৰা হৈছে৷” [পৃ.৮৪]

সেইদৰে অসমীয়া গাঁৱৰ মানুহে প্ৰতিবছৰে গৰু বিহুৰ দিনা গণকৰ ওচৰত সোঁৱৰণী দেখুওৱাই বছৰটোৰ ভাগ্য জানি আহে৷ বাপুকণৰ দেউতাকেও প্ৰতি বছৰে গৰু বিহুত গণকৰ ওচৰলৈ গৈ ল’ৰা-ছোৱালী কেইটাৰ বছৰটোৰ ভাগ্য জানি আহে৷

অসমীয়া গাঁৱৰ ৰাইজে কোনো মানুহে সমাজৰ বিৰুদ্ধে গৈ কাম কৰিলে, কোনো কু-কৰ্ম কৰিলে ৰাইজে দোষী সাব্যস্ত কৰি মানুহ ঘৰক এঘৰীয়া কৰাৰ নিয়ম প্ৰচলন আছে৷ এঘৰীয়া কৰা মানুহঘৰে ৰাইজৰ আগত সেৱা লৈ দুখ স্বীকাৰ নকৰালৈকে গাঁৱৰ কোনো লোক সেই মানুহঘৰলৈ যাব নোৱাৰে৷ উপন্যাসখনত ইয়াৰ প্ৰকাশ ঘটিছে৷ বাপুকণহঁতৰ গাঁৱৰ হলিৰামক ৰাইজে এঘৰীয়া কৰিছে৷

অসমীয়া গাঁওসমূহৰ কিছুমান লোকাচাৰৰো উপন্যাসখনত প্ৰতিফলিত হৈছে৷ বাপুকণহঁতৰ গাঁৱৰ সমাজচ্যুত হলিৰামে হাইজাত মৃত্যু হোৱা ল’ৰা-ছোৱালীকেইটাক বাৰীত গাঁত খান্দি পুতি পেলোৱাৰ বৰ্ণনা আছে৷ সেইদৰে বাপুকণৰ সৰু ভনীয়েক মাখনীৰ মৃতদেহটোও গাঁত খান্দি পোঁতা হৈছে৷ ইয়াৰ কাৰণ হ’ল হিন্দু ধৰ্মত সৰু ল’ৰা-ছোৱালীক কাঠ-সংস্কাৰৰ পৰিৱৰ্তে  গাঁত খান্দি পুতি থোৱা হয়৷ 

গাঁৱলীয়া সমাজত প্ৰচলিত অলৌকিক কাহিনী, অলৌকিক বিশ্বাসসমূহৰ বৰ্ণনা উপন্যাসখনত পোৱা গৈছে৷ বাপুকণহঁতৰ গাঁৱত থকা হলিবাৰীখন গাঁৱৰ মানুহৰ বাবে এক অলৌকিক বিশ্বাসৰ কেন্দ্ৰস্থল৷ এদিন গাঁৱৰ ল’ৰা এটা হলিবাৰীত গৰু বিচাৰিবলৈ গৈ ঘূৰি নহাত গাঁৱৰ কেইবাটাও ডেকাই হাতত জোৰ আৰু চুৰিয়াৰ খোঁচনাত মন্ত্ৰ-মৰা সৰিয়হ লৈ তাক বিচাৰি গৈছে৷

বাপুকণহঁতৰ গাঁৱত ‘মুষ্টিভিক্ষা’ নিয়মৰ প্ৰচলনৰ বৰ্ণনা উপন্যাসখনত আছে৷ মুষ্টিভিক্ষা হ’ল গাঁৱৰ প্ৰতে্যকঘৰৰ জীয়ৰী-বোৱাৰীয়ে ৰাতিপুৱা বনা চাউল এমুঠি সদায় পিৰালিত থকা টেকেলিটোত থয়৷ ৰাতি গাঁৱৰ ডেকা ল’ৰাই পাল পাতি গাঁৱৰ প্ৰতি ঘৰৰ পৰা এই চাউল সংগ্ৰহ কৰি নামঘৰত জমা ৰাখে৷ মুষ্টিভিক্ষাৰ এই চাউলবোৰ বিক্ৰী কৰি পোৱা ধনেৰে বিপদ-আপদৰ সময়ত গাঁৱৰ মানুহক সহায় কৰা হয়৷ এয়াই হ’ল মুষ্টিভিক্ষা৷ বাপুকণহঁতৰ লাইেব্ৰৰী প্ৰতিষ্ঠাতো এই মুষ্টিভিক্ষাই যথেষ্ট সহায় কৰিছে৷

এনেদৰে উপন্যাসখনত গ্ৰামীণ সমাজৰ চিত্ৰ দেখিবলৈ পোৱা যায়৷ ঔপন্যাসিকে গাঁৱৰ সহজ-সৰল জীৱন প্ৰণালীৰ এখন নিখুঁত ছবি উপন্যাসখনত দাঙি ধৰিছে৷  

হোমেন বৰগোহাঞিৰ সাউদৰ পুকেকে নাও যায় উপন্যাসৰ শিল্প-সৌন্দৰ্য :

শিল্প-সৌন্দৰ্যই কোনো এখন উপন্যাসক এক বিশেষ মৰ্যদা প্ৰদান কৰে৷ হোমেন বৰগোহাঞিৰ সাউদৰ পুতেকে নাও মেলি যায় উপন্যাসখনৰ শিল্প-সৌন্দৰ্যক তিনিটা দিশেৰে বিশ্লেষণ কৰিব পাৰি৷ ভাষাৰ বৈশিষ্ট্যৰে, কল্পনা আৰু বাস্তৱৰ দিশেৰে আৰু মনোহাৰিত্বৰ দিশেৰে৷

ভাষাৰ বৈশিষ্ট্য

উপন্যাস এখনৰ এটা গুৰুত্বপূৰ্ণ দিশ হ’ল উপন্যাসখনত প্ৰয়োগ হোৱা ভাষা৷ সাউদৰ পুতেকে নাও মেলি যায় উপন্যাসখনত হোমেন বৰগোহাঞিয়ে শিশুৰ পৰা বৃদ্ধলৈ সকলো শ্ৰেণীৰ পাঠকে পঢ়িব পৰাকৈ, বুজিব পৰাকৈ সহজ-সৰল ভাষাৰ প্ৰয়োগ কৰিছে৷ বাক্য গাঁথনিৰ ক্ষেত্ৰটো তেওঁ বৰ বেছি চুটি বা দীঘলীয়া বাক্যৰ প্ৰয়োগ কৰা নাই৷ উপন্যাসখনৰ বাক্য গাঁঠনিৰ চমু আভাস দিবলৈ চেষ্টা কৰা হ’ল--“নৈত সাঁতুৰিবলৈ পালে কোন মূৰ্খই ঘৰত অংক কৰি বহি থাকে? তদুপৰি আটকীয়া গৰমৰ বন্ধটো যদি অংক কৰিয়েই শেষ কৰিব লগা হ’ল, তেন্তে স্কুল খোলা ৰখা হ’লেনো কি ক্ষতিটো হ’লহেতেন?”  [পৃ.১০]

উপন্যাসখনত গাঁৱৰ মানুহৰ মুখত সঘনে ব্যৱহাৰ হোৱা কিছুমান শব্দ আৰু বাক্যৰ প্ৰয়োগ কৰা হৈছে৷ যেনে– কেৰকেৰণি, অনাই-বনাই, দমলা-দমল, লোমালোমে, মৰিলো ঔ খালে ঔ, খকা-খুন্দা ইত্যাদি৷ সেইদৰে ‘ৰ’দ নহয় যেন আকাশে জুইহে বৰষিছে’, ‘নোম টেঙৰ’, ‘গছত কঁঠাল ওঁঠত তেল, নৌ খাওঁতেই চেলবেল’ ইত্যাদি খণ্ডবাক্য, ফঁকৰাৰ প্ৰয়োগ উপন্যাসখনত দেখিবলৈ পোৱা যায়৷

এনেদৰে ঘৰুৱা ভষাৰ উপস্থাপনে উপন্যাসখনক এক বিশেষ মৰ্যদা প্ৰদান কৰিছে৷ 

কল্পনা আৰু বাস্তৱ

সাউদৰ পুতেকে নাও মেলি যায় উপন্যাসৰ কাহিনী বাস্তৱ জীৱনৰ আধাৰত ৰচিত৷ উপন্যাসখনত ঔপন্যাসিক হোমেন বৰগোহাঞিৰ সত্তা জড়িত হৈ আছে৷ উপন্যাসখনৰ পটভূমি সম্পৰ্কে ঔপন্যাসিকে কৈছে-- উপন্যাসৰ ছদ্মবেশত এইখন আচলতে মোৰ শৈশৱ কালৰ আত্মজীৱনী৷ সেই কথা মই মোৰ আত্মজীৱনী [ধুমুহা আৰু ৰামধেনু]ত স্পষ্ট কৰি দিছোঁ৷ একমাত্ৰ দুলাল আৰু তেওঁৰ দেউতাকৰ বাহিৰে বাকী আটাইবোৰ বাস্তৱ চৰিত্ৰক উপন্যাসখনত অবিকল ৰূপত ৰখা হৈছে৷”

উপন্যাসখনৰ প্ৰধান চৰিত্ৰ বাপুকণৰ মাজত লেখকৰ আত্মজৈৱনিক উপাদান নিহিত হৈ আছে৷ এই সম্পৰ্কে ঔপন্যাসিক হোমেন বৰগোহাঞিয়ে কৈছে– “উপন্যাসখন আত্মজীৱনীমূলক, অথাৰ্ৎ কাহিনীটোৰ মূল নায়ক ‘বাপুকণ’ মই নিজেই৷ মোৰ ঘৰত মতা নাম আছিল বাপুকণ৷” 

কল্পনা আৰু বাস্তৱৰ অপূৰ্ব মিশ্ৰণ উপন্যাসখনত দেখা পোৱা গৈছে৷

মনোহাৰিত্ব

মনোহাৰিত্ব হ’ল উপলব্ধিৰ এক সূক্ষ্ম প্ৰকাশ৷ মনোহাৰিত্বই উপন্যাসৰ শিল্প-সৌন্দৰ্য বঢ়ায় তোলে৷ মনোহাৰিত্ব হ’বলৈ হ’লে উপন্যাসৰ ৰস আৰু সৌন্দৰ্যানুভূতিয়ে পাঠকক আনন্দ দান কৰিব লাগিব৷ 

সংলাপৰ ক্ষেত্ৰত উপন্যাসৰ মনোহাৰিত্ব দেখা পোৱা যায়– “থ থ, ইমান দেমাকি নেদেখুৱাবি৷ নৈৰ লেতেৰা পানী খাবলৈ ঘিণ কৰ, সদায় পকা নাদৰ পানী খাৱ, তথাপি দেখোন তোৰ বাৰটা মাহত তেৰটা বেমাৰ লাগিয়েই থাকে৷ আমি গোটেই বছৰ নৈৰ পানী খাওঁ, তথাপি মোৰ কেতিয়াবা বেমাৰ হোৱা দেখিছ?” [পৃ.২৮]

হেবাঙে বাপুকণক কোৱা সংলাপটোৱে উপন্যাসখনক মাধুৰ্য্যতা প্ৰদান কৰিছে৷

উপন্যাসৰ বৰ্ণনা ৰীতিও উৎকৃষ্ট৷ হলিবাৰীৰ প্ৰেতাত্মাৰ বৰ্ণনা দিয়া হৈছে এনেকৈ– “ঘৰৰ চোতালখনৰ সমান মুকলি ঠাইডোখৰত গাখীৰ যেন বগা জোনাকবোৰ উপচি পৰিছে আৰু গাখীৰৰ নিচিনা বগা মুখৰ তিৰোতা এজনী কাঠৰ পুতলা এটাৰ দৰে অকণো লৰচৰ নকৰাকৈ বহি আছে৷”  [পৃ.২০]   

উপলব্ধিৰ গভীৰতা উপন্যাসখনত পৰিস্ফুত হৈছে৷ টাউনৰ স্কুলত পঢ়িবলৈ ওলোৱা বাপুকণে গাঁৱৰ প্ৰত্যেকজোপা গছ, পোহনীয়া জন্তু, মৰমৰ নৈখন, গাঁৱৰ পদূলিবোৰৰ ওচৰত চিৰ বিদায় মাগিছে৷ সি বুজি পাইছে শেষবাৰলৈ দেখা এই গছবোৰক ঘূৰি আহি সি নেদেখিবও পাৰে৷

ভাষাৰ বৈশিষ্ট্য, কল্পনা-বাস্তৱৰ সমাহাৰ, মনোহাৰিত্বৰ সমাহাৰে উপন্যাসখনৰ শিল্প-সৌন্দৰ্যৰ শ্ৰীবৃদ্ধি ঘটোৱা দেখিবলৈ পোৱা গৈছে৷

উপসংহাৰ 

উত্তৰ স্বাধীনতা কালৰ অসমীয়া উপন্যাসৰ বৈচিত্ৰ্যময় ধাৰাত সাউদৰ পুতেকে নাও মেলি যায়  কিশোৰ মনোজগতৰ ভিত্তিত ৰচিত এখন বিখ্যাত উপন্যাস৷ উপন্যাসখনৰ প্ৰতিটো চৰিত্ৰই গুৰুত্বপূৰ্ণ৷ কিশোৰ মনস্তত্ত্বক মূল হিচাপে লৈ কেন্দ্ৰীয় চৰিত্ৰসমূহ সৃষ্টি কৰা হৈছে৷ উপন্যাসখন অসমীয়া গ্ৰামীণ সমাজৰ প্ৰেক্ষাপটত ৰচিত৷ গাঁৱলীয়া সমাজৰ ৰীতি-নীতি, পৰম্পৰা, লোকাচাৰ, বিশ্বাস আদি সকলো উপন্যাসখনত নিখুঁতভাৱে প্ৰকাশ ঘটিছে৷ উপন্যাসখনৰ শিল্প-সৌন্দৰ্য অতি মনোৰম৷ গাঁৱলীয়া মানুহৰ মুখৰ ভাষাৰ প্ৰয়োগে উপন্যাসখনৰ শিল্প-সৌন্দৰ্যত মাধুৰ্যতা প্ৰদান কৰিছে৷ উপন্যাসখনৰ এই বৈশিষ্ট্যসমূহৰ পৰা দেখা যায় যে গাঁৱলীয়া মানুহৰ চিন্তা-চেতনা, সমাজ ব্যৱস্থাৰ অকৃত্ৰিম আদৰৰ মাজত ডাঙৰ-দীঘল হোৱা এটি কিশোৰৰ গাঁও তথা সমাজৰ পৰা পোৱা অভিজ্ঞতা, আদৰ্শ, জীৱন আৰু জগতৰ প্ৰতি থকা গভীৰ উপলব্ধি প্ৰকাশ পাইছে৷ নিজ গাঁৱৰ প্ৰতি, নৈ-বিল, গছ-লতিকাৰ প্ৰতি, জীৱ-জন্তু, চৰাই-চিৰিকতিৰ প্ৰতি থকা সঁচা মৰম, অনুভূতিসমূহেৰে বাল্যকালযবয়ঃসন্ধি কালৰ দুমোজাত ভৰি দিয়া এটি কিশোৰৰ মনোজগতৰ বিশ্লেষণ দাঙি ধৰা সাউদৰ পুতেকে নাও মেলি যায় এখন সুখপাঠ্য উপন্যাস৷

সহায়ক গ্ৰন্থপঞ্জী 

হোমেন বৰগোহাঞি : সাউদৰ পুতেকে নাও মেলি যায়, ষষ্ঠদশ সংস্কৰণ, এপ্ৰিল, ২০১৪, ষ্টুডেণ্টচ্‌ ষ্ট’ৰচ, কলেজ হোষ্টেল ৰ’ড, গুৱাহাটী- ৭৮১০০১৷

কটকী, প্ৰফুল্লঃ স্বৰাজোত্তৰ অসমীয়া উপন্যাস সমীক্ষা, বীণা লাইেব্ৰৰী, গুৱাহাটী, পুনৰ প্ৰকাশ- নৱেম্বৰ ২০০৯৷

ঠাকুৰ, নগেন [সম্পা.] : এশ বছৰৰ অসমীয়া উপন্যাস, জ্যোতি প্ৰকাশন, পাণবজাৰ, গুৱাহাটী-৭৮১০০১, প্ৰথম প্ৰকাশ - নৱেম্বৰ, ২০০০৷

ডেকা, নমিতা [সম্পা.] : হোমেন বৰগোহাঞিৰ সন্ধানত, ষ্টুডেণ্টচ্‌ ষ্ট’ৰচ্‌, গুৱাহাটী, প্ৰথম প্ৰকাশ- ১৯৯৮৷

দাস, শোণিত বিজয়, মুনিন  বায়ন [সম্পা.] : কথা বৰেণ্য ১০০, কথা, প্ৰথম প্ৰকাশ- ২০০৬৷

বৰুৱা, প্ৰহ্লাদ কুমাৰ : উপন্যাস, বনলতা, ডিব্ৰুগড়, প্ৰথম প্ৰকাশ, ১৯৮৩৷

বৰা, জয়ন্ত কুমাৰ : সুবালাৰ পৰা মৎস্যগন্ধালৈ, কিৰণ প্ৰকাশন, ডি.কে, মাৰ্কেট, ধেমাজি- ৭৮৭০৫৭, প্ৰথম প্ৰকাশ- ২০০৭৷

-- হোমেন বৰগোহাঞিৰ উপন্যাসৰ শিল্প-বৈভৱ, অসম পাবলিচিং কোম্পানী, প্ৰথম প্ৰকাশ ২০১৫৷

ভৰালী, শৈলেন : উপন্যাস : বিচাৰ আৰু বিশ্লেষণ, চন্দ্ৰ প্ৰকাশ, পাণবজাৰ, গুৱাহাটী-১, চতুৰ্থ প্ৰকাশ- ২০১২৷

– [সম্পা.] : অসমীয়া উপন্যাসৰ গতি-প্ৰকৃতি, সাহিত্য অকাডেমি, দ্বিতীয় মুদ্ৰণ- ২০০৯৷

শইকীয়া, হীৰেন আৰু ৰাজীৱ মহন্ত  [সম্পা.] : হোমেন বৰগোহাঞি : এক অবিৰত যাত্ৰা, বনলতা, গুৱাহাটী, প্ৰথম প্ৰকাশ- ২০০১৷

শৰ্মা, গোবিন্দ প্ৰসাদ : উপন্যাস আৰু অসমীয়া উপন্যাস, ষ্টুডেণ্টচ্‌ ষ্ট’ৰচ্‌, কলেজ হোষ্টেল ৰোড, গুৱাহাটী-৭৮১০০১, তৃতীয় সংশোধিত সংস্কৰণ- অক্টোবৰ, ২০১২

সন্দিকৈ, অমিয় কুমাৰ [সম্পা.] : হোমেন বৰগোহাঞিৰ জীৱন আৰু সাহিত্য, জ্যোতি প্ৰকাশ, গুৱাহাটী, প্ৰথম প্ৰকাশ, ২০০০৷

লেখকঃ পৰেশ খনিকৰ, গৱেষক ছাত্ৰ, ডিব্ৰুগড় বিশ্ববিদ্যালয়

Post a Comment

0 Comments