* প্ৰস্তাৱনা
অভিধান প্ৰণয়ন কলা এটা অৰ্বাচীন ধাৰণা৷ বিংশ শতিকাত পৃথিৱীৰ বিভিন্ন ঠাইত ভাষা বিজ্ঞানৰ চৰ্চা ব্যপকভাৱে হ’বলৈ ধৰাত কিছুমান ভাষাবৈজ্ঞানিকে অৰ্থতত্ত্বৰ আলোচনাৰ পৰা বাগৰ সলাই অভিধান প্ৰণয়নৰ কলা কৌশল সম্পৰ্কে আলোকপাত কৰিবলৈ ধৰিলে৷ তাৰ ফলতেই অভিধান প্ৰণয়ন কলা ভাষাবিজ্ঞানৰ বিশেষকৈ প্ৰয়োগ ভাষা বিজ্ঞানৰ এটা শাখা হিচাপে প্ৰতিষ্ঠিত হ’ল৷ কোনো কোনো মহলাত অভিধান প্ৰণয়ন কলাক পাণ্ডিত্যপূৰ্ণ অন্তৰ্দিষ্টি বা বিশ্লেষণৰ প্ৰয়োজন নোহোৱা এক উপৰুৱা, হাতে কামে কৰা আৰু প্ৰায় ক্ষেত্ৰতে পূৰ্বজসকলে প্ৰস্তুত কৰি থৈ যোৱা আধাৰক ভিত্তি কৰি কৰা যান্ত্ৰিক চৰ্চা বা অভ্যাস বুলি হেয় জ্ঞান কৰিব খোজা দেখা যায়৷ কিন্তু যথাৰ্থতে অভিধান প্ৰণয়নৰ বাবে ভাষাবিজ্ঞানৰ বিষদ জ্ঞানৰ প্ৰয়োজন৷ ভাষাবিজ্ঞানৰ দখল থকা লোকেহে সাৰ্থক অভিধান প্ৰণয়ন কৰিব পাৰে৷ আনহাতে অভিধান প্ৰণয়নৰ অভিজ্ঞতাৰপৰাও ভাষাবিজ্ঞান যথেষ্ট পৰিমাণে পৰিপুষ্ট হয়৷ মুঠৰ ওপৰত অভিধান প্ৰণয়ন কলা হ’ল হাতে কামে অভিধান প্ৰণয়ন কৰা অভিজ্ঞতাৰ খতিয়ান৷ ই অভিজ্ঞতাৰ ভিত্তিত অভিধান কেনেকৈ প্ৰস্তুত কৰিব লাগে, তাত কি কি থাকিব লাগে, কেনেকৈ অতি প্ৰয়োজনীয় তথ্য সংক্ষেপে দিব লাগে, ব্যৱহাৰকাৰীৰ প্ৰয়োজন অনুসৰি কেনেকৈ ভিন্ ভিন্ প্ৰকাৰৰ অভিধান প্ৰণয়ন কৰিব লাগে ইত্যাদি কথাৰ দিগ্ নিৰ্দেশ কৰে৷
ভাষাৰ অধ্যয়নত অভিধানৰ গুৰুত্ব অপৰিসীম৷ কোনো এটা ভাষা শিকাৰ প্ৰাথমিক আশ্ৰয় হ’ল অভিধান৷ কাৰণ এই অভিধানত কোনো ভাষাত ব্যৱহৃত শব্দসমূহ, ইবিলাকৰ অৰ্থ, ব্যুৎপত্তি, ব্যৱহাৰৰ বিভিন্ন দিশ আদি দিয়া থাকে৷ এটা ভাষাত সেয়েহে অভিধানৰ প্ৰয়োজনীয়তা যথেষ্ট গুৰুত্বপূৰ্ণ৷ আনহাতে, অভিধান এখন প্ৰণয়ন কৰিবলৈ যাওঁতে ভাষা এটাত ব্যৱহাৰ হোৱা সকলোবোৰ শব্দ সামৰি ল’ব লগা হয়৷ তদুপৰি ইবিলাকৰ অৰ্থ বা ব্যৱহাৰৰ নিয়ম আদি সকলো অভিধ্যনখনৰ ভিতৰুৱা হোৱা উচিত বুলি বিচাৰ কৰা হয়৷ গতিকে অভিধান এখন প্ৰণয়ন কৰোঁতে কিছুমান গুৰুত্ব দিবলগীয়া দিশ আছে আৰু এই সকলোবোৰ দিশ সু-সংগবদ্ধ হ’লেহে এখন সাৰ্থক অভিধান হ’ব পাৰে৷ অভিধান এখন প্ৰণয়ন কৰিবলৈ যাওঁতে কোনবোৰ দিশৰ প্ৰতি সততে গুৰুত্ব দিয়া উচিত সেয়া আলোচনা কৰাৰ গুৰুত্ব নিশ্চয় আছে৷
অভিধান প্ৰণয়ন কলা কি?
সাধাৰণ অৰ্থত অভিধান এখন প্ৰণয়ন কৰিবলৈ যাওঁতে যিবোৰ দিশৰ প্ৰতি গুৰুত্ব দিব লগা হয় সেইবোৰৰ আলোচনাই অভিধান প্ৰণয়ন কলা৷ অসমীয়া অভিধান প্ৰণয়ন কলা পৰিভাষাটো ইংৰাজী lexicography শব্দৰ অসমীয়া অনুবাদ মাত্ৰ৷ ইংৰাজী lexicography শব্দটোতেই ইয়াৰ স্বৰূপৰ আভাস পাব পাৰি৷ শব্দগত দিশৰ পৰা বিচাৰ কৰিলে দেখা যায় যে lexem মানে শব্দ সাৰ আৰু graph মানে নক্সা কৰা, অৰ্থাৎ শব্দসাৰৰ অৰ্থ আৰু সংশ্লিষ্ট বিবিৰণসহ লিখি উলিওৱাৰ কলা কৌশলেই হ’ল অভিধান প্ৰণয়ন কলা৷ [ফণীন্দ্ৰ নাৰয়ণ দত্ত বৰুৱা : প্ৰয়োগ ভাষাবিজ্ঞানৰ ৰূপৰেখা, পৃষ্ঠা ৬১]
অভিধান প্ৰণয়ন কলা সম্পৰ্কে বিভিন্নজনে বিভিন্ন ধৰণে ক’ব খোজে৷ হাৰ্টমেন আৰু Svenses-এ ইয়াক ভাষা বিজ্ঞানৰ এটা শখা বুলি উল্লেখ কৰিছে৷ Svenses-এ কোৱা মতে, অভিধান প্ৰণয়ন কলা হ’ল কোনো এক বা একাধিক ভাষাত প্ৰচলিত শব্দাৱলী নিৰীক্ষণ, সংগ্ৰহ আৰু নিৰ্বাচন কৰি সেইবোৰৰ শব্দ সাৰ [lexem] সমূহ বৰ্ণানুক্ৰমিকভাৱে সঁজাই সিহঁতৰ উচ্ছাৰণ, পদ পৰিচয় আৰু অৰ্থৰ যথাযথ বৰ্ণনা আৰু প্ৰয়োগৰ নমুনা দিয়া কলা-কৌশল৷ আন কিছুমানে ইয়াক অভিধান প্ৰণয়ন বা ৰচনাৰ এটা কলা আৰু হাতে কামে কৰি উলিওৱাৰ কৌশল বুলি ক’ব খুজে৷ আন এজন বিশিষ্ট পণ্ডিত হাৰ্টমেনে আৰু এখোজ আগোৱাই গৈ কৈছে যে অভিধান প্ৰণয়ন কলা হ’ল এটা উৎপাদন প্ৰক্ৰিয়া আৰু ই কিছুমান পৰ্যবেক্ষণ কৰিব পৰা উৎপাদন অৰ্থাৎ এটা ভাষাত প্ৰচলিত শব্দমালা বা শব্দসাৰ তালিকা কিছুমান সূত্ৰগত বা সিদ্ধান্তগত বিধি অনুসৰি সংক্ষেপে আৰু যথাযথভাবে বৰ্ণনা কৰে৷ সেই ফালৰ পৰা অভিধান প্ৰণয়নৰ মুখ্য উদ্দেশ্য হ’ল কোনো এক বা একাধিক ভাষাৰ কিছুমান বা সকলো শব্দ-সাৰক সিহঁতৰ অৰ্থগত আৰু ব্যৱহাৰগত বৈশিষ্ট্যসমূহৰ ভিত্তিত বৰ্ণনা কৰা৷(Lexicography is a process related to both a range of obsrevable phenomana (i.e. the vocabulary) principales (lexicology) with which to tackle them... Lexicography is thus connected with the job of describing all or some of the words of one or more languages in thems of their charecteistic features, notably their meaning. (Hartman : 1983: hp 3-4)
অভিধান প্ৰণয়ন কলাৰ বিভিন্ন দিশ
অভিধান প্ৰণয়ন এক জটিল প্ৰক্ৰিয়া৷ কিয়নো অভিধান এখন প্ৰণয়নকাৰীৰ ভাষা সম্পৰ্কীয় যথেষ্ট জ্ঞান থকা দৰকাৰ৷ কাৰণ অভিধানত কোনো এটা নিৰ্দিষ্ট ভাষাত থকা শব্দ-সাৰসমূহৰ বৰ্ণানুক্ৰমে তালিকাবদ্ধ কৰি সিহঁতৰ প্ৰতিটোৰে উচ্চাৰণ, ব্যুৎপত্তি, পদ-চিনাকি, অৰ্থ আৰু ব্যৱহাৰ আদি সংক্ষেপে দিয়া থাকে৷ আন কথাত ক’বলৈ হ’লে, অভিধান ভাষাবিশেষৰ লগত সংস্পৃক্ত আৰু ই প্ৰধানকৈ শব্দ-সাৰ কেন্দ্ৰিক৷(ফণীন্দ্ৰ নাৰয়ণ দত্ত বৰুৱা : প্ৰয়োগ ভাষাবিজ্ঞানৰ ৰূপৰেখা, পৃষ্ঠা-৬৪) যিকোনো ভাষাৰ অভিধান যুগুতাবলৈ যাওঁতে কেইবাটাও পৰ্যায় অতিক্ৰম কৰিব লাগে৷ ইয়াৰ প্ৰথমতে এটা আঁচনি প্ৰস্তুত কৰা দৰকাৰ৷ সেই আঁচনি প্ৰস্তুত কৰা সময়তে কাৰ বাবে প্ৰস্তাৱিত অভিধানখন প্ৰণয়ন কৰা হ’ব সেই কথাটো স্পষ্টভাবে স্থিৰ কৰি লোৱা দৰকাৰ৷ কিয়নো উদিষ্ট পাঠককৰ প্ৰয়োজন অনুসৰিহে অভিধান এখন প্ৰণয়ন হ’ব৷ সেই দৃষ্টিভংগীৰে আঁচনিখন যুগুটোৱাৰ লগে লগে কিমান দিনত কাৰ কাম সম্পূৰ্ণ কৰা হ’ব তাৰো এটা সময়সীমা স্থিৰ কৰি ল’ব লাগে৷ লগতে প্ৰস্তাৱিত অভিধানখনত কিমান শব্দ সন্নিবিষ্ট কৰা হ’ব সেই সম্পৰ্কেও ঠিৰাং সিদ্ধান্ত ল’ব লাগে৷ তাৰ পাছত শব্দ আহৰণৰ বাবে আহিলা পাতি যুগুটাই ল’ব লাগে৷ সিবোৰৰ ভিতৰত কাগজ কলমৰ লগতে যথেষ্ট কাৰ্ড লোৱা দৰকাৰ৷(সত্যেন্দ্ৰনাৰয়ণ গোস্বামী : অভিধান প্ৰণয়ন, অপৰ্ণা কোঁৱৰ [সম্পা.] : অভিধানতত্ত্ব , পৃষ্ঠা-৬) মুঠৰ ওপৰত অভিধান এখন প্ৰণয়ন কৰিবলৈ যাওঁতে বিভিন্ন দিশৰ প্ৰতি গুৰুত্ব দিব লগা হয়৷ এই সকলোবোৰ দিশৰ বিষয়ে তলত সুকীয়া সুকীয়াকৈ আলোচনা কৰাৰ প্ৰয়াস কৰা হ’ল৷
অভিধান প্ৰণয়নৰ লগত জড়িত কেইটামান মৌলিক সংজ্ঞা শব্দ
অভিধান প্ৰণয়ন কলা সম্বন্ধে বিতংভাৱে জানিবলৈ হ’লে এই প্ৰসংগত সততে ব্যৱহাৰ হোৱা কেইটামান সংজ্ঞা শব্দৰ বিষয়ে আমাৰ ধাৰণা স্পষ্ট হোৱা প্ৰয়োজন৷ সেই সংজ্ঞা শব্দবোৰৰ বিষয়ে আমাৰ ধাৰণা স্পষ্ট নহ’লে অভিধান প্ৰণয়ন কলাৰ গভীৰলৈ সোমাব নোৱাৰি৷ এই সংজ্ঞা শব্দবোৰৰ বিষয়ে তলত আলোচনা কৰাৰ প্ৰয়াস কৰা হ’ল৷
শব্দ
অভিধান হৈছে শব্দৰ ভঁৰাল৷ ইয়াত শব্দৰ অৰ্থ, শব্দৰ ব্যুৎপত্তি, শব্দৰ উচ্চাৰণ নিৰ্দেশ, তথা শব্দৰ গুণাগুণসম্পৰ্কে সন্নিবিষ্ট কৰা হয়৷ গতিকে অভিধান প্ৰণয়ন কলাৰ গভীৰলৈ যোৱাৰ আগতে শব্দৰ স্বৰূপ সম্পৰ্কে ভালদৰে অৱগত হ’ব লগা হয়৷ অভিধানত শব্দ তিনি ধৰণে ব্যৱহাৰ হয়৷ যেনে– লিপিবদ্ধ বা আক্ষৰিক শব্দ, ধ্বনিমূলক শব্দ, শব্দ সাৰ৷ কাগজ, ফলক, বা পৰ্দাত লিখি উলিওৱা দুটা সুস্পষ্ট ফাকৰ মাজত লিখা এক বা একাধিক আখৰৰ সমষ্টিয়েই হ’ল লিপিবদ্ধ বা আক্ষৰিক শব্দ৷(ফণীন্দ্ৰ নাৰয়ণ দত্ত বৰুৱা : প্ৰয়োগ ভাষাবিজ্ঞানৰ ৰূপৰেখা, পৃষ্ঠা-৬৫) অভিধান-প্ৰণেতাই লিপিবদ্ধ বা আক্ষৰিক শব্দ কি সেই কথা ভালদৰে জানি ল’ব লাগে৷ ধ্বনিমূলক শব্দ হৈছে মানুহে কথা কওঁতে দুই সুক্ষ্ম বিৰতিৰ মাজত উচ্চাৰণ কৰা এক বা একাধিক ধ্বনিৰ সমষ্টি৷ ৰূপত্ত্বৰ আলোচক আৰু অভিধান প্ৰণেতা উভয়ৰে কাৰণে ধ্বনিমূলক শব্দৰ ধাৰণা অতিশয় প্ৰয়োজনীয় বিষয়৷ অভিধান প্ৰণয়ন সন্দৰ্ভত ব্যৱহাৰ হোৱা আন এবিধ শব্দ হৈছে শব্দ-সাৰ৷ কোনো এটা ভাষাৰ শব্দাৱলীত থকা বহিৰ্জগতৰ কোনো মূৰ্ত বা অমূৰ্ত বস্তু বুজাব পৰা এক বা একাধিক ধ্বনি সমষ্টিৰে গঠিত কেন্দ্ৰীয় ৰূপসমূহকেই শব্দ-সাৰ বুলি জনা যায়৷(ফণীন্দ্ৰ নাৰয়ণ দত্ত বৰুৱা : প্ৰয়োগ ভাষাবিজ্ঞানৰ ৰূপৰেখা, পৃষ্ঠা-৬৫) শব্দ-সাৰত ক্ৰিয়া বিভক্তি আৰু কাৰক বিভক্তি লগ লাগি ইয়াক বাক্যত ব্যৱহাৰৰ উপযোগী কৰি তুলে৷ কোৱা বাহুল্য যে বিভক্তি যুক্ত শব্দহে বাক্যত ব্যৱহাৰ হয়৷ বহু সময়ত শব্দ-সাৰ আৰু ৰূপ একে যেন লাগিলেও কিন্তু একে নহয়৷ ‘খা’ ধাতুটো এটা মুক্ত ৰূপ তথা শব্দ-সাৰ, ইয়াত কাল আৰু পুৰুষ বিভক্তি যুক্ত হৈ গঠিত খালোঁ, খালে, খাই, খাব ৰূপবেৰ পোৱা যায় যদিও ইবিলাক ব্যকৰণসিদ্ধ বাক্যত ব্যৱহাৰৰ উপযোগী ধাতুৰূপহে৷ কিন্তু ‘খা’ ধাতুৰ পৰা সাধিত খোৱা-লোৱা, খাৱন, খাৱৰীয়া, একো-একোটা শব্দ-সাৰ৷ কাৰণ ইবোৰৰ লগত প্ৰত্যয় বিভক্তি আদি সংযোগ কৰি অন্য ৰূপ পাব পাৰি৷
শব্দ-সাৰ কেতিয়াবা যুগ্ম হ’বও পাৰে৷ ইবিলাকক যুগ্ম শব্দ-সাৰ বোলে৷ দুই বা ততোধিক লিপিবদ্ধ শব্দ নিৰ্ধাৰিত নিয়মে লগ লাগি এটা মাত্ৰ ধাৰণা বুজায়, তাকে যুগ্ম শব্দ-সাৰ বোলে৷(When two Independent lexemes .... come togather ti form a new lexemenwith a specialized meaning, to donete some entity, we call such lexemes as compounds. (Haward Jackson, Lexicography : an Introduction, pp- 5) অসমীয়া ভাষাত ভালেমান এনে যুগ্ম শব্দ-সাৰ পোৱা যায়৷ যেনে অংকীয়া ভাওনা, বিহু কোঁৱৰী, ইত্যাদি৷ তদুপৰি অসমীয়া জতুৱা ঠাঁচৰ সৰহভাগেই যুগ্ম শব্দ-সাৰ শ্ৰেণীত পৰে৷
একে উচ্চাৰণ আৰু একে বানান অথচ ভিন্ন অৰ্থবাচক শব্দ
ভাষাৰ শব্দৰ কালিকা থাকে বুলি কোৱা হয়৷ প্ৰায়বোৰ ভাষাতে এনে কিছুমান শব্দ থাকে, যিবোৰৰ উচ্চাৰণ একে, অথচ অৰ্থ ভিন্ন বা বানান একে অথচ উচ্চাৰণ বা অৰ্থ ভিন্ন৷ অভিধান প্ৰণেতাজনে এনে শব্দবোৰক বেলেগ বেলেগ শব্দ বুলি স্বীকাৰ কৰি স্বতন্ত্ৰ প্ৰবিষ্টি হিচাপে দিব লাগে৷ অসমীয়া এশ বুজাবৰ বাবে ‘শ’ শব্দ মৃতদেহ বুজোৱা ‘শ’ শব্দতকৈ বেলেগ৷ এই শ্ৰেণীৰ শব্দবোৰৰ আকৌ তিনিটা ভাগত ভগাব পাৰি৷ যেনে– সমৰূপ শব্দ, সম-লিপিকা বা সমাক্ষৰিক শব্দ, সমোচ্চাৰিত শব্দ৷ যিবোৰ শব্দ-সাৰৰ উচ্চাৰণ আৰু বানান একে অথচ বুৎপত্তি বেলেগ, সেইবিলাক শব্দ-সাৰক অভিধান প্ৰণয়ন কলাত সমৰূপ শব্দ বুলি জনা যায়৷ অৰ্থাত যিবোৰ শব্দক একে ধৰণে উচ্চাৰণ কৰা যায়, মতা হয় বা নাম দিয়া হয়, সেইবোৰেই সমৰূপ শব্দ৷(ফণীন্দ্ৰ নাৰয়ণ দত্ত বৰুৱা : প্ৰয়োগ ভাষাবিজ্ঞানৰ ৰূপৰেখা, পৃষ্ঠা-৬৭) ইংৰাজীত bat শব্দই ক্ৰিকেট খেলা ‘বেট’ আৰু ‘বাদুলি’ক বুজায়৷ দুয়োটা শব্দৰ উচ্চাৰণ আৰু বানান একে৷ ঠিক তেনেদৰে অসমীয়া ভাষাতো মন কৰিলে এনে ভালেমান শব্দ পোৱা যায়৷ অসমীয়াত গা-গছৰ মাজৰ টান অংশক বুজোৱা ‘সাৰ’, মাতিৰ উৰ্বৰতা বঢ়োৱা জৈৱিক বা ৰাসায়নিক বস্তু বুজোৱা ‘সাৰ’, ৰক্ষা পৰা বুজোৱা ‘সাৰ’, আৰু বাঢ়নিৰে আবৰ্জনা আঁতৰোৱা অৰ্থত ব্যৱহাৰ হোৱা ‘সাৰ’ চাৰিওটা শব্দৰ বানান আৰু উচ্চাৰণ একে যদিও চাৰিওটা বেলেগ বেলেগ শব্দ-সাৰ হিচাপে গণ্য কৰা হয়৷ অভিধান প্ৰণেতাই এনে শব্দবোৰ বিচাৰি উলিয়াব লাগ৷ ই এটা জটিল কাম৷
ভাষাত এনে কিছুমান শব্দ থাকিব পাৰে যিবোৰৰ বানান একে অথচ উচ্চাৰণ বেলেগ আৰু সেই অনুসৰি অৰ্থও ভিন্ন৷ অসমীয়া ভাষাত ‘বেল’ শব্দটোৱে এক ধৰণে উচ্চাৰণ কৰিলে বেল গছৰ ফল আৰু অন্য এক ধৰণে উচ্চাৰণ কৰিলে ‘ঘণ্টা’ বুজায়৷ এনে ভালেমান শব্দ অসমীয়া ভাষাত পোৱ যায়৷ অভিধান প্ৰণেতাই এনেবোৰ শব্দ বিচাৰি উলিয়াই সুকীয়া সুকীয়াকৈ সন্নিবিষ্ট কৰিব লাগে৷
আকৌ কিছুমান শব্দৰ উচ্চাৰণ একেই হলেও বানানৰ কিছু ভিন্নত থাকে আৰু সেই অনুসৰি অৰ্থও বেলেগ হয়৷ সেইবোৰ শব্দ-সাৰক সমোচ্চাৰিত শব্দ বোলা হয়৷ অসমীয়া ভাষাত ভালেমান এনে ধৰণৰ শব্দ পোৱা যায়৷ উদাহৰণস্বৰূপে– ‘সি’ আৰু ‘সী’; ‘পানি’ আৰু ‘পানী’; ‘কুল’ আৰু ‘কূল’; ‘সাত’ আৰু ‘শাত’ ইত্যাদি শব্দৰ কথা ক’ব পাৰি৷ অৱশ্যে অনে শব্দবোৰে অভিধান প্ৰণেতাক বিশেষ অসুবিধাত নেপেলায়৷ কাৰণ অভিধান প্ৰণেতাই বানান অনুসৰি প্ৰবিষ্টি নিৰ্ণিয় কৰে বাবে এনে প্ৰতিটো শব্দকে ভিন ভিন প্ৰবিষ্টি হিচাপে অন্তৰ্ভুক্ত কৰিব পাৰে৷
অভিধান প্ৰণয়ন কলাৰ বিচাৰ্য ধাৰণা
অভিধান প্ৰণেতাৰ মনত কেইটামান ধাৰণা অতিশয় সুস্পষ্ট হোৱা দৰকাৰ৷ তেতিয়াহে এখন ভাল অভিধান প্ৰণয়ন কৰিবলৈ সক্ষম হ’ব পাৰিব৷ ইবিলাকৰ বিষয়ে সুকীয়া সুকীয়াকৈ আলোচনা কৰাৰ প্ৰয়াস কৰা হ’ল–
অভিধা আৰু ব্যঞ্জনা
অভিধান হৈছে শব্দৰ অৰ্থৰ ভঁৰাল৷ আনহাতে শব্দবোৰৰ লগত অলংকাৰৰ প্ৰসংগ জড়িত হৈ থাকে৷ অলংকাৰ শাস্ত্ৰত ব্যৱহাৰ হোৱা অভিধা আৰু ব্যঞ্জনা শব্দদুটাৰ গুৰুত্ব অভিধান প্ৰণয়ন কলাত বিশেষ গুৰুত্ব আছে৷ শব্দৰ অভিধা বৰ্ণনা কৰাই অভিধানৰ প্ৰধান কাম৷ অৰ্থাৎ শব্দ এটা শুনিলে বা পঢ়িলে শ্ৰোতা বা পাঠকৰ মনত পোনপটীয়াকৈ যি ধাৰণা মনলৈ আহে সেয়াই অভিধা অৰ্থ৷ অভিধান শব্দটো অভিধাৰ পৰাই ওলাইছে৷ আনহাতে, ব্যঞ্জনা হৈছে অভিধা অৰ্থৰ অন্তৰালত লোকাই থকা কোনো আবেগিক বা সামাজিক প্ৰসংগত নিষ্পন্ন হোৱা অতিৰিক্ত অৰ্থ৷ উদাহৰণ স্বৰূপে ‘গাঁওবুঢ়া’ শব্দটো এটা অভিধা শব্দ৷ ই প্ৰশাসনে পাতি দিয়া গাঁৱৰ মূৰব্বীক বুজায়৷ কিন্তু কোনো মানুহক যদি ‘গাঁওবুঢ়া’ যেন বুলি কোৱা হয় তেতিয়া ই ব্যঞ্জিত হৈ সোৰোপা, পুৰণীকলীয়া আদি অৰ্থ প্ৰকাশ কৰে৷ অভিধান প্ৰণেতাজনৰ এইবোৰ দিশৰ স্পষ্ট ধাৰণা থাকিব লাগিব৷
সাংকেতিক শব্দ
কোৱা আৰু লিখাৰ সুবিধাৰ্থে মানুহে কেতিয়াবা সঘনে ব্যৱহাৰ হোৱা কিছুমান শব্দগুচ্চৰ প্ৰতিটো শব্দৰে প্ৰথম আখৰটো লৈ একোটা নতুন শব্দ সৃষ্টি কৰে৷ এনেদৰে সৃজন কৰা শব্দকে সাংকেতিক শব্দ বোলিব পাৰি৷ অসমীয়াত ৰোল নম্বৰ বুজাবৰ বাবে ‘ৰোল নং’, বিশেষ দ্ৰষ্টব্য বুজাবৰ বাবে ‘বি.দ্ৰ’, খৃষ্টপূৰ্ব বুজাবৰ বাবে ‘খৃঃপূঃ’ পোষ্ট অফিচ বুজাবৰ বাবে ‘পোঃ অঃ’ ইত্যাদি ধৰণে লিখা হয়৷ ইবিলাক দিশৰ প্ৰতিও অভিধান প্ৰণেতাজন সদা সতৰ্ক হ’ব লাগে৷
ধাৰ কৰা শব্দ
ভাষা এটাত সময়ৰ প্ৰবাহত আৰু প্ৰয়োজনৰ তাগিদাত বিভিন্ন ধৰণৰ শব্দ সোমাই পৰে৷ ইবিলাকে সংশ্লিষ্ট ভাষাটোত নিগাজি আসন লাভ কৰি বহা দেখা যায়৷ ভাষা এনেদৰেই সমৃদ্ধ হয়৷ ভাষা মাত্ৰেই সময়ে সময়ে বিভিন্ন ভাষাৰ পৰা শব্দ ধাৰ কৰে৷ এই ধাৰ বিশেষ্য, বিশেষণ আৰু কেতিয়াবা ক্ৰিয়াৰ ক্ষেত্ৰত প্ৰযোজ্য হয়৷ কোনো কোনোৱে উৎস ভাষাৰ পৰা অহা শব্দকো ধাৰ বুলি ক’ব খোজে যদিও প্ৰকৃতপক্ষে উৎস ভাষাৰ পৰা আহৰিত শব্দক ধাৰ বুলি ক’ব নোৱাৰি৷ অসমীয়া ভাষাৰ ক্ষেত্ৰত ইংৰাজী, পৰ্তুগীজ, উৰ্দু, হিন্দী, বৰো, ৰাভা আদি ভাষাৰ পৰা আহৰণ কৰা শব্দকহে প্ৰকৃততে ধাৰকৰা শব্দ বুলি গণ্য কৰিব লাগে৷ কিছুমান ধাৰকৰা শব্দই উৎস ভাষাৰ শব্দৰ বানান বা উচ্চাৰণ আৰু কেতিয়াবা দুয়োটাকে এৰি নতুন ৰূপ ধাৰণ কৰে৷ এনে ধাৰ কৰা শব্দসমূহেও অভিধানত প্ৰবিষ্টি হিচাপে ন্যায্য আসন দাবী কৰিব পাৰে৷(ফণীন্দ্ৰ নাৰয়ণ দত্ত বৰুৱা : প্ৰয়োগ ভাষাবিজ্ঞানৰ ৰূপৰেখা, পৃষ্ঠা-৭১) অসমীয়াকে ধৰি প্ৰায় সকলো ভাষাই বিভিন্ন ভাষাৰ পৰা ধাৰকৰা শব্দক অভিধানত সামৰি লৈছে৷ ইংৰাজীয়ে লেটিন ভাষাৰ পৰা bonafide, prima facia, উৰ্দুৰ পৰা ‘বাল্টি’ আৰু পঞ্জাৱীৰ পৰা ‘টিক্বা’ শব্দ ধাৰ কৰি অভিধানত ঠাই দিছে৷
অভিধানৰ অণু-গাঁঠনি
অভিধান এখনত শব্দবোৰ কেনেভাবে সন্নিবিষ্টি কৰা হয় আৰু শব্দ সম্পৰ্কীয় কোনবোৰ তথ্য বৰ্ণনা কৰা হয় তাৰ বাবে কিছুমান নিৰ্ধাৰিত প্ৰণালী আছে৷ তদুপৰি গ্ৰন্থ হিচাপে অভিধান এখন কেনেদৰে সঁজাব লাগে তাৰো এক সাৰ্বজনীন শৈলী আছে৷ প্ৰবিষ্টিৰ বিভিন্ন দিশ বৰ্ণনা কৰোঁতে কেনেধৰণৰ সাংকেতিক চিন আৰু মাত্ৰা চিন ব্যৱহাৰ কৰিব লাগে তাৰো এক আন্তৰ্জাতিক পৰম্পৰা আছে৷ এই সমস্ত জ্ঞানেই হৈছে অভিধানৰ অনু গাঁঠনিৰ জ্ঞান৷ (ফণীন্দ্ৰ নাৰয়ণ দত্ত বৰুৱা : প্ৰয়োগ ভাষাবিজ্ঞানৰ ৰূপৰেখা, পৃষ্ঠা-৭২) অভিধানৰ অনু গাঁঠনিৰ বিভিন্ন উপাদান লক্ষ্য কৰা যায়৷ তলত সিবিলাকৰ বিষয়ে আলোচনা কৰাৰ প্ৰয়াস কৰা হ’ল৷
অভিধানৰ অধ্যায় বিভাজন
অভিধানৰ অধ্যায় বিভাজন ব্যাকৰণপুথি বা গৱেষণা গ্ৰন্থৰ দৰে নহয় যদিও ইয়াত প্ৰবিষ্টিবোৰ সন্নিবিষ্ট কৰোঁতে কিছুমান বিশেষ নিয়ম অৱলম্বন কৰা হয়৷ ইয়াত প্ৰবিষ্টিবোৰ সন্নিবিষ্ট কৰোঁতে বিভিন্ন ভাগ বা খণ্ডত ভাগ কৰি এক বিশেষ শৃংখলা অনুসৰি উপস্থাপন কৰা হয়৷ এই ভাগ বা খণ্ডবোৰ অন্য পুথিৰ সমপৰ্যায়ৰ বুলি ক’ব পাৰি৷ সাধাৰণতে যি ভাষাৰ অভিধান প্ৰণয়ন কৰা হয় সেই ভাষাৰ বৰ্ণমালাৰ যিমানটা আখৰ শব্দৰ আৰম্ভণিত ব্যৱহাৰ হয় সেই ভাষাৰ অভিধানত সিমানটা ভাগ বা খণ্ড থাকে৷ এই ভাগ বা খণ্ডবোৰ উপস্থাপনৰ কিছুমান বিশেষ ক্ৰম আছে৷ এই ক্ৰমটো হ’ল বৰ্ণমালাত আখৰৰ সাধাৰণ ক্ৰম৷ অসমীয়া অভিধানৰ ক্ষেত্ৰত ‘অ’ হ’ল অভিধানৰ প্ৰথম খণ্ড আৰু ইয়াত ‘অ’ৰে আৰম্ভ হোৱা সকলোবোৰ প্ৰবিষ্ট থাকে৷ থিক তেনেদৰে বাকীবোৰ আখৰৰ ক্ষেত্ৰতো একে কথাই খাতে৷ একেদৰে প্ৰত্যেক খণ্ডতে সন্নিবিষ্টি প্ৰবিষ্টিবোৰ ইয়াৰ গঠন কৰা আখৰৰ বৰ্ণানুগত ক্ৰমত উপস্থাপিত হয়৷
পৃষ্ঠা-শীৰ্ষত প্ৰবিষ্টিৰ পুনৰাবৃত্তি
সাধাৰণ পুথিৰ পৃষ্ঠা-শীৰ্ষত এফালে পুথিৰ নাম আৰু আনফালে অধ্যায়ৰ নাম দিয়াৰ দৰে অভিধানতো প্ৰত্যেক পৃষ্ঠাৰ ওপৰত এডাল শীৰ্ষৰেখা আৰু শীৰ্ষৰেখাৰ ওপৰত থকা প্ৰথম প্ৰবিষ্টিটো আৰু সোঁফালে সেই পিষ্ঠাত থকা শেষ প্ৰবিষ্টিটো পুনৰ মুদ্ৰিত কৰা হয়৷ পৃষ্ঠাৰ শীৰ্ষৰ প্ৰবিষ্টিটো গাঢ় অথবা গাঢ় আৰু ডাঙৰ হৰফত দিয়াই নিয়ম৷(ফণীন্দ্ৰ নাৰয়ণ দত্ত বৰুৱা : প্ৰয়োগ ভাষাবিজ্ঞানৰ ৰূপৰেখা, পৃষ্ঠা-৭৩) অভিধান চাওঁতাই এই দুটা প্ৰবিষ্টিৰ আলম লৈ তেওঁ চাব খোজা প্ৰবিষ্টিতো অভিধানত বিচাৰিবৰ সুবিধা হয়৷
পৃষ্ঠাৰ কলম বিভাজন
অভিধানৰ প্ৰতিটো পৃষ্ঠাকে দুটাকৈ কলমত ভাগ কৰি লৈ চপোৱাটোৱেই সাধাৰণ নিয়ম৷ ইয়াৰ প্ৰধান কাৰণ হৈছে ব্যয় সংকোচন৷ কলম কৰি লৈ ছপালে দুই পৰিচ্ছেদৰ মাজৰ ফাকে বেছি ঠাই অপচয় নকৰে৷ তদুপৰি কোনো পৰিচ্ছেদত এটা বা দুটা শব্দেৰে শেষ হোৱা চুটি বাক্য থাকিলে সি এটা কলমৰ কিছু ঠাইহে খালি ৰাখিব৷ সমস্ত শাৰীৰ খালি ঠাই অপচয় নকৰে৷
শব্দৰ সাংকেতিক চিহ্ন
ঘইকৈ মিতব্যয়ীতাৰ প্ৰতি লক্ষ্য ৰাখি অভিধানত পুনৰাবৃত্ত হৈ থকা শব্দবোৰ সেই সেই শব্দৰ প্ৰথম এটা বা দুটা আখৰকে সাংকেতিক চিহ্ন হিচাপে লৈ তাক এটা বিন্দুসহ ব্যৱহাৰ কৰা হয়৷ সাধাৰণতে প্ৰবিষ্টিৰ পদ পৰিচয় বুজাবলৈ এই পদ্ধতি অনুসৰণ কৰা হয়৷ শব্দ-সাৰৰ ব্যুৎপত্তি দেখুৱাওঁতেও মূল ভাষাৰ নাম এনেদৰে সাংকেতিক চিনেৰে সংক্ষেপে দিয়া হয়৷ উদাহৰণস্বৰূপে অসমীয়া ভাষাৰ অভিধানত ব্যৱহাৰ হোৱা কিছুমান সাংকেতিক চিন তলত দিয়া হ’ল–
বিশেষ্য : বি. বিশেষণ : বিণ.
ক্ৰিয়া : ক্ৰি. অকৰ্মক : অক.
সকৰ্মক : সক. ক্ৰিয়া বিশেষণ : ক্ৰি. বিণ.
বিশেষণীয় বিশেষণ : বি. বিণ. সৰ্বনাম : সৰ্ব.
অব্যয় : অব্য. স্ত্ৰী লিংগ : স্ত্ৰী.
অন্যান্য গাণিতিক চিহ্ন আৰু যতি চিহ্নৰ ব্যৱহাৰ
অভিধান প্ৰণয়ন কৰোঁতে ঘাইকৈ মিতব্যয়িতালৈ লক্ষ্য ৰাখি নানা ধৰণৰ গাণিতিক চিন আৰু যতি চিনৰ ব্যৱহাৰ কৰা হয়৷ সেইবোৰ প্ৰয়োগ কৰোঁতে অভিধান প্ৰণেতাই আদিৰ পৰা অন্তলৈ এটা স্থিৰ ৰীতি অনুসৰণ কৰা উচিত৷ তলত সাধাৰণতে অভিধানত প্ৰয়োগ হোৱা তেনে কেইটামান গাণিতিক সাংকেতিক চিহ্নৰ উদাহৰণ উল্লেখ কৰা হ’ল–
বৰবন্ধনি[ ] বা দুডাল হেলনীয়া আঁচ / / উচ্ছাৰণ
চন্দ্ৰ বন্ধনি বা [ ] : শব্দ-সাৰৰ ব্যুৎপত্তি
কমা [,] বা চেমি-কলোন [;] :একাধিক সমাৰ্থক শব্দৰ ব্যৱধান
ক্ৰমিক সংখ্যা ১,২ আদি : ইষৎ ভিন্ন অৰ্থৰ ক্ৰম
হাইফেন [ - ] : শব্দ-সাৰৰ সম্ভবপৰ বিভাজন
প্ৰবিষ্টি লিখন
অভিধান বা বিশ্বকোষত একাদিক্ৰমে উল্লেখ কৰি বানান, উচ্চাৰণ, অৰ্থ আদিৰ সবিশেষ বৰ্ণনাসহ উপস্থাপন কৰা শব্দ-সাৰক প্ৰবিষ্টি বোলা হয়৷(ফণীন্দ্ৰ নাৰয়ণ দত্ত বৰুৱা : প্ৰয়োগ ভাষাবিজ্ঞানৰ ৰূপৰেখা, পৃষ্ঠা-৬৯) প্ৰতিটো প্ৰবিষ্টিয়ে অভিধানৰ একোটা পৰিচ্ছেদ হিচাপে গণ্য কৰা হয়৷ প্ৰবিষ্টিৰ লেখনেই এখন অভিধানত বৰ্ণনা কৰা শব্দৰ সংখ্যাৰ লেখ৷ সাধাৰণতে শব্দৰ সাৰসমূহকহে প্ৰবিষ্ট হিচাপে অন্তৰ্ভুক্ত কৰা হয়; বিভক্তি প্ৰত্যয় আদি যুক্ত বদ্ধৰূপক প্ৰবিষ্টি হিচাপে গণ্য কৰা নহয়৷ অভিধানৰ এটা মান্য প্ৰবিষ্টিৰ কি কি বিষয়ৰ উল্লেখ বা বৰ্ণনা থাকিব লাগে সেই সম্পৰ্কে ভিন্ন পণ্ডিতে ভিন্ন ধৰণে মত প্ৰকাশ কৰিছে৷ উল্লেখযোগ্য যে এই মতবোৰৰ দুই এটা অমিলৰ বাহিৰে প্ৰায় সৰহভাগ ক্ষেত্ৰতে সাদৃশ্য আছে৷ এখন সাধাৰণ অভিধানত একোটা প্ৰবিষ্টি সম্পৰ্কে থাকিবলগীয়া প্ৰধান দিশবোৰৰ বিষয়ে তলত আলোচনা কৰাৰ প্ৰয়াস কৰা হ’ল৷
প্ৰধান শব্দ
প্ৰবিষ্টিৰ প্ৰথম আৰু প্ৰধান উপাদেয় হ’ল প্ৰধান শব্দটো৷ এই প্ৰধান শব্দটোৱেই স্বৰূপাৰ্থত শব্দ-সাৰ৷(ফণীন্দ্ৰ নাৰয়ণ দত্ত বৰুৱা : প্ৰয়োগ ভাষাবিজ্ঞানৰ ৰূপৰেখা, পৃষ্ঠা-৭৫) প্ৰবিষ্টিৰ কাৰণে এনে প্ৰধান শব্দ নিৰ্ণয় কৰাটো অভিধান প্ৰণেতাৰ বাবে এক গুৰুত্বপূৰ্ণ কাম হিচাপে বিবেচনা কৰা হয়৷ অভিধানত প্ৰকৃতিভেদে প্ৰধান শব্দচয়নো বেলেগ বেলেগ হ’ব লাগে৷ শিশু অভিধান এখনত সাধাৰণ অভিধানতকৈ কম সংখ্যক প্ৰধান শব্দ দিব লাগে৷ গতিক অভিধান প্ৰণেতাজনে কোনবোৰ প্ৰধান শব্দ শিশু অভিধানখনত দিব তাৰ এক বিবেচনাপূৰ্ণ চয়ন কৰি ল’ব লাগে৷
শব্দ-সাৰৰ উপৰি কোনবোৰ সাধিত ৰূপক প্ৰবিষ্টি হিচাপে ল’ব লাগে সেই সম্পৰ্কেও অভিধান প্ৰণেতাজনৰ চিন্তাৰ বিষয়৷ ক্ৰিয়াৰ ক্ষেত্ৰত ধাতুটোকেই শব্দ-সাৰ বুলি ধৰি লৈ তাকেই প্ৰবিষ্টি হিচাপে লোৱাটো অসমীয়া অভিধানত লক্ষ্য কৰা যায়৷ কিছুমান অভিধানত শিকাৰুৰ সুবিধাৰ্থে প্ৰবিষ্টিবোৰৰ বদ্ধ ৰূপ আৰু মুক্ত ৰূপবোৰ হাইফেনৰ দ্বাৰা পৃথককৈ দেখুওৱা হয়৷ যেনে ‘অ-সাবধান-তা’৷
বানান বা আখৰ জোঁঁটনি
অভিধান এখনক বানানৰ শুদ্ধৰূপৰ চৰম আশ্ৰয় হিচাপে মানি চলা হয়৷ আন কথাত কোনো বানানৰ শুদ্ধ ৰূপ বিচাৰি অভিধানৰ কাষ চপা হয়৷ বানান বা আখৰ জোঁটনি হ’ল প্ৰবিষ্টিৰ দ্বিতীয় উল্লেখযোগ্য তথ্য৷ প্ৰবিষ্টিটো যিটো বানানেৰে অভিধানত অন্তৰ্ভুক্ত কৰা হয়, সেইটোৱেই পৰম্পাৰগত আৰু সৰ্বজনগ্ৰাহ্য বানান৷ কিছুমান শব্দ-সাৰ দুটা ভিন ভিন বানানেৰে লিখাৰ পৰম্পৰা দীৰ্ঘদিন ধৰি চলিলে অভিধানত দুয়োটা বানানৰে প্ৰবিষ্টিটো লিখাৰ নিয়ম৷ যিটো বেছিকৈ প্ৰচলিত সেইটো বানান প্ৰথমতে দি প্ৰচলিত ৰূপটো পিছত দিয়া হয়৷ আখৰবোৰৰ যোগেদি শব্দবোৰ লিখিত হয় যদিও ভাষাত জোঁটনিৰ গুৰুত্ব ওলাই কৰিব নোৱাৰি৷ উচ্চাৰিত শব্দেটাৰ লিখিত ৰূপ জোঁটনিৰ যোগেদিহে পোৱা যায়৷ অভিধান প্ৰণয়ন কৰাৰ আগতে প্ৰণয়নকাৰীয়ে জোঁটনি নিৰ্ণয় কৰি ল’ব লাগে৷ জোঁটনিৰ ৰূপ সকলোতে একে হ’ব লাগে৷ এটা শব্দ এঠাইত এটা জোঁটনিৰে আৰু আন এঠাইত আন এটা জোঁটনিৰে লিখিব নালাগে৷ কিছুমান শব্দৰ একাধিক ৰূপ থাকিলেও অভিধানে কোনটো ৰূপ অধিক গ্ৰহণীয় বুলি ভাবে সেই বিষয়ে পাতনিত উল্লেখ থাকিব লাগে৷
উচ্চাৰণ
অভিধানত শব্দৰ উচ্চাৰণ সম্পৰ্কেও নিৰ্দেশ থকা উচিত৷ অভিধানৰ কোনো এটা প্ৰবিষ্টিৰ প্ৰধান শব্দ বা শব্দ-সাৰৰ ঠিক পিছতেই দিয়া থাকে ইয়ৰ উচ্চাৰণ৷ সাধাৰণতে দ্বিতীয় ভাষাভষি বা বিদেশী ভাষা শিকাৰুৰ কাৰণে প্ৰণিত অভিধানত শব্দ-সাৰৰ উচ্চাৰণ দিয়াটো একপ্ৰকাৰে বাধ্যতামূলক৷ অভিধানত শব্দৰ উচ্চাৰণ দিয়া পদ্ধতি ভিন ভিন৷ অসমীয়া ভাষাত সাধাৰণ শব্দবোৰ ব্যঞ্জনান্ত হৈ উচ্চাৰিত হয়৷ কিন্তু কিছুমান শব্দ যেনে নাৰ, পাভ, বাৰ, বাত, পাৰ আদি শব্দৰ উচ্চাৰণ স্বৰান্ত৷ ঠিক তেনেদৰে শেষত যুক্তাক্ষৰ থকা শব্দবোৰৰ উচ্চাৰণ অসমীয়া ভাষাত সাধাৰণতে স্বৰান্ত হোৱ দেখা যায়৷ যেনে-- চন্দ্ৰ, কৃষ্ণ, নষ্ট ইত্যাদি৷ উচ্চাৰণ দেখুৱাবৰ বাবে নিজাববীয়াকৈ বা সকলোৱে মানি চলা পদ্ধতি অৱলম্বন কৰিব লাগে৷
পদ-পৰিচিতি
অভিধানত ব্যৱহাৰ হোৱা শব্দবোৰৰ পদ পৰিচিতি প্ৰবিষ্টিটোৰ কাষতে দিব লাগে৷ প্ৰবিষ্টি শব্দ-সাৰৰ উচ্চাৰণ দিয়াৰ পিছতেই শব্দ-সাৰৰ পৰিচিতি সংক্ষেপে দিয়া হয়৷ অসমীয়া ভাষাৰ ক্ষেত্ৰত শব্দৰ পদ পৰিচিতি মন কৰিলে দেখা যায় যে ইয়াত বিশেষ্য, বিশেষণ, ক্ৰিয়া, ক্ৰিয়া বিশেষণ, সৰ্বনাম, অব্যয় আদি বুজাবলৈ ইবিলাকৰ সংক্ষিপ্ত ৰূপ ক্ৰমে বি., বিণ., ক্ৰি., ক্ৰি. বিণ., সৰ্ব., অব্য. আদি ৰূপ ব্যৱহাৰ কৰা হয়৷
অসমীয়া অভিধানত ক্ৰিয়াৰ পৰিচয় দিওঁতে সকৰ্মক নে অকৰ্মক সেই কথাৰ ইংগীত দিয়াৰো প্ৰয়োজন আছে৷ কিয়নো সকৰ্মক ক্ৰিয়াৰ কৰ্তাই [-এ] বা [-ই] বিভক্তি গ্ৰহণ কৰে ; এই তথ্যই ন শিকাৰুক কৰ্তা কাৰকৰ পদ শুদ্ধভাৱে ব্যৱহাৰ কৰাত সহায় কৰিব৷ অসমীয়াত ‘দেখ’, ‘পাৰ’, ‘মণ’ আৰু ‘শুন’ ধাতুৰ জঁতুৱা প্ৰয়োগ আছে ; এইবোৰত -ই ক্ৰিয়া বিভক্তি যোগ কৰি পোনপটীয়াকৈ কৰ্মবাচ্যৰ ক্ৰিয়া গঠন কৰিব পাৰি৷ গতিকে ইয়াৰ জঁতুৱা প্ৰয়োগৰ আভাসো প্ৰবিষ্টিত দিব লাগে৷(ফণীন্দ্ৰ নাৰয়ণ দত্ত বৰুৱা : প্ৰয়োগ ভাষাবিজ্ঞানৰ ৰূপৰেখা, পৃষ্ঠা-৭৭)
ব্যুৎপত্তি
অভিধানত শব্দৰ ব্যুৎপত্তি সম্পৰ্কীয় বৰ্ণনা দিয়া বা থকা উচিত৷ ব্যুৎপত্তি নাজানি শব্দৰ অৰ্থ জানিলেও সাধাৰণতে কাম চলি যায় যদিও শব্দটোৰ ব্যুৎপত্তি জানিলে কেৱল সেই শব্দটোৰ সৈতে সম্বন্ধ বা সাদৃশ্য থকা অন্য শব্দৰ অৰ্থ বুজাটো সুবিধা হয়৷ শব্দ-সাৰৰ বুৎপত্তি দেখুওৱা মানে সেই শব্দটো কোন মূল ভাষাৰ পৰা আহিছে আৰু কি কি স্তৰৰ মাজেৰে আহিছে তাক দেখুওৱা৷ কোনো কোনো শব্দ-সাৰৰ এনে ক্ৰমবিবৰ্তনৰ ফলত অৰ্থৰো পাৰ্থক্য ঘটিব পাৰে ; তেনে ক্ষেত্ৰত মূল ভাষাত ইয়াৰ কি অৰ্থ আছিল তাৰ ইংগিত দিব লাগে৷ ব্যুৎপত্তি সম্পৰ্কীয় ধাৰণাই শব্দৰ বানান আদি স্পষ্ট হোৱাতো সহায় কৰে৷ উদাহৰণ স্বৰূপে সংস্কৃত ‘কৰ্ণ’ শব্দৰ পৰা ওলোৱা ‘কাণ’ আৰু ‘স্কন্ধ’ শব্দৰ পৰা ওলোৱা ‘কান’ এই শব্দ দুটাৰ ব্যুৎপত্তি নাজানিলে এটাত ‘ণ’ আৰু আনটোত ‘ন’ কিয় হৈছে সেই সম্পৰ্কীয় ধাৰণা স্পষ্ট নহয়৷ উল্লেখযোগ্য যে এনে ব্যুৎপত্তি সংক্ৰান্তীয় তথ্য চন্দ্ৰ বন্ধনীৰ ভিতৰত দিয়াটোৱেই সাধাৰণ নিয়ম৷(ফণীন্দ্ৰ নাৰয়ণ দত্ত বৰুৱা : প্ৰয়োগ ভাষাবিজ্ঞানৰ ৰূপৰেখা, পৃষ্ঠা-৭৯)
অৰ্থ
অৰ্থ হৈছে অভিধানৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ৷ অভিধাত শব্দৰ অৰ্থ দিয়াটো বাধ্যতামূলক৷ বহুতে অভিধানক অৰ্থপুথি বুলিহে গণ্য কৰে৷ সাধাৰণতে ৰূপ সাধনৰ আভাস দিয়াৰ পাছতেই অৰ্থ দিয়া হয়৷ অভিধানত অৰ্থ দিয়াৰ পদ্ধতি অভিধান ভেদে বেলেগ বেলেগ৷ আকৌ শব্দৰ অৰ্থ দুই প্ৰকাৰৰ হ’ব পাৰে৷ এবিধ পুৰণি অৰ্থ আৰু আনবিধ বৰ্তমানৰ অৰ্থ৷ একেটা শব্দই পূৰ্বতে যি অৰ্থ প্ৰকাশ কৰিছিল বৰ্তমান সময়ত সেই অৰ্থ প্ৰকাশ নকৰিবও পাৰে৷ অৰ্থৰ সংকোচন বা ব্যাপ্তি ঘটে৷ উদাহৰণস্বৰূপে ‘জলবায়ু’ শব্দৰ অৰ্থ পুৰণি অসমীয়াত পানীৰ ওপৰেদি বৈ অহা বতাহ আছিল৷ বৰ্তমান কোনো এখন দেশৰ পানী, বায়ু, জাৰ, জহ, আদিৰ অৱস্থা বুজাবলৈ ইয়াক ব্যৱহাৰ কৰা হয়৷ অভিধানত পৰাপক্ষত পুৰণী আৰু নতুন দুয়োত অৰ্থ দিয়াৰ লগতে প্ৰয়োজন অনুসাৰে প্ৰতিশব্দ বা সংজ্ঞাৰে অৰ্থ লিখিব লাগে৷
আনহাতে কিছুমান শব্দ-সাৰৰ আকৌ একাধিক সমাৰ্থবাচক শব্দ থাকে৷ একভাষিক অভিধানত তেনে সমাৰ্থবাচক শব্দবোৰ এটাৰ পিছত এটাকৈ চেমি কলোনেৰে পৃথক কৰি উল্লেখ কৰা হয়৷ উল্লেখযোগ্য যে সৰহভাগ অভিধানতেই এই নিয়ম অনুসৰণ কৰা হয়৷ কোনো কোনো অভিধানত আকৌ এনে সমাৰ্থক শব্দবোৰক কমা [,] চিনেৰে পৃথক কৰি বুজোৱা দেখা যায়৷ ‘হেমকোষ’ অভিধানলৈ লক্ষ্য কৰিলে এই কথাৰ উমান পাব পাৰি৷ আকৌ যদি কোনো শব্দ-সাৰৰ একাধিক অৰ্থ থাকে আৰু প্ৰসংগভেদে অৰ্থবোৰ সামান্য পৃথক হয় তেন্তে সেই সমাৰ্থক শব্দবোৰ ক্ৰমিক নম্বৰৰ সহায়ত বুজোৱা হয়৷ দ্বিভাষিক অভিধানত প্ৰথম ভাষাৰ সমাৰ্থক শব্দবোৰ দিয়াৰ পাছতহে দ্বিতীয় ভাষাৰ সমাৰ্থক শব্দবোৰ সেই ভাষাৰ লিপিত দিয়া হয়৷(ফণীন্দ্ৰ নাৰয়ণ দত্ত বৰুৱা : প্ৰয়োগ ভাষাবিজ্ঞানৰ ৰূপৰেখা, পৃষ্ঠা-৭৯)
সংজ্ঞা
অভিধানত কিছুমান শব্দৰ সংজ্ঞা নিৰ্ণয় কৰি দিব লাগে, যাতে ন শিকাৰুৰ বাবে সুবিধা হয়৷ উদাহৰণ স্বৰূপে ‘অশ্ব’ শব্দৰ অৰ্থ ‘ঘোঁৰা’৷ এজন ন শিকাৰুৱে ‘অশ্ব’ শব্দৰ অৰ্থ বিচাৰি যদি অভিধানৰ পাত লুটিয়াই তেতিয়া তেওঁ ইয়াৰ অৰ্থ ‘ঘোৰা’ বুলি পাব৷ কিন্তু তেওঁ ‘ঘোঁৰা’ কি নাজানি যদি আকৌ অভিধানত ‘ঘোঁৰা’ শব্দ বিচাৰে তেতিয়া তেওঁ ঘূৰি গৈ আকৌ সেই ‘অশ্ব’ শব্দটোকেই পাব৷ অৰ্থাত তেওঁ অভিধানত ‘অশ্ব’ শব্দ-সাৰৰ প্ৰকৃত অৰ্থ নাপাব৷ গতিকে এনে কিছুমান প্ৰাথমিক শব্দ-সাৰৰ সংজ্ঞা দিয়াটো প্ৰয়োজনীয় বুলি ভবা হয়৷ যিমান দুৰ সম্ভব কম শব্দেৰে সংহতভাবে এনে শব্দবোৰৰ সংজ্ঞা দিব লাগে৷ উদাহৰণ স্বৰূপে ‘ঘোঁৰা’ শব্দ-সাৰৰ সংজ্ঞা এনেদৰে দিব পাৰি–
ঘোঁৰা : ই এক প্ৰকাৰৰ টান আৰু নফটা খুৰা থকা, অতিশয় বেগেৰে দৈৰিব পৰা ডিঙি আৰু নেজত দীঘল নোম থকা, প্ৰায় ৪-৫ ফুট ওখ বলবান আৰু পোঁহ মনা চাৰিঠেঙীয়া জন্তু৷
আকৃতি : এক ভাষাবৈজ্ঞানিক পৰিভাষা৷ কোনো এটা ভাষাত ব্যৱহাৰ হোৱা পদবিলাকক ভাঙি বা খণ্ডিত কৰি উলিয়াব পৰা সূক্ষ্মতম অৰ্থপূৰ্ণ খণ্ডবিলাককে ভাষাবিজ্ঞানত আকৃতি বা ৰূপ বোলা হয়৷ উদাহৰণস্বৰূপে ‘ল’ৰাটো আহিছে’ –এই বাক্যটোৰ ল’ৰা আৰু টো প্ৰত্যেকেই একো একোটা ৰূপ বা আকৃতি৷ –অসমীয়া ভাষাত ইতিমধ্যে ভালেসংখ্যক এনে সংজ্ঞা অভিধান ৰচিত হৈছে৷
প্ৰয়োগ ৰীতি
কিছুমান শব্দ-সাৰৰ প্ৰয়োগত কিছুমান সীমাবদ্ধতা থাকে৷ সকলো সময়তে সকলো শব্দ ব্যৱহাৰ কৰিব নোৱাৰি৷ বহলভাৱে অৰ্থ একে হ’লেও সেইবোৰৰ শব্দ-সাৰে সকলো সমাৰ্থক শব্দৰ ঠাই পূৰণ নকৰে৷ উদাহৰণস্বৰূপে অসমীয়া ভাষাৰ কেইটামান শব্দলৈ মন কৰিলে কথাষাৰ অধিক স্পষ্ট হ’ব৷ অসমীয়া ভাষাত ব্যৱহাৰ হোৱা ‘বিতোপন’ শব্দ-সাৰৰ অৰ্থ ‘ধুনীয়া’ ; কিন্তু সকলো ধুনীয়া বস্তুকে বুজাবৰ ‘বিতোপন’ শব্দ ব্যৱহাৰ কৰিব নোৱাৰি৷ ছোৱালীজনী ধুনীয়া বুলি নকৈ ‘ছোৱালীজনী বিতোপন’ বুলি ক’লে শুদ্ধ নহয়৷ ঠিক তেনেদৰে ‘অনৰ্গল’ শব্দটোৱে বাধা নথকা অৰ্থ প্ৰকাশ কৰে৷ কিন্তু সকলো ক্ষেত্ৰতে ইয়াক ব্যৱহাৰ কৰা নহয়৷ ভালকৈ মন কৰিলে দেখা যায় যে ‘অনৰ্গল’ শব্দ-সাৰৰ প্ৰয়োগ কেৱল ‘কথা কোৱা’ৰ ক্ষেত্ৰতহে ব্যৱহাৰ হয়৷ সেয়ে অভিধানত অনৰ্গল শব্দৰ অৰ্থ ‘কথা কোৱা বা বক্তৃতা দিয়াৰ ক্ষেত্ৰত] ‘বাধা নথকা’ বুলি দিব লাগে৷(ফণীন্দ্ৰ নাৰয়ণ দত্ত বৰুৱা : প্ৰয়োগ ভাষাবিজ্ঞানৰ ৰূপৰেখা, পৃষ্ঠা-৮০) ঠিক তেনেদৰে অসমীয়া ভাষত ব্যৱহাৰ হোৱা কেতিয়াও, কোনো, ক’তো আদি -ও প্ৰত্যয়ান্ত ক্ৰিয়া বিশেষণ যে সদাই নঞাৰ্থক হয় সেই কথা প্ৰবিষ্টিটোত উল্লেখ থাকিব লাগে৷
কেতিয়াবা কেতিয়াবা বৰ্ণনা বা উদাহৰণেও কিছুমান শব্দৰ অৰ্থ স্পষ্ট কৰিব নোৱাৰি৷ প্ৰত্যেক ভাষাতে এনে কিছুমান শব্দ-সাৰ থাকে যিবোৰৰ কোনো উপযুক্ত প্ৰতিশব্দ নাই আৰু সেইবোৰক সংজ্ঞা বা উদাহৰণেও ভালকৈ বুজাব নোৱাৰি৷ এনে শব্দ-সাৰৰ অৰ্থ স্পষ্ট কৰিবলৈ চিত্ৰ দিয়াৰ প্ৰয়োজন আহি পৰে৷ শব্দটোৰ লগত চিত্ৰ দিলে পাঠকৰ বুজিবলৈ সুবিধা হয়৷ বিশেষকৈ বিজ্ঞান অভিধানৰ ক্ষেত্ৰত ইয়াৰ গুৰুত্ব অধিক৷
উপসংহাৰ
অভিধান প্ৰণয়ন কলা ভাষাবিজ্ঞানৰ এক শাখাবিশেষ৷ ভাষাবিজ্ঞানত যেনেকৈ ধ্বনি, ৰূপ, শব্দ, বাক্য আদিৰ পুংখানুপুংখ বিশ্লেষণ কৰা হয় ঠিক তেনেকৈ অভিধান প্ৰণয়ন কলাৰ জৰিয়তে অভিধান এখন প্ৰণয়ন কৰিবলৈ যাওঁতে কি কি দিশৰ প্ৰতি গুৰুত্ব দিব লাগে বা অভিধানত শব্দবোৰ সংকলিত কৰোঁতে কি কি নিয়ম অৱলম্বন কৰিব লাগে সেই সকলো দিশ পুংখানুপুংখভাৱে বিশ্লেষণ কৰা হয়৷ ওপৰিউক্ত আলোচনাৰ পৰা দেখা গ’ল যে অভিধন এখন প্ৰণয়ন কৰিবলৈ যাওতে এজন অভিধান প্ৰণেতাই ভালেমান দিশৰ প্ৰতি গুৰুত্ব দিব লগা হয়৷ শব্দ সংগ্ৰহৰ পৰা শব্দবোৰৰ অৰ্থ সংস্থাপন আৰু শব্দবোৰক বৰ্ণানুক্ৰমিকভাৱে সঁজোৱা আদি নিঃসন্দেহে এক জটিল প্ৰক্ৰিয়া৷ কিছুমান বিশেষ পদ্ধতি অৱলম্বন নকৰিলে ইবিলাকৰ মাজত আৰু অধিক জটিলতাই দেখা দিয়াৰ সম্ভাৱনাই অধিক৷ অভিধান প্ৰণয়নৰ এই দিশবোৰে ইয়াক কলাসন্মত ৰূপ প্ৰদান কৰিছে৷ আনহাতে, সাহিত্য মানেই কলাসন্মত হ’বই লাগিব৷ অভিধান প্ৰণয়ন সম্পৰ্কীয় যি তাত্ত্বিক দিশ সেইবোৰৰ আলোচনাই অভিধান প্ৰণয়ন কলাৰ ভিতৰুৱা৷ অভিধান প্ৰণয়নৰ পিছতহে অভিধান প্ৰণয়ন কলাই বিকাশ লাভ কৰিছে৷ অভিধান প্ৰণয়ন কলাৰ জৰিয়তে প্ৰণিত অভিধানৰ গুণাগুণ বিচাৰ কৰিবলৈকো সুবিধা হয়৷ সেই ফালৰ পৰা অভিধান প্ৰণয়ন কলাক অভিধান সমালোচনাৰ এক পদ্ধতি হিচাপে আখ্যা দিব পাৰি৷
সহায়ক উৎস
কোঁৱৰ, অৰ্পণা : অভিধানতত্ত্ব,অসমীয়া বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয়৷, প্ৰথম প্ৰকাশ, ২০০৩ চন
গোস্বামী, দীনেশ চন্দ্ৰ : শৰাইঘাট অভিধান, শৰাইঘাট প্ৰকাশন, গুৱাহাটী-৭৮১০২১, চতুৰ্থ মুদ্ৰণ : ফেব্ৰুৱাৰী-২০১৩
তালুকদাৰ, চম্পাকলি : অসমীয়া ব্যাকৰণ আৰু অভিধানৰ ইতিহাস, মণি-মাণিক প্ৰকাশ, পাণবজাৰ, গুৱাহাটী-৭৮১০০১, প্ৰথম প্ৰকাশ- ২০১৪
নেওগ, মহেশ্বৰ; দেৱশৰ্মা, ৰজনাকান্ত , বৰুৱা, নৱকান্ত [সম্পা.] : আধু্নক অসমীয়া অভিধান, অসম প্ৰকাশন পৰিষদ, গুৱাহাটী-৭৮১০২১, সপ্তদশ সংস্কৰণ, জুন-২০১০
পাদুন, নাহেন্দ্ৰ(সম্পা.) : ভাষাৰ তত্ত্ব কথা, বাণী মন্দিৰ, চন্দ্ৰকান্ত হাজৰিকা পথ, নতুন বজাৰ ডিব্ৰুগড়,৭৮৬০০১, বাণী মন্দিৰ পুনৰ প্ৰকাশ২০০৪
বৰুৱা, ফণীন্দ্ৰ নাৰয়ণ দত্ত : প্ৰয়োগ ভাষাবিজ্ঞানৰ ৰূপৰেখা, বনলতা, নতুন বজাৰ, ডিব্ৰুগড়-ৰ, প্ৰথম প্ৰকাশ, ছেপ্টেম্বৰ- ২০০৬
বৰুৱা, হেমচন্দ্ৰ : হেমকোষ, হেমকোষ প্ৰকাশন, এম. আৰ. দেৱান পথ, চান্দমাৰি, গুৱাহাটী-৭৮১০০৩, পঞ্চদশ সংস্কৰণ- ২০১৩
Gohain, Hiren : The New Millennium Pronouncing ANGLO-ASSAMESE DICTIONARY, Banalata, Panbazar, Guwahati-781001, Fiftin Edition February, 2014
Hartmann, R.R.K(ed.) : Lexicography : Principles and Practice, London : Academic Press Inc. (London) Ltd. ১৯৮৩
Jackson, Haward : Lexicography : an Introduction, London : Routledge. ২০০২
✍️পৰেশ খনিকৰ, গৱেষক ছাত্ৰ
1 Comments
বহু কথা শিকিলোঁ, আন্তৰিক ধন্যবাদ জনাইছোঁ দাদা
ReplyDelete