অসমীয়া একাংকিকা : স্বৰূপ আৰু গতি-বৈচিত্ৰ্য ।। প্ৰবন্ধ



প্ৰস্তাৱনা

‘নাটক’ হৈছে জনসাধাৰণৰ লগত প্ৰত্যক্ষভাৱে যোগাযোগ স্থাপন কৰিব পৰা এবিধ শিল্প-মাধ্যম৷ সাধাৰণতে নাটকত বাস্তৱ জীৱনৰ বিভিন্ন ঘটনা-পৰিঘটনা, অভিজ্ঞতা আদি অভিনয়ৰ জৰিয়তে কলাত্মক ভাৱে প্ৰকাশিত হয়৷ পোনপ্ৰথমে গ্ৰীচ আৰু মিচত নাট্যাভিনয়ৰ সূত্ৰপাত ঘটে৷ ভাৰতবৰ্ষও নাটকৰ ক্ষেত্ৰত পিছপৰি থকা নাছিল৷ খ্ৰীষ্টীয় তৃতীয় শতিকাতেই ৰচিত ভৰত মুনিৰ ‘নাট্যশাস্ত্ৰ’ই ইয়াৰ প্ৰমাণ দাঙি ধৰে৷ খ্ৰীষ্ট্ৰীয় পঞ্চদশ শতিকাৰ শেষৰ ফালে অসমতো শংকৰদেৱৰ অংকীয়া নাটৰ জৰিয়তেপূৰ্ণ পৰ্যায়ৰ নাটকৰ সূত্ৰপাত ঘটে৷ শংকৰদেৱ অসমীয়া নাট্যসাহিত্যৰ জনক৷ তেখেতৰ আগতে কোনোপ্ৰকাৰৰ নাটক ৰচিত হোৱাৰ প্ৰমান পোৱা নাযায়৷ শংকৰদেৱৰদ্বাৰা ৰচিত অংকীয়া নাটসমূহে ইংৰাজ ৰাজত্বৰ সময়লৈকে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হয়৷ অৱশ্যে লাহে লাহে এই প্ৰভাৱ ক্ষীণ  হৈ আহিবলৈ ধৰে৷ পাশ্চাত্য নাটকৰ আদৰ্শত নতুন বিষয়বস্তু আৰু শৈলীৰে ৰচিত আধুনিক নাটকসমূহে তাৰ ঠাই দখল কৰে৷ 

ইংৰাজে অসম অধিকাৰ কৰাৰ প্ৰায় ৩০ বছৰৰ পাছত অধুনিক অসমীয়া নাট্য-সাহিত্যৰ সূত্ৰপাত হয়৷ ১৮৫৭ চনত  গুণাভিৰাম বৰুৱাই ‘ৰাম-নৱমী’ নাট ৰচনা কৰি আধুনিক অসমীয়া নাট্য-সাহিত্যৰ পাতনি মেলে৷[ বসন্তা কুমাৰ শৰ্মা [সংক.] অসমীয়া নাটক : প্ৰাচীন আৰু আধুনিক [সমীক্ষা], পৃ.১৭] বিষয়বস্তু, নাটকীয় কলা-কৌশল, উদ্দেশ্য এই আটাইবোৰ দিশৰ পৰা পৰম্পৰাগত অংকীয়া নাটৰ সৈতে পাৰ্থক্য পৰিলক্ষিত হোৱা নাটকসমূহত বাস্তৱধৰ্মী লক্ষণ স্পষ্ট হৈ পৰে৷ এই ক্ষেত্ৰত বসন্ত কুমাৰ শৰ্মৰ মন্তব্য প্ৰণিধানযোগ্য–  ‘অঙ্কীয়া নাট আৰু সংস্কৃত নাটৰ লগত পাশ্চাত্য প্ৰভাৱিত অসমীয়া নাটৰ পাৰ্থক্য লক্ষণীয়৷ এই পাৰ্থক্য উদ্দেশ্য, বিষয়বস্তু আৰু কলাকৌশলৰ ক্ষেত্ৰত বিশেষভাৱে লক্ষ্য কৰা যায়৷ এই নাট অঙ্কীয়া নাটৰ দৰে প্ৰচাৰধৰ্মী আৰু ধৰ্মমূলক নহয়৷ বাস্তৱধৰ্মীতা আধুনিক নাটকৰ প্ৰধান লক্ষণ৷ সমাজৰ অনুকৃতি আৰু ৰূপায়ণেই আধুনিক নাটকৰ প্ৰধান উদ্দেশ্য হোৱাৰ কাৰণে মানৱ চৰিত্ৰৰ বিভিন্ন অভিব্যক্তি নাটকত প্ৰকাশিত হৈছে৷ সামাজিক অৱস্থা বা সামজিক সমস্যা-চিত্ৰণ আধুনিক নাটকৰ প্ৰধান বিষয়বস্তু হিচাবে পৰিগণিত হৈছে৷ ৰাজনৈতিক, ধৰ্মীয়, সামজিক, পৌৰাণিক, ঐতিহাসিক, মনস্তাত্ত্বিক, অৰ্থনৈতিক আদি যিকোনো বিষয়েই নাটকৰ উপজীৱ্য হৈ পৰিছে৷ নাটকৰ শ্ৰেণীবিভাগো পাশ্চাত্যৰ আৰ্হিতেই কৰা হৈছে৷ ট্ৰেজেডি, কমেডি, মেলোদ্ৰামা আৰু ফাৰ্চ আদি পাশ্চাত্য আৰ্হিৰ শ্ৰেণীবিভাগ৷ নাটকীয় কাহিনীৰ বিকাশ-প্ৰণালীতো পাশ্চাত্য নাটকৰ কৌশল প্ৰয়োগ কৰা দেখা যায়৷ অংক বিভাগ, দৃশ্য-বিভাগ, স্বগতোক্তি, একোক্তি আৰু পশ্চাৎ অবলোকন [Flashlack]ৰ কৌশল আদিৰ প্ৰয়োগো পাশ্চাত্য প্ৰভাৱৰে ফল৷[ বসন্তা কুমাৰ শৰ্মা [সংক.] অসমীয়া নাটক : প্ৰাচীন আৰু আধুনিক [সমীক্ষা], পৃ.১৮]  –শৰ্মাৰ এই কথাখিনিতেই আধুনিক নাটকৰ জন্মৰ ক্ষেত্ৰত পাশ্চাত্যৰ প্ৰভাৱ, আধুনিক অসমীয়া নাটক বৈশিষ্ট্য ইত্যাদি সকলো দিশৰ উমান পাব পাৰি৷ 

একাংকিকাৰ স্বৰূপ-বৈশিষ্ট্য 

একাংকিকাসমূহ মূলতঃ এটা অংকত পৰিসমাপ্ত হোৱা স্বল্পায়তন নাটক৷ একাংকিকা নাটকত কাহিনী বিস্তাৰৰ ক্ষেত্ৰত কোনো ধৰা-বন্ধা নিয়ম নাই যদিও চুটিগল্পৰ বিকাশ ৰীতিৰ দৰে ইয়াৰ বিস্তাৰ ৰীতিও সীমাবদ্ধ গণ্ডীৰ মাজতে আবদ্ধ৷ সেয়েহে একাংকিকা নাটকত জীৱনৰ ক্ৰমবদ্ধ ৰূপায়ণ বা প্ৰশস্ত পৰিধিৰ সলনি একোটি দিশ, জীৱনৰ একাটি নিমেষ. একো একোটা মহত্বপূৰ্ণ ঘটনা, এক বিশেষ পৰিস্থিতি, কোনো উদ্দীপ্ত ক্ষণ বা চৰিত্ৰৰ একোটা ৰূপ বা অভিব্যক্তি একাংকিকা নাটকত পোৱা নাযায়৷ নাট্যকাৰে ইয়াত জীৱনৰ খণ্ডিত এটুকুৰা [slice of life] বুটলি আনি নিপুন শিল্পীৰ দৰে ৰূপ দিয়ে৷ যিদৰে চুটিগল্প উপন্যাসৰ ক্ষুদ্ৰ সংস্কৰণ নহয়, ঠিক তেনেকৈ একাংকিকাও দীৰ্ঘাবয়ৱ নাটৰ চমু সংস্কৰণ নহয়৷

একাংকিকাৰ কলাকৈশল সম্পৰ্কে সমালোচকসকলে নানান অভিমত প্ৰকাশ কৰিছে৷ একাংক নাটকৰ বৈশিষ্ট্য হৈছে একাংকত্ব আৰু নাটকত্ব৷ এটা মাথোন অংকবিশিষ্ট হোৱা বাবে ই একাংক আৰু নাট্য গুণসম্পন্ন হোৱাৰ বাবে ই নাটক৷ এক কথাত এটা অংকবিশিষ্ট নাট্যগুণসম্পন্ন কলাকৰ্মই হ’ল একাংক নাটক৷ সি যি হওক এই দুই বৈশিষ্ট্যৰ আধাৰত একাংক নাটকক দুটা প্ৰধান ভগত ভগাব পাৰি– [ক] দৃশ্য বিভাজনবিহীন একাংক নাট আৰু [খ] একাধিক দৃশ্যযুক্ত একাংক নাট৷ যিবোৰ একাংক নাট দৃষ্যবিহীন এটা অংকযুক্ত, সেইবোৰেই দৃশ্যবিহীন একাংক নাট আৰু যিবোৰ দৃশ্যযুক্ত, সেইবোৰকে দৃশ্যযুক্ত একাংক নাট বোলে৷ এই দুয়োবিধৰ ভিতৰত সম্প্ৰতি দৃশ্যবিহীন একাংক নাটকৰ সৃষ্টিয়েই সৰহ৷ ইয়াৰ মূলতে দৰ্শকৰ কৌতুহল অব্যহতভাৱে ৰাখি কাহিনীৰ দ্ৰুত বিকাশ দেখুৱাই নাট ৰচনাৰ প্ৰতি সাম্প্ৰতিক কালৰ নাট্যকাৰসকল অধিক আগ্ৰহশীল হোৱাৰ বাবেই এইবিধ নাটকৰ সৃষ্টিৰ চৰ্চা বৃদ্ধি পোৱা বুলি অনুমান কৰিব পাৰি. তদুপৰি আলোক প্ৰক্ষেপনত অত্যাধুনিক ব্যৱস্থাই বৰ্তমান একাংক নাটকত দৃশ্য বিভাজনৰ প্ৰয়োজন নাইকীয়া কৰিছে৷ সেয়েহে ক’ৰবাত দৃশ্য বিভাজন জৰুৰী হ’লেও আলোক প্ৰক্ষেপণৰ নিৰ্দেশনাৰে নাট্যকাৰে সেই কাম সমাধা কৰে৷

একাংকিকাৰ পৰিসৰ সীমিত হোৱাৰ বাবেই ইয়াৰ ৰচনাৰ ক্ষেত্ৰত নাট্যকাৰে কল্পনা আৰু আৱেগক নিয়ন্ত্ৰণ কৰিবলগীয়া হয়৷ কম পৰিসৰততে নাটকৰ উপাদান যেনে কাহিনী, চৰিত্ৰ, সংলাপ আদিৰ সংহত আৰু ক্ষিপ্ৰ বিন্যাসৰ ওপৰত একাংক নাটকৰ সাৰ্থকতা নিৰ্ভৰ কৰে৷ সেইবাবে একাংক নাটৰ নাট্যৰকাৰসকল প্ৰতিটো পদক্ষেপতে মৃতব্যয়ী হ’ব লাগে৷ বিন্দুতে সিন্ধুৰ ধাৰণা প্ৰকশ ঘটোৱাটো একাংক নাটকৰ ধৰ্ম৷ সেয়েহে ইয়াৰ ৰচনাৰ ক্ষেত্ৰত নাট্যকাৰৰ সূক্ষ্ম নাট্যবোধ আৰু পৰিচ্চন্ন আৰু স্পষ্ট কলা চেতনাৰ প্ৰয়োজনীয়তা অত্যন্ত গুৰুত্বপূৰ্ণ৷

নাটকৰ লগত মঞ্চৰ সম্পৰ্ক অংগাংগি৷ মঞ্চৰ চাহিদাই নাট্যকাৰক নাটক সৃষ্টিৰ বাবে অনুপ্ৰেৰণা যোগায়৷ তদুপৰি নাটকৰ সৃষ্টি আৰু তাৰ গতি-প্ৰকৃতিৰ পৰিৱৰ্তনৰ ওপৰত নায্যকাৰৰ নতুন নতুন চিন্তা-চেতনাৰ লগতে দৰ্শকৰ ৰুচি-অভিৰুচিয়েও গভীৰভাৱে প্ৰভাৱ পেলায়৷ একাংকিকাৰ বেলিকাও এই মঞ্চৰ ভূমিকা গুৰুত্বপূৰ্ণ৷ প্ৰথম অৱস্থাত আলোচনীক কেন্দ্ৰকৰি বা আলোচনীৰ পৃষ্ঠপোষকতাত একাংকিকাসমূহ ৰচনা হৈছিল যদিও পৰৱৰ্তী সময়ত একাংকিকাৰ প্ৰকাসাত আলোচনীৰ ভূমিকা কমি আহিবলৈ ধৰে৷ তাৰ পৰিৱৰ্তে একাংকিকাৰ বিকাশত মঞ্চসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ বিশেষকৈ ১৯৫৯ চনত সদৌ অসম একাংক নাট্য সন্মিলন গঠিত হৈ আয়োজন কৰা সদৌ অসম একাংক নাট প্ৰতিযোগিতাৰ আৰ্হিত গঢ় লৈ উঠা অন্যান্য নাট প্ৰতিযোগিতাসমূহেই স্বাধীনতা পৰৱতীকালৰ একাংকিকাৰ মূখ্য পৃষ্ঠপোষক বুলিব পাৰি৷ 

অসমীয়া একাংকিকা আৰু ইয়াৰ গতি-বৈচিত্ৰ্য

অসমীয়া আধুনিক নাট্য-সাহিত্যৰ এটা প্ৰধান ভাগ– একাংকিকা নাটক বা একাংকিকা৷ একাংকিকা শব্দটোৰ ব্যুৎপত্তিগত অৰ্থলৈ চালে ই সংস্কৃত ৰূপকৰ অন্যতম বিভাগ ‘অংক আৰু শংকৰদেৱৰ ‘অংকীয়া’ শব্দৰ সংমিশ্ৰণত সৃষ্টি হোৱা যেন লাগে যদিও ঘটনাৰ বিস্তৃতি আৰু আয়তনৰ ফালৰ পৰা ইয়াক মাধৱদেৱৰ ঝুমুৰা’ শ্ৰেণীৰ নাটকসমূহৰ লগত ৰিজাব পাৰি৷ 

একাংকিকাৰ ধাৰণাটো অসমীয়া নাট্য-সাহিত্যলৈ পাশ্চাত্যৰ পৰা অহা৷ ইংৰাজৰ অসম আগমনৰ পাছৰ পৰা অসমীয়া সাহিত্যলৈ পাশ্চাত্য চিন্তা-চেতনাৰ আগমনৰ যি বাট মুকলি হৈছিল, সেই বাটেদিয়েই একাংকিকা নাটকবিধ সোমাই আহিছিল৷ এই সম্পৰ্কে সত্যেন্দ্ৰনাথ শৰ্মাই  ‘অমীয়া নাট্য সাহিত্য’ গ্ৰন্থত লিখিছে– ‘আধুনিক একাংকিকা নিঃসন্দেহে পাশ্চাত্য নাটৰ আদৰ্শ আৰু প্ৰভাৱত গঢ়ি উঠিছে৷ আকৃতিগতভাৱে চালে, বৈষ্ণৱ যুগৰ অংকীয়া নাটবোৰেই আমাৰ সাহিত্যত একাংকিকাৰ প্ৰাচীনতম নিদৰ্শন; অৱশ্যে আকৃতিগতভাৱে চালে সেই নাট আধুনিক একাংকিকাৰ পূৰ্বপুৰুষ বুলি ক’বৰ কোনো যুক্তি নাই৷ বৈষ্ণৱ অংকীয়া নাটৰ বিকাশ আৰু পৰিৱৰ্তনৰ ফলত আধুনিক একাংকিকা গঢ়ি উঠা নাই বা তা সুদূৰ প্ৰভাৱো আধুনিক একাংকিকাত নাই৷’ লক্ষ্মীনাথ বেজবৰুৱাৰ গদাধৰ ৰজা[১৯১৭] নামৰ ধেমেলীয়া নাটকখনক প্ৰথম অসমীয়া একাংকিকা নাটকৰ আখ্যা দিয়া হয়৷[অপূৰ্ব বৰা, অসমীয়া একাংকিকাৰ গতি-প্ৰকৃতি ঃ এটি অৱলোকন, অজিৎ শইকীয়া [সম্পা.]ছশ বছৰৰ অসমীয়া নাটক : পৰম্পৰা আৰু পৰিৱৰ্তন, পৃ.৮৫] অৱশ্যে এই ক্ষেত্ৰত পণ্ডিতসকল সহমতত উপনীত নহয়৷ বেজবৰুৱাৰ একাংক নাটক সম্পৰ্কে সত্যেন্দ্ৰনাথ শৰ্মাই লিখিছে– ‘বেজবৰুৱাৰ দিনৰ পৰাই একাংকিকা ৰচনা কৰাৰ প্ৰয়াস দেখিবলৈ পোৱা যায়, কিন্তু আৱতৰীয়া ফলৰ দৰে সেই নাটে একাংকিকাৰ পৰিপুষ্টি কলাত্মক ৰূপ ল’ব পৰা নাছিল৷’ প্ৰফুল্লল কুমাৰ বৰুৱায়ো বেজবৰুৱাৰ একাংক নাটক সম্পৰ্কত মত প্ৰকাশ কৰি কৈছে– বেজবৰুৱাৰ দুই এখন একাংকিকাত স্থান, কাল আৰু ঘটনাৰ ঔক্য ৰক্ষা কৰা হৈছে, যদিও সেয়া একাংক নাটৰ আৰম্ভণি বুলি ক’ব নোৱাৰি৷’ ইয়াৰ পিচত কুৰি শতিকাৰ তৃতীয় দশকৰ পৰা স্বাধীনতাৰ সময়লৈকে একাংকিকা ৰচনাত হাত দিয়া মুষ্টিমেয় নাট্যকাৰকেইজন হ’ল লক্ষ্মীধৰ শৰ্মা আৰু শ্ৰীহৰিচন্দ্ৰ ভট্টাচাৰ্য৷ প্ৰজাপতিৰ ভুল, বিচাৰ, কবিৰ মৃত্যু, আত্মসন্মান, দেশৰ কথা আদি নাটকৰ জৰিয়তে লক্ষ্মীধৰ শৰ্মাই অৰিহণা যোগায়৷ শ্ৰীহৰিচন্দ্ৰ ভট্টাচাৰ্যৰ একাংকিকাকেইখন হৈছে বন্তি, জাগ্ৰত দেৱতা, বগা গাহৰি, মিঃ চিকৰা, আৱিষ্কাৰ, অভিমানৰ পায়শ্চিত্ত, ৪৩ চনৰ চোৰ, আজিলৈ ইমানতে, ওৰণি আৰু আধাকেচেলুৱা৷ এই সময়চোত ৰচিত হোৱা আন দুখন একাংকিকা হৈছে ৰমেশ চন্দ্ৰ বৰুৱাৰ মনালিছা [১৯৩৭] আৰুসত্যপ্ৰসাদ বৰুৱাৰ কল্পনাৰ মৃত্যু [১৯৪০]৷ কোনো কোনো সমালোচকে লক্ষ্মীধৰ শৰ্মাৰ প্ৰজাপতিৰ ভুল’ বোলা নাটকখনকেই প্ৰথম অসমীয়া নিটোল ৰূপৰ একাংক নাট বুলি অভিহিত কৰিছে৷ এই প্ৰসংগত সত্যেন্দ্ৰনাথ শৰ্মই ‘অসমীয়া নাট্য সাহিত্য’ত কৰা মন্তব্য প্ৰণিধানযুগ্য– ‘আৱাহন কাককক লক্ষ্মীধৰ শৰ্মাই একাংকিকাৰ আংগিকৰ প্ৰতি দৃষ্টি ৰাখি দুখনমান নাট প্ৰকাশ কৰিছিল৷ তাৰে এখন ‘প্ৰজাপতিৰ ভুল’, ব্যংগমিশ্ৰিত হাস্যৰসাত্মক নাট আৰু আন এখন ল’ৰাৰজাৰ শেষ অৱস্থাৰ ভেটিত ৰচনা কৰা এটি ঐতিহাসিক চিত্ৰ৷ পাছৰখন নাট এক অংকযুক্ত, যদিও স্বয়ংসম্পূৰ্ণ ঘটনা এটা ইয়াত নাই৷... লক্ষ্মীধৰ শৰ্মাৰ সাময়িক আলোচনীত প্ৰকাশ পোৱা আৰু কেইবাখনো একাংকিকা এই প্ৰসংগত উল্লেখ কৰিব পাৰি৷ সেইকেইখন হ’ল ‘হৃদয়ৰ মূল্য’, ‘আত্মসন্মান’, শৃংখলা’, ‘বিচাৰ’, ‘ঘটোৎকচ’৷

স্বাধীনতা পৰৱৰ্তী কালত অসমীয়া একাংকিকা নাটকৰ বিকাশত কেইবাখনো অনুবাদ একাংকিকা নাটকে অৰিহণা আগবঢ়ায়৷ অসমৰ নাট্যকাৰসকলে এই সময়ত কেইবাখনো বিশ্ববিখ্যাত একাংকিকা অসমীয়া ভাষালৈ অনুবাদ কৰি অসমীয়া একাংকিকাৰ পৰিসৰ বিস্তৃত কৰি পেলালে৷[অপূৰ্ব বৰা, অসমীয়া একাংকিকাৰ গতি-প্ৰকৃতি : এটি অৱলোকন, অজিৎ শইকীয়া [সম্পা.]ছশ বছৰৰ অসমীয়া নাটক : পৰম্পৰা আৰু পৰিৱৰ্তন, পৃ.৮৭]  ১৯৪৬ চনত উগ্ৰ কাটকীয়ে কৰা এণ্টন চেকভৰ ষ্ট্ৰাইক  নাটকৰ অসমীয়া অনুবাদ, চেকভৰ ‘দা প্ৰপ’জেল’ৰ অজিত সিংহই কৰা অনুবাদ প্ৰস্তাৱ, দা বিয়েৰ নাটকৰ মুনীন শৰ্মাই কৰা কৰা অনুবাদ বীয়েৰ আৰু ত্ৰৈলোক্য খাউণ্ডে কৰা অনুবাদ বোন্দাপৰ, ইংৰাজ নাট্যকাৰৰ ষ্টেইনী হাফটনৰ ডিয়েৰ ডিপাৰটেড নাটকখনৰ সুৰেন্দ্ৰনাথ শইকীয়াই কৰা অনুবাদ প্ৰেতাত্মাৰ পৰিদৰ্শন, যোগেন চেতিয়াই কৰা অনুবাদ চেনেহৰ সোঁতা, আৰু প্ৰফুল্ল বৰুৱাই কৰা অনুবাদ পিতৃ বিয়োগ, আইৰিছ মহিলা নাট্যকাৰ লেডী গ্ৰেগৰীৰ ৰাইজিং অব দা মুন নাটকখনৰ প্ৰফুল্ল দত্ত গোস্বামীয়ে কৰা অনুবাদ জোনৰ পোহৰ ইত্যাদিয়েই প্ৰধান৷

স্বাধীনতা পৰৱৰ্তী কালৰ একাংকিকাৰ জগতখনলৈ অৰিহণা যোগোৱা নাট্যকাৰ আৰু নাটকবিলাকৰ ভিতৰত প্ৰবীন ফুকনৰ ফেৰিৱালা, তমসা ৰাতি, চকৰি; লক্ষধৰ চৌধুৰীৰ এনিশাৰ অতিথি; সত্যপ্ৰসাদ বৰুৱাৰ কুনাল কাঞ্চন, ৰাণদিল, শাশ্বতী; ফণী তালুকদাৰৰ শিৰোনামৰ আঁৰত, ছাঁ পোহৰ; গিৰিশ চৌধুৰীৰ যুগে যুগে; অমৰেন্দ্ৰ পাঠকৰ বিপন্ন প্ৰহৰী; বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ভাৰতী; অনিল চৌধুৰীৰ মানিক ৰাইটিং; যোগেন চেতিয়াৰ ধানটো পটানটো, চেনেহৰ সোঁতা; অৰুণ শৰ্মাৰ পোষ্টাৰ, পদ্মা-কুন্তী; বীণা বৰুৱাৰ এবেলাৰ নাট[১৯৫৫]; দুৰ্গেশ্বৰ বৰঠাকুৰৰ নিৰুদ্দেশ, বিহগুটিৰ বিলৈ; ভবেন্দ্ৰ নাথ শইকীয়াৰ ভাওনা, পুতলা নাচ; অৰূপ চক্ৰৱৰ্তীৰ মঞ্চত পঞ্চানন শৰ্মা, ধাৰা-৩২৭; ড॰ অখিল চক্ৰৱৰ্তীৰ মাণিক বিচাৰি, এনিশাৰ কাহিনী; সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ ভেকো ভাওনা; বিৰিঞ্চি কুমাৰ ভট্টাচাৰ্যৰ নিউটন; তৰুণ শইকীয়াৰ বিশ্বাসে মিলয় হৰি, মান্ধতাৰ ধৰ্ম পৰীক্ষা; অৰুণ গোস্বামীৰ আজি, আখৰা চলিছে; ৰঞ্জিৎ শৰ্মাৰ প্ৰাৰ্থনা; দেউতি বৰুৱাৰ সিহঁতো জীয়াই থাকে; ভবেন বৰুৱাৰ আমি উভতি চাওঁ ইত্যাদি উল্লেখযোগ্য৷

আশী দশকৰ পৰৱৰ্তী সময়ত অসমীয়া একাংকিকা নাটকৰ ধাৰা আগবঢ়াই নিয়াৰ ক্ষেত্ৰত অৰিহণা যোগোৱা নাট্যকাৰসকলৰ ভিতৰত পংকজজ্যোতি ভূঞাৰ নম উল্লেখযোগ্য৷ তেখেতৰ এ পলিটিকেল ড্ৰীম, তিনিটা ৰঙীন পখিলা, এজনী সুগন্ধি ছোৱালী, কিবা এটা হৈ আছে, প্ৰত্যাৱৰ্তনৰ পথত সত্য, অমৰাৱতীৰ অতিথি, মৌচুমী আহিব, অকথ্য-অশ্ৰাব্য আদি নাটকৰ কথা এই ক্ষেত্ৰত উল্লেখযোগ্য৷ সাধাৰণতে মধ্যবিত্তীয় শ্ৰেণীৰ লোকসকলৰ ভণ্ডামি, স্বাৰ্থপৰতা, আৰ্থিক সংকট আদিৰ চিত্ৰই তেওঁৰ নাটকত প্ৰকাশ লাভ কৰিছে৷[অপূৰ্ব বৰা, অসমীয়া একাংকিকাৰ গতি-প্ৰকৃতি : এটি অৱলোকন, অজিৎ শইকীয়া [সম্পা.]ছশ বছৰৰ অসমীয়া নাটক : পৰম্পৰা আৰু পৰিৱৰ্তন, পৃ.৮৫] ইয়াৰ পাছতেই অজিৎ বৰঠাকুৰৰ ৰং বেৰং, গতিৰোধক, বিহুবেক, মহোৎসৱ, ভ্ৰান্তি, চিৰিয়েলৰ প্ৰথম খণ্ড, বৰুৱাৰ সংসাৰত এদিন, বিয়াত এৰাতি, ধুমুহা আদি নাটকৰ নাম ল’ব পাৰি৷ এই সময়ৰ আন এগৰাকী নাট্যকাৰ দীপক গগৈৰ কেইখনমান উল্লেখযোগ্য একাংকিকা হ’ল– অজুৰ্ন হেৰাওঁতে, দুভৰিত অমিল জোতা, বৈভৱ, ঘৰ, পানী আৰুভেকুলী ৷ গ্ৰাম্য জীৱনৰ সুখ-দুখ, আশা-হতাশা আদিৰ গভীৰ আৰু সুক্ষ্ম  উপলব্ধি তেখেতৰ নাটকত লক্ষ্য কৰা যায়৷ ইয়াৰ পিচতেই ভায়ামামাৰ অন্ধৰ হস্তী দৰ্শন আৰু প্ৰফেচন; কুশলকৃষ্ণ দেৱগোস্বামীৰ গান্ধীপোক, কোফা, হাঁচি, চোৰ, ফটা ঢোলৰ ছেও, ইংগিত, নুৰুলদা ক’ত, সূত্ৰ সংগী ৰণথলী; কাঞ্চন ভৰালীৰ সোণৰ হাতী আৰু ভেটী; দেৱব্ৰত বৰঠাকুৰৰ প্ৰাপ্তবয়স্ক শিক্ষা, প্ৰবেশ নিষেধ, নিয়োগ চলিছে, বৰ নামঘৰৰ ভেটি এই সময়চোৱাৰ কেইখনমান বহুসমাদৃত একাংকিকা৷

এই ধাৰা আগবঢ়াই নিয়াত সহায় কৰা আন নাট্যকাৰসকলৰ ভিতৰত দেৱব্ৰত মহন্তৰ নাম উল্লেখযোগ্য৷ মহন্তৰ মানুহ, বাছযাত্ৰী, বধ্যভূমিত এমুঠি জোনাক, বেৰ, এতিয়া কিমান ৰাতি, অপেক্ষাৰ অপেক্ষাত, আশংকাৰ আবেলি, দ্ৰৌপদিৰ পৰিয়াল, কবিতাৰ মৃত্যু, অন্তৰ্বাস ইত্যাদি কাব্য, বাঘময়  আদি একাংকিকাই এই সময়ৰ একাংকিকাৰ ধাৰাক সমৃদ্ধি প্ৰদান কৰে৷ আন এজন নাট্যকাৰ কৃষ্ণকমল ভৰালীৰ কেইখনমান উল্লেখযোগ্য একাংকিকা হ’ল–ভেটি উচন হ’ল, কালি আজি আৰু কালিলৈ, বেশ্যা৷ মনোজ কুমাৰ গোস্বামীৰ মই ক্লীৱ নাটকখন অসমীয়া একাংকিকাৰ এক উল্লেখযোগ্য সংযোজন৷ 

অসমীয়া একাংকিকা ৰচনাত প্ৰতিভাৰ স্বাক্ষৰ বহন কৰিবলৈ সক্ষম হোৱা এগৰাকী নাট্যকাৰ হৈছে সপোনজ্যোতি ঠাকুৰ৷ কাৰ্যালয় চলিছে ঠাকুৰৰ এখন উল্লেখযোগ্য একাংকিকা৷ তদুপৰি দ্ৰৌপদীৰ পৰিয়াল, কবিতাৰ মৃত্যু, অন্তৰ্বাস ইত্যাদি কাব্য, বাঘমায় আদি একাংকিকাৰে ঠাকুৰে অসমীয়া একাংকিকাৰ ভঁৰাল চহকী কৰি তোলে৷ 

প্ৰতীকধৰ্মী একাংকিকাৰ ক্ষেত্ৰত জয়ন্ত ৰাজগুৰুৰ আবেলিৰ কবিতা এখন উল্লেখযোগ্য একাংকিকা৷ এখন ৰূমালক প্ৰতীক হিচাপে ব্যৱহাৰ কৰি নাট্যকাৰে মধ্যবিত্ত শ্ৰেণীটোৰ ভণ্ডামি, শঠতা, অপাৰ্থিৱ অপ্ৰাপ্তি, আদিৰ চিত্ৰ দাঙি ধৰিছে৷অপূৰ্ব বৰা, অসমীয়া একাংকিকাৰ গতি-প্ৰকৃতি : এটি অৱলোকন, অজিৎ শইকীয়া [সম্পা.]ছশ বছৰৰ অসমীয়া নাটক : পৰম্পৰা আৰু পৰিৱৰ্তন, পৃ.৮৫

প্ৰাণজিৎ বৰুৱাৰ ডাইনী; বলীন বৰগোহাঞিৰ ডাঙৰ মানুহ; হৰেণ শইকীয়াৰ দেৱদাসী; মৃণাল কুমাৰ বৰাৰ ৰাজ কাৰেঙৰ সাধু; নিপন পূজাৰীৰ যাত্ৰা, ধুমুহাৰ শেষত; ৰাজীৱ গগৈৰৰ দিচপুৰৰ ডায়েৰী; ভৱ পূজাৰীৰ মৎস ন্যায়, সৰল সমীকৰণ; নৱজ্যোতি বৰাৰ ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰ, ফটা জালৰ মাছ, দেউতাৰ পদূলি উদুলি মুদুলি; কৃষ্ণ ভূঞাৰ জেইচা ৰাজা ৰামসিং এইচা মন্ত্ৰী ঘিটিংটি; ধ্ৰুৱ বৰদলৈৰ ভাওনা; নিৰ্মল দাসৰ মায়া, প্ৰতীক্ষা, মনৰ মৰম, ক্ষুধা, মেৰুদণ্ড; জয়ন্ত ডেকাৰ শকুন্তলা, জেতুকা পাতৰ দৰে, মুখা, লাষ্ট পেইিKI×ং; বসন্ত খনিকৰৰ আশংকা, অভিমন্যু; সুশীল ডেকাৰ বেলুন, বিষমবাহু ত্ৰিভুজ; বিশ্বজীৎ বৰঠাকুৰৰ কৰ্মশালা, গ্লেমাৰ; প্ৰশান্ত বৰাৰ তেজাল, বহল মনৰ মানুহ, সহযাত্ৰী; পংকজ চেতিয়াৰ তেজীমলা, আশ্ৰয়; মৃদুল শৰ্মাৰ বিভ্ৰান্ত ভগৱান; ৰাতুল ভূঞাৰ দ্ৰোণাচাৰ্য আদিয়ে সাম্প্ৰতিক সময়ৰ একাংকিকাৰ ধাৰাটোক আগবঢ়াই নিয়াৰ লগতে সমৃদ্ধ কৰাত বিশেষ অৰিহণা আগবঢ়াইছে৷ 


উপসংহাৰ 

আলোচনাৰ অন্তত নিম্নলিখিত সিদ্ধান্তত উপনীত হ’ব পাৰি–

 √  পাশ্চাত্য নাট্য-সাহিত্যৰ প্ৰভাৱত অসমীয়া একাংকিকাৰ জন্ম৷ মাধৱদেৱৰ ঝুমুৰাসমূহক একাংকিকাৰ আদি স্তৰ বুলি কোনো কোনোৱে ক’ব খুজিলেও সেয়া গ্ৰহণযোগ্য নহয়৷ 

 √  বেজবৰুৱাৰ ‘গদাধৰ ৰজা’ নাটকখতেই পোনপ্ৰথমবাৰৰ বাবে একাংকিকাৰ কিছু বৈশিষ্ট্যই ভুমুকি মাৰিছিল৷ অসমীয়া একাংকিকাৰ ইতিহাস তাৰ পৰাই আৰম্ভ কৰিব পাৰি৷

 √  প্ৰথম অৱস্থাত আলোচনীক কেন্দ্ৰকৰি বা আলোচনীৰ পৃষ্ঠপোষকতাত একাংকিকাসমূহ ৰচনা হৈছিল যদিও পৰৱৰ্তী সময়ত একাংকিকাৰ প্ৰসাত আলোচনীৰ ভূমিকা কমি আহিবলৈ ধৰে৷ তাৰ পৰিৱৰ্তে একাংকিকাৰ বিকাশত মঞ্চসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ বিশেষকৈ ১৯৫৯ চনত সদৌ অসম একাংক নাট্য সন্মিলন গঠিত হৈ আয়োজন কৰা সদৌ অসম একাংক নাট প্ৰতিযোগিতাৰ আৰ্হিত গঢ় লৈ উঠা অন্যান্য নাট প্ৰতিযোগিতাসমূহেই স্বাধীনতা পৰৱতীকালৰ একাংকিকাৰ মূখ্য পৃষ্ঠপোষক বুলিব পাৰি৷ 

 √  জোনাকী যুগত জন্ম লাভ কৰা একাংকিকাই কালা-কৌশল তথা আংগিকগত দিশত স্বাধীনতা পৰৱতঈ কালতহে বলিষ্ঠ ৰূপ লাভ কৰি বিকাশৰ দিশত অগ্ৰসৰ হয়৷ 

 √  বিষয়বস্তুৰ দিশলৈ মন কৰিলে দেখা যায় অসমীয়া একাংক নাটকত প্ৰথম অৱস্থাত ব্যক্তিৰ ব্যক্তিগত জীৱনৰ সৰুসুৰা ঘটনা, মনোজগতৰ দ্বন্দ্ব-সংঘাটেই ঠাই পাইছিল৷ পৰৱৰ্তী সময়ত নাট্যকাৰসকলৰ দৃষ্টি সমাজৰ দোষ-ত্ৰুটি, সামাজিক সমস্যালৈ প্ৰসাৰিত হোৱাত সামাজিক সমস্যাসমূহ ব্যংগাীত্মক হাস্যৰসৰ মাজেৰে চিত্ৰিত কৰাত গুৰুত্ব দিয়া পৰিলক্ষিত হয়৷ 

 √  আংগিকগত দিশৰ পৰা একাংকিকাত নাট্যকাৰসকলৰ বিভিন্ন ধৰণৰ পৰীক্ষ-নিৰীক্ষা পৰিলক্ষিত হয়৷ ব্ৰেখটীয় নাট্যকৌশল, লোক-নাটকৰ সমল আদিৰ কোনো কোনো নাট্যকাৰে প্ৰয়োগ কৰি অসমীয়া একাংকিকাত নতুন নতুন সম্পৰীক্ষ চলোৱা পৰিলক্ষিত হৈছে৷

 √  অসমীয়া একাংকিকাৰ ধাৰাক সমৃদ্ধ কৰাৰ ক্ষেত্ৰত অনুবাদ নাটকৰ ভূমিকা গুৰুত্বপূৰ্ণ৷ স্বাধীনতাৰ পৰৱৰ্তী কালচোৱাত দেশী-বিদেশী বিভিন্ন ভাষাৰ একাংক নাটকৰ অনুবাদ হৈ সমৃদ্ধিশালী  কৰে৷  


সহায়ক গ্ৰন্থপঞ্জী 

গোস্বামী, ভূপেন [সম্পা.] : চয়নিকাৰ পঁচিশ বছৰ, নাট্য চিন্তা নাট্য চৰ্চা, প্ৰথম প্ৰকাশ, জ্জ্ব ছেপ্টেম্বৰ ২০১৬, প্ৰকাশক ড॰ ভৱানী প্ৰসাদ চলিহা, শৰাইঘাট অফচেট প্ৰেছ, বামুণি মৈদাম, গুৱাহাটী

দেৱী, ইন্দুপ্ৰভা, অনুৰাণী দেৱী [সম্পা.] : আধুনিক অসমীয়া নাটক : বিচাৰ আৰু বিশ্লেষণ, প্ৰথম প্ৰকাশ, মে’ ২০১৫, পূৰ্বাঞ্চল প্ৰকাশ, দিশপুৰ,গুৱাহাটী-৬

নাথ, চিত্ৰৰঞ্জন [সম্পা.] : নাট্যতত্ত্ব আৰু আলোচনা, পূৰ্বায়ণ প্ৰকাশন, সাতমাইল, গুৱাহাটী-১৪, প্ৰথম প্ৰকাশ ২০১৮ চন

ভট্টাচাৰ্য, হৰিচন্দ্ৰ : অসমীয়া নাট্য সাহিত্যৰ জিলিঙণি, প্ৰথম প্ৰকাশ ২০১৬, লয়াৰ্চ বুক ষ্টল, গুৱাহাটী-ৰ

ভৰালী, শৈলেন : অসমীয়া নাটক : স্বৰাজোত্তৰ কাল, প্ৰথম প্ৰকাশ, অক্টোবৰ ২০০৮, চন্দ্ৰ প্ৰকাশ

–– : অসমীয়া লোকনাট্য পৰম্পৰা, বাণী প্ৰকাশ, গুৱাহাটী, প্ৰথম প্ৰকাশ ১৯৮৬

ৰাজবংশী, পৰমানন্দ : অসমীয়া নাটক, পৰম্পৰা আৰু পৰিৱৰ্তন, চন্দ্ৰ প্ৰকাশ, ২০০৮ পাণবজাৰ, গুৱাহাটী

শইকীয়া, অজিৎ [সম্পা.] : ছশ বছৰৰ অসমীয়া নাটক : পৰম্পৰা আৰু পৰিৱৰ্তন, দ্বিতীয় প্ৰকাশ ২০১৪ চন, পথাৰ, দুলীয়াজান, অসম

শৰ্মা, সত্যেন্দ্ৰনাথ : অসমীয়া নাট্য সাহিত্য, পাণবজাৰ, গুৱাহাটী ৰ, অষ্টম সংস্কৰণ, ২০০০ চন

হাজৰিকা, অতুলচন্দ্ৰ [সম্পা.]  : মঞ্চলেখা, দ্বিতীয় প্ৰকাশ, লয়াৰ্চ, ছেপ্তেম্বৰ, ১৯৯৫, পাণবজাৰ, গুৱাহাটী

Post a Comment

0 Comments