অৱতৰণিকা
সংবাদ-সাহিত্য অভিধাটোৰ সৈতে দুটা শব্দ জড়িত হৈ আছে– সংবাদ আৰু সাহিত্য৷ দুয়োটা অভিধাৰে সুকীয়া সুকীয়া অৰ্থ বা সংজ্ঞা আছে৷ সংবাদ শব্দটো ইংৰাজী NEWS শব্দৰ অসমীয়া প্ৰতিশব্দ৷ এই শব্দটোৰ ভিত্তিত কিছু লোকে North, East, West and South অৰ্থাৎ পূৱ, পশ্চিম, উত্তৰ, দক্ষিণ এই চাৰিও দিশৰ পৰা অহা তথ্যকেই সংবাদ বুলি ক’ব খোজে৷ Oxford অভিধানৰ মাতে News হৈছে Tidings, News information, fresj event reported. এই সংজ্ঞাবোৰে সংবাদৰ সকলো বৈশিষ্ট্য বহন কৰিব পৰা নাই৷ কেৱল ঘটনা বুলিলেই সংবাদৰ সংজ্ঞা পৰিপূৰ্ণ নহয়৷ ইয়াক ব্যপক কৰিব লাগিব৷ অৰ্থাৎ ইয়াক জনসাধাৰণৰ লগত জড়িত কৰাব লাগিব, জীৱ-জন্তু, কোনো আচৰিত ধৰণৰ প্ৰকৃতিক ঘটনা আদিক জনাব পৰাটোৱেই সংবাদ৷ [ৰাধিকামোহন ভাগৱতী, সংবাদ সংবাদপত্ৰ আৰু সাংবাদিকতা, পৃ. ২] সংবাদপত্ৰই কোনো এটা ঘটনা সঠিক সময়ত সংগ্ৰহ কৰি তুৰন্তে প্ৰকাশ কৰি তাক জাতিৰ সম্পত্তি কৰি সৰহ সংখ্যক লোকৰ আগ্ৰহৰ বস্তু কৰিব পাৰিব লাগিব৷ সৰহ সংখ্যক লোকৰ আগ্ৰহ সৃষ্টি কৰিব পৰাটো সংবাদ আৰু সংবাদপত্ৰৰ বাবে এক মূল্যবান কথা৷
আনহাতে, সাহিত্য বুলি ক’লে কবিতা, উপন্যাস, গল্প, প্ৰবন্ধ, ব্যঙ্গ ৰচনা, কল্পবিজ্ঞান, এই সকলোবোৰ দিশ সামৰি লয়৷ বহুতো সমালোচকে সাহিত্যৰ সংজ্ঞা বিভিন্ন ধৰণে আগবঢ়াই যদিও কোনোজনেই সৰ্বসন্মত সিদ্ধান্তত উপনীত হ’ব পৰা নাই৷ মহেন্দ্ৰ বৰাৰ ভাষাত– সত্য আৰু সুন্দৰৰ বোলসনা জীৱন অভিজ্ঞতাৰ প্ৰকাশেই সাহিত্য৷[মহেন্দ্ৰ বৰা, সাহিত্য উপক্ৰমণিকা, পৃ. ১৭]
‘সংবাদ-সাহিত্য’ অভিধাটো পোনপ্ৰথমবাৰৰ বাবে নকুলচন্দ্ৰ ভূঞাদেৱে অসম সাহিত্য সভাৰ চতুঃত্ৰিংশ অধিৱেষণৰ অভিভাষণত ব্যৱহাৰ কৰিছিল৷ [বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, অসমীয়া সংবাদ সাহিত্য, প্ৰকাশ গোস্বামী, [সংক. আৰু সম্পা.] অসমীয়া প্ৰবন্ধ চয়ন, পৃ. ১৯] তাত তেওঁ আলোচনী আৰু বাতৰিকাকতক সাহিত্যৰ মাধ্যম বুলি ধৰিছে৷ অৰ্থাৎ সংবাদ-সাহিত্য হৈছে সংবাদপত্ৰ বা বাতৰিকাকত আৰু আলোচনীৰ জৰিয়তে চৰ্চা বা প্ৰকাশিত হোৱা একপ্ৰকাৰৰ লেখা৷ কথাষাৰ এনেকৈও ক’ব পাৰি বিভিন্ন কাকত-আলোচনীৰ জৰিয়তে প্ৰকাশিত হোৱা সাহিত্যিক গুণবিশিষ্ট লেখাবোৰকে সংবাদ-সাহিত্য বুলিব পাৰি৷ অসমীয়া সাহিত্যত যুগবিভাজন কৰি কৰিবলৈ গৈ হেমচন্দ্ৰ গোস্বামীয়ে ৬০০ খৃষ্টাব্দৰ পৰা ১৯ শতিকাৰ আৰম্ভণিলৈকে অসমীয়া সাহিত্যক ছটা প্ৰধান ভাগত ভাগ কিৰছে৷ সেই মতে ভাগ কৰা ১৮০০ খৃষ্টাব্দৰ পৰা আৰম্ভ হোৱা ষষ্ঠ তথা শেষ স্তৰতহে অসমত সাংবাদিকতাৰ ক্ৰমবিকাশ ঘটে৷ সাংবাদিকতাৰ মাধ্যমত এই সময়ছোৱাতে অসমীয়া সাহিত্যত ভুমূকি মৰা সৃষ্টিক সংবাদ-সাহিত্য ৰূপে নিৰ্ধাৰণ কৰা হৈছে৷[সুনীল পৱন বৰুৱা, সংবাদ-সাহিত্য [১৮৮জ্ঝ-১৯৩৯] ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামী [সম্পা.], অসমীয়া সাহিত্যৰ বুৰঞ্জী [পঞ্চম খণ্ড], পৃ. ৮০] আমেৰিকান বেপ্তিষ্ট মিচনে ১৮৪৬ চনত প্ৰকাশ কৰা প্ৰথম অসমীয়া সংবাদপত্ৰ অৰুনোদইএ সংবাদ-সাহিত্যৰ বৰ্তমান প্ৰবাহিত ধাৰাটো প্ৰবৰ্তন কৰিছিল৷ [সুনীল পৱন বৰুৱা, সংবাদ-সাহিত্য [১৮৮জ্ঝ-১৯৩৯] ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামী [সম্পা.], অসমীয়া সাহিত্যৰ বুৰঞ্জী [পঞ্চম খণ্ড], পৃ. ৮০]
সংবাদ-সাহিত্যৰ বিভিন্ন ৰূপ আছে৷ সংবাদ, সম্পাদকীয়, ফিচাৰ, প্ৰবন্ধ, ধেমেলীয়া ৰচনা, পুথি সমালোচনা, ৰেডিঅ’ খবৰ ইত্যাদি৷ বাতৰিকাকতত দেওবৰীয়া চৰা উঠি যোৱাৰ ফলত প্ৰবন্ধ-সাহিত্যই আশানুৰূপ বিকাশ লাভ কৰিব পৰা নাই৷ [বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, পূৰ্বোল্লিখিত, পৃ. ২৫]
লেখক আৰু পাঠক মাজত সহিতত্ত্ব স্থাপন কৰি যিদৰে সাহিত্যই নিজৰ স্বকীয় প্ৰয়োজন পূৰণ কৰে, ঠিক সেইদৰে সংবাদপত্ৰই সাংবাদিক, পাঠক আৰু সমাজৰ লগত সংযোগ ঘটায়৷ এই সংযোগ স্থাপন কৰে লেখাৰ জৰিয়তে৷ লেখাই সাংবাদিকৰ বৃত্তি৷ সংবাদপত্ৰ সাংবাদিকৰ লেখাৰ মাধ্যম৷ সমাজ, দেশ আৰু জনসাধাৰণ তেওঁলোকৰ লেখাৰ উদ্দেশ্য আৰু লক্ষ্যৰ আধাৰ৷ কলম আৰু কাকত তেওঁলোকৰ অস্ত্ৰ৷ সত্যানুসন্ধানী লক্ষ্য আৰু উদ্দেশ্যৰে সংবাদ গ্ৰহণ আৰু পৰিৱেষণ কৰি জনসাধাৰণ আৰু চৰকাৰ উভয়কে সতৰ্ক কৰি দিয়াই সাংবাদিকৰ ধৰ্ম৷ জনমত গঠনেৰে দেশৰ নিৰাপত্তা শান্তি-শৃংখলা আৰু সামূহিক প্ৰগতিৰ লক্ষ্যৰ পৰা পধভ্ৰষ্ট নহ’বলৈ ৰাইজ আৰু চৰকাৰক সতৰ্ক কৰি দিয়াই এওঁলোকৰ লেখাৰ মূলমন্ত্ৰ৷ ই সংবাদ-সাহিত্যৰো মূলমন্ত্ৰ বা লক্ষ্য-উদ্দ্যশ্যৰ অন্যতম৷
ভাৰতীয়া সংবাদ-সাহিত্যৰ ইতিহাসলৈ মন কৰিলে দেখা যায় যে ১৭৮০ চনত জেমছ্ আগষ্টাছ হিকি [James Augustus Hicky] নামৰ ইংৰাজ লোকজনে Bengal Gazette বা Calcutta General Advertiser নামৰ বাতৰিকাকতখন সৰ্বপ্ৰথমে ভাৰতবৰ্ষত প্ৰকাশ কৰে৷ ১৭৮০ চনতে কলিকতাৰ পৰা India Gazette, ১৭৮৯ চনত Calcutta Gazette, ১৭৮৫ চনত Madras Courier, ১৭৯৫ চনত India Harald, আৰু Weekly Madras Gazette, ১৭৮৯ চনত Bombay Herald, ১৭৯০ চনত Bombay Courier প্ৰকাশ হৈছিল৷ ভাৰতীয় স্থানীয় ভাষাত ১৮১৮ চনৰ এপ্ৰিল মাহত মাশ্বৰ্মেনৰ সম্পাদনাত সৰ্বপ্ৰথম বাংলা মাহিলি ‘দিগদৰ্শন’ আৰু তেওঁৰে সম্পাদনাত ১৮১৮ চনৰ ২৩ মে তাৰিখে প্ৰথম সাপ্তাহিক ‘সমাচাৰ দৰ্পণ’ প্ৰকাশ হৈছিল৷ ১৮২১ চনৰ ডিচেম্বৰত ‘সম্বাদ-কৌমুদী’ আৰু ১৮২২ চনৰ প্ত মাৰ্চত ‘সমাচাৰ-চন্দ্ৰিকা’ প্ৰকাশ পাইছিল৷ ১৮২২ চনতে গুজৰাটী ভাষাত ‘বোম্বাই সমাচাৰ’ আৰু ৰাজা ৰামমোহন ৰায়ৰ সম্পাদনাত পাৰ্চী ভাষাত ‘মীৰাট-উল-আখবাৰ’ প্ৰকাশিত হৈছিল৷ এনেদৰে ভাৰতীয় সংবাদ সাহিত্যৰ ধাৰাৰ সূত্ৰপাত ঘটে৷
অসমত সংবাদ-সাহিত্যৰ ধাৰা আৰম্ভ হোৱাটো সৈ সিদিনাৰ কথা৷ এই সম্পৰ্কে ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামীৰ সম্পাদনাত প্ৰকাশ পোৱা অসমীয়া সাহিত্য বুৰঞ্জী [পঞ্চম খণ্ড]ত ‘সংবাদ সাহিত্য [১৮৮জ্ঝ-১৯৩৯]’ নামৰ প্ৰবন্ধত সুনীল পৱন বৰুৱাই লিখিছে– অসমীয়া সাহিত্যত নৱজাগৰণৰ সূচনা কৰা অন্যতম প্ৰধান ব্যক্তি পণ্ডিত হেমচন্দ্ৰ গোস্বামীয়ে ৬০০ খৃষ্টাব্দৰ পৰা ১৯ শতিকাৰ আৰম্ভণিলৈকে অসমীয়া সাহিত্যক ছয়টা ভিন্ ভিন্ ভাগত বিভক্ত কৰিছে৷ সেই মতে ভাগ কৰা ১৮০০ খৃষ্টাব্দৰ পৰা আৰম্ভ হোৱা ষষ্ঠ তথা শেষ স্তৰতে অসমত সাংবাদিকতাৰ ক্ৰমবিকাশ ঘটে৷ সাংবাদিকতাৰ মাধ্যমত এই সময়ছোৱাতে অসমীয়া সাহিত্যত ভুমুকি মৰা সৃষ্টিক সংবাদ-সাহিত্য ৰূপে নিৰ্ধাৰণ কৰা হৈছে৷ আমেৰিকান বেপ্তিষ্ট মিচনে ১৮৪৬ খৃষ্টাব্দত প্ৰকাশ কৰা প্ৰথম অসমীয়া সংবাদপত্ৰ অৰুনোদইএ সংবাদ-সাহিত্যৰ বৰ্তমান প্ৰবাহিত ধাৰাটোৰ প্ৰৱৰ্তন কৰিছিল৷ [সুনীল পৱন বৰুৱা, পবৰ্বোল্লিখিত, পৃ. ৮০]
সংবাদপত্ৰৰ পাতত প্ৰকাশিত একোটা বাতৰিয়ে একোটা ঘটনা বা স্থিতিৰ পৰিচয় দাঙি ধৰে৷ সমান্তৰালভাৱে ইয়াৰ একো একোটা পটভূমি থাকে৷ গতিকে সংবাদৰ পোনপটীয়া বিষয়বস্তুৰ সৈতে এক অদৃশ্য বিষয়বস্তুৰ সম্পৰ্ক থাকে৷ সেই অদৃশ্য বিষয়বস্তুৰ আধাৰেই হ’ল সমাজ কিম্বা মানুহ যিবিলাক একো-একোটা সংবাদৰ মূল আধাৰ৷ সেইবাবেই সংবাদ কিম্বা সাংবাদিকতা সামাজিক ইতিহাসৰ পৰা বিছিন্ন হ’ব নোৱাৰে৷ আন কথাত সংবাদ আৰু সংবাদপত্ৰ একোতাহ’ত প্ৰাত্যহিক সামাজিক প্ৰক্ৰিয়া৷
অৰুনোদই আৰু ইয়াৰ সমসাময়িক অসমীয়া সংবাদ-সাহিত্য
অসমীয়া সংবাদ-সাহিত্যৰ য’ত আৰম্ভ হৈছিল সেয়াই হৈছে অৰুনোদই৷ ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে ইংৰাজৰ হাতলৈ অসম যোৱাৰ ঠিক এটা দশকৰ পাছতেই বঙালী পণ্ডিতসকলৰ ষড়যন্ত্ৰৰ বলি হৈ অসমে মাতৃভাষা অসমীয়াকো ১৮৩৬ চনত স্কুল-আদালতৰ পৰা বিসৰ্জন দিবলগা হৈছিল৷ ঠিকে তেনে সময়তে খ্ৰীষ্টান মিছনেৰিসকল অসমত ধৰ্ম প্ৰচাৰ কৰিবলৈ আহি চৰম ভাষা সংকটৰ সন্মুখীন হয়৷ সমান্তৰালভাৱে জনসাধাৰণৰ মাজলৈ ধৰ্ম লৈ যাবলৈ সাহিত্যক মাধ্যম হিচাপে গ্ৰহণ কৰাৰ পোষকতা কৰে৷ ফলত ১৮৪৬ চনত মিছনেৰিসকলৰ প্ৰচেষ্টাত শিৱসাৰৰ পৰা অৰুনোদই প্ৰকাশ হৈ ওলায় আৰু অসমীয়া সংবাদ-সাহিত্যৰো সূচনা হয়৷ একমাত্ৰ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যেৰেই যে মিছনেৰিসকলে আলোচনীখনৰ পৃষ্ঠপোষকতা কৰিছিল তেনে নহয়৷ সমান্তৰালভৱে অসমৰ থলুৱা ভাষাৰে অসমীয়া লোকক নানা বিষয়ৰ খবৰ-বাতৰি যোগোৱাই আছিল সেই আলোচনীৰ মূল লক্ষ্য৷ অৰুনোদইৰ প্ৰথম সংখ্যাটোলৈ মন কৰিলেই সেই কথা পতিয়মান হয়৷ ধৰ্ম প্ৰচাৰেই সৰ্বশেষ মাধ্যম হোৱা হ’লে সেই আলোচনীৰ প্ৰথম সংখ্যাতেই তাৰ কাৰ্যসূচী আৰু কৰ্ম পৰিকল্পনাৰ স্পষ্ট ব্যাখ্যা নি(য় থাকিলহেঁতেন৷ কিন্তু প্ৰথম সংখ্যাটোত আমি পাওঁ এনে কিছুমান কথা য’ত অসমত খৃষ্টধৰ্ম প্ৰচাৰ কৰাৰ কথা প্ৰায় নায়েই৷ প্ৰথম সংখ্যাৰ আঠ পৃষ্ঠাৰ বিষয়বোৰ হ’ল– ‘জোৱা বচৰৰ কথা’, ‘হেকলা পৰ্বতৰ তপত জোল ওলোআৰ কথা’, ‘ৰজাৰ মৈদাম খনা’ আৰু ‘কানিৰ বিবৰন’৷ আঠোটা পৃষ্ঠাৰ এই সংখ্যাৰ ৮১৬ টা শাৰীৰ মাত্ৰ ২২ টা শাৰীত ‘ধৰমৰ কথা বাত্ৰা’ নামৰ এটা বিষয় সন্নিৱিষ্ট হৈছে য’ত দেশ বিদেশত খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ কথা লিপিবদ্ধ হৈছে৷ সি যি কি নহওক অসমীয়া সংবাদ-সাহিত্যৰ সূচনা কৰা এই সংখ্যাৰ গুৰুত্ব অপৰিসীম৷
ভাষাৰ লগত এটা জতিৰ জাতীয় অস্তিত্ব নিৰ্ভৰ কৰে৷ অসমীয়া ভাষা-সংকটৰ সময়ত মাতৃভাষাৰ প্ৰতি ভাষিক সচেতনতা সৃষ্টিত অৰুনোদই কাকতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল৷ দেশ বিদেশৰ নানা বাতৰিৰে অসমৰ মানুহৰ মনৰ দিগন্ত অৰুনোদই কাকতে প্ৰসাৰিত কৰিলে৷ আনন্দৰাম ঢেকিয়াল ফুকনৰ ‘ইংলেণ্ডৰ বিবৰন’ নামৰ ৰচনা অৰুনোদইৰ ১৮৪৭ চনৰ এপ্ৰিল সংখ্যাত প্ৰকাশিত হৈছিল আৰু তাৰ মাজেদি অসমীয়া লোকে ইংলেণ্ডৰ জয়জয়-ময়ময় অৱস্থাৰ কথা জনি নিজৰ দুৰ্দশাৰ স্বৰূপটো উপলব্ধি কৰিব পাৰিছিল৷ ঢেকিয়াল ফুকনৰ ‘অসমীয়া ল’ৰাৰ মিত্ৰ’ৰো প্ৰসংসা প্ৰকাশিত হৈছিল এই কাকততেই৷ সমান্তৰালভাৱে অসমীয়া ভাষাৰ বিষয়ে আলোচনাৰ লগতে অসমৰ পুৰণি বুৰঞ্জীৰ কাহিনীও ধাৰাবাহিকভাৱে তাত প্ৰকাশ পাইছিল৷ অসমৰ সমাজতাত্ত্বিক দিশটোৰ প্ৰতিও কাকতখনৰ আছিল বিশেষ সচেতনতা৷ ভোট, গাৰো, নগা, খাম্টি, মিচিমি, চিংফৌ, আবৰ, দফলা, মিৰি, অকা আদি অসমৰ বিভিন্ন সম্প্ৰদায়ৰ পৰিচয়মূলক অনেক প্ৰবন্ধ প্ৰকাশিত হৈছিল৷ বিদেশী সাহিত্যৰ লগত অসমৰ মানুহক পৰিচয় কৰাই দিয়াৰ ক্ষেত্ৰতো অৰুনোদইৰ ভূমিকা আছিল উল্লেখযোগ্য৷ জন বিনিয়নৰ ‘পিল্গ্ৰিম্ছ্ প্ৰগ্ৰেছ’ৰ অসমীয়া অনুবাদ ‘জাত্ৰিকৰ জাত্ৰা’ ধাৰাবাহিকভাৱে এই কাকততেই প্ৰকাশ পাইছিল৷ এনেদৰেই অৰুনোদইয়ে অসমীয়া সংবাদ-সাহিত্যৰ এটা সুদৃঢ় ভেটিৰ সূচনা কৰে৷
অৰুনোদই কাকত চলি থকাৰ মাজতেই ১৮৭১ চনত অসমীয়া সংবাদসাহিত্যৰ জগতত দ্বিতীয়খন কাকত ‘আসাম বিলাসিনী’য়ে জন্ম লাভ কৰে৷ উল্লেখযোগ্য যে স্বদেশী লোকে প্ৰকাশ কৰা এইখন অসমৰ প্ৰথম সংবাদপত্ৰ৷ মাজুলী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ দেৱদত্ত গোস্বামীয়ে মিছনেৰীৰ খ্ৰীষ্টধৰ্ম প্ৰচাৰৰ বিৰোদ্ধে হিন্দু ধৰ্ম প্ৰচাৰ-প্ৰসাৰৰ মাধ্যম হিচাপে সংবাদপত্ৰক আশ্ৰয় হিচাপে গ্ৰহণ কৰে৷ [শান্তনু কৌশিক বৰুৱা, সাহিত্যৰ জ্ঞানকোষ, পৃ. ১২২] ইয়াৰ বাবে তেওঁ মাজুলীত ‘ধৰ্মপ্ৰকাশ যন্ত্ৰ’ নামেৰে এটা ছপাশাল স্থাপন কৰে৷ এই ছপাশালৰ পৰাই শ্ৰীধৰ বৰুৱাৰ সম্পাদনাত ‘আসাম বিলাসিনী’য়ে জন্ম লাভ কৰে আৰু অসমীয়া সংবাদ-সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰে৷ মূলতঃ বৈষ্ণৱ ধৰ্মৰ ওপৰত প্ৰতিষ্ঠিত ‘আসাম বিলাসিনীয়ে ‘অৰুনোদই’ৰ প্ৰতিদ্বন্দ্বীৰূপেই আত্মপ্ৰকাশ, প্ৰতিষ্ঠা আৰু বিস্তাৰ লাভ কৰিছিল৷ ১৮৮৩ চনলৈকে সুদীৰ্ঘ ১২ বছৰ কাল চলাৰ পাছত সত্ৰ স্থানান্তৰ হোৱাত কাকতখন বন্ধ হৈ যায়৷
অসমীয়া-সংবাদ সাহিত্যক সমৃদ্ধ কৰাৰ ক্ষেত্ৰত অৰিহণা আগবঢ়োৱা অৰুনোদইৰ সমসাময়িক আন এখন উল্লেখযোগ্য সংবাদপত্ৰ হৈছে ‘আসাম মিহিৰ’৷ আসাম বিলাসিনী প্ৰকাশৰ ঠিক এবছৰ পাছতেই অৰ্থত ১৮৭২ চনত গুৱাহাটীৰ চিদানন্দ প্ৰেচৰ পৰা যদুনাথ চক্ৰৱৰ্তীৰ সম্পাদনাত কাকতখন প্ৰকাশ হৈ ওলায়৷ প্ৰথমে বাংলা ভাষাত আৰু পাছত ইংৰাজী আৰু বঙালী উভয় ভাষতে প্ৰকাশ হৈ ওলোৱা কাকতখন মাত্ৰ এবছৰ বৰ্তি থাকি ১৯৭৩ চনত বন্ধ হৈ যায়৷
অসমীয়া ভাষা সাহিত্যৰ ইতিহাসৰ এজন উল্লেখযোগ্য ব্যক্তি হৈছে হেমচন্দ্ৰ বৰুৱা৷ সংবাদ-সাহিত্যৰ জগতলৈয়ো বৰুৱাৰ অৱদান আছিল উল্লেখযোগ্য৷ ১৮৮২ চনত বৰুৱাৰ সম্পাদনাত ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাতে প্ৰকাশ পায় সাদিনীয়া বাৰ্তালোচনী আসাম নিউজ৷ ১৮৮৫ চনলৈকে মাত্ৰ তিনিটা বছৰৰ কাল প্ৰকাশ পাই বন্ধ হোৱা স্বত্ত্বেও আসাম নিউজে অসমীয়া ভাষা সাহিত্যক এটা নিৰ্দিষ্ট গঢ় দিবলৈ সক্ষম হৈছিল৷ আসাম নিউজ আছিল অসমৰ প্ৰথমখন গুৰুত্বপূৰ্ণ ধৰ্মনিৰপেক্ষ কাকত৷ অসমীয়া ভাষা সাহিত্যক এটা নিৰ্দিষ্ট গঢ় দিবলৈ সক্ষম হোৱা কাকতখনৰ ভাষা আছিল বিশুদ্ধ আৰু গহীন৷ অৰুণোদইৰ ব্যাকৰণবিহীন ভাষাৰ বিৰোদ্ধে প্ৰত্যাহ্বান জনোৱা হেমচন্দ্ৰ বৰুৱাৰ আসাম নিউজে অসমত সাহিত্যৰ এটি যুগৰ সৃষ্টি কৰিব নোৱাৰিলেও সংস্কৃত পৰম্পৰাৰ পুনৰুত্থান ঘটাই আধুনিক অসমীয়া ভাষাৰ পাতনি মেলিলে৷ [চন্দ্ৰপ্ৰসাদ শইকীয়া [সম্পা.], অসমৰ বাতৰিকাকত-আলোচনীৰ ডেৰশ বছৰীয়া ইতিহাস, ভূমিকা, পৃ. .০১৫] আসাম নিউজে যি ভাষা শিকাই গ’ল, আজিৰ যুগৰ গদ্য ভাষাই তাৰ আলমতে অগ্ৰসৰ হৈছে বুলি ক’লেও বঢ়াই কোৱা নহয়৷ আসাম নিউজে শিক্ষিত সমাজত জনমত সৃষ্টি কৰাৰ উদ্দেশ্যে ৰাজহুৱা সমস্যা তথা অভাৱ অভিযোগৰ কথা মুকলিকৈ আলোচনা কৰিছিল৷ এনেদৰে সাহিত্য বিষয়ক ৰচনা আদিকো এই কাকতে যথোপযুক্ত স্থান দিছিল৷ মুঠৰ ওপৰত অসমীয়া সংবাদ-সাহিত্যক সমৃদ্ধ কৰাত আসাম নিউজৰ এক বলিষ্ঠ ভূমিকা আছে৷
গুণাভিৰাম বৰুৱাৰ সম্পাদনাত ১৮৮৫ চনত প্ৰকাশ পোৱা আসাম বন্ধু অসমীয়া সংবাদ-সাহিত্যৰ এক গুৰুত্বপূৰ্ণ সংযোজন৷ কলিকতাত চপা হৈ নগাঁৱৰ পৰা প্ৰকাশ পোৱা এই মাহেকীয়া আলোচনীখন বিভিন্ন প্ৰবন্ধ আৰু কবিতাৰে আকৰ্ষণীয়ভাৱে প্ৰকাশ পাইছিল৷ উল্লেখযোগ্য যে আসাম বন্ধুৰ সময়লৈকে অসমৰ পৰা প্ৰকাশিত সকলো আছিল ঘাইকৈ সংবাদধৰ্মী কাকত৷ এই ফালৰপৰা চাবলৈ গ’লে আসাম বন্ধুৱেই হ’ল অসমৰ প্ৰথমখন মাহেকীয়া সাহিত্য আলোচনী৷
অৰুনোদই আৰু ইয়াৰ সমসাময়ীক অসমীয়া সংবাদ-সাহিত্যৰ ধাৰাত ১৮৮৫ চনৰ জানুৱাৰী মাহত প্ৰকাশ হৈ উলোৱা মৌ এক উল্লেখযোগ্য সংযোজন৷ অসমীয়া আলোচনীৰ ইতিহাসত হৰনাৰায়ণ বড়া সম্পাদিত মৌ কাকতৰ ভূমিকা উপেক্ষণীয় নহয়৷ ‘মৌ’ সম্পৰ্কে সত্যেন্দ্ৰনাথ শৰ্মাই লিখিছে– ‘মৌ’ৰ বিভিন্ন সংখ্যাত প্ৰকাশ পোৱা প্ৰবন্ধলানিৰ পৰা এই কথা স্পষ্ট নহৈ নাথাকে যে আলোচনীখনৰ সাহিত্য চৰ্চা প্ৰধান উদ্দেশ্য নাছিল৷ অসমীয়া সমাজৰ উন্নতিৰ পথ নিৰ্দেশ কৰাহে ইয়াৰ মুখ্য উদ্দেশ্য আছিল৷ [সত্যেন্দ্ৰনাথ শৰ্মা [সম্পা.] মৌ, ভূমিকা, পৃ. .১৪]
এই সময়ৰ আন কেতবোৰ কাকত আলোচনীয়ে কম সময়ৰ বাবে হ’লেও অসমীয়া সংবাদ সাহিত্যক সমৃদ্ধি প্ৰদান কৰাত অৰিহণা যোগাইছিল৷ আসাম দৰ্পণ [১৮৭৪] আসাম দীপক [১৮৭৬], আসাম দীপিকা [১৮৭৬], ৰজনীকান্ত বৰদলৈৰ আসাম তৰা [১৮৮৬] ল’ৰা বন্ধু [১৮৮৬] ইত্যাদি৷ প্ৰথম অসমীয়া শিশু আলোচনী ল’ৰা বন্ধু প্ৰকাশ অসমীয়া সংবাদ সাহিত্যৰ এক অন্যতম গুৰুত্বপূৰ্ণ সংযোজন৷ কৰুণাভিৰাম বৰুৱাৰ সম্পাদনাত এই আলোচনীখন নগাঁৱৰ পৰা প্ৰকাশিত হৈছিল৷
এনেদৰে মন কৰিলে দেখা যায় যে অসমীয়া সংবাদ-সাহিত্যক বিভিন্ন দিশেৰে সমৃদ্ধ কৰাৰ ক্ষেত্ৰত আৰম্ভণি স্তৰৰ সংবাদপত্ৰ বা কাকত-আলোচনীবোৰে এক বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছিল৷ কিছুসংখ্যক আলোচনীৰ জীৱনকাল দীঘলীয়া নহয় যদিও ইবিলাকৰ সাহিত্যিক আৰু ঐতিহাসিক প্ৰমূল্য ওলাই কৰিব পৰা বিধৰ নহয়৷
জোনাকী আৰু ইয়াৰ সমসাময়িক অসমীয়া সংবাদ-সাহিত্য
‘অৰুনোদই’য়ে প্ৰতিষ্ঠা কৰা অসমীয়া সংবাদ-সাহিত্যক পৰৱৰ্তী যিখন কাকতে সসন্মানে আগুৱাই নিয়াতসহায় কৰিলে সেইখনেই আছিল জোনাকী৷ অসমীয়া সংবাদ-সাহিত্যৰ ইতিহাসত জোনাকীৰ ভূমিকা উল্লেখযোগ্য৷ কলিকতাত বাস কৰা সকলো প্ৰবাসী অসমীয়া একত্ৰিত হৈ ১৮৮জ্জ্ব চনৰ ২৫ আগষ্ট তাৰিখে ‘অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা’ প্ৰতিষ্ঠা কৰে৷ অ.ভা উ.সা. সভাই পুৰণি পুথি সংগ্ৰহ আৰু প্ৰকাশ, শিক্ষানুষ্ঠানত অসমীয়া ভাষাৰ প্ৰচলন, অশুদ্ধ ব্যাকৰণ আৰু আখৰ জোঁটনিৰ সলনি শুদ্ধ প্ৰণালীৰ ব্যৱহাৰ, সংস্কৃত আৰু আন ভাষাৰ পৰা উৎকৃষ্ট পুথিৰ অনুবাদ, অসমৰ সামাজিক আৰু ধৰ্মীয় পদ্ধতিৰ তথ্য সংগ্ৰহৰ যোগেদি বুৰঞ্জীৰ প্ৰণয়ন আৰু পাঠ্যপুথিৰ লগতে আন আন সাহিত্য বিষয়ক ৰচনাৰ অভাৱ দূৰ কৰিবলৈ আঁচনি গ্ৰহণ কৰিছল৷ নৱপ্ৰতিষ্ঠিত এই অ.ভা.উ.সা. সভাৰ নীতিসমূহ প্ৰতিফলিত কৰিব পৰাকৈ এখন কাকতৰ প্ৰয়োজন হোৱাত মুখপত্ৰ স্বৰূপে ১৮৮জ্ঝ চনৰ জানুৱাৰী মাহত জোনাকী নামৰ নতুন এখন মাহেকী কাকতে জন্মলাভ কৰে৷ এই কাকতখনক কেন্দ্ৰ কৰিয়েই সময়ত অসমীয়া সাহিত্যত ‘জোনকী যুগ’ নাম লৈ এটা নতুন যুগৰ সৃষ্টি হৈছিল৷ জোনাকী কাকতৰ জন্মৰ কাহিনীয়ে অসমীয়া সাহিত্য আৰু সমাজত দেখা দিয়া পৰিৱৰ্তনৰ আভাস দাঙি ধৰে৷
জোনাকী প্ৰকাশৰ ঠিক এবছৰ পাছতেই ১৮৯০ চনত অসমীয়া-সংবাদ সাহিত্যৰ জগতত বিজুলীৰ সংযোজন ঘটে৷ কলিকতাৰ পৰা ‘আছামিজ লিটাৰেলী ক্লাব’ নামৰ অনুষ্ঠান এটিৰ উদ্যোগত প্ৰকাশিত এই মাহেকীয়া আলোচনীখনৰ সম্পাদক আছিল নীলকণ্ঠ বৰুৱা আৰু কৃষ্ণপ্ৰসাদ বৰুৱা৷ দ্বিতীয় বছৰৰ পৰা পদ্মনাথ গোহাঞিবৰুৱা বিজুলীৰ সম্পাদক হৈছিল৷ জোনাকীৰ সমান্তৰালকৈ বিজুলীক কেন্দ্ৰৰ কৰি ৰোমাণ্টক যুগৰ গুৰিয়ালসকলৰ বিকাশ সাধিত হৈছিল আৰু অসমীয়া ৰোমাণ্টিক সাহিত্যই ইয়াৰ গাতে ভেঁজা দি মূৰ দাঙি উঠিছিল৷ [শান্তনু কৌশিক বৰুৱা, পূৰ্বোল্লিখিত, পৃ. ৩১৩-৩১৪] মাত্ৰ দুবছৰ প্ৰকাশ হৈ ১৮৯২ চনত বন্ধ হৈ যোৱা বিজুলী আলোচনীৰ বৰঙণি আধুনিক অসমীয়া সাহিত্য আৰু সংবাদপত্ৰৰ বিকাশত অত্যন্ত বেছি৷
জোনাকীৰ সমান্তৰালভাৱে প্ৰকাশিত আন এখন আলোচনী হৈছে আসাম বন্তি৷ মথুৰা মোহন বৰুৱাৰ সম্পাদনাত ১৯০০ চনৰ ১৪ জানুৱাৰী ত প্ৰকাশ পোৱা সাদিনীয়া এই কাকতখনে অসমীয়া সংবাদ-সাহিত্যৰ ইতিহাসক সমৃদ্ধি কৰাত বৰঙণি যোগায়৷ উল্লেখযোগ্য যে প্ৰতি বৃহস্পতিবাৰে প্ৰকাশিত এই সংবাদপত্ৰ মূলতঃ অসমীয়া ভাষাৰ আছিল যদিও বিষয়ৰ গুৰুত্ব বুজি প্ৰবন্ধ-পাতি, চিঠি-পত্ৰ, সম্পাদকীয় আদি কেতিয়াবা অসমীয়া ইংৰাজী দুয়োটা ভাষাতে প্ৰকাশ কৰিছিল৷
জোনাকী পৰৱৰ্তী অসমীয়া সংবাদ-সাহিত্য
অৰুনোদই-জোনাকীয়ে কাটি দিয়া বাটেৰে বাট বুলি কুৰি শতিকাৰ আগভাগত ভালেসংখ্যক কাকত-আলোচনীয়ে প্ৰকাশৰ মুখ দেখে যিয়ে অসমীয়া সংবাদ-সাহিত্যৰ ধাৰাটোক অধিক সমৃদ্ধি প্ৰদান কৰে৷ এই সময়চোৱাৰ আৰম্ভণি পৰ্যায়ত প্ৰকাশিত এখন উল্লেখযোগ্য আলোচনী হৈছে ‘ঊষা’৷ পদ্মনাথ গোহাঞিবৰুৱাৰ সম্পাদনাত ১৯০৭ চনত প্ৰকাশিত এই আলোচনীখনে চুটিগল্প, প্ৰাচীন অসমীয়া সাহিত্যৰ আলোচনা, প্ৰবন্ধ, ন ন কবিতা আৰু সমসাময়িক ভাষা, সাহিত্য আৰু সামাজিক সমস্যাবোৰৰ আলোচনা প্ৰকাশ কৰি অসমীয়া সমাজ-সাহিত্যৰ বিকাশত প্ৰভূত বৰঙণি আগবঢ়াইছিল৷
‘ঊষা’ৰ সমান্তৰালভাৱে জন্মলাভ কৰা এখন উল্লেখযোগ্য মাহেকীয়া আলোচনী হ’ল ‘বাঁহী’৷ লক্ষ্মীনাথ বেজবৰুৱাৰ সম্পাদনাত ১৯০৯ চনত প্ৰকাশিত এই আলোচনীখন সুদীৰ্ঘ ৩৬ বছৰ কাল চলাৰ পাছত ১৯৪৫ চনত বন্ধ হয়৷ ভাষা, সাহিত্য, সংস্কৃতি, জীৱনী, বুৰঞ্জী, ধৰ্ম, দৰ্শন আদি সকলো বিষয়ৰ ৰচনা প্ৰকাশেৰে আলোচনীখনে অসমীয়া ভাষা-সাহিত্যৰ এক অভূতপূৰ্ব বৰঙণি আগবঢ়ালে৷ নিহন্দেহে ই বেজবৰুৱাৰ পৰিপূৰ্ণ চিন্তাৰ ফচল৷ কেৱল যে ভাষা-সাহিত্যকেহে ‘বাঁহী’য়ে বিশেষ গুৰুত্ব প্ৰদান কৰিছিল তেনে নহয়, ইয়াৰ সমান্তৰালভাৱে শিক্ষা-দীক্ষা আৰু সামাজিক উন্নতিৰ দিশতো যথেষ্ট ভূমিকা গ্ৰহণ কৰিছিল৷ উল্লেখযোগ্য যে ভালেসংখ্যক আগশাৰীৰ অসমীয়া কবি-সাহিত্যিক যেনে– যতীন্দ্ৰনাথ দুৱৰা, দণ্ডিনাথ কলিতা, ৰত্নকান্ত বৰকাকতি আদিৰ সাহিত্য প্ৰতিভা বিকাশৰো ক্ষেত্ৰ আছিল ‘বাঁহী’৷
বাঁহীৰ সমান্তৰালভাৱে ভালেসংখ্যক কাকত-আলোচনীয়ে জন্ম আৰু বিকাশ লাভ কৰিছিল৷ ইবিলাকৰ ভিতৰত দুৰ্গানাথ চাংকাকতিৰ সম্পাদিত আলোচনী [১৯১০-১৯১৭], তাৰানাথ চক্ৰৱৰ্তীৰ সম্পাদনাত আসাম বান্ধৱ [১৯১০-১৯১৬], কৃষ্ণ চন্দ্ৰ বৰুৱাৰ সম্পাদনাত আসাম হেৰাল্ড [১৯১২], তোষেশ্বৰ ঢেকিয়াল ফুকনৰ সম্পাদনাত আসাম ৰায়ত [১৯১২], ৰণৰ বাতৰি [১৯১৪], চন্দ্ৰকুমাৰ আগৰৱালাৰ সম্পাদনাত অসমীয়া [১৯১৮], শৰৎ চন্দ্ৰ গোস্বামীৰ সম্পাদনাত প্ৰভাত [১৯১৫], হেমচন্দ্ৰ গোস্বামীৰ সম্পাদনাত অকন [১৯১৬], ি.ডম্বেশ্বৰ বৰুৱাৰ সম্পাদনাত গাঁৱলীয়া [১৯১৮], পদ্মধৰ চলিহাৰ সম্পাদনাত ইছালামী আখবাৰ [১৯১৮], চন্দ্ৰ নাথ শৰ্মাৰ সম্পাদনাত চেতনা [১৯১৯], ৰজনীকান্ত বৰদলৈৰ সম্পাদনাত অসম প্ৰদীপিকা [১৯২০] নাৰায়ণ চন্দ্ৰ বৰুৱাৰ সম্পাদনাত অসম কৃষক [১৯২১], সিংহ দত্ত চৌধুৰীৰ সম্পাদনাত মিলন [১৯২৩], ৰঘুনাথ চৌধাৰীৰ সম্পাদনাত শিশু আলোচনী মইনা [১৯২৩], মৌলবী মহম্মদ চালেহৰ সম্পাদনাত সাধনা [১৯২৪], নাৰায়ণ চন্দ্ৰ বৰুৱাৰ সম্পাদনাত খেতিয়ক [১৯২৪], কমলাকান্ত ভট্টাচাৰ্যৰ সম্পাদনাত আসাম হিতৈষী [১৯২৪], মহাদেৱ শৰ্মাৰ সম্পাদনাত শিশু আলোচনী অৰুণ [১৯২৬], কীৰ্তিনাথ খাখলাৰীৰ সম্পাদনাত প্ৰভাতী [১৯২৫], চন্দ্ৰকান্ত বৰপুজাৰী আৰু লক্ষেশ্বৰ শৰ্মাৰ সম্পাদনাত জেউতি [১৯২৬], অৰুণ কুমাৰ ভট্টাচাৰ্যৰ সম্পাদনাত ইণ্টাৰনেশ্বনেল টাইমছ [১৯২৭], কনকলতা চলিহা আৰু কমলালয়া কাকতিৰ সম্পাদনাত প্ৰথমখন অসমীয়া মহিলা আলোচনী ঘৰ জেউতি [১৯২৭] ইত্যাদি আলোচনীয়ে কম বেছি পৰিমাণে অৰিহণা আগবঢ়াই অসমীয়া সংবাদ-সাহিত্যৰ ভেটি টনকীয়াল কৰি তোলে৷
জোনাকী পৰৱৰ্তী অসমীয়া সংবাদ-সাহিত্যলৈ বৰঙণি আগবঢ়োৱা এখন উল্লেখযোগ্য তিনিমহীয়া আলোচনী হ’ল অসম সাহিত্য সভা পত্ৰিকা৷ ১৯১৭ চনত জন্মলাভ কৰা ‘অসম সাহিত্য সন্মিলনী’ৰ ১৯২৫ চনৰ ডিচেম্বৰ মাহত ৰজনীকান্ত বৰদলৈৰ সভাপতিত্বত নগাঁৱত অনুষ্ঠিত অষ্টম বাষিক সন্মিলনৰ গৃহীত প্ৰস্তাৱযোগে সভাৰ এখন তিনিমহীয়া মুখপত্ৰ প্ৰকাশ কৰিবলৈ স্থিৰ কৰে৷ বাতৰিকাকতৰ মাধ্যমত মতামত সংগ্ৰহ কৰি নাম ৰখা হ’ল অসম সাহিত্য সভা পত্ৰিকা৷ সাহিত্য সেৱাই একমাত্ৰ উদ্দেশ্য, অসম দেশৰ আধুনিক সাহিত্যৰ সৰ্বাদি সন্মত আদৰ্শ অনুসৰণক লক্ষ্য হিচাপে ধৰি সাহিত্য সভা পত্ৰিকাই দৰ্শন-বিজ্ঞান, ইতিহাস, অৰ্থনীতি, সংগীত প্ৰভৃতি সাহিত্যৰ সকলো শাখাৰে নীৰৱভাৱে চৰ্চা কৰাত গুৰুত্ব আৰোপ কৰিছিল৷ [সুনিল পৱন বৰুৱা, পূৰ্বোল্লিখিত, পৃ. ১০৮] গহীন আলোচনামূলক আৰু গৱেষণামূলক প্ৰবন্ধৰ বাটকটীয়া আলোচনীখন সাহিত্যৰত্ন চন্দ্ৰধৰ বৰুৱাৰ সম্পাদনাত ১৯২৬ চনত প্ৰথম প্ৰকাশ পায়৷ ১৯২৬ চনৰ পৰা ১৯৭২ চনলৈকে তিনিমহীয়াকৈ প্ৰকাশ হৈ ১৯৭৩ চনত পত্ৰিকাখন মাহেকীয়া হয়৷ আকৌ ১৯৭৪ চনৰপৰা তিনিমহীয়া কৰা হয়৷ অসমীয়া সাহিত্যৰ বিশিষ্ট বক্তাসকলে সম্পাদনা কৰা আৰু¸ অৰ্ধশতিকাৰো অধিক কাল চলি থকা অসম সাহিত্য সভা পত্ৰিকাক অসমীয়া ভাষাত প্ৰকাশিত এক উচ্ছ মানবিশিষ্ট গৱেষণা কাকতৰূপে গণ্য কৰিব পাৰি৷ চিন্তাগধুৰ সাহিত্য চৰ্চাত এই কাকতখনৰ বিশেষ ভূমিকা আছে৷ যোৰহাটৰ পৰা প্ৰকাশিত এই পত্ৰিকাখন বৰ্তমানেও স্বকীয় বৈশিষ্ট্যৰে প্ৰকাশ হৈ অসমীয়া সংবাদ-সাহিত্যৰ ভঁৰাল টনকীয়াল কৰি ৰাখিছে৷
আৱাহন আৰু ইয়াৰ সমসাময়িক অসমীয়া সংবাদ-সাহিত্য
অসমীয়া ভাষা-সাহিত্যত উল্লেখযোগ্য বৰঙণি আগবঢ়াই এটা যুগৰ সৃষ্টি কৰিবলৈ সক্ষম হোৱা আলোচনী ‘অৰুনোদই’ আৰু ‘জোনাকী’ৰ পাছতেই আৱাহনৰ স্থান৷ আৱাহনৰ প্ৰকাশে অসমীয়া সাহিত্যত এটি নতুন অধ্যায়ৰ সূচনা কৰে৷ সমান্তৰালভাৱে ই সংবাদ-সাহিত্যৰো ভেটি সুদৃঢ় কৰে৷ জমিদাৰ নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ পৃষ্ঠপোষকতাত আৰু দীননাথ শৰ্মাৰ সম্পাদনাত ১৯২৯ চনত কলিকতাৰ পৰা মাহেকীয়া আলোচনী হিচাপে প্ৰকাশ পায়৷ তদানিন্তন ভাৰতীয় ভাষাৰ আগশাৰীৰ আলোচনীৰ আলোচনীৰ লগত ফেৰ মাৰিব পৰাকৈ ‘আৱাহন’ আকৰ্ষণীয় বহিৰাবৰণ আৰু সুন্দৰ ছপা আখৰেৰে ছপা হৈ উলাইছিল৷ সমান্তৰালভাৱে সাহিত্যিক মূল্যৰৰ দিশৰ পৰাও আছিল গুৰুত্বপূৰ্ণ৷ গল্প, ভ্ৰমণ বৃত্তান্ত, প্ৰবন্ধ, কবিতা আৰু ধাৰাবাহিক ভাৱে প্ৰকাশ পোৱা উপন্যাস আদিৰে সৈতে ‘আৱাহন’ আছিল এখন সুখপাঠ্য আলোচনী৷ উল্লেখযোগ্য যে আৱাহনৰ যোগেদিয়েই অসমীয়া চুটি গল্পই স্বকীয় বৈশিষ্ট্যৰে সমৃদ্ধি লাভ কৰিবলৈ সক্ষম হৈছিল৷
আৱাহনৰ সমসাময়িকভাৱে ভালেসংখ্যক কাকত-আলোচনীয়া জন্ম আৰু বিকাশ লাভ কৰিছিল৷ ইবিলাকৰ ভিতৰত শিৱপ্ৰসাদ বৰুৱাৰ সম্পাদনাত সাদিনীয়া বাতৰি [১৯৩০], কমলাকান্ত বৰুৱাৰ সম্পাদনাত বৰদৈচিলা [১৯৩১], তুলসী নাৰায়ণ শৰ্মাৰ সম্পাদনাত আমাৰ দেশ [১৯৩২], ডাঃ হৰিকৃষ্ণ দাসৰ সম্পাদনাত অসম সেৱক [১৯৩২], ডিম্বেশ্বৰ বৰুৱাৰ সম্পাদনাত গাঁৱলীয়া [১৯৩২], কীৰ্তিনাথ খাখলাৰীৰ সম্পাদনাত ৰাইজ [১৯৩৩], নীলমণি ফুকনৰ সম্পাদনাত ন-জোন [১৯৩৪], উপেন্দ্ৰ লেখাৰু [সম্পা.] অসম [১৯৩৫] ৰেণু দেৱী [সম্পা.] কুঁৱৰী [১৯৩৬], গংগাৰাম চৌধুৰী [সম্পা.] প্ৰতিভা [১৯৩৬], বিজয় চন্দ্ৰ ভাগৱতী [সম্পা.] আসাম সেৱক [১৯৩৮] আদি কাকত-আলোচনীৰ নাম ল’ব পাৰি৷ ইবিলাকে আৱাহনৰ সমান্তৰালকৈ সেৱা আগ বঢ়াই অসমীয়া সংবাদ সাহিত্যৰ ভেটি সুদৃঢ় কৰাত অৰিহণা যোগাইছিল৷
আৱাহনৰ সমসাময়িক ভাৱে অসমীয়া সংবাদ-সাহিত্যলৈ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়োৱা আন এখন উল্লেখগ্য আলোচনী হ’ল ‘জয়ন্তী’৷ অসমীয়া সাহিত্যৰ বুৰঞ্জীত ‘জয়ন্তী’ৰ¸ স্থান সুকীয়া৷ ৰঘুনাথ চৌধাৰীৰ সম্পাদনাত ১৯৩৮ চনৰ ২ জানুৱাৰীৰ পৰা প্ৰকাশ পোৱা জয়ন্তী আছিল সচিত্ৰ পষেকীয়া আলোচনী৷ জয়ন্তীয়ে প্ৰথম বছৰৰ পৰাই নিজ নীতি ৰাজহুৱাকৈ প্ৰকাশ কৰি আহিছিল৷ ‘জয়ন্তী’ৰ নীতিকেইটা আছিল– [ক] এই আলোচনীখন সম্পূৰ্ণ জাতীয়তাবাদী হ’ব৷ কোনো দল বা সম্প্ৰদায় বিশেষৰ নীতি পৰিতোষণ কৰা ইয়াৰ উদ্দেশ্য নহয়৷ [খ] জাতীয় উন্নতিৰ বাবে যি যি উপায় লোৱা আৱশ্যক আৰু যাৰ পৰা আমাৰ উপকাৰ হ’ব পাৰে তেনে কথাৰ আলোচনা কৰা হ’ব৷ [গ] বিশেষকৈ গাঁৱলীয়া ৰাইজৰ অভাৱ-অভিযোগৰ কথা এই কাকতত ঠাই দিয়া হ’ব৷ উল্লেখযোগ্য যে অসমীয়া সাহিত্যত ৰোমাণ্টিক কবিতাৰ ঠাইত নতুন ভাৱধাৰা সম্বলিত বাস্তৱবাদী কবিতা প্ৰকাশত জয়ন্তী আছিল বাটকটীয়া৷ জয়ন্তীৰ যোগেদিয়েই এচাম প্ৰগতিশীল কবি সাহিত্যিকে অসমীয়া সাহিত্যত ভুমুকি মাৰিলে আৰু ইয়াৰ লগে লগে নবীন লেখক-লেখিকাৰ প্ৰতিভা বিকাশৰ বাবেও জয়ন্তীয়ে এখন সুন্দৰ ক্ষেত্ৰৰ সূচনা কৰিলে৷ অসমৰ জাতীয় জীৱনত দেখা দিয়া বিভিন্ন সমস্যৰ প্ৰতিও জয়ন্তীয়ে স্পষ্ট ভাষাত মাত মাতিছিল৷ তদুপৰি নীতিগতভাৱে ৰাজনীতি পৰিহাৰ নকৰাকৈ জাতীয় জীৱনৰ সমস্যাক সাহিত্যৰ সমস্যা হিচাপে গ্ৰহণ কৰি লোৱাটো আছিল জয়ন্তীৰ আন এক চৰিত্ৰ৷ পৰৱৰ্তী সময়ত জয়ন্তীয়ে জাতীয়তাবাদী সাজ সলাই সাহিত্য-সংস্কৃতিমূলক মাহেকীয়া আলোচনীৰূপে আত্মপ্ৰকাশ কৰে৷ কমল নাৰায়ণ দেৱৰ সম্পাদনাত প্ৰকাশ পোৱা এই নতুন জয়ন্তীয়ে সমাজবাদী আৰু প্ৰগতিশীল চিন্তাৰ বাট মুকলি কৰে আৰু সচেতনভাৱেই অসমীয়া সাহিত্যত এক নতুন ধাৰাৰ প্ৰৱৰ্তনৰ প্ৰচেষ্টা চলায়৷
জয়ন্তীৰ সমান্তৰালভাৱে কেইবাখনো কাকত-আলোচনীয়ে অসমীয়া সংবাদ-সাহিত্যলৈ বৰঙণি যোগাইছিল৷ বেণুধৰ শৰ্মা [সম্পা.] তৰুণ অসম [১৯৩৯], আব্দুল মতিন চৌধুৰী [সম্পা,] আসাম হেৰাল্ড [১৯৩৯], বেথাৰাম বৰা [সম্পা.] স্বৰাজ [১৯৩৯], দীননাথ শৰ্মা [সম্পা] শিশু আলোচনী পাৰিজাত [১৯৪০], বিৰিঞ্চি কুমাৰ বৰুৱা [সম্পা] শিশু আলোচনী ‘ৰংঘৰ [১৯৪৮] আদি আলোচনীৰ কথা এই ক্ষেত্ৰত বিশেষভাৱে উল্লেখযোগ্য৷ ৰংঘৰৰ পাতত জ্যোতিপ্ৰসাদ আগৰৱালা, দেৱকান্ত বৰুৱা, কমলাকান্ত ভট্টাচাৰ্য, ৰত্নকান্ত বৰকাকতী, মহেশ্বৰ নেওগ, উপেন্দ্ৰ চন্দ্ৰ লেখাৰু, নৱকান্ত বৰুৱা, মহিম বৰা আদিৰ দৰে সেই সময়ৰ নবীন-প্ৰবীন কবি-সাহিত্যিকসকলৰ ৰচনা প্ৰকাশিত হৈছিল আৰু এখন উল্লেখযোগ্য শিশু আলোচনী হিচাপে ই পঢ়ুৱৈ সমাজৰ দ্বাৰা গৃহীত হৈছিল৷ এক প্ৰকাৰে ক’বলৈ গ’লে সংবাদ-সাহিত্যৰ সাৰ্থকতা তাতেই!
অৱাহনৰ সমসাময়িক ভাৱে প্ৰকাশ পোৱা তথা অসমীয়া সংবাদ-সাহিত্যৰ ভেটি সমৃদ্ধ কৰা আন কেইখনমান কাকত-আলোচনী– কেশৱ চন্দ্ৰ ভূঞা [সম্পা.] যুগবাণী [১৯৪০], চন্দ্ৰপ্ৰভা শইকীয়ানী [সম্পা.] অভিযান [১৯৪১], মেদিনী মোহন ব্ৰহ্ম [সম্পা.] নায়ক [১৯৪১], ডাঃ হৰেকৃষ্ণ দাস [সম্পা.] আসাম সেৱক [১৯৪২], কৃষ্ণ ভূঞা [সম্পা.] ভৱিষ্যৎ অসম [১৯৪৩], মাধৱ চন্দ্ৰ বেজবৰুৱা [সম্পা] সাদিনীয়া বাঁহী [১৯৪৩], ৰমেশ চন্দ্ৰ দাস [সম্পা.] সুৰমা উপত্যকা [১৯৪৩], দীননাথ শৰ্মা [সম্পা.] পাৰিজাত [১৯৪১], কেদাৰ নাথ গোস্বামী [সম্পা.] পঞ্চায়ত [১৯৪৬], কেশৱ চন্দ্ৰ বৰুৱা [সম্পা.] অখণ্ড ভাৰত [১৯৪৭] দুলাল চন্দ্ৰ ভূঞা [সম্পা.] সাপ্তাহিক জনমভূমি [১৯৪৭], হেমচন্দ্ৰ বৰুৱা [সম্পা.] পচোৱা [১৯৪৮], দৈনিক অসমীয়া [১৯৪৫.], নতুন অসমীয়া [১৯৪৮], প্ৰতাপ চন্দ্ৰ তালুকদাৰ [সম্পা.] কামৰূপ [১৯৪৮], চন্দ্ৰ প্ৰভা শইকীয়া [সম্পা.] অভিযাত্ৰী [১৯৪৮], সুৰেশ চন্দ্ৰ ভট্টাচাৰ্য [সম্পা.] অসম বাতৰি [১৯৪৮], ড॰ বিৰিঞ্চি কুমাৰ বৰুৱা [সম্পা.] ৰংঘৰ [১৯৪৮], চক্ৰেশ্বৰ শইকীয়া [সম্পা.], কৃষক [১৯৪৮], কীৰ্তিনাথ হাজৰিকা [সম্পা.], নতুন অসমীয়া [১৯৮৯], ধীৰেশ্বৰ ভট্টাচাৰ্য [সম্পা.] পাঞ্চজন্য [১৯৪৯], চিত্ৰ মহন্ত [সম্পা.] ৰাষ্ট্ৰসেৱক [১৯৪৯], তনু কোঁৱৰ [সম্পা.] সংগ্ৰাম [১৯৪৯] ইত্যাদিৰ ভূমিকা লেখত ল’বলগীয়া৷
ৰামধেনু আৰু ইয়াৰ সমসামিয়ক অসমীয়া সংবাদ-সাহিত্য
অসমীয়া সংবাদ-সাহিত্যৰ ইতিহাসত ৰামধেনুৰ সংযোজনে এক নতুন দিগন্তৰ সূচনা কৰিলে৷ ১৯৫১ চনত গুৱাহাটীৰ পৰা ইন্দ্ৰকমল বেজবৰুৱা আৰু মহেশ্বৰ নেওগৰ যুটীয়া সম্পাদনত প্ৰকাশিত ৰামধেনুৱে অসমীয়া সাহিত্যৰ বুৰঞ্জীত ৰামধেনু যুগ নামেৰে এক স্বতন্ত্ৰ যুগৰেই সৃষ্টি কৰিবলৈ সক্ষম হৈছিল৷ অৱশ্যে এটা কথা জানি এইখিনিতে উল্লেখ কৰা ভাল হ’ব যে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ সম্পাদনাতহে ৰামধেনুৱে এই বিশেষ মৰ্যাদা লাভ কৰিবলৈ সক্ষম হৈছে৷ হোমেন বৰগোহাঞিয়ে এই সম্পৰ্কে লিখিছে– কুৰি শতিকাৰ দ্বিতীয়াৰ্ধত ‘ৰামধেনু’ নামৰ যিখন সাহিত্য আলোচনীয়ে অসমীয়া সাহিত্যত কেতবোৰ বিশেষ লক্ষণাক্ৰান্ত এটা নতুন যুগৰ সূচনা কৰিছিল– সেই আলোচনীখনক তাৰ বিশেষ চৰিত্ৰ দান কৰিছিল বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্য্যৰ সাহিত্যিক ব্যক্তিত্বই৷ চুম্বকে লোহাক আকৰ্ষণ কৰাৰ দৰে তেওঁৰ আধুনিকতা-মনস্ক সাহিত্যিক ব্যক্তিত্বই আকৰ্ষণ কৰিছিল সেইসকল তৰুণ লেখকক– যিসকলে জীৱন আৰু জগত সম্পৰ্কে তেওঁলোকৰ মনত উদয় হোৱা নতুন চিন্তা আৰু ধাৰণাবোৰ প্ৰকাশ কৰিবলৈ এক নতুন মাধ্যমৰ সন্ধান কৰিছিল৷ তেওঁলোক সকলোৱেই একে সময়তে ‘ৰামধেনু’ৰ পাতত থূপ খাই এটা নতুন সাহিত্যিক আন্দোলন গঢ়ি তুলিব পাৰিলে কেৱল এই কাৰণেই যে তেওঁলোকক সুযোগ দিবলৈ, উৎসাহ দিবলৈ আৰু প্ৰশ্ৰয় দিবলৈ প্ৰস্তুত হৈ আছিল নৱযুগৰ নায়ক বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্য্য৷ বীৰেন্দ্ৰকুমাৰ ভট্টাযাৰ্য্য ৰামধেনুৰ সম্পাদক নোহোৱা হ’লেও হয়তো এওঁলোকৰ মাজত কিছুমান লেখকে বিক্ষিপ্তভাৱে অ’ত ত’ত লিখি থাকিলহেঁতেন বা কিতাপৰ আকাৰত নিজৰ লেখাবোৰ প্ৰকাশ কৰিলহেঁতেন৷ কিন্তু বহুধা বিক্ষিপ্ত সেই লেখাবোৰৰ মাজত এটা নতুন সাহিত্যিক আন্দোলনৰ সংহত ৰূপ বা বিশেষ চৰিত্ৰ কেতিয়াও ফুটি নুঠিলহেঁতেন৷ সেই কাৰণে অসমীয়া সাহিত্যৰ ‘ৰামধেনু যুগ’ বুলি ক’লে আমি বুজি পাওঁ কেৱল বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্য্যৰ দ্বাৰা সম্পাদিত ‘ৰামধেনু’ৱে সৃষ্টি কৰা যুগটোক৷ [হোমেন বৰগোহাঞি [সংক. আৰু সম্পা.] ৰামধেনু, পাতনি, ৰ] সি যি হওক এই কথা স্পষ্ট যে ‘ৰামধেনু’ৱে আধুনিক অসমীয়া সাহিত্যৰ পৃষ্ঠপোষকতা কৰিছিল আৰু পৰিকল্পিতভাৱে সঘনাই আধুনিক সাহিত্য-সংশ্লিষ্ট বিভিন্ন ৰচনা প্ৰকাশ কৰি এই ধাৰটো অধিক সুদৃঢ় কৰিবলৈ প্ৰয়াস কৰিছিল৷ ‘ৰামধেনুৰ পাততেই প্ৰকাশিত হেম বৰুৱা, নৱকান্ত বৰুৱা, মহেন্দ্ৰ বৰা, হোমেন বৰগোহাঞি, চৈয়দ আব্দুল মালিক, নিৰ্মলপ্ৰভা বৰদলৈ আদিৰ দৰে কবি সাহিত্যিকসকলৰ কবিতা, কবিতাৰ গভীৰ সমালোচনা আৰু আন মনোজ্ঞ এচাম মননশীল পাঠকৰ জন্ম হ’ল৷
ৰামধেনুৰ সমান্তৰালভাৱে আন কেতবোৰ ভালেসংখ্যত কাকত-আলোচনীৰ প্ৰকাশে ৰামধেনু আৰু ইয়াৰ সমসাময়ীক অসমীয়া সংবাদ-সাহিত্যৰ ধাৰাটোক সমৃদ্ধি প্ৰদান কৰিছিল৷ ইবিলাকৰ ভিতৰত দিধি মহন্তৰ [সম্পা.] নতুন অসম [১৯৫০], বেলিৰাম দাস [সম্পা.] ৰাইজ [১৯৫০], অনিলেন্দ্ৰ শৰ্মা [সম্পা.] সংকেত [১৯৫০], শুকদেৱ গোস্বামী [সম্পা.] গঠন [১৯৫০] ঘনকান্ত চেতিয়া ফুকন [সম্পা.] নৱ যুগৰ তৰুণ শক্তি [১৯৫০], প্ৰফুল্ল চন্দ্ৰ বৰুৱা [সম্পা.] কাণ্ডাৰী [১৯৫০], দিধি মহন্ত [সম্পা.] জনমত [১৯৫০], প্ৰেমধৰ ৰাজখোৱা [সম্পা.] সৌমাৰজ্যোতি [১৯৫০], হৰেন্দ্ৰ নাথ বৰুৱা [সম্পা.] ৰইজ [১৯৫০], ৰঘুনাথ চৌধাৰী [সম্পা.] সুৰভি [১৯৫০], যোগেন্দ্ৰ নাথ বৰকাকতি [সম্পা.] কংগ্ৰেছ [১৯৫০], কমল লোচন দাস [সম্পা.] ধুমুহা [১৯৫১], হেমচন্দ্ৰ দত্ত [সম্পা.] ইনকিলাব [১৯৫১], তাৰণি দাস [সম্পা.] সাদিনীয়া শান্তিদূত [১৯৫১], বিজয় চন্দ্ৰ ভাগৱতী [সম্পা.] কংগ্ৰেছ [১৯৫২], ধৰ্মেশ্বৰ কটকী [সম্পা.] লখিমী [১৯৫২], তাৰিণী দাস [সম্পা.] দৈনীক শান্তিদূত [১৯৫২], লক্ষী প্ৰসাদ দত্ত [সম্পা.] জেউতি মৰল [১৯৫২], হেমচন্দ্ৰ কোঁৱৰ [সম্পা.] যুগৰ পথত [১৯৫২], তাৰক শৰ্মা [সম্পা.] দীপাৱলী [১৯৫৩], শুক্লেশ্বৰ বৰা [সম্পা.] জয়ন্তী [১৯৫৩], ইব্ৰাহিম আলি [সম্পা.] কাঁচিজোন [১৯৫৩], কৃষ্ণপ্ৰিয়া [সম্পা.] কল্যাণী [১৯৫৩], বিপিন শৰ্মা [সম্পা.] বাতায়ন [১৯৫৩], গোৱালপাৰাৰ বাতৰি [১৯৫৪], ধীৰেশ্বৰ ভট্টাচাৰ্য [সম্পা.] পাঞ্চজন্য [১৯৫৪], জগদিশ ফুকন [সম্পা.] ডিগবৈ বাতৰি [১৯৫৪], সতীশ চন্দ্ৰ কাকতি [সম্পা] অসমবাণী [১৯৫৫], কল্পকান্ত হাজৰিকা [সম্পা.] পঞ্চতন্ত্ৰ [১৯৫৬], কিৰণ শৰ্মা [সম্পা.] সমলয় [১৯৫৬], মহিম বৰা [সম্পা.] অৰুণাচল [১৯৫৬], ড॰ ললিত বৰুৱা [সম্পা.] আমাৰ স্বাস্থ্য [১৯৫৬], অৰুণ বৰুৱা [সম্পা.] জ্ঞানোদয় [১৯৫৭], ৰামচন্দ্ৰ দাস আৰু নকুল দাসৰ যুটিয়া সম্পাদনাত সমাজ [১৯৫৭], দৈৱ তালুকদাৰ [সম্পা.] গান্ধীৱ [১৯৫৮], ভূপেন হাজৰিকাৰ [সম্পা] গতি [১৯৫৭], গল্প আৰু কবিতা [১৯৫৮], হীৰেন ভট্টাচাৰ্য [সম্পা.] চিত্ৰণ [১৯৫৯], ৰাধিকামোহন গোস্বামী [সম্পা.] আলোক [১৯৫৯], ড॰ ঘনশ্যাম দাসৰ [সম্পা.] স্বাস্থ্য [১৯৬০], কুশ দত্ত আৰু সত্যেন্দ্ৰ নাৰায়ণ গোস্বামীৰ যুটিয়া সম্পাদনাত পূৰ্বাকাশ [১৯৬০], পূৰ্ণ চন্দ্ৰ শৰ্মাৰ [সম্পা.] গণতন্ত্ৰ [১৯৬১], নৱকান্ত বৰুৱাৰ [সম্পা.] জোনবাই [১৯৭২] অৰুণ বৰুৱাৰ [সম্পা.] অসমী আই [১৯৬১], যোগেন্দ্ৰ নাথ শইকীয়াৰ [সম্পা.] প্ৰাগজ্যোতি [১৯৬১], বীৰেন বৰকটকীৰ [সম্পা.] হিমাচল [১৯৬১], জহিদ চৌধুৰীৰ [সম্পা.] শিশু আলোচনী মইনা [১৯৬২], নীলাচল [১৯৬২], বিশ্ব বৰুৱা [সম্পা.] গগনা [১৯৬২], পবিত্ৰ লহকৰ [সম্পা.] দীপশিখা [১৯৬২], যোগেন্দ্ৰ নাৰায়ণ ভূঞা [সম্পা.] আকাশী গংগা [১৯৬৩], চন্দ্ৰ প্ৰসাদ শইকীয়াৰ [সম্পা.] অসম বাতৰি [১৯৬৪], কীৰ্তিনাথ হাজৰিকাৰ [সম্পা.] দৈনিক অসম [১৯৬৪], টংকেশ্বৰ হাজৰিকা [সম্পা.] শিক্ষা প্ৰদীপ [১৯৬৪], হোমেন বৰগোহাঞি [সম্পা.] সাপ্তাহিক নীলাচল [১৯৬৪] অশ্বিনী কুমাৰ শৰ্মাৰ [সম্পা.] নীলাকাশ [১৯৬৬] কেশৱ মহন্ত [সম্পা.] লুইত [১৯৬৬], নগেন্দ্ৰ নাথ দাস [সম্পা.] চেমনীয়া [১৯৬৭], পদ্মধৰ চলিহা [সম্পা.] অসম জ্যোতি [১৯৬৭], জয় দেৱ শৰ্মা [সম্পা.] সাংবাদিক [১৯৬৭], দেৱেন শৰ্মাৰ [সম্পা.] অসম ৰাইজ [১৯৬৭], হেম শৰ্মাৰ [সম্পা.] উৰুলি [১৯৬৭], শশী ফুকন [সম্পা.] সময় [১৯৬৮], যতীন গোস্বামী [সম্পা.] নতুন প্ৰবাহ [১৯৭১], হোমেন বৰগোহাঞিৰ [সম্পা.] কাকলি[১৯৭২], অঞ্জন দত্ত [সম্পা.] অনুভূতি [১৯৭৩], অনিল কুমাৰ ডেকা [সম্পা.] প্ৰতিলিপি [১৯৭৪], দিলীপ চক্ৰৱৰ্তীৰ [সম্পা.] প্ৰতিধ্বনি [১৯৭৪], ৰমেন্দ্ৰ নাৰায়ণ দত্ত বৰুৱা [সম্পা.] মনোৰঞ্জন [১৯৭৫], অমিতাভ বৰুৱাৰ [সম্পা.] ৰূপকাৰ [১৯৭৫], ভবেন্দ্ৰ নাৰায়ণ দত্ত বৰুৱা [সম্পা.] মণিকূট [১৯৭৬], কবিতা দত্ত [সম্পা.] মোৰ দেশ [১৯৭৬], উমেশ ডেকা [সম্পা.] কৰ্ষণ [১৯৭৭], বাণী ভূঞা [সম্পা.] চেমনীয়া [১৯৭৮] অনুপমা বৰুৱা [সম্পা.] গিৰজনি [১৯৭৮], কুনাল চক্ৰৱৰ্তী [সম্পা.] কাদম্বৰী [১৯৭৮] মনজিৎ সিং [সম্পা.] হিমাচল [১৯৭৯], স্বপ্নাৰাণী বৰুৱা [সম্পা.] সমাদৰ [১৯৭৯], সূৰ্যকুমাৰ ৰাজা [সম্পা.] কণিকা আদি কাকত-আলোচনীয়ে ‘ৰামধেনু’ আৰু ইয়াৰ সমসাময়ীক অসমীয়া সংবাদ-সাহিত্যৰ ধাৰাটোক সমৃদ্ধি প্ৰদান কৰে৷
১৯৭২ চনৰ এক জুনৰ পৰা প্ৰকাশিত অসমীয়া দৈনিক বাতৰিকাকত দৈনিক জনমভূমি কনক চন্দ্ৰ শৰ্মাৰ সম্পাদনাত প্ৰকাশ পায়৷ ছবছৰীয়া অসম আন্দোলনকে ধৰি বিভিন্ন ধৰণৰ সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক দিশত কাকতখনে এক বলিষ্ঠভূমিকা গ্ৰহণ কৰি আহিছে৷ প্ৰথমে যোৰহাটৰ পৰা আৰু পৰৱৰ্তী সময়ত তিনিচুকীয়া, যোৰহাট, গুৱাহাটী আৰু তেজপুৰৰ পৰা একে সময়তে প্ৰকাশ পোৱা কাকতখনে প্ৰতি দেওবাৰে নিয়মীয়াভাৱে ‘বসসুন্দৰা’ আৰু প্ৰতি বুধবাৰে ‘প্ৰান্তৰ’ পৰিপূৰিকা প্ৰকাশ কৰি অসমীয়া সংবাদ সাহিত্যৰ সমৃদ্ধিত বৰঙণি যোগাই আহিছে৷
১৯৭৫ চনত প্ৰকাশিত আৰু আশীৰ দশকত উজ্জ্বল ৰূপত আত্মপ্ৰকাশ কৰা সাহিত্যালোচনী ‘প্ৰকাশ’ অসমীয়া সংবাদপত্ৰ-আলোচনীৰ ইতিহাসত এক তাৎপৰ্যপূৰ্ণ সংঘটন৷ চন্দ্ৰপ্ৰসাদ শইকীয়া সম্পাদনাত আধুনিক অসমীয়া সাহিত্যৰ বিকাশত বিশিষ্ট ভূমিকা গ্ৰহণ কৰা এই আলোচনীখন প্ৰথমে তিনিমহীয়া ৰূপত প্ৰকাশ হৈছিল যদিও কেইটামান সংখ্যৰ পাছতে তাক মাহেকীয়ালৈ ৰূপান্তৰ কৰা হয়৷ অসম প্ৰকাশন পৰিষদৰ পৰা প্ৰাশিত ‘প্ৰকাশ’ৰ প্ৰতিটো সংখ্যা অসমীয়া সাহিত্য-সংস্কৃতি আৰু সমালোচনা বিষয়ক আলোচনাৰে সমৃদ্ধ৷ অসমীয়া সাহিত্যক সমৃদ্ধ কৰা বহু মূল্যবান প্ৰবন্ধ, উপন্যাস, সাহিত্য সমালোচনাই প্ৰথমে প্ৰকাশৰ পাততে ভূমুকি মাৰিছিল৷ মামণি ৰয়ছম গোস্বামীৰ উপন্যাস ‘দতাঁল হাতীৰ উঁয়ে খোৱা হাওদা’, বিনন্দ বৰুৱাৰ আত্মজীৱনীমূলক ৰচনা ‘অতীতৰ ৰিং’, মহেন্দ্ৰ বৰাই কৰা ‘মদ্ভাগৱত গীতাৰ ভাঙনি’ আদি ‘প্ৰকাশ’ৰ পাতত প্ৰকাশিত হৈছিল৷ মাজতে বহুদিন বন্ধ হৈ থাকি ২০০০ চনত পুনৰ প্ৰকাশ হৈছিল যদিও বেছি দিন নিটিকিল৷ ২০১২ চনৰ পৰা প্ৰকাশ পুনৰ প্ৰকাশ হৈ আজিৰ তাৰিখলৈকে গুৰুত্বপূৰ্ণ উচ্ছ মানবিশিষ্ট আলোচনী হিচাপে পৰিচিত হৈ আছে৷
আশীৰ পৰৱৰ্তী অসমীয়া সংবাদ-সাহিত্য
বিংশ শতিকাৰ আশীৰ দশকৰ পৰা বাতৰিকাকত-আলোচনীয়ে এক নতুন ধাৰাৰ সূচনা কৰে৷ অসম আন্দোলন, আলফা আন্দোলনকে ধৰি বিভিন্ন ধৰণৰ ৰাজনৈতিক পটভূমি ইয়াৰ অন্যতম কাৰণ৷ বিভিন্ন ধৰণৰ জাতীয় চেতনা উদ্বুদ্ধ কৰিব পৰা ভালেসংখ্যক কাকত-আলোচনী আদিয়ে প্ৰকাশৰ মুখ দেখে৷
১৮৮১ চনৰ ৰ ডিচেম্বৰৰ পৰা ভবেন্দ্ৰ নাথ শইকীয়াৰ সম্পাদনাত পষেকীয়া আলোচনী প্ৰান্তিক গুৱাহাটীৰ পৰা প্ৰকাশ পায়৷ অসমীয়া ভাষাশৈলীক যথাৰ্থ ৰূপত প্ৰতিষ্ঠা কৰাত আৰু লেখকতকৈ বিষয়বস্তুৰ ওপৰত অধিক গুৰুত্ব আৰূপ কৰাত প্ৰান্তিকৰ ভূমিকা সৰ্বগ্ৰণী৷ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক আদি প্ৰয়োজনীয় সকলো ক্ষেত্ৰৰ প্ৰতি দৃষ্টি ৰাখা, বিজ্ঞান সম্পৰ্কে এক সঠিক মানসিকতাগঢ়ি তোলা, অসমীয়া ভাষাত চলা সৃষ্টিশীল সাহিত্য-কৰ্মৰ স্পষ্ট প্ৰতিফলন ঘটোৱা, আন ভাষা সাহিত্যৰ লগত প্ৰয়োজনীয় সম্পৰ্ক স্থাপন কৰা, আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ ঘটনাৱলী আৰু সেইবোৰৰ বিশ্লেষণৰ লগত পাঠক সমাজক ঘনিষ্ঠ কৰি ৰাখিবলৈ চলোৱা ঐকান্তিক প্ৰচেষ্টা আদিৰ বাবে আজিৰ তাৰিখত প্ৰান্তিক এখন প্ৰাতঃস্মৰণীয় পষেকীয়া আলোচনী৷ নতুন লেখক সৃষ্টি আৰু তেওঁলোকক অনুপ্ৰেৰণা দিয়াৰ ক্ষেত্ৰত প্ৰান্তিকৰ ভূমিকা প্ৰসংশনীয়৷ প্ৰান্তিকৰ এনে প্ৰচেষ্টাই নতুন লেখক-লেখিকাসকলক আশাতীতভাৱে উপকৃত কৰিছে আৰু ইয়াৰ সমান্তৰালকৈ অসমৰ আন আন কাকত-আলোচনীতো ‘প্ৰান্তিক’ৰ যোগেদি প্ৰতিষ্ঠা লাভ কৰা নবীন কবি, সাহিত্যিক, গল্পকাৰ, সাংবাদিকসকলৰ স্ব-প্ৰতিভা উদ্ভাসিত হৈ উঠিছে৷ বিশেষকৈ নৱীনসকলৰ মাজৰ পৰা তেওঁলোকৰ আটাইতকৈ ভালখিনি উলিয়াই আনিব পৰাটো ‘প্ৰান্তিক’ৰ এক বিশেষ কৃতিত্ব৷ প্ৰতিজন লেখকৰ লগত ব্যক্তিগত যোগাযোগ, প্ৰয়োজনীয় তথ্য-পাতি, পৰামৰ্শ দান আৰু এইবোৰৰ আন্তৰিক প্ৰয়োগৰ বাবেই ‘প্ৰান্তিক’ৰ প্ৰতিটো পাততে উপলব্ধি কৰা যায় সুপৰিকল্পিত, সুচিন্তিত আৰু ৰুচিকৰ সম্পাদনাৰ এক স্পষ্ট চাপ৷ [শান্তনু কৌশিক বৰুৱা, পূৰ্বোল্লিখিত, পৃ. ২৯০] ভৱেন্দ্ৰনাথ শইকীয়াৰ উপন্যাস অন্তৰীপ, আত্মজীৱনী জীৱন বৃত্ত, ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীৰ উপন্যাস অনুৰাধাৰ দেশ অৰুণ শৰ্মাৰ উপন্যাস আশীৰ্বাদৰ ৰং আদি প্ৰান্তিকৰ পাততেই প্ৰথম প্ৰকাশ লাভ কৰিছিল৷ মুঠৰ ওপৰত অসমীয়া সংবাদ সাহিত্যত প্ৰান্তিক এক বলিষ্ঠ সংযোজন৷
প্ৰান্তিকৰ আগে-পিছে প্ৰকাশিত ভালেসংখ্যক কাকত আলোচনীয়ে এই সময়চোৱাৰ সংবাদ সাহিত্যক সমৃদ্ধ কৰিছিল৷ অৱশ্যে এই কাকত-আলোচনীসমূহৰ বেছিভাগৰে জীৱনকাল আছিল খন্তেকীয়া৷ এই ক্ষেত্ৰত বসন্ত কাকতি আৰু জয়ন্ত দাসৰ যুটিয়া সম্পাদনাত লুইত [১৯৮০], অৱকাশ [১৯৮০], বেণী মাদৱ [সম্পা.] শিল্পীৰ পৃথিৱী [১৯৮০], তৰুণ দাস [সম্পা.] সৌমাৰ [১৯৮০] প্ৰবিন কুমাৰ নাথ [সম্পা.] বৰলুইত [১৯৮০], দীপক কুমাৰ দাস [সম্পা.] প্ৰতিশ্ৰুতি [১৯৮০], হেম বৰা [সম্পা.] উন্মীলন [১৯৮০], বিক্ৰমাদিত্য [সম্পা.] মিচিল [১৯৮০], ধৰণীধৰ দাস [সম্পা.] প্ৰভাত [১৯৮০], অঞ্জন শৰ্মা [সম্পা.] মহাবাহু [১৯৮০], মৃণাল গগৈ [সম্পা.] বৰ্তমান [১৯৮০], হোমেন বৰগোহাঞি [সম্পা.] জনক্ৰান্তি [১৯৮১], পদুমী গগৈ [সম্পা.] ৰ’দালি[১৯৮২], সান্তনু তামুলী [সম্পা] ভূমিকা [১৯৮২], অঞ্জন ফুকন [সম্পা.] জাগৰণ [১৯৮২], বসন্ত দাস [সম্পা.] জ্ঞানপীঠ [১৯৮৪], শুক্লেশ্বৰ মেধি [সম্পা.] জনকল্লোল শ্যামা প্ৰসাদ শৰ্মা [সম্পা.] ঋত্বিক [১৯৮৮], ধীৰাজ কুমাৰ ডেকা [সম্পা.] আকাল [১৯৮৮], মুনিন্দ্ৰ মহন্ত [সম্পা.] অনন্যা [১৯৮৮], ডাঃ নগেন দত্ত আৰু শান্তনু তামুলী [সম্পা.] সাৰথি [১৯৮৮], উপেন্দ্ৰ বৰকটকী [সম্পা.] কলিয়া ভোমোৰা [১৯৮৮], কনক কাকতি [সম্পা.] ৰূপান্তৰ [১৯৮৮], হোমেন বৰগোহাঞি [সম্পা.] সমকাল [১৯৮৮], যোগেশ দাস [সম্পা.] অধিনায়ক [১৯৮৯], তিলক হাজৰিকা [মুখ্য সম্পা.] আৰু অজিত ভূঞা [সম্পা.] সাদিন [১৯৮৯], নীলিমা গোস্বামী [সম্পা.] মনোহৰা [১৯৮৯], অৰুণ শৰ্মা [সম্পা.] পূৰ্বাচল [১৯৮৯], সুমন্ত চলিহা [সম্পা.] অৱতাৰ [১৯৮৯], ৰুমা বৰদলৈ [সম্পা.] সাদিনীয়া বাতৰি [১৯৮৯], বদন লহকৰ [সম্পা.] সাদিনীয়া সংবাদ [১৯৮৯], বিচিত্ৰ কুমাৰ বৰঠাকুৰ [সম্পা.] আজিৰ শিক্ষা সংবাদ [১৯৮৯], স্মৃতি কোমাৰ সিংহ [সম্পা.] নৱ-দৃষ্টি, সূৰ্য হাজৰিকা [সম্পা.] চিত্ৰ সংবাদ [১৯৯০], দীনেশ বৈশ্য [সম্পা.] জ্ঞান-বিজ্ঞান [১৯৯০] পৰাগ কুমাৰ দাস [সম্পা.] বুধবাৰ, হোমেন বৰগোহাঞি [সম্পা.] সূত্ৰধাৰ, ৰঞ্জিত দাস [সম্পা] জোনবিৰি, অৰূপ শৰ্মা [সম্পা.] আজিৰ প্ৰতিনিধী, শশী ফুকন [সম্পা.] ৰংঘৰ, অসম লেখিকা সন্থাৰ মাহেকীয়া শিশু আলোচনী আকাশ, নৱকুমাৰ মিশ্ৰ [সম্পা.] ৰত্নপীঠ সংবাদ [১৯৯১], শশী ফুকন আৰু প্ৰণৱজ্যোতি শৰ্মা [সম্পা.] সাপ্তাহিক গণযুগ [১৯৯১], ১৯৯১ চনৰ চেপ্তেম্বৰ মাহত হোমেন বৰগোহাঞি সম্পাদনাত কিশোৰ নামেৰে এখন মাহেকীয়া আলোচনী প্ৰকাশ পায়৷ প্ৰণৱ দত্ত গোস্বামীৰ [সম্প.] তিনিমহীয়া আলোচনী সংবাহক [১৯৯১] বিকাশ কলিতাৰ [সম্পা.] দুমহীয়া কবিতা আলোচনী পলাস [১৯৯১], গকুল বৰা [সম্পা.] অৰ্ধসাপ্তাহিক কাকত অমৰজ্যোতি [১৯৯২], নীলকান্ত কলিতা [সম্পা.] তিনিমহীয়া বাৰ্তালোচনী বৰক্ষেত্ৰী সংবাদ [১৯৯২] প্ৰভৃতি আলোচনীবোৰৰ নাম এই ক্ষেত্ৰত উল্লেখ কৰিব পাৰি৷
আশীৰ পৰৱৰ্তী অসমীয়া সংবাদ-সাহিত্যত শিশু আলোচনী ‘মৌচাক’ৰ এক বিশেষ গুৰুত্ব আছে৷ আলোচনীখন শান্তনু তামুলীৰ সম্পাদনাত ১৯৮৪ চনত যোৰহাটৰ পৰা প্ৰকাশ পাইছিল৷ জন্মলগ্নৰেপৰা গতানুগতিক বিষয়বস্তুৰ পৰা আঁতৰি গৈ অসমীয়া শিশু আলোচনীৰ জগতত সাহিত্য আৰু সংবাদধৰ্মী শিশু উপযোগী লেখাৰ সুসমন্বয় ঘটাবলৈ আলোচনীখনে প্ৰয়াস কৰি আহিছে৷ আৰম্ভণিৰেপৰা অত্যাধুনিক ‘অফছেট’ ছপাৰে প্ৰকাশ হৈ অহা অসমৰ একমাত্ৰ শিশু আলোচনী ‘মৌচাক’ৰ বিপুল জনপ্ৰিয়তা আৰু মাধ্যমিক প্ৰচলনেই হ’ল আলোচনীখনৰ মানদণ্ডৰ এক নিৰ্ণেয়সূচক স্তম্ভ৷ [শান্তনু কৌশিক বৰুৱা, পূৰ্বোল্লিখিত, পৃ. ৩৫৪] অকণিহঁতৰ মানসিক উৎকৰ্ষ সাধন আৰু আনন্দবৰ্ধনত ‘মৌচাকৰ বৰঙণি আছিল উল্লেখযোগ্য৷ আলোচনীখনৰ কেইটিমান জনপ্ৰিয় শিতান হ’ল ‘আমি কেনেদৰে পঢ়িছিলোঁ’, ‘এণ্ডি খুৰাৰ সমমিধান, ‘অ’ বিদেশী বন্ধু’, ‘ৰবীন পখীৰ কাকলি’ আদি৷ ইবিলাকে আলোচনীখনক অধিক জনমুখী কৰি তুলাত অৰিহণা যোগায়৷
১৯৯১ চনৰ মাৰ্চ মাহত প্ৰদীপ কুমাৰ মেধিৰ সম্পাদনাত গুৱাহাটীৰ পৰা জিজ্ঞাস নামৰ শিক্ষা বিষয়ক পষেকীয়া কাকত প্ৰকাশ পায়৷ কাকতখনে ছাত্ৰ-ছাত্ৰীৰ মাজত বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হয়৷
অসাম ট্ৰিবিউন গোষ্ঠীৰ সাহিত্য প্ৰকাশৰ পৰা চন্দ্ৰপ্ৰসাদ শইকীয়াৰ সম্পাদনাত গৰীয়সী নামৰ এখন সাহিত্য আলোচনী প্ৰকাশ পায়৷ ১৯৯৩ চনৰ পৰা আজিৰ তাৰিখলৈকে আলোচনীখনে অসমীয়া সাহিত্যলৈ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়াই আহিছে৷ অসমীয়া ভাষাৰ পূৰ্ণাংগ সাহিত্য পত্ৰিকা হিচাপে গৰিয়সী ৰ এক বিশেষ গুৰুত্ব আছে৷ গৱেষণাকেন্দ্ৰিক সাহিত্য বিষয়ক ভালেমান প্ৰবন্ধ প্ৰকাশ কৰাৰ উপৰি বিশ্ব সাহিত্যৰ শেহতীয়া গতিবিধি সম্পৰ্কে চেগা-চোৰোকাকৈ হ’লেও আলোচনা কৰা পৰিলক্ষিত হয়৷ পূৰবী বৰমুদৈ, কুল শইকীয়া, ৰবীন শৰ্মা, জয়ন্ত কুমাৰ চক্ৰৱৰ্তীৰ দৰে প্ৰতিষ্ঠিত ভালেসংখ্যক লেখকে এই আলোচনীৰ যোগেদি অৱদান আগবঢ়াইছে৷ ইতিমধ্যে সৰ্বভাৰতীয় ‘কথা’ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হোৱা আলোচনীখনে পূৰ্বৰ গৰিমা হেৰুৱাৰ অভিযোগ নথকা নহয়৷ যি হওক গৰিয়সীৰ পাততে প্ৰকাশ হয় লক্ষ্মীনন্দন বৰাৰ যাকেৰি নাহিকে উপাম, ডাঃ ধ্ৰুৱজ্যোতি বৰাৰ ‘কালান্তৰৰ গদ্য’, মামণি ৰয়ছম গোস্বামীৰ ‘ছিন্নমস্তাৰ মানুহটো’, মেদিনী চৌধুৰীৰ ‘ফাগুনত আজাৰৰ ফুল’, পূৰৱী বৰমূদৈৰ ‘এটা আলিবাটৰ ইতিকথা’ৰ দৰে অসমীয়া সাহিত্যৰ ভালেসংখ্যক উল্লেযোগ্য উপন্যাস৷
অশীৰ পৰৱৰ্তী অসমীয়া সংবাদ-সাহিত্যত অসমীয়া প্ৰতিদিন এক উল্লেখযোগ্য সংযোজন৷ ১৯৯৫ চনত ৩ মাৰ্চত গুৱাহাটিৰ পৰা অসমীয়া দৈনিক অসমীয়া প্ৰতিদিন প্ৰকাশ পায়৷ ‘সাদিন’ গোষ্ঠীৰ পৰা প্ৰকাশিত এইখন দৈনিক বাতৰিকাকতৰ প্ৰথম সম্পাদক অজিত কুমাৰ ভূঞা আৰু কাৰ্যবাহী সম্পাদক পৰাগ কুমাৰ দাস৷ উল্লেখযোগ্য যে প্ৰচলনৰ এক লাখ অতিক্ৰম কৰা এইখনেই অসমৰ প্ৰথম অসমীয়া দৈনিক৷ [ পৰেশ বৈশ্য, অসমৰ বাতৰিকাকত আলোচনীৰ ইতিহাস, পৃ. ২১ৰ] কাকতখনে দেওবৰীয়া সংখ্যৰ লগত ‘সম্ভাৰ’ নামৰ এখন আলোচনীও পাঠকলৈ আগবঢ়ায়৷ কাকতখন গুৱাহাটী, ডিব্ৰুগড, উত্তৰ লখিমপুৰ আৰু বঙাইগাঁৱৰ পৰা প্ৰকাশ পায়৷ বৰ্তমান কাকতখনৰ ইণ্টাৰনেট সংস্কৰণো উপলব্ধ৷
অসমীয়া প্ৰতিদিনৰ সমান্তৰালভাৱে ১৯৯৫চনৰ ৬ অক্টোবৰ তাৰিখে দৈনিক অগ্ৰদূত নামেৰে আন এখন অসমীয়া দৈনিকৰ সংযোজন ঘটে৷ কনকসেন ডেকাৰ সম্পাদনাত অগ্ৰদূত গোষ্ঠীৰ পৰা প্ৰকাশিত কাকতখনে বৰ্তমানলৈকে প্ৰকাশিত হৈ সেৱা আগবঢ়াই আছে৷ দৈনিক কাকতত থকা বিভিন্ন শিতানৰ লগতে কেইবাটিও বিশেষ শিতান কাকতখনে প্ৰকাশ কৰিছিল৷ ইবিলাকৰ ভিতৰত প্ৰখ্যাত ব্যক্তি আৰু ধৰ্মগ্ৰন্থৰ পৰা দীঘলীয়াকৈ উিদ্ধৃত কৰা শিতান ‘শাশ্বত কথা’ হ্যস্যব্যংগৰ শিতান ‘বিলাসনন্দন চৰা’, ‘শিৰোনামত ব্যক্তি ঘটনা’ ইত্যাদি অন্যতম৷ একেসময়তে গুৱাহাটী, যোৰহাট, তেজপুৰৰ পৰা প্ৰকাশ পোৱা কাকতখনে অসমীয়া সংবাদ সাহিত্যৰ এক বিশেষ মাত্ৰা প্ৰদান কৰি আহিছে৷
১৯৯৭ চনত গুৱাহাটীৰ জি এল পাব্লিকেশ্ব্যনৰ পৰা অসমীয়া দৈনিক বাতৰিকাকত আমাৰ অসম প্ৰকাশ পায়৷ কাকতখনৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল হোমেন বৰগোহাঞি৷ কাকতখনে দেওবৰীয়া সংখ্যাৰ লগতে পূৰ্বাচল নামৰ এখন আলোচনী আগবঢ়ায়৷ ১৯৯৭ চনৰ পৰা আজিৰ তাৰিখলৈকে আমাৰ অসমে অসমীয়া সংবাদ-সাহিত্যলৈ বৰঙণি আগবঢ়াই অসমীয়া সংবাদ-সাহিত্যৰ ভেটি সুদৃঢ় কৰি ৰাখিছে৷
২০০৫ চনৰ আগষ্টমাহৰ পৰা প্ৰকাশ প্ৰকাশিত সাতসৰী অসমীয়া সাহিত্যৰ আন এক উল্লেখযোগ্য সংযোজন৷ নবীন-প্ৰবীন সকলো লেখক-লেখিকাক সমানে গুৰুত্ব দিয়া আলোচনীখনে অসমীয়া ভাষাৰ বিভিন্ন বিষয়ক সামৰি লোৱাৰ উপৰি অনুবাদৰ যোগেদি বিশ্ব সাহিত্যৰ লগত সেতু বন্ধনৰ এক যোগসূত্ৰ হিচাপে কাম কৰি আহিছে৷ প্ৰাণজিৎ বৰাৰ কথা মানৱী ৰূপকথা, দিলীপ চন্দনৰ চিৰিয়াখানাৰ বেহেলা, অনুৰাধ শৰ্মা পূজাৰীৰ মেৰেং আদি সাতসৰীৰ পাততেই ধাৰাবাহিকভাৱে প্ৰাকাশ হৈছিল৷ ভালেসংখ্যক নবীন লেখকক সাহিত্যপথাৰলৈ উলিয়াই আনিব পৰাটো আলোচনীখনৰ আন এক গুৰুত্বপূৰ্ণ দিশ৷
সাতসৰীৰ সমসাময়িক ভাৱে অসমীয়া সংবাদ-সাহিত্যলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰকাশিত ভালেকেইখন কাকত আলোচনীয়ে সেৱা আগবঢ়াই আহিছে৷ ইবিলাকৰ ভিতৰত– ২০০৫ চনত তিনিচুকীয়াৰ পৰা নতুন অসম বাতৰি নামৰ এখন সাপ্তাহিক জিতেন শৰ্মাৰ সম্পাদনাত প্ৰকাশ পায়৷ ২০০৫ চনত মুনিন্দ্ৰ নাথ শৰ্মাৰ সম্পাদনাত বজালিৰ বাতৰি নামৰ এখন সাপ্তাহিক কাকত প্ৰকাশ পায়৷ ২০০৫ চনত শিৱপ্ৰসাদ বৰাৰ সম্পাদনাত নগাঁৱৰ পৰা জনপ্ৰহৰী প্ৰকাশ পায়৷ ২০০৬ চনত বৰপেটাৰোডৰপৰা সাপ্তাহিক কাকত সাম্প্ৰতিক প্ৰকাশ পায়৷ ২০০৭ চনৰ ১৫ জানুৱাৰীত নগাঁৱৰ পৰা সহজানন্দ ওজাৰ সম্পাদনাত আমাৰ নগাঁও কাকতখন প্ৰকাশ পায়৷ ২০০৭ চনত মিণ্টু দাসৰ সম্পাদনাত ৰণাংগন নামৰ সাপ্তাহিক কাকতখন প্ৰকাশ পায়৷ ২০০৭ চনত সতীশ চৌধুৰীৰ সম্পাদনাত প্ৰগতি নামৰ সাপ্তাহিক কাকতৰ প্ৰকাশ পায়৷ ২০০৯ চনত ৰতন লহকৰৰ ব্যৱস্থাপনাত আৰু পংকজ্যোতি ভূঞাৰ সম্পাদনাত পাঠশালাৰ পৰা ‘নাট্যবাৰ্তা’ প্ৰকাশ পায়৷ ২০১০ চনত অক্ষয় কুমাৰ মিশ্ৰৰ সম্পাদনাত বৰপেটাৰোডৰ পৰা সাপ্তাহিক প্ৰবাহ নামৰ কাকতখন প্ৰকাশ পায়৷
২০১১ চনৰ জ্জ্ব মাৰ্চৰ পৰা হোমেন বৰগোহাঞিৰ মুখ্য সম্পাদনা আৰু নৰেশ কলিতাৰ সম্পাদনাত নিয়মীয়া বাৰ্তা নামৰ অসমীয়া ভাষাৰ দৈনিক বাতৰিকাকতখন প্ৰকাশ পায়৷ গুৱাহাটী, ডিব্ৰুগড়, বিশ্বনাথ চাৰিআলি আৰু গোৱালপাৰৰ পৰা একে সময়তে প্ৰকাশ পোৱা কাকতখনে অসমীয়া সাহিত্য সংস্কৃতিৰ পৰা আৰম্ভ কৰি নিয়োগ বাৰ্তা লৈকে বিভিন্ন দিশ সামৰি ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে৷
অসমীয়া সংবাদপত্ৰৰ ইতিহাসত শেহতীয়া সংযোজন অসম আদিত্য৷ ডিব্ৰুগৰ আৰু গুৱাহাটীৰ পৰা একে সময়তে প্ৰকাশিত কাকতখন পৰীক্ষামূলকভাৱে ২০১৮ চনৰ ২৫ ডিচেম্বৰত প্ৰকাশ পায়৷ ডাঃ নিৰ্মল চাহেৱালা [মুখ্য সম্পা.], মঞ্জিত বৰা [কাৰ্যবাহী সম্পা.] আৰু অৰূপ কুমাৰ দাসে সম্পাদনা কৰা কাকতখন ২০১৯ চনৰ জানুৱাৰী মাহৰ ৰ তাৰিখৰ পৰা দৈনিক বাতৰি কাকত হিচাপে ধাৰাবাহিক ভাৱে প্ৰকাশ হৈ আছে৷ ইণ্টাৰনেট সংস্কৰণ উপলব্ধ কাকতখনে প্ৰতি দেওবাৰে ‘পূৰ্বাকাশ’ নামৰ এখন পৰিপূৰিকা পাঠকলৈ আগবঢ়ায়৷
উপসংহাৰ
আধুনিক অসমীয়া সাহিত্যৰ বিকাশ অসমৰ সংবাদ-সাহিত্য সম্পৰ্কে এতিয়ালৈকে গৱেষণামূলক কাম হৈ উঠা নাই৷ অসমীয়া ভাষা পুনৰ প্ৰতিষ্ঠা কৰাৰ পৰা অসমীয়া ভাষাৰ শুদ্ধ ৰূপ প্ৰয়োগ কৰালৈ, লেখক-পাঠক সৃষ্টি কৰাৰ পৰা জাতীয় চেতনা উদ্বুদ্ধ কৰালৈ, কৃষিৰ পৰা ক্ৰিয়াজগতলৈ, স্বাস্থ্যৰ পৰা নিয়োগ বৰ্তালৈ সকলো দিশতে সংবাদ-সাহিত্যই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা অসমীয়া সংবাদ-সাহিত্য সম্পৰ্কে বিস্তৃত অধ্যয়নৰ অৱকাশ আছে৷ আমাৰ আলোচনাৰ পৰা নিম্নলিখিত সিদ্ধান্তত উপনীত হ’ব পাৰি–
ক] অসমীয়া সংবাদ-সাহিত্যৰ ইতিহাস বহু দীঘলীয়া নহয় যদিও ১৮৪৬ চনৰ পৰা ২০১৮ চনলৈকে এই ১৭২ বছৰীয়া পৰিক্ৰমাত ই এক বিশেষ মাত্ৰা লাভ কৰাৰ লগতে সমৃদ্ধিশালি ইতিহাস ৰচিবলৈ সক্ষম হৈছে৷
খ] অসমীয়া সাহিত্যৰ আজি এই জয়জয়-ময়ময় অৱস্থাৰ অন্তৰালত সংবাদ-সাহিত্যৰ ভূমিকাই আটাইতকৈ বেছি৷ বিশেষকৈ আধুনিক অসমীয়া সাহিত্যৰ বিকাশ, বিভিন্ন পাশ্চাত্য সাহিত্যৰ সৈতে অসমীয়া লেখক-পাঠকক পৰিচয় কৰাই দিয়াৰ ক্ষেত্ৰত সংবাদ পত্ৰৰ ভূমিকাৰ শলাগ লবৈ লাগিব৷
গ] বিশ্ব-সহিত্যৰ বিভিন্ন সাহিত্যৰ স্বাদ সংবাদ-সাহিত্যৰ জৰিয়তেহে অসমীয়া লেখক-পাঠকে লাভ কৰিবলৈ সক্ষম হৈছে৷
ঘ] লেখক সৃষ্টিৰ ক্ষেত্ৰত সংবাদ পত্ৰৰ ভূমিকা স্বীকাৰ কৰিবৈ লাগিব৷ অৰুনোদইৰ সময়ৰেপৰা প্ৰান্তিক-সাতসৰী আলোচনীলৈকে বিভিন্ন সংবাদপত্ৰই লেখক সৃষ্টিত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে৷
ঙ] শিশু সাহিত্যৰ জন্ম আৰু বিকাশৰ মূলতেই সংবাদপত্ৰ বা আলোচনীৰ কথাই ক’ব লাগিব৷
চ] জোনাকীৰ জৰিয়তে জন্ম লাভ কৰা অসমীয়া চুটিগল্পই আৱাহনৰ যোগেদি স্বকীয় বৈশিষ্ট্যৰে সমৃদ্ধি লাভ কৰিবলৈ সক্ষম হয়৷
ছ] অসমীয়া সাহিত্যলৈ আধুনিক কবিতাৰ ধাৰা বোৱাই অনাৰ ক্ষেত্ৰত জয়ন্তী আলোচনীৰ যি ভূমিকা সেয়া ওলাই কৰিব নোৱাৰি৷ অসমীয়া সাহিত্যত ৰোমাণ্টিক কবিতাৰ ঠাইত নতুন ভাৱধাৰা সম্বলিত বাস্তৱবাদী কবিতা প্ৰকাশত জয়ন্তী আছিল বাটকটীয়া৷ জয়ন্তীৰ যোগেদিয়েই এচাম প্ৰগতিশীল কবি-সাহিত্যিকে অসমীয়া সাহিত্যত ভূমুকি মাৰিলে আৰু ইয়াৰ লগে লগে নবীল লেখক লেখিকাৰ প্ৰতিভা বিকাশৰ বাবেও জয়ন্তীয়ে এখন সুন্দৰ ক্ষেত্ৰৰ সূচনা কৰিলে৷
জ] ৰামধেনুৰ জৰিয়তে আধুনিক অসমীয়া সাহিত্যই আৰু অধিক প্ৰসাৰতা লাভ কৰিবলৈ সক্ষম হয়৷ ‘ৰামধেনু’ৱে আধুনিক অসমীয়া সাহিত্যৰ পৃষ্ঠপোষকতা কৰি পৰিকল্পিতভাৱে সঘনাই আধুনিক সাহিত্য-সংশ্লিষ্ট বিভিন্ন ৰচনা প্ৰকাশ কৰি এই ধাৰটো অধিক সুদৃঢ় কৰিলে৷
সংবাদপত্ৰ সমূহৰ লগত প্ৰকাশ পোৱা পৰিপূৰিকাসমূহে অসমীয়া সংবাদ-সাহিত্যলৈ বিশিষ্ট বৰঙণি আগবঢ়াই আহিছে৷ বিভিন্ন ধৰণে নতুল লেখক সৃষ্টি, শিশু সাহিত্যৰ বিকাশ, সাংস্কৃতিক সমন্বয় আদিৰ ক্ষেত্ৰত ইবিলাকৰ ভূমিকা অত্যন্ত বেছি৷
শেহতীয়াভাৱে সংবাদগোষ্ঠীসমূহে বাতৰিকাকতসমূহৰ ইণ্টাৰনেট সংস্কৰণ প্ৰকাশ কৰাৰ যি ব্যৱস্থা কৰিছে সি নিঃসন্দেহে সংবাদ-সাহিত্যৰ এক ইতিবাচক দিশ৷ ই অসমীয়া সংবাদপত্ৰক অধিক জনমুখী কৰি তুলিছে৷
মুঠৰ ওপৰত, সংবাদ-সাহিত্যৰ ইতিহাস আধুনিক অসমীয়া ভাষা সাহিত্যৰো ইতিহাস৷ কাৰণ সংবাদ-সাহিত্যৰ বুকুচাত উঠিহে আধুনিক অসমীয়া সাহিত্যই ফুলে ফলে জাতিষ্কাৰ হৈ বৰ্তমাৰ সমৃদ্ধিশালী স্থিতিত উপনীত হৈছেহি৷
সহায়ক গ্ৰন্থপঞ্জী
কটকী, প্ৰফুল্ল : সাহিত্য-সংজ্ঞা কোষ, জ্যোতি প্ৰকাশন, পাণবজাৰ, গুৱাহাটী-ৰ, প্ৰথম প্ৰকাশ ডিচেম্বৰ ২০০৫
গোস্বামী অশোক কুমাৰ মুখ্য সম্পা.] আৰু ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামী [সম্পা.] : অসমীয়া সাহিত্যৰ বুৰঞ্জী [পঞ্চম খণ্ড], আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা, ৰাজাদুৱাৰ, উত্তৰ গুৱাহাটী, গুৱাহাটী-৩০, প্ৰথম প্ৰকাশ, ছেপ্টেম্বৰ, ২০১৫
গোস্বামী, প্ৰকাশ [সংক. আৰু সম্পা.] : অসমীয়া প্ৰবন্ধ চয়ন , অসম সাহিত্য সভা, চন্দ্ৰকান্ত সন্দিকৈ ভৱন, যোৰহাট, প্ৰথম প্ৰকাশ ১৯৯২
বৰগোহাঞি, হোমেন [সংক. আৰু সম্পা.] ৰামধেনু, বনলতা, পাণবজাৰ, গুৱাহাটী-১, নতুন বজাৰ, ডিব্ৰুগড়-১ প্ৰথম প্ৰকাশ ২০০৯
বৰা, মহেন্দ্ৰ : সাহিত্য উপক্ৰমণিকা, ষ্টুডেণ্টচ ষ্ট’ৰচ,কলেজ হোষ্টেল ৰোড, গুৱাহাটী-১, পঞ্চম সংস্কৰণ : ছেপ্টেম্বৰ, ২০১৩
বৰুৱা, শান্তনু কৌশিক : সাহিত্যৰ জ্ঞানকোষ, ৰেখা প্ৰকাশন, ফটাশিল আমবাৰী, গুৱাহাটী-২৫, প্ৰথম প্ৰকাশ ২ অক্টোবৰ, ২০১২
বৰুৱা, শান্তনু কৌশিক আৰু শাংকব কৌশিক বৰুৱা [সম্পা] : লেখক-সাংবাদিকৰ গাইড, সঞ্জীৱন প্ৰকাশন, বীৰকুছি, নাৰেংগী, গুৱাহাটী-২৬, দ্বিতীয় পৰিৱদ্ধিত সংস্কৰণ : নৱেম্বৰ, ২০১৬
বৈশ্য, পৰেশ : অসমৰ বাতৰিকাকত আলোচনীৰ ইতিহাস [১৮৪৬-২০১৪], অসম পাব্লিচিং কোম্পানী, কলেজ হোষ্টেল ৰোড পাণবজাৰ গুৱাহাটী-ৰ, প্ৰথম প্ৰকাশ ২০১৪
ভাগৱতী, ৰাধিকামোহন : সংবাদ সংবাদপত্ৰ আৰু সাংবাদিকতা, অসম প্ৰকাশন পৰিশদ, গুৱাহাটী, ২১,প্ৰথম প্ৰকাশ : ফেব্ৰুৱাৰী, ২০০৫
ভট্টাচাৰ্য, অতনু : সৃজনীমূলক সাহিত্য : প্ৰেৰণা আৰু আৰ্হি, আঁক বাক, গান্ধীবস্তি, গুৱাহাটী-৩, প্ৰথম প্ৰকাশ নৱেম্বৰ, ২০১৫
শইকীয়া, চন্দ্ৰপ্ৰসাদ [সম্পা.] : অসমৰ বাতৰীকাকত-আলোচনীৰ ডেৰশ বছৰীয়া ইতিহাস, অসমৰ বাতৰিকাতৰ ডেৰশ বছৰীয়া জয়ন্তী উদযাপন সমিতি, গুৱাহাটী-৩, প্ৰথম প্ৰকাশ : মাৰ্চ, ১৯৯৮
শৰ্মা, দেৱজিত : লেখক, নৰ্থ লখিমপুৰ কলেজ প্ৰকাশন, নৰ্থ লখিমপুৰ কলেজ, খেলমাটি, লখিমপুৰ. দ্বিতীয় পৰিবদ্ধিত সংস্কৰণ : অক্টোবৰ, ২০১৬
শৰ্মা, সত্যেন্দ্ৰনাথ [সম্পা.] : মৌ, অসম প্ৰকাশন পৰিষদ, গুৰৱাহাটী-৭৮১০২১, তৃতীয় প্ৰকাশ ছেপ্টেম্বৰ, ২০০৮
0 Comments