বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ বিষয় বৈচিত্ৰ্য ।। প্ৰবন্ধ



প্ৰস্তাৱনা

আধুনিক অসমীয়া গীতি-সাহিত্যৰ ক্ষেত্ৰখনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ পিছতেই বিষ্ণুপ্ৰসাদ ৰাভাৰ স্থান৷ জীৱদ্দশাতে এক ‘লিজেণ্ড’ হৈ পৰা বহুধাবিভক্ত ব্যক্তিত্বৰ অধিকাৰী বিষ্ণুপ্ৰসাদ ৰাভাৰ অৱদান কথা-গদ্য-নাটকৰ লগতে অসমীয়া গীতৰ জগতলৈয়ো আছিল অপৰিমেয়৷ একাধাৰে কবি, সাহিত্যিক, নাট্যকাৰ, নৃত্যবিদ, অভিনেতা, ৰাজনীতিক, সংগঠক, বিষ্ণুপ্ৰসাদ ৰাভাই ৰাজনৈতিক সংগ্ৰামৰ ধামখুমীয়াৰ মাজতো কলা-সংস্কৃতিৰ ক্ষেত্ৰখনৰপৰা নিজকে নিলগাই ৰখা নাছিল৷ বৰং ৰাজনৈতিক সংগ্ৰামৰ সৈতে সাংস্কৃতিক সংগ্ৰামক একীভূত কৰাতহে গুৰুত্বসহকাৰে মনোনিৱেশ কৰিছিল৷ অসমীয়া সংস্কৃতিৰ গভীৰ অধ্যয়ন, বিকাশ, অসমৰ কলা-সংস্কৃতি তুলি ধৰাই আছিল বিষ্ণু ৰাভাৰ এটা অন্যতম উদ্দেশ্য৷ সংখ্যাৰ লেখেৰে সীমিত হ’লেও বিষয়বস্তুৰ বিচিত্ৰতা, চিন্তা-চেতনাৰ গভীৰতা, সৃষ্টিশীলতাৰ অভিনৱ হেঁপাহ-প্ৰয়াসেৰে তেওঁৰ গীতক এক অনন্য মাত্ৰা প্ৰদান কৰিছে৷ 

এক ধৰণৰ মুক্ত বিহংগৰ জীৱন তথা শৃংখলামুক্ত জীৱন যাপন কৰিবলৈ গৈ বিষ্ণুপ্ৰসাদ ৰাভাই অৰঙে দৰঙে ঘূৰি ফুৰোঁতে ভিন্ন অভিজ্ঞতাৰে পুষ্ট হৈছিল৷ সেই অভিজ্ঞতাবোৰ ৰাজনৈতিক সামাজিক দুয়োধৰণৰ দৃষ্টিভংগীৰে পুৰঠ আছিল৷ সমান্তৰালভাৱে সংস্কৃতিপ্ৰেমে তেওঁৰ দৃষ্টিভংগীক আৰু অধিক শক্তিশালী কৰিছিল৷ কোৱা বাহুল্য যে সকলো সাহিত্যিকৰ ক্ষেত্ৰতে নিজ সৃষ্টিৰাশিৰ সতে বৰ্ণাঢ্য সম্পৰ্ক থাকিবই৷ বিষ্ণুপ্ৰসাদ ৰাভাও ইয়াৰ ব্যতিক্ৰম নাছিল৷ ৰাভাৰ মনৰ ভিতৰখন অনেক ভাবনাৰে ঠাহ খাই আছিল৷ যিহেতু বিষ্ণুপ্ৰসাদ ৰভাই বিভিন্ন বিষয়বস্তুক লৈ গীতবোৰ যাযাবৰী জীৱনৰ বিভিন্ন সময়ত ৰচনা কৰিছিল, সেয়ে পৰিস্থিতি আৰু পৰিৱেশৰ স্পষ্টতাই তেওঁৰ গীতৰ বিষয়বস্তুক ভালদৰেই চুই গৈছিল৷ সেয়ে বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ আলোচনাৰ সমান্তৰালভাৱে গীতৰ পটভূমি বা আঁৰৰ জগতখনৰ কথাৰো আলোচনাৰ প্ৰয়োজন আছে৷ এনে দিশবোৰলৈ লক্ষ্যৰাখি আৰু তেখেতৰ গীতবোৰৰ বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি গীতবোৰক প্ৰেম-বিৰহৰ গীত, নৈসৰ্গিক শোভা বন্দনাৰ গীত, কৃষক-বনুৱাক জাগ্ৰত কৰাৰ গীত, নাৰী বন্দনাৰ গীত, বৈপ্লৱিক ভাবৰ গীত ইত্যাদি বিভিন্ন ভাগত ভগাব পাৰি৷ অৱশ্যে তেখেতৰ কিছুমান গীতৰ অন্তৰ্নিহিত ভাব ইমানেই ব্যাপক আৰু গভীৰ যে কেৱল এটা ভাগতে সামৰিব নোৱাৰি; বিভিন্ন দিশৰপৰা চোৱাৰ অৱকাশ আছে৷ ৰাভাৰ ভালেমান প্ৰেমৰ গীতত প্ৰেমৰ সমান্তৰালকৈ নাৰী বন্দনাৰ ভাবো প্ৰকাশ পাইছে৷ সমান্তৰালভাৱে শোষিতজনক জাগ্ৰত কৰাৰ বাবে কৃষক-বনুৱাক উদ্দেশ্য়ি ৰচনা কৰা গীতবোৰত বিপ্লৱৰ সুৰ অনুৰণিত হৈছে৷ 

অসমীয়া সংগীতৰ ইতিহাসক সমৃদ্ধ কৰি ৰখাৰ ক্ষেত্ৰত জ্যোতিপ্ৰসাদ, পাৰ্বতিপ্ৰসাদৰ পিছতেই বিষ্ণুপ্ৰসাদৰ নাম ল’ব পাৰি৷ অসমীয়া আধুনিক গীতৰ ভঁৰাললৈ এইজন গীতিকাৰৰ অৱদান অপৰিসীম৷  আধুনিক অসমীয়া গীতি সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰা এইজন গীতিকাৰৰ গীত বিভিন্ন বিষয়বস্তুৰে সমৃদ্ধ৷  বিশেষকৈ ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হৈ থকা বিষ্ণুপ্ৰসাদ ৰাভাই বিভিন্ন সময়ত বিভিন্ন লোকৰ সৈতে পৰিচয় ঘটাৰ লগতে বিভিন্ন বিষয়বস্তুৰ সৈতে পৰিচয় হোৱাৰ এখন বৈচিত্ৰ্য্যময় ক্ষেত্ৰ লাভ কৰিছিল৷ গতিকেই তেেখতৰ গীতবোৰত বিভিন্ন ধৰণৰ বিষয়ে ভিৰ কৰিছেহি৷ ইবিলাকৰ ভিতৰত প্ৰেম, বিৰহ, নৈসৰ্গিক পৰিৱেশৰ শোভা, কৃষক-বনুৱাৰ সংগ্ৰাম, নাৰী বন্দনা, বিপ্লৱ আদিৰ কথা ক’ব পাৰি৷ এই দিশবোৰ বিষ্ণুপ্ৰসাদ ৰাভাই গীতৰ জৰিয়তে তুলি ধৰিছে৷ বিভিন্ন সময়ত তেওঁ সমাজৰ শোষিতজনক জাগ্ৰত কৰাৰ উদ্দেশ্য আগত ৰাখিও গীত ৰচনা কৰিছে৷ এনে বিষয়বস্তুবোৰ গীতৰ মাজেৰে কেনেদৰে প্ৰকাশ কৰিছে সেয়া আলোচনা কৰাৰ গুৰুত্ব নিশ্চয় আছে৷ 

আধুনিক অসমীয়া গীতি-সাহিত্যলৈ বিষ্ণুপ্ৰসাদ ৰাভাৰ অৱদান

অসমীয়া গীতি সাহিত্যৰ এক বাচকবনীয়া ধাৰা হ’ল আধুনিক অসমীয়া গীতি-সাহিত্য৷ ইতিহাসৰ এক ক্ৰমবিৱৰ্তনৰ মাজেদি আহি অসমীয়া গীতি-সাহিত্যই বৰ্তমানৰ আধুনিক ৰূপ লাভ কৰিছে৷ পূবৰ্ৰ লোকসংগীত আৰু ধ্ৰুপদী গীতৰ পিছতেই অসমীয়া আধুনিক গীতে বিকাশ লাভ কৰিছে৷ ইংৰাজসকল ভাৰতলৈ অহাৰ পিছতে বংগৰ সংগীতে এক নতুন ৰূপ লাভ কৰিলে৷ পিয়ানো, অৰ্গেন, গীটাৰ, হামোৰ্নি, আদি যন্ত্ৰৰ সংযোগত অসমীয়া গীতি সাহিত্যই আধুনিক ৰূপ পৰিগ্ৰহ কৰে৷ তদুপৰি ইয়াৰ সমসাময়িকভাৱে গীতৰ বিষয়বস্তু পৰিৱেশন ৰীতি আদি সকলোতে পৰিৱৰ্তন স্পষ্ট হৈ উঠিল৷ বংগদেশৰ ৰবীন্দ্ৰনাথৰ সংগীতক এই আধুনিক ৰূপটোৰ বাটকটীয়া বুলি অভিহিত কৰা হয়৷ সংগীতৰ এই পৰিৱৰ্তনে অসমতো ব্যাপকভাৱে প্ৰভাৱ পেলায়৷ অসমীয়া শিক্ষিত সম্ভ্ৰান্ত লোকসকলে অসমীয়া সংস্কৃতিক সম্পূৰ্ণৰূপে আওকাণ কৰি ৰবীন্দ্ৰ সংগীত চৰ্চাত আত্মনিয়োগ কৰিছিল৷ এই বিষয়টোকে অসমীয়া এচাম জাতীয়প্ৰেমী লোকে প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰি অসমীয়া ভাষাত নাটক, গান আদি ৰচনা কৰাৰ লগতে ইবিলাকত সুৰাৰূপ কৰি গোৱাৰ প্ৰয়াস কৰিলে যাৰ ফলত অসমীয়া সংগীতৰ জগতত এক নতুন ধাৰা আধুনিক অসমীয়া গীতৰ জন্ম আৰু বিকাশ হ’বলৈ ধৰে৷ 

জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘শোণিত কুঁৱৰী’ নাটকৰ গীতসমূহৰ মাজেদি অসমীয়া আধুনিক গীতৰ প্ৰকৃত আৰম্ভণি ঘটে৷ আগৰৱালাদেৱে বিয়ানাম, বিহুনাম আদি থলুৱা লোকগীতৰ সুৰ তেওঁৰ গীতবিলাকত আৰোপিত কৰিছিল৷ প্ৰসংগক্ৰমে তেওঁৰ ‘গছে গছে পাতি দিলে...’ গীতটিৰ কথা উল্লেখ কৰিব পাৰি৷ তদুপৰি তেওঁৰ ‘ৰূপহ কোঁৱৰৰ চুমা পৰশতে..’, ‘সোণৰে পালেঙতে অ’ মনেতৰা..’, ‘লুইতৰে পানী যাবি ঐ বৈ.. ’, ‘তোৰে মোৰে আলোকৰে যাত্ৰা..’ ইত্যাদি চিৰন্তন আৱেগমিশ্ৰিত গীতসমূহৰ জৰিয়তে আধুনিক অসমীয়া গীতি সাহিত্যক এখন সুষ্ঠ সৱল আসনত প্ৰতিষ্ঠা কৰি বহুৱায়৷ 

জ্যোতিপ্ৰসাদৰ সমসাময়িকভাৱে আধুনিক অসমীয়া গীতি-সাহিত্যলৈ অৱদান আগবঢ়োৱা আন দুজন গীতিকাৰ হ’ল বিষ্ণুপ্ৰসাদ ৰাভা আৰু পাবৰ্তি প্ৰসাদ বৰুৱা৷ জ্যোতিপ্ৰসাদে নান্দনিক সৌন্দৰ্যৰে সজাই-পৰাই খাৰা কৰোৱা আধুনিক গীতৰ ভেটিটো বিষ্ণু ৰাভাই বিশেষভাৱে জনচেতনাৰ ৰূপ-ৰস ঢালি অধিক জনমুখী কৰি তোলে৷(লোকনাথ গোস্বামী: আধুনিক অসমীয়া গান : জন্মক্ৰন্দনৰ পৰা জাতীয় স্পন্দনলৈ, পৃ. ৬০) এওঁলোকৰ গীতৰাজি সাঙ্গীতিক আৰু সামাজিক মূল্যবোধেৰে ভৰপূৰ৷ পাবৰ্তিপ্ৰসাদৰ ‘হেৰ’ বলীয়া নয়ন ভৰি ভৰি চা’, ‘কিহৰ ৰাগীত জলা-কলা হ’লি’, ‘বীণ বৰাগী তোৰ বীণ খনি ল তুলি’ আদি গীতবোৰ কালজয়ী৷ ইবিলাকৰ সাবৰ্জনীন আৱেদনে সকলোকে মন্ত্ৰমুগ্ধ কৰি ৰাখে৷ তদুপৰি সমাজৰ শ্ৰেণী বৈষম্যৰ এখন স্পষ্ট ছবি তেওঁৰ গীতৰ মাজত ফুটি উঠা দেখা যায়৷ সমান্তৰালভাৱে বিষ্ণুপ্ৰসাদ ৰাভাই বিভিন্ন সময়ত ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হৈ থাকোঁতে লাভ কৰা ভিন্ন অভিজ্ঞতা, প্ৰেম-বিৰহ পোৱা নোপোৱাৰ বেদনা ইত্যাদি গীতৰ ম্যধ্যমেৰে প্ৰকাশ কৰিছে৷ বিভিন্ন বিষয়বস্তুৰে সৰ্বমুঠ ১৩২টা গীত ৰচনা কৰি¸ অসমীয়া গীতি-সাহিত্যৰ ভঁৰাল বিশেষভাৱে সমৃদ্ধ কৰি গৈছে৷ সাংগীতিক মূল্যৰ দিশৰ পৰাও গীতবোৰৰ বিশেষ মূল্য আছে৷ মুঠৰ ওপৰত আধুনিক অসমীয়া গীতি সাহিত্যৰ জগতখনলৈ বিষ্ণুপ্ৰসাদ ৰাভাই ভিন্ন ধৰণৰ দিশ যেনে বৰগীতৰ স্বৰলিপি সংগ্ৰহ কৰা, জ্যোতিপ্ৰসাদৰ গীতৰ স্বৰলিপি প্ৰস্তুতকৰা, হিন্দুস্তানী আৰু বৰগীতৰ তাল আৰু ৰাগৰ লৈকে আলোচনা কৰি সকলো দিশতে সমৃদ্ধি প্ৰদান কৰি থৈ গৈছে৷ এই সকলো দিশৰ পৰা মন কৰৰিলে আধুনিক অসমীয়া গীতি-সাহিত্যৰ ইতিহাসত জ্যোতিপ্ৰসাদ আগৰৱালাৰ পিছতেই বিষ্ণুপ্ৰসাদ ৰাভাৰ স্থান বুলিব পাৰি৷ 

বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ বিষয় বৈচিত্ৰ্য

আধুনিক অসমীয়া গীতি-সাহিত্যৰ জগতখন বৈচিত্ৰ্যপূৰ্ণ৷ বিভিন্নজন গীতিকাৰৰ গীত আৰু গীতৰ বিষয়বস্তু, সুৰ তথা লোক-সংগীতৰ সমলে এই বিচিত্ৰতা প্ৰদান কৰাত সহায় কৰি আহিছে৷ আধুনিক অসমীয়া গীতি-সাহিত্যৰ এজন কাণ্ডাৰী বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ মাজতো ভিন্ন ধৰণৰ বিষয়বস্তুৱে তলবলাই আছে যি তেখেতৰ গীতক বিষয়বস্তুগত দিশৰপৰা বিচিত্ৰতা প্ৰদান কৰিছে৷ ইবিলাকৰ ভিতৰত প্ৰেম বিৰহৰ, নৈসৰ্গিক শোভা, নাৰী-বন্দনা, জাতীয় প্ৰেম, কৃষক-শ্ৰমিকৰ শোষণ আদি বিভিন্ন বিষয়ৰ প্ৰয়োভৰ দেখা যায়৷  

বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ বিষয়বস্তু হিচাপে প্ৰেম-বিৰহ

বিষ্ণুপ্ৰসাদ ৰাভাৰ ব্যক্তিগত জীৱনলৈ মন কৰিলে দেখা যায় যে বিভিন্ন সময়ত প্ৰেম বিৰহ, পোৱা-নোপোৱা, হ’ব-নহ’ব আদি দ্বন্দ্ব্বৰ মাজেৰে তেওঁৰ জীৱনটো আগবাঢ়িছিল৷ নিজৰ দৃষ্টিভংগী আৰু জাতীয় মুক্তি সংগ্ৰামৰ সক্ৰিয় ৰাজনীতিয়ে তেওঁৰ জীৱনত বিভিন্ন ধৰণে প্ৰভাৱ পেলোৱাৰ লগতে কিছুমান বেমেজালিৰো সৃষ্টি কৰিছিল৷ এনে কৰাৰ মূৰকত তেওঁৰ মন-মগজুৰ সংঘৰ্ষবোৰ বৃদ্ধি পাইছিল আৰু ঠাই বিশেষে পৰিস্থিতি সাপেক্ষে সিবোৰে গীত-নাট-কবিতাৰ মাজেৰে মূৰ্ত হৈ প্ৰকাশ লাভ কৰিছিল৷(হৃদয়ানন্দ গগৈ, বিষ্ণুৰাভাৰ গীতৰ বিষয় বৈচিত্ৰ্য আৰু সমাজ চিন্তন ধাৰা, কৰবী ডেকা হাজৰিকা (সম্পা.) সামাজিক সাংস্কৃতিক প্ৰেক্ষাপটত অসমীয়া গীত আৰু গীতিকবিতা পৃষ্ঠা– ১১৩) অৱশ্যে তেওঁৰ এনে সময়ত সৃষ্টি হোৱা লেখাবোৰত আবেগ-অনুভূতিৰ উচ্চল ঢৌৰ প্ৰবাহ নোবোৱাকৈ থকা নাছিল৷ সেয়ে কেতিয়াবা প্ৰেমিকৰ ৰূপত, কেতিয়াবা কালিদাসৰ বিৰহী যক্ষৰ ভাৱত আদি অনেক ৰূপত জীৱন্ত হৈ উঠিছিল৷ গতিকে ৰাভাৰ যিবোৰ গীতত প্ৰেম-বিৰহৰ ভাৱ প্ৰকাশ ঘটিছে সেইবোৰৰ অন্তৰালত তেওঁৰ ব্যক্তিগত জীৱনৰ বহু কথাই সাক্ষী হৈ ৰৈছে৷ তেওঁৰ জীৱনৰ বিভিন্ন সময়ত ঘটা ৰূপান্তৰ প্ৰক্ৰিয়া গীতৰ মাজেৰে ধৰি ৰখাৰ প্ৰয়াস কৰিছে৷ 

সত্য আৰু সুন্দৰৰ সাধনাৰে জীৱনৰ খেল খেলি সুন্দৰৰ পূজাৰী হৈ বিষ্ণুৰাভাই ‘সুৰৰ দেউলৰ ৰূপৰ শিকলী ভাঙি দিলি খুলি দুৱাৰ সোণোৱালী’ বুলি বনগীতৰ সুৰে্‌ৰ হৃদয় জুৰাইছে আৰু প্ৰাণক সজাইছে৷ মন কৰিলে দেখা যায়, বিষ্ণুপ্ৰসাদ ৰাভাৰ যিখিনি গীতে আটাইতকৈ বেছি মানুহৰ হৃদয় আজিও স্পৰ্শ কৰি যায়, সেইখিনিয়েই হৈছে প্ৰেম আৰু বিৰহৰ চিত্ৰণ ঘটা গীত৷ এই গীতবোৰত তেওঁৰ প্ৰেম, তেওঁৰ যি সুগভীৰ অনুভূতিৰ প্ৰকাশ পাইছে সেয়া দৰাচলতে নিভাঁজ অকৃত্ৰিম মানবানুভূতি৷(হৃদয়ানন্দ গগৈ, বিষ্ণুৰাভাৰ গীতৰ বিষয় বৈচিত্ৰ্য্য আৰু সমাজ চিন্তন ধাৰা, কৰবী ডেকা হাজৰিকা (সম্পা.) সামাজিক সাংস্কৃতিক প্ৰেক্ষাপটত অসমীয়া গীত আৰু গীতিকবিতা পৃষ্ঠা– ১১৩) তেওঁ গীতৰ মাজেৰে কৈছে–

                        মাণিক ফুলে নুশুৱায়

                        (যদি) সাত-সৰীতে তোৰ

                        (হয়া) ফালি উলিয়াই পিন্ধাম

                         তেজাল পোৱাল-মণি মোৰ৷ 

–প্ৰেয়সীক সাগৰ সিঁচি মাণিক আনি পিন্ধাব খুজা ৰাভাই প্ৰকৃতিৰ বুকু শুৱনি কৰা নাহৰ, তগৰ, কপৌফুলক হৃদয়ৰ বাণিৰে খোপাত গুজি দি হিয়াৰ ফুল পাৰি দিবলৈ ওলাইছে৷ তেওঁৰ গীতত প্ৰকাশিত এনে নৈসৰ্গিক ছৱিৰ মাজত প্ৰকৃতি সৌন্দৰ্য আৰু জীৱনৰ সৌন্দৰ্যৰ সমাহাৰেৰে, সুন্দৰৰ আৰাধনাৰে প্ৰেমৰ কথা কোৱাটো ৰাভাৰ গীতৰ অন্যতম এক বিশেষত্ব৷ হৃদয়ৰ ভালপোৱাৰ বতৰা মলয়াই কাণে কাণে অনা এইগৰাকী গীতিকাৰৰ প্ৰেমৰ গীতবোৰতো এনেদৰেই প্ৰকৃতিৰ ছবি চিত্ৰিত হৈছে৷ বহুক্ষেত্ৰত প্ৰকৃতিৰ শোভাৰ মাজতে ৰাভাৰ মন প্ৰাণ নিমজ হৈ থকাৰ কথাও গীতৰ মাজেৰে প্ৰতিফলিত হৈছে৷ 

বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰেম আছিল মানুহৰ প্ৰতি প্ৰেম, প্ৰেয়সীৰ প্ৰতি প্ৰেম৷ তেওঁ প্ৰেমৰ মহত্ত্বক চিৰসুন্দৰ ৰূপত অংকন কৰা এগৰাকী প্ৰেমিক আছিল৷ ৰাভা আছিল প্ৰেমৰ একান্ত পূজাৰী৷ বিশাল মহাসাগৰৰ ঢৌৰ গভীৰতাৰ পৰা মুকুতা বিচাৰি অনা দুৰ্দান্ত প্ৰেমিক আছিল ৰাভা৷ প্ৰেমৰ বাবে কিছুমান দুবোৰ্ধ্য কামো প্ৰেমিকে যেন সহজেই কৰিব পাৰে৷ মহাসাগৰ সিঁচি প্ৰেমিকাৰ বাবে সাত সাগৰৰ ধন অনাটো কোনো কথাই নহয়৷ তেওঁৰ হিয়াত, তেওঁৰ জীৱন বীণত যি আঙুলিৰ বোলনি পৰিল তাৰ কাৰণ এটাই আৰু তাৰ বাবেই তেওঁ সকলো ত্যাগ আৰু কষ্ট স্বীকাৰ কৰিবলৈ প্ৰস্তুত–

                        মেঘৰ বুকুফালি আনিম

                        বিজুলীৰে চাকি

                        খোপাতে গুজিবা নে? 

                        কুঁৱলী জাল কাটি আনিম 

                        ৰূপোৱালি জোনাই

                        বিৰীত লগাবানে? 

ৰাভা আছিল চিৰসুন্দৰৰ পূজাৰী৷ পৃথিৱীৰ সকলো বস্তুৱেই তেওঁ ধুনীয়া আৰু সৌন্দৰ্যময় হোৱাটো বিচাৰিছিল৷ তেওঁৰ প্ৰেম আছিল শিশুৰ দৰে পবিত্ৰ, নিষ্পাপ, অকৃত্ৰিম আৰু নিৰ্মল৷ সৌন্দৰ্যপ্ৰিয়তাৰ বাবেই হয়তো তেওঁৰ জীৱনলৈ প্ৰেম আহিছিল এইদৰেই– 

                        লুইতৰ পাৰৰে ৰূপহী কুঁৱৰী 

                        নাচি নাচি হালি আপোন বিভোৰ

                        তোৰ নাচোন দেখি বনৰ হৰিণী

                        থমকি থমকি চাই জুমি জুমি৷ 

আন এটি গীতত তেওঁ আকৌ কৈছে–

                        সাদৰে বুলোৱা হিয়াৰ বোলেৰে

                        সানিলোঁ যি ফুল প্ৰেমৰ ৰসেৰে

                        সি ফুলৰ প্ৰিয়ে! প্ৰণয় সুৰভি

                        হেঁপাহেৰে তুমি সুঙিবানে? 

বাস্তাৱিকতে ৰাভাদেৱৰ প্ৰেম আছিল বিফল প্ৰেম৷ তেওঁ প্ৰেমত প্ৰত্যাশিত হৈছে৷ এই বিফল প্ৰেমৰ দহন তেওঁৰ গীতত ধৰা দিছে৷ তথাপি ৰাভা আছিল আশাবাদী; ইহকাল পৰকালত বিশ্বাসী৷ মনৰ আশা পূৰণ নোহোৱাৰ বাবে ৰাভাৰ মনত কোনোধৰণৰ খেদ নাই৷ ইমান ধুনীয়া অথচ গভীৰ ৰোমাণ্টিক ভাৱধাৰাৰে সমৃদ্ধ এই গীতটিত বিষ্ণু ৰাভাই গীতৰ সকলোবোৰ চৰিত্ৰ ৰক্ষা কৰিছে আৰু গীতৰ মেলডিও ৰক্ষা কৰিছে৷  এনে গীতৰ ভিতৰত এটি গীত এনেধৰণৰ– 

                        পৰ জনমৰ শুভ লগনত

                         যদিহে আমাৰ হয় দেখা

                        পোৰাবানে প্ৰিয়ে এই জনমৰ

                        মোৰ হিয়াৰ অপূৰ্ণ আশা

আন এটি গীতত তেওঁ কৈছে–

                        লগন উকলি গ’ল 

                        তেও যে নহ’ল কোৱা

                        মনৰ কথাটি মোৰ 

                        হিয়াত গুপুতে ৰখা

–এই গীটকেইটিলৈ মন কৰিলে দেখা যায় যে তেওঁৰ প্ৰেম বিফল হ’লেও, তাৰ স্মৃতিত তেওঁ দগ্ধ হ’লেও হৃদয়ে মনে এটাই নিশ্চিতি সাবটি থাকে, আৰু সেয়া হৈছে জীৱনৰ ইহকালৰ অপূৰ্ণতাখিনি পৰকালত তেওঁ পূৰণ হোৱাটো কামনা কৰিছে৷ সেয়ে তেওঁ কিছুমান গীতত জনম-মৰণ এই দুই দিশৰ দুই পাৰত মাজে মাজে দেখা পোৱা যৌৱনৰ উচ্চলতাবোৰকে যেন জুকিয়াই চাইছে৷ বিষাদৰ প্ৰকাশ ঢাকি ৰখা যে সম্ভৱ নহয় সেয়া তেওঁ নিশ্চিত৷ তেওঁ অনুভৱ কৰিছে বিষাদ বেদনাত হৃদয় পুৰি ছাৰখাৰ হৈ যাব পাৰে৷ এনে ভগ্ন হৃদয়ৰ কম্পনবোৰকো কবিয়ে কবিয়ে অৱশ্যে জীৱনৰ প্ৰাপ্য বুলিয়ে মানি লৈছে৷ আনহাতে তেওঁৰ প্ৰেম প্ৰত্যাখান কৰা প্ৰেমিকাকো তেওঁ দোষী সাব্যস্ত কৰিব খোজা নাই৷ ইয়াতেই তেখেতৰ জীৱনৰ আদৰ্শই চৰম ৰূপ লাভ কৰিছে৷ কেতিয়াবা সেই দৃষ্টিভংগী এনে পৰ্যায় পাইছে যে তেওঁ সেয়া কোনোবা অদৃষ্টৰ পৰিহাস বুলি মানি লৈছে৷ তেওঁ গীতৰ মাজেৰে কৈছে–

                        মোৰেই সুৰত নাচে নে তাই 

                        তোমাৰ সুৰত নাচে

                        অসীম লীলা নুবুজিলোঁ

                        তেও যে প্ৰভু তোমাক নাপালোঁ৷ 

নৈসৰ্গিক শোভা বন্দনাৰ গীত

বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতত প্ৰকৃতিৰ বিভিন্ন ছবিয়ে বিষয়বস্তু হিচাপে ধৰা দিছে৷ তেখেতে নৈসৰ্গিক পৰিৱেশ খুউৱ সূক্ষ্মভাৱে লক্ষ্য কৰিছে৷ ৰাভাৰ গীতত প্ৰকৃতিৰ সুৰ প্ৰকৃতাৰ্থত হৃদয় জুৰোৱা৷ খামটি ছোৱালীক প্ৰকৃতিৰ ফুলৰ হাঁহিৰে সজাই গীতৰ মাজেৰে বাৰেবৰণীয়া প্ৰকৃতিৰ ৰংবোৰক জীৱনৰ ৰঙৰ লগত মিলাই দিব খোজা ৰাভাৰ গীতত প্ৰকৃতিৰ সৌন্দৰ্যময় চিত্ৰণ মনকৰিবলগীয়া৷ বিলত ফুলি থকা পদুম ফুলপাহো ৰাভাৰ গীতৰ বিষয়বস্তু হৈ ধৰা দিছে৷ তেওঁ বিলত ফুলি থকা সেই পদুম ফুলত পৰি পখিলাই কেনেকৈ ৰেণু সংগ্ৰহ কৰে সেই সকলো দিশ গীতত প্ৰকাশ কৰিছে৷ তদুপৰি বিষ্ণুপ্ৰসাদে নিজে বিচৰা ধৰণে কৰা সুৰাৰূপে তেখেতৰ গীতক অধিক জনমুখী কৰিতুলাত সহায় কৰিছে৷ নৈসৰ্গিক শোভা বন্দনাৰ তেনে এটি গীত–

                        ‘বিলতে হালিছে ধুনীয়া পদুমি 

                        ফুলনীত ফুলিছে ফুল

                        সেই ফুলে ফুলে পখিলা উৰিছে 

                        সানিৰে ৰেণুৰে বোল...’

–কল্পৱনাৰে প্ৰকৃতিৰ ছবিক জীৱন্ত কৰি তোলাত সিদ্ধহস্ত ৰাভাৰ গীতবোৰত জীৱন আৰু প্ৰকৃতিৰ ‘‘বৰষুণ-প্ৰেম-ধুমুহাৰ’’ চিত্ৰকল্পবোৰ খুবেই আকৰ্ষণীয় আৰু ব্যঞ্জনাধৰ্মী৷ ৰাভাৰ গীতত জীৱন আৰু প্ৰকৃতিৰ সোণালী ৰিজনীৰ কথা খুবেই চিন্তাকৰ্ষক৷ এই ক্ষেত্ৰত ‘আজলী ছোৱালী নানা ফুল এ তুলি’, ‘ম্ল ধুমুহা তাইৰ কলা চুলি তাৰ লোকোৱাই তৰা জোন কৰে অন্ধকাৰ’– এই গীতকেইটিৰ কথা ক’ব পাৰি৷ সেয়েহে ক’ব পাৰি যে বিষ্ণুৰাভাৰ ৰোমাণ্টিক ভাবৰ গীতসমূহৰ মাজেৰে প্ৰকৃতি প্ৰীতি উজ্জ্বল ৰূপে ধৰা দিছে৷ 

কৃষক-বনুৱাক জাগ্ৰত কৰাৰ গীত

বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ বিষয়বস্তুৰ দিশক সমৃদ্ধ কৰাৰ ক্ষেত্ৰত কৃষক-বনুৱাক উদ্দেশ্য কৰি লিখা গীতবোৰৰো বিশেষ ভূমিকা আছে৷ বিষ্ণু ৰাভাৰ গীতৰ ধাৰাই পঞ্চাছ দশকমানৰপৰা ৰং-ৰূপ সলাবলৈ ধৰে৷(লোকনাথ গোস্বামী, অসমীয়া আধুনিক গান জন্মক্ৰন্দনৰপৰা জাতীয় স্পন্দনলৈ..., পৃষ্ঠা– ১৪৪) বিপ্লৱী কমিউনিষ্ট পাৰ্টিৰ সক্ৰিয় নেতা হিচাপে আত্মগোপন কৰি ৰাজনৈতিক কাৰ্যকলাপ চলাবলৈ লোৱাটো ইয়াৰ মূল কাৰণ আছিল আছিল৷ ‘ইয়ে আজাদি ঝুঠা হ্যায়’ বুলি নকৈ অহা দেশৰ স্বাধীনতাৰ প্ৰতি জেহাদ ঘোষণা কৰিবলৈ বুলি দেশৰ কৃষক বনুৱাক প্ৰতিবাদী কণ্ঠেৰে সোচ্ছাৰ হ’বলৈ বিষ্ণুপ্ৰসাদে গাইছিল– 

                        বল্‌ বল্‌ বল্‌ বল্‌

                        কৃষক শক্তি দল

                        অ’ বনুৱা সমনীয়া 

                        আগবাঢ়ি যাওঁ বল৷ 

কৃষক সংগ্ৰামে সৰ্বভাৰতীয় প.ৰ্যায়ত জংগী ৰূপ লোৱাত অসমতো বেলশৰ, বেলতলাৰপৰা উজনিৰ ডিবৰু, খোৱাং আদিলৈকে উত্তাল হৈ পৰিছিল৷ সেইখিনি সময়তে আনকি স্বাধীন চৰকাৰে বিষ্ণুৰাভাৰ মূৰৰ ওপৰতো দমন ঘোষণা কৰিছিল৷ আত্মগোপনত থাকিও বিষ্ণু ৰাভাই কৃষক ৰাইজক সংগ্ৰামী চেতনাৰে অহৰহ উজ্জীৱিত কৰি ৰাখিবলৈ গোপনে ইঠাইৰপৰা সিঠাইলৈ প্ৰেৰণ কৰা নীতি-নিৰ্দেশনা, সিদ্ধান্ত আদিৰ লগতে একোটিকৈ গীতো পঠাইছিল সভা-সমিতিত গাবৰ বাবে৷ (লোকনাথ গোস্বামী, অসমীয়া আধুনিক গান জন্মক্ৰন্দনৰপৰা জাতীয় স্পন্দনলৈ..., পৃষ্ঠা– ১৪৪) আন এটি গীতত তেওঁ কৈছে-

                        দয়া মায়া নকৰিবি

                        ক্ষমাৰ দিন যে গ’ল

                        হাল কোৰ দা হাতুৰি লৈ

                        ৰণলৈ যাওঁ ব’ল

সশস্ত্ৰ সংগ্ৰামত বিশ্বাসী ৰাভাদেৱৰ বৈপ্লৱিক সুৰত লিখা গীতবোৰত তেওঁৰ বিদ্ৰোহী চেতনাৰ স্ফুৰণ মন কৰিবলগীয়া৷ তেওঁ গীতৰ মাজেৰে মানুহৰ আৱেগ জয় কৰি স্বাধিকাৰ সাব্যস্তৰ পথ প্ৰশস্ত কৰিছে৷ বিষ্ণুপ্ৰসাদে কৃষকৰ মৰ্ম বেদনা উপলব্ধি কৰিছে৷ এই উপলব্ধিয়ে তেখেতক অধিক বিদ্ৰোহী কৰি তুলিছে৷ তেওঁ লিখিছে–

                        তই খুৱাৱ বিশ্ববাসীক 

                        মাটি ফালি ধান

                        তই যোগাৱ ধনী শ্ৰেণীক 

                        অস্ত্ৰ শক্তিমান

                        কাৰখানা-কল তোৰেই সৃজন 

                        পথাৰ সুবহল

                        নাঙল, কাঁচি হাতুৰী, দাৰ

                        যাদুকৰী ফল...

–বিষ্ণুপ্ৰসাদ ৰাভাৰ স্বপ্ন আছিল মুক্তিৰ স্বপ্ন৷ যিসকল লোকৰ শ্ৰম আৰু ত্যাগৰ বিনিময়ত সমাজৰ ভৰণ-পোষণকে আদি কৰি ঘাই ভেটিটো বাচি থাকে সেইসকল লোকৰ ভৱিষ্যতো উজ্জ্বল হ’ব, যদিহে তেওঁলোকে প্ৰাপ্যখিনিৰপৰা বঞ্চিত নহয়৷ সেয়ে তেওঁলোলোকৰ সেই অধিকাৰ সুৰক্ষিত কৰিবলৈ তথাকথিত শোষকশ্ৰেণীৰ দৰ্প-অহংকাৰ চুৰ্ণ হেৱাতো তেখেতে বিচাৰিছে৷ 

বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ বিষয়বস্তু হিচাপে স্বদেশপ্ৰীতি

বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰোমাণ্টিক ভাবৰ গীতসমূহত প্ৰতিফলিত স্বদেশপ্ৰীতিৰ এক উল্লেখযোগ্য বিশেষত্ব৷ তেওঁৰ প্ৰবল আকাংক্ষা আছিল বিচিত্ৰতাৰ মাজত ঐক্যৰ সন্ধান কৰা৷ অসমৰ বাৰেবৰণীয়া নৃ-গোষ্ঠীসমূহৰ মাজত সমন্বয়ৰ এনাজৰী দেখা পাইছিল বাবেই অবিভক্ত অসমৰ প্ৰত্যেক জনগোষ্ঠীৰ কৃষ্টি তেওঁ অনুশীলন কৰিছিল৷ 

                        জাগিব লাগিব তই কছাৰী মিকিৰ

                        খাচী ৰাভা গাৰো মিৰি কুকি নগাবীৰ

                        খামতি, মিচিমি, আবৰ, লালুং, লুচাই

                        চিংফৌ, চিনটেং মণিপুৰী টাই

                        টিপৰা, ডিমাচা অঁকা ডফলা ককাই

                        চুতীয়া দেউৰী টোটোলা কোচ হাজং বৰাহী

                        জাগিব লাগিব তই জাগ

নিজ দেশ তথা ইয়াৰ জনগণৰ আশা-আকাংক্ষাক বাস্তৱত ৰূপ দি ইয়াৰ ধৰ্ম, ভাষা, সাহিত্য সংস্কৃতিৰ প্ৰতি আনুগত্যই হ’ল স্বদেশ প্ৰেম৷ স্বদেশ প্ৰেম হ’ল জাতীয়তাবাদৰ মূল উৎস৷ দেশ আৰু জাতিৰ প্ৰতি ভালপোৱাই হ’ল জাতীয়তাবোধ৷ মাতৃভূমিক ভালপোৱাই আছিল ৰাভাদেৱৰ লক্ষ্য আৰু অসমৰ জনসাধাৰণ আছিল ইয়াৰ উৎস৷ দেশ আৰু জাতিৰ বাবে কৰা যিখিনি সেই গোটেইখিনি তেখেতে উছৰ্গা কৰিছিল৷ সেইবাবেই স্বদেশৰ লোকৰ প্ৰতি ৰাভাই গুণ গান কৰিছে এনেদৰে–

                        অ’ মোৰ নিছলা অসমী আইৰ

                        হালোৱা বনুৱা ভাই

                        কোনে পতিয়াব তোমাৰ আজিৰ 

                        কিয়নো এনে বিলাই? 

                        নিছলা আইৰে আমি খাটি অসমীয়া

                        অসমী আইৰে আমি ছোৱালী ধুনীয়া

                        ধৰণী শুৱাই থকা অই মোহনীয়া

ৰাভাৰ স্বদেশপ্ৰেমৰ পটভূমি আছিল স্বাধীনতা সংগ্ৰাম অসম তথা ভাৰতৰ মানৱ সমাজলৈ অনাজন জাগৰণ৷ অৱহেলিত জনগোষ্ঠাৰ পৰা ওলোৱা সত্ত্বেও তেওঁ যে অসমৰ নৱজাগৰণৰ অন্যতম নেতা হৈ পৰিছিল সেই ঘটনাটো তাৎপৰ্যপূৰ্ণ৷ তেওঁৰ গীতত দুখুনী অসমৰ লগতে নিছলা ভাৰতো মাতৃৰূপে ধৰা দিছে৷ দুয়োৰে দৈন্য আৰু দুৰ্দশাৰ কাৰণ হ’ল পৰাধীনতা৷ সেয়েহে ৰাভাই স্বদেশপ্ৰেমেৰে ভাৰতভূমিৰ বৰ্ণনা কৰিছে গীতৰ মাজেৰে–

                        আই মোৰ ভাৰতী জননী

                        লখিমী দুখুনী

                        ভাৰতবাসীৰ হৃদয়ৰে বাণী

                        মোৰ পৰাণৰ মোৰ জীৱনৰ

                        চেনেহী গোঁসানী

নিজৰ দেশৰ প্ৰতি থকা অগাধ প্ৰিতিৰ এক জ্বলন্ত কিম্বদন্তি জয়মতীৰ কাহিনী সৰ্বজনবিদিত৷ সেয়ে জয়মতীৰ কাহিনীৰ মাজেদি মানুহৰ মাজত স্বদেশপ্ৰীতিৰ অনুৰণন ঘটাবলৈ বিষ্ণুপ্ৰসাদে লিখিছে–

                        জয়সাগৰৰ বুকুৰ মাজত

                        উঠে চকুলোৰে ঢল

                        মলয়াই তোলে হিয়া ভগা সুৰ

                        কৰুণ বিননি ৰোল

                        জয়া নাই জয়া নাই

                        অসমী আইৰ চেনেহৰ জী

                        সতী জয়মতী নাই৷ 

ভক্তি ভাবাপন্ন গীত

বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ বিষবস্তুক সমৃদ্ধ কৰাৰ ক্ষেত্ৰত ভক্তিভাৱাপন্ন গীতৰ কথাও ক’ব পাৰি৷ তেখেতৰ বৰ্ণাঢ্য সৃষ্টিৰ মাজেৰে ইবিলাক প্ৰকট হৈ উঠিছে৷ বিষ্ণুপ্ৰসাদ ৰাভাই মহাপুৰুষ শংকৰদেৱৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ সমাজখনক নতুন বাটৰ সন্ধান দিবলৈ যত্ন কৰিছিল৷ (নৱমী গগৈ আৰু কৃতাঞ্জলী কোঁৱৰ, বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ বিভিন্ন দিশ আৰু প্ৰাসংগিকতা, কুতুবুদ্দিন আহমেদ (সংক. আৰু সম্পা.) অসমীয়া সংগীত ঐতিহ্য আৰু পৰম্পৰা, পৃষ্ঠা–১১৩) বৰগীতৰ ৰাগ, সুৰ, বিষয়বস্তু আদিয়ে ৰাভাক বিশেষভাৱে ক্ৰিয়া কৰিছিল৷ সেয়ে বৰগীতৰ প্ৰতি সন্মান জনাই ৰাভাই লিখিছে–

                        যাউতিযুগীয়া বৰগীত অমিয়া

                        মন-প্ৰাণ ভৰি 

                        সুন্দৰ চিৰ সুন্দৰ....

চল্লিছৰ দশকত বিয়াল্লিছৰ স্বাধীনতা সংগ্ৰাম, দ্বিতীয় মহাসমৰৰ বিভীষিকাই সমগ্ৰ দেশৰ লগতে অসমকো জোকাৰি গৈছিল৷ নিজ দেশ, জাতিক পৰাধীনতাৰ শিকলি চিঙিবলৈ, মহাসমৰৰ বিভীষিকাৰ বিৰুদ্ধে যুঁজিবলৈ সাহস আৰু প্ৰেৰণা যোগাবৰ বাবে সমসাময়িক বহু শিল্পীৰ দৰে দেশপ্ৰেমিক বিষ্ণু ৰাভায়ো গাইছে–

                        কীৰ্তন দশম নামঘোষা 

                        হওক আমাৰ শৌৰ্য

                        নাট-গীত-নাম-বৰগীত 

                        হওক ৰণৰ তুৰ্য

                        আৰ্হি তেওঁৰ এই অসমৰ 

                        হওক অসীম বীৰ্য

–এইদৰে মহাপুৰুষজনাৰ আদৰ্শৰ প্ৰতি সন্মান জনাই বিষ্ণুপ্ৰসাদ ৰাভাই অসমীয়া জাতি তথা সমাজৰ দুৰ্যোগৰ সময়ছোৱাত গুৰুজনাৰ ভক্তি অঞ্জলিৰে অনুপ্ৰাণিত হ’বলৈ আহ্বান জনাইছিল৷(নৱমী গগৈ আৰু কৃতাঞ্জলী কোঁৱৰ, বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ বিভিন্ন দিশ আৰু প্ৰাসংগিকতা, কুতুবুদ্দিন আহমেদ (সংক. সম্পা.) অসমীয়া সংগীত ঐতিহ্য আৰু পৰম্পৰা, পৃষ্ঠা–১১১)

বৈপ্লৱিক ভাবৰ গীত

বিপ্লৱী চেতনা বিষ্ণুপ্ৰসাদৰ গীতৰ আন এক উল্লেখযোগ্য দিশ৷  বিভিন্ন ধৰণৰ বিপ্লৱৰ কথা তেওঁ গীতৰ মাজেৰে প্ৰকাশ কৰিছে৷ ইবিলাকৰ ভিতৰত শিক্ষাৰ বিপ্লৱ গঢ়ি তোলাৰ প্ৰয়াস তেওঁৰ গীতৰ মাজত প্ৰকাশ পোৱা দেখা যায়৷ তেওঁ উপলব্ধি কৰিছে অসমী আইৰ এই দুৰ্দিনত সকলোকে জ্ঞানৰ প্ৰয়োজন৷ জ্ঞানৰ অবিহনে বিকাশ আৰু সুবাস অসম্ভৱ৷ সেইবাবে তেওঁ জ্ঞানৰ বন্তিৰে নিজৰ লগতে বিশ্বক, চৰাচৰক উজলাই তোলাৰ বাবে বিপ্লৱৰ আহ্বান জনাইছে–

                    বিশ্বৰ দেউলতয জ্ঞানৰে বন্তিৰ

                    আলোকেৰে শিখায উঠক নাচি

                    অজ্ঞান এন্ধাৰয বিনাশী

                    পুলকানন্দে...

সমান্তৰালভাৱে বিষ্ণুৰাভাৰ মনটো আছিল গণতান্ত্ৰিক৷ তেওঁৰ দৃষ্টিত ৰাইজেই ৰজা৷ ৰাইজৰ ক্ষমতাই ৰজাৰ ক্ষমতা৷ সেয়ে তেওঁ পঞ্চায়তীৰাজ ব্যৱস্থাৰ পোষকতা কৰিছিল৷ আৰু এই ব্যৱস্থাৰ জৰিয়তে ৰাইজৰ সুখ হ’ব বুলি বিশ্বাস কৰিছিল– 

                    সাজ্‌ মুক্তি সেনা! সাজ্‌

                    হ’ব সমদল আজি বাজ্‌

                    সুখৰে পঞ্চায়ত ৰাজ৷ 

উপসংহাৰ

বিষ্ণুপ্ৰসাদ ৰাভৰ গীতৰ বিষয় বৈচিত্ৰ্য –শীৰ্ষক বিষয়টি আলোচনাৰ শেষত নিম্নলিখিত সিদ্ধান্তত উপনীত হ’ব পাৰি–

ক) আধুনিক অসমীয়া সংগীতৰ ইতিহাসত বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ এক বিশেষ আসন আছে৷ তেখেতৰ গীতৰ বিষয়বস্তুৰ বৈচিত্ৰ্য এই আসন প্ৰতিষ্ঠাৰ ক্ষেত্ৰত সহায় কৰিছে৷ 

খ) বিভিন্ন ধৰণৰ বিষয়বস্তুৱে বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতত স্থান লাভ কৰিছে৷ এই ভিন্ন বিষয়বস্তুবোৰক তেখেতে নিজে প্ৰস্তুত কৰা গীতৰ সুৰ আৰু স্বৰলিপিয়ে অধিক জনমুখী কৰি তুলিছে৷ 

গ) বিষ্ণুপ্ৰসাদ ৰাভাই প্ৰকৃতি বিষয়ক গীতসমূহৰ সমান্তৰালভাৱে নাৰীৰ ৰূপ-সৌন্দৰ্যৰ বন্দনা কৰিছে৷ বহুসময়ত এই দিশবোৰেও তেখেতৰ গীতৰ বিষয়বস্তুক বিচিত্ৰতা প্ৰদান কৰিছে৷ 

ঘ) ৰাভাৰ মন-মগজুত যেনেকৈ নৈসৰ্গিকতা সোমাই আছে তাৰ সমান্তৰালকৈ নাৰীৰ ৰূপ-সৌন্দৰ্যও তেওঁৰ প্ৰেম বিৰহত একীভূত৷ এই দিশৰ পৰা মন কৰিলে তেখেতৰ গীতৰ অন্তৰ্ভাগত মানৱীয় সৌন্দৰ্য প্ৰকাশ পাইছে৷ 

ঙ) বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ বিষয়বস্তুক সমৃদ্ধ কৰাৰ ক্ষেত্ৰত বিদ্ৰোহী ভাৱাপন্ন গীতবোৰৰ ভূমিকা গুৰুত্বপূৰ্ণ৷ সমাজৰ শোষিত কৃষক শ্ৰেণীৰ মৰ্ম বেদনা উপলব্ধি কৰি লিখা গীতবোৰে বঞ্চিত শ্ৰমিক কৃষকসকলৰ মনৰ মাজত হেন্দোলনীৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল৷  

চ) বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ বিষয়বস্তুক বৈচিত্ৰ্যপূৰ্ণ কৰি তুলাত প্ৰেম-আৰু বিৰহৰ চিত্ৰণ ঘটা গীতবোৰৰো গুৰুত্ব আছে৷ বিষ্ণুপ্ৰসাদ ৰাভাৰ যিখিনি গীতে আটাইতকৈ বেছি মানুহৰ হৃদয় আজিও স্পৰ্শ কৰি যায়, সেইখিনিয়েই হৈছে প্ৰেম আৰু বিৰহৰ চিত্ৰণ ঘটা গীত৷ এই গীতবোৰত তেওঁৰ প্ৰেম, তেওঁৰ যি সুগভীৰ অনুভূতিৰ প্ৰকাশ পাইছে সেয়া দৰাচলতে নিভাঁজ অকৃত্ৰিম মানবানুভূতি৷ 

সহায়ক উৎস 

আলি, তফজ্জুল : অসমীয়া আধুনিক গীতৰ সংগীতকাৰসকল, প্ৰকাশক, ডক্টৰ জগদীশ পাটগিৰি, প্ৰধান সম্পাদক, অসম সাহিত্য সভা,  চন্দ্ৰকান্ত সন্দিকৈ ভৱন, যোৰহাট, ৭৮৫০০১ প্ৰকাশ কাল : ১৭ ফেব্ৰুৱাৰী ২০০৫ খ্ৰীষ্টাব্দ 

আহমেদ, কুতুবুদ্দিন [সম্পা.] : বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ বিভিন্ন দিশ আৰু প্ৰাসংগিকতা, প্ৰকাশক : ড॰ মহেশ্বৰ নেওগ অসমতত্ত্ব গৱেষণা সংস্থান, অসম সাহিত্য সভা, প্ৰথম সংস্কৰণ : ২০১৬

গগৈ, বগেন, তিলেন গগৈ [সম্পা.] : বিষ্ণুৰাভাৰ কৃতি আৰু কৃতিত্ব, ধেমাজি অফচেট প্ৰিণ্টাৰ্চ, ৰতনপুৰ, ধেমাজি, প্ৰথম প্ৰকাশ –আগষ্ট, ২০০৫

গোস্বামী, লোকনাথ : অসমীয়া আধুনিক গান জন্ম ক্ৰন্দনৰপৰা জাতীয় স্পন্দনলৈ, সাৰস্বত, গুৱাহাটী, প্ৰকাশক -সমিৰণ গোস্বামী, দ্বিতীয় প্ৰকাশ- এপ্ৰিল, ২০১৪

––: অসমীয়া আধুনিক সংগীতৰ ইতিহাস, ৰেখা প্ৰকাশন, পাণবজাৰ, গুৱাহাটী-১, প্ৰকাশক -দেৱেন কলিতা, মূদ্ৰণ : অভিলেখ গ্ৰাফিক, উজান বজাৰ, গুৱাহাটী, প্ৰথম প্ৰকাশ- ২০১৬

দাস, যোগেশ, সৰ্বেশ্বৰ বড়া(সম্পা.) : বিষ্ণুৰাভাৰ ৰচনা সম্ভাৰ (প্ৰথম খণ্ড), ৰাভা ৰচনাৱলী প্ৰকাশন সংঘ, দ্বিতীয় মূদ্ৰণ– মাৰ্চ, ২০০৮

ভূঞা, সৰলা : অসমীয়া গীতি-সাহিত্যৰ ৰূপৰেখা, অসম সাহিত্য সভা, যোৰহাট, প্ৰথম প্ৰকাশ, জানুৱাৰী, ২০১১

হুছেইন, ইছমাইল : বিষ্ণুৰাভাৰ জীৱন আৰু দৰ্শন, ত্ৰিনয়ন গ্ৰাফিক অফছেট, ৰিহাবাৰী, গুৱাহাটী, চতুৰ্থ প্ৰকাশ, অক্টোবৰ ২০০৫

হাজৰিকা, সূৰ্য (সম্পা.) : বিভিন্নজনৰ দৃষ্টিত বিষ্ণুপ্ৰসাদ ৰাভা, এছ. এইছ. শৈক্ষিক ন্যাস, চন্দ্ৰকান্ত হাজৰিকা পথ, তৰুণ নগৰ, গুৱাহাটী, প্ৰথম প্ৰকাশ ২০০৮

হাজৰিকা, কৰবী ডেকা(সম্পা.) : সামাজিক সাংস্কৃতিক প্ৰেক্ষাপটত অসমীয়া গীত আৰু গীতি কবিতা, সাহিত্য অকাডেমি, প্ৰথম প্ৰকাশ : ২০১১

Post a Comment

0 Comments