সৌৰভ কুমাৰ চলিহাৰ গল্প ‘দুপৰীয়া’ ।। প্ৰবন্ধ


অসমীয়া গল্প সাহিত্যত সৌৰভ কুমাৰ চলিহা এক ব্যতিক্ৰমী সত্তা৷ তেওঁ অসমীয়া গল্পৰ পৰম্পৰাগতভাৱে চলি অহা ধাৰাটোৰপৰা আঁতৰি আহি এক ব্যতিক্ৰমী ৰূপত গল্পৰ আংগিক সজাইছে৷ এই আংগিক নিৰ্মাণত বিশেষকৈ আধুনিক যুগৰ মানুহৰ মনস্তত্ত্বই গুৰুত্ব পাইছে৷ বিশেষকৈ নগৰীয়া মানুহৰ মনস্তত্ত্ব, আধুনিক যুগৰ ইজনে সিজনৰ প্ৰতি থকা সন্দেহৰ ভাব আদিয়ে চলিহাৰ কলমত গল্পৰ বিষয়বস্তু হৈ ধৰা দিছে৷ কাহিনী নোহোৱাকৈ গল্প কোৱা আৰু লিখাটোৱে চলিহাৰ ব্যতিক্ৰমী সত্তাক আৰু অধিক প্ৰকট কৰি তুলিছে৷ তেওঁৰ গল্পপুথি ‘দুপৰীয়া’ৰ অন্তৰ্গত দুপৰীয়া নামৰ গল্পটি এই নিয়মৰ বাহিৰ নহয়৷ গল্পটো প্ৰথমে ‘ৰামধেনু’ৰ পাতত প্ৰকাশ পাইছিল৷ এই দুপৰীয়া গল্পটোৱে এক ব্যতিক্ৰমী ৰূপ পৰিগ্ৰহণ কৰিছে৷ গল্পটোৰ কাহিনীৰ কোনো ধাৰাবাহিকতা নাই, বৰঞ্চ এটা কথাবস্তু বা কথাৰ ৰূপহে গল্পটোৱে কঢ়িয়াই নিছে৷ এই কথাবস্তুটো দাঙি ধৰিবলৈ গল্পকাৰে দুটা চৰিত্ৰৰ কথোপকথনৰ মাজেৰে আগবাঢ়িছে৷ এই কথোপকথনৰ মাজত এগৰাকী নিঃসন্তান নাৰীৰ নিঃসংগ ৰূপটোৱে ঠাই পাইছে৷ এই ৰূপটো দাঙি ধৰিবলৈ গল্পকাৰে কিছুমান খণ্ডিত ছবি অংকন কৰিছে৷ অৱশ্যে বাহ্যিকভাৱেহে ই খণ্ডিত যেন লাগে, আভ্যন্তৰীণভাৱে এই খণ্ডিত ৰূপৰ ইটোৰ লগত সিটোৰ সম্পূৰ্ণ এডাল মালাৰ দৰে গাঠি থোৱা আছে বুলি ক’ব পাৰি৷ ইয়াত আনুষংগিক অনেক প্ৰসংগ আনিছে যদিও লক্ষ্যৰপৰা গল্পকাৰে কলম আঁতৰোৱা নাই৷ সেই লক্ষ্যটোৱেই হৈছে নাৰীগৰাকীৰ নিঃসন্তানী ৰূপ আৰু নিঃসংগতাবোধ৷ 

আধুনিক কবিতাৰ ক্ষেত্ৰত দেখা দিয়া ‘Chino mathography technique’ ৰূপটো দুপৰীয়া গল্পটোৰ ক্ষেত্ৰতো প্ৰযোজ্য বুলি ক’ব পাৰি৷ গল্পকাৰে গল্পটো খণ্ডিত যেন লগা কিছুমান স্নেপ্‌চত প্ৰস্তুত কৰিছে৷ চিনেমাবিলাকত যেনেকৈ ভিন্ন স্থানত দৃশ্যপট সংগ্ৰহ কৰি পৰৱৰ্তী সময়ত সম্পাদনা কক্ষত এটা ক্ৰমশঃ ৰূপ দিয়া হয়, দুপৰীয়া গল্পটোৰ ক্ষেত্ৰটো সেই ৰীতি প্ৰযোজ্য বুলি ক’ব পাৰি৷ গল্পকাৰে কাহিনীৰ ধাৰাবাহিকতা নোহোৱাকৈয়ে লক্ষ্যত উপনীত হ’বলৈ সক্ষম হৈছে৷ 

কাহিনীৰ ধাৰাবাহিকতা বুলি ক’লে সাধাৰণতে চৰিত্ৰৰ মাজেৰে কাহিনী আগবঢ়া, চৰিত্ৰৰ সংঘাতৰ দ্বাৰা কাহিনীৰ নিৰ্মাণ কৰা আদিকে বুজা যায়৷ 'দুপৰীয়া' গল্পটোত তেনে কোনো ব্যাকৰণগত ৰূপ পোৱা নাযায়৷ ইয়াত মূল চৰিত্ৰটোৰেই অভাৱ পৰিলক্ষিত হয়৷ দুটা অন্য চৰিত্ৰৰ মাজতহে মূল চৰিত্ৰটোৰ নিঃসংগ ৰূপটোৰ বিষয়ে আলোচিত হৈছে৷ এই প্ৰাসংগিক চৰিত্ৰবোৰৰ মাজেৰেই যেন গল্পকাৰে নায়িকাৰ নিঃসন্তান, নিঃসংগ ৰূপটোৰ কথা ব্যঞ্জিত ৰূপত দাঙি ধৰাৰ প্ৰয়াস কৰিছে৷ 

গল্পকাৰ চলিহাই প্ৰাসংগিকভাৱে গল্পটোত দাঙি ধৰা কাউৰীলৈ চাউল আগবঢ়াই কোন দিশৰপৰা আলহী আহিব সেই কথা নিৰ্ণয় কৰা কথাটো বৰ তাৎপৰ্যপূৰ্ণ৷ ইয়াত পোনপটীয়াকৈ অসমীয়া লোক বিশ্বাসৰ ছবিখন দেখা পোৱা যায় যদিও আওপকীয়াকৈ গল্পকাৰে মাজনীৰ কথাকে বুজাব বিচাৰিছে৷ এই চাৰিওফালৰপৰা অহা আলহী মাজনীৰ শাহুৱেক, ৰূপালী, কংস জেঠাইদেউ আদিয়ে বাহ্যিকভাৱে নায়িকাৰ মনত আনন্দ দিলেও আভ্যন্তৰীণভাৱে নায়িকাৰ মানসিক অৱস্থাক যন্ত্ৰণাকাতৰ কৰি তুলিছে৷ এই যন্ত্ৰণা হৈছে আলহী গুচি যোৱাৰ পাছত তেওঁৰ লগ বুলিবলৈ কোনো নাথাকে, তাই নিঃসংগ৷ 

সাধাৰণ এগৰাকী নিঃসন্তান নাৰীৰ মনৰ যি অস্থিৰ ৰূপ সেই ৰূপৰপৰা দুপৰীয়া গল্পৰ নায়িকাগৰাকী ব্যতিক্ৰম নহয়৷ এবাৰ কৰি যোৱা কামটোকে আউল লগাই পুনৰ কৰা কথাটোৱে নায়িকাৰ মনৰ অস্থিৰতাকে সূচাইছে৷ কৰ্মব্যস্ত হৈ থাকি তেওঁ যেন মানসিক যন্ত্ৰণা ঢাকি ৰখাৰ ব্যৰ্থ চেষ্টা কৰিছে৷ 

নটাতে ৰমেশ অফিচলৈ যায়গৈ৷ তাৰ পিছত ওৰে দিনটো অকলে৷ কেতিয়াবা পেষ্কাৰণী আহে, কেতিয়াবা ওচৰ কাষৰৰ কোনোবা আহে– বেছিভাগ সময়–

–ইয়াত নায়িকাগৰাকীৰ নিসংগ ৰূপটো প্ৰকাশ পাইছে৷ গিৰিয়েক [ৰমেশ] অফিচলৈ যোৱাৰ পাছত তাইৰ লগত দ্বিতীয় বুলিবলৈ যে কোনো নাথাকে সেই কথাই নায়িকাৰ মন মগজুৰ যন্ত্ৰণা অধিক প্ৰকট কৰিছে৷ সেই যন্ত্ৰণা সন্তান নোহোৱাৰ, নিঃসন্তানৰ৷ তাইৰ সন্তান থকাহ’লে হয়তো এনেদৰে গোটেই দিনটো অকলে থাকিবলগা নহ’লহেঁতেন৷ গল্পটোৰ আন এক অংশত বৰ্ণনা আছে–

আহে নেকি? হওক তেও, তথাপি দুআষাৰ মনৰ কথা কোৱাৰ এটা লগ–

–ইয়াৰ জৰিয়তেও গল্পকাৰে নায়িকাৰ সেই লগ নোহোৱাৰ যন্ত্ৰণা আওপকীয়াকৈ অতি প্ৰাঞ্জল ৰূপত দাঙি ধৰিছে৷ তাই যেন লগ এটা পালেই সমগ্ৰ যন্ত্ৰণাৰ পৰা পৰিত্ৰাণ পাব৷ 

পূবৰপৰা অহা মাজনীৰ শাহুৱেকৰ মাজেৰে গল্পকাৰে এগৰাকী সৰ্বসাধাৰণ শাহুৱেকৰ মনোজগতৰ ছবিখন সুন্দৰ ৰূপত অংকন কৰিছে৷ সাধাৰণতে সমাজত প্ৰত্যেকগৰাকী শাহুৱেকেই বোৱাৰীয়েকৰপৰা সতি-সন্ততি কামনা কৰে আৰু মাক হ’ব নোৱাৰিলে পাকে-প্ৰকাৰে বোৱাৰীয়েককে সমস্ত দুখ জাপি দিব বিচাৰে৷ মাজনীৰ শাহুৱেকো এইক্ষেত্ৰত ব্যতিক্ৰম নহয়৷ তেওঁ কোৱা- ‘বিধিৰ যেনে ইচ্ছা, কৰ্মফল কোনে খণ্ডাব’ বক্তব্যৰ মাজেৰে ইয়াৰ পৰিচয় পোৱা যায়৷ 

অক্ষয় চৰিত্ৰটোৱে নায়িকাগৰাকীৰ যন্ত্ৰণাক যেন আৰু অধিক প্ৰকট কৰিছে৷ বায়েক নিঃসন্তান হৈ থকাৰ কাৰণেই ভায়েক অক্ষয়ে বিয়া নকৰোৱাৰ ইংগিত গল্পকাৰে দিছে৷ এই ভায়েকে বিয়া নকৰোৱা কথাটোও সেই নিঃসন্তানৰ লগত সম্পৰ্কিত৷ এই কথাই নায়িকাগৰাকীক আৰু অধিক যন্ত্ৰণাত দগ্ধ কৰাৰ ছবিখনকে যেন গল্পকাৰে আঁকিব বিচাৰিছে৷ 

নায়িকাৰ নিঃসংগ ৰূপৰ বৰ্ণনা দিবলৈ গৈ গল্পকাৰে এটা দুপৰীয়াৰ ছবিখন খুব নিটোল ৰূপত অংকন কৰিছে৷ নাৰিকল গছবোৰৰ পাতত কোনো সাৰি শব্দ নোহোৱা, বন্ধ পানদোকান, আকাশত মেঘ নোহোৱা আদি বৰ্ণনাই দুপৰীয়াৰ নিৰ্জনতাৰ ছবিখন স্পষ্ট কৰি তুলিছে৷ সেই নিৰ্জনতা ভংগ কৰিবলৈ নাৰীগৰাকীৰ যে কোনো নাই সেই কথাই নায়িকাৰ মানসিক জগতত কন্দলৰ সৃষ্টি কৰিছে৷ তাইৰ যদি এটা সন্তান থাকিল হয় তেতিয়া নিশ্চয় ইমান নিৰ্জন অৱস্থাৰ সৃষ্টি নহ’ল হয়৷ 

প্ৰতিকী ৰূপ ব্যৱহাৰৰ দক্ষতা সৌৰভ কুমাৰ চলিহাৰ গল্পত মন কৰিবলগীয়া৷ তেওঁৰ দুপৰীয়া গল্পটোৰ মূল কাহিনী প্ৰতিকী অৰ্থেৰে ব্যঞ্জিত ৰূপত বৰ্ণনা কৰি গৈছে যিটো ওপৰুৱা দৃষ্টিত ধৰা নপৰে৷ গল্পটোত বৰ্ণিত আকাশৰ তেজাল নীলাই চকুত চাত মাৰি ধৰা ৰূপ, ধোবাবোৰে মেলি দিয়া বগা বিছনা চাদৰ এখনলৈ একেৰাহে চাই বহি থকা দৃশ্য বৰ তাৎপৰ্যপূৰ্ণ৷ ইয়াৰ জৰিয়তে গল্পকাৰে যেন নায়িকাগৰাকীৰ স্বচ্ছ আৰু নিকা ৰূপটোকে বুজাব বিচাৰিছে৷ 

গাইজনীয়ে মাজে মাজে হাম্বা হাম্বাকৈ চিঞৰি উঠাৰ কথাটোও বৰ তাৎপৰ্যপূৰ্ণ৷ গাইজনীয়ে চিঞৰিছে মানে তাই পোৱালি বিচাৰিছে৷ অৰ্থাৎ তাইৰ ওচৰত এতিয়া পোৱালিটো নাই৷ সেয়ে হয়তো তাই নিসংগ অনুভৱ কৰি যন্ত্ৰণাতেই যেন চিঞৰি পোৱালিটোক মতাৰ ইংগিত দিছে৷ সেই ৰূপটোৱে গল্পৰ নায়িকাগৰাকীয়ো যেন নিঃসংগ, তাইয়ো যেন সেই নিসংগতাৰ যন্ত্ৰণাতেই চটফটাই ফুৰিছে তাকেই বুজাব বিচাৰিছে গল্পকাৰে৷ 

কাউৰীয়ে মাজৰ ভাগৰ চাউল খাই ঘৰৰ আলহীয়েই ঘৰলৈ অহাৰ কথা বুজোৱাটোও বৰ তাৎপৰ্যপূৰ্ণ৷ ইয়াৰ জৰিয়তে নায়িকাৰ জীৱনলৈ অন্তসত্ত্বা নামি অহাৰ কথাটোকে গল্পকাৰে ইংগিত দিছে৷ ঘৰৰেই আলহী অৰ্থাৎ তাইৰে সন্তান৷ এই কথাটো গল্পকাৰ চলিহাই গল্পটোৰ শেষত খুব সুন্দৰকৈ ব্যঞ্জিত ৰূপত দাঙি ধৰিছে–

প্ৰথমতে তাই একো নামাতিলে, বৰং মোক বেছি কপকপীয়াকৈহে চেপি ধৰিলে৷ এইদৰে কিছু সময় গ’ল, তাৰ পাছত তাইৰ হাতৰ বান্ধ লাহে লাহে ঢিলা হৈ আহিল, তাৰ পাছত মোৰ কোলাত গোজা মাৰি মূৰটো নোতোলাকৈয়ে তাই ক’লে, বাইদেউ, মোৰ ভিতৰত কিবা লৰিছে–

–এই কথাখিনিৰে গল্পকাৰে নায়িকাগৰাকীৰ জীৱনলৈ পৰিপূৰ্ণতা অহাৰ কথাটোকে যেন বুজাব বিচাৰিছে৷ এই পৰিপূৰ্ণ ৰূপটোকেই যেন গল্পকাৰে ‘দুপৰীয়া’ বুলি আখ্যা দিছে৷ দুপৰীয়া অৰ্থাৎ দুটা পৰৰ সন্ধিক্ষণ৷ এই ক্ষণত দিনটোৱে পৰিপূৰ্ণতা পায়৷ এগৰাকী নাৰীৰ জীৱনটোও তেতিয়াহে পৰিপূৰ্ণ হয় বুলি ভবা হয় যেতিয়া তাই মাতৃত্ব লাভ কৰে৷ তাতেই নাৰী জীৱনৰ সাৰ্থকতা৷ দুপৰীয়া গল্পৰ নায়িকাইয়ো যেন তাইৰ অন্তসত্ত্বা ৰূপটোৰ উমান পাই মন মগজু পৰিপূৰ্ণ হৈ উঠিছে৷ অৰ্থাৎ তাই সেই নিঃসন্তান নিঃসংগতাৰপৰা পৰিত্ৰাণ পাব, তাকে ভাবিয়েই যেন তাইৰ হাতৰ বান্ধ ঢিলা হৈ আহিছে৷ 

নিৰ্দিষ্ট কাহিনী এটা নোহোৱাকৈ সুন্দৰ ৰূপত এটা গল্প কোৱা বা লেখাটো চলিহাৰ এটা ‘আৰ্ট’ বুলি ক’ব পাৰি৷ তেওঁৰ বহুবোৰ গল্পত এটা নিটোল কাহিনী দেখিবলৈ পোৱা নাযায়৷ চলিহাৰ গল্পৰ বিষবস্তু নিৰ্বাচন সচৰাচৰ গল্পকাৰৰ পৰা পৃথক৷ তেওঁৰ কেইবাটাও গল্পত মূল চৰিত্ৰৰ অভাৱ পৰিলক্ষিত হয়৷ কথোপকথনৰ মাজেৰে এটা কাহিনী আগবঢ়াই নিয়াতো চলিহাৰ গল্পৰ স্বকীয় সম্পত্তি৷ দুপৰীয়া গল্পটো ইয়াৰ উৎকৃষ্ট নিদৰ্শন৷ গোটেই গল্পটো দুটা চৰিত্ৰৰ কথোপকথনৰ মাজেৰে আগবাঢ়িছে৷ এই ৰীতি অসমীয়া গল্প সাহিত্যলৈ সৌৰভ কুমাৰ চলিহাৰ নতুন সংযোজন৷ তদুপৰি গল্পৰ শিৰোনাম নিৰ্মাণতো চলিহাৰ দক্ষ মনৰ পৰিচয় স্পষ্ট ৰূপত পৰিস্ফুত হয়৷ দুপৰীয়া গল্পৰ শিৰোনামটোতেই সমগ্ৰ গল্পটোৰ তাৎপৰ্য সোমাই আছে আৰু সেয়া গল্পকাৰে গল্পটোৰ শেষত অতি কৌশলেৰে উপস্থাপন কৰিছে৷ মুঠৰ ওপৰত অসমীয়া গল্প সাহিত্যৰ ভঁৰাললৈ চলিহাৰ দুপৰীয়া গল্পটো এক উৎকৃষ্টতম অৱদান৷ 


Post a Comment

0 Comments