প্ৰস্তাৱনা
সাহিত্য শব্দটো সংস্কৃত ‘সহিত’ শব্দৰপৰা আহিছে৷ ইয়াৰ ব্যুৎপত্তিগত অৰ্থ সহিতত্ত্ব স্থাপন কৰা বা সংগতি অথবা মিলন ঘটোৱা৷ শব্দ আৰু অৰ্থৰ সহিতত্ত্ব, সংগতি বা মিলনেই সাহিত্য সৃষ্টিৰ মূল৷ সাহিত্যৰ ইংৰাজী প্ৰতিশব্দ Literature. পূৰ্বতে প্ৰাচ্য আৰু পাশ্চাত্য উভয়তে কাব্য [Poetry] শব্দই ব্যপক অৰ্থত সমগ্ৰ সাহিত্য কৰ্মকে সামৰি লৈছিল৷ নাটককো কাব্যৰৰ ভিতৰুৱা বুলি ধৰা হৈছিল৷ সংস্কৃত ভাষাত ৰচিত সাহিত্য সমালোচনাৰ প্ৰাচীনতম গ্ৰন্থ কাব্যলংকাৰতো সাহিত্য শব্দৰ উল্লেখ পোৱা নাযায়৷ খৃষ্টীয় দশম-একাদশ শতিকা মানৰ পৰাহে কাব্য শব্দৰ ঠাইত সাহিত্য শব্দৰ প্ৰচলন বুলি অনুমান কৰা হয়৷ সম্ভৱতঃ ৰাজশেখৰে পোনতে সৃষ্টিধৰ্মী ৰচনাক বুজাবলৈ সাহিত্য শব্দটোৰ প্ৰয়োগ কৰে৷ তেওঁ শব্দ আৰু অৰ্থ একেলগে থকা বুজাবলৈ সাহিত্য শব্দটো ব্যৱহাৰ কৰে৷ গ্ৰীক লেখক চিন্তাবিদ প্লেটো আৰু এৰিষ্টটলৰ ৰচনাৰ পৰা জনা যায় যে গ্ৰীক সাহিত্যৰ ক্ষেত্ৰতো কাব্যই এপিক বা মহাকাব্য, গীতিধৰ্মী কবিতা, নাটক আদি সকলো বিধৰ ৰচানাকে সামৰি লৈছিল৷ সি যি হওক সাহিত্য মানৱ জীৱনৰ লগত সম্পৰ্কিত শিল্পকলা আৰু ই বিভিন্ন ধৰণেৰে মানৱ জীৱন আৰু মানৱ সভ্যতা সংস্কৃতিক প্ৰভাৱিত কৰি আহিছে৷
সাহিত্য কি সেই কথা একে আষাৰে কৈ দিব নোৱাৰি৷ সাধাৰণ অৰ্থত শব্দৰ সহায়ত ভাৱ আৰু অৰ্থ প্ৰকাশ কৰা লেখনিয়েই সাহিত্য৷ কথাষাৰ এনকৈয়ো ক’ব পাৰি– সাহিত্য হ’ল ভাষাৰে গদ্য বা পদ্যত ৰচিত আনন্দ আৰু কেতিয়াবা জ্ঞান প্ৰদান কৰিব পৰা ৰচনা৷ ই ঘাইকৈ লিখিত যদিও মৌখিকো হ’ব পাৰে৷ পৃথিৱীৰ বহু ভাষাত নিজা লিপি নাই, সেইবাবে মুখে মুখে প্ৰচলিত সাহিতিক ৰূপ কিছুমান আছে; সেইবোৰে লিখিত ৰূপ পোৱা নাই৷ কিন্তু তেনে সকলো ভাষাৰে মৌখিক সাহিত্য আছে৷ সি যি হওক সাহিত্য বুলিলে বিশেষকৈ লিখিত ৰূপহে গুৰুত্ব পায়৷ লিখিত সাহিত্য শব্দ আৰু বাক্যৰ সমষ্টি৷ অৱশ্যে ই সাহিত্যৰ বাহ্যিক শৰীৰহে৷ অন্তনিহিত গুণ-বৈশিষ্ট্যইহে লেখা এটাক সাহিত্যৰ মৰ্যাদা প্ৰদান কৰে৷ সেয়ে সকলো লেখা সাহিত্য নহয়৷ সাহিত্যৰ গুণ-বৈশিষ্ট্যৰ আধাৰত প্ৰাচ্য আৰু পাশ্চাত্য আলংকাৰিক, নন্দনতাত্ত্বিকসকলে বিভিন্ন সময়ত বিভিন্নধৰণে সাহিত্যৰ সজ্ঞা দাঙি ধৰিছে– ভামহে শব্দ অৰ্থৰ মিলনকেই কাব্য আখ্যা দি কৈছে– ‘শব্দাৰ্থৌ সহিতৌ কাব্যম্’৷ আচাৰ্য কুন্তকেও শব্দাৰ্থকে কাব্যৰ মূল বুলি কৈ কবি কৌশলৰ দিশটো গুৰুত্ব দিছে৷ তেওঁ কৈছে যে ‘কবি কৌশলেৰে নিবন্ধ বক্ৰতাময় ৰচনাত যি শব্দাৰ্থৰ মিলন পৰিদৃষ্ট হয় সেয়েই কাব্য৷’
সংস্কৃত আলংকাৰিকসকলে শব্দ আৰু অৰ্থৰ সু-সংহত মিলনকেই সাহিত্য আখ্যা দিছে যদিও সাহিত্য ইয়াৰ উদ্ধৰ্ত৷ শব্দ আৰু অৰ্থৰ সৈতে হৃদয়ানুভূতি, নান্দনিকতা, সাহিত্যৰ সত্য ইত্যাদি দিশবোৰো সংস্পৃক্ত হৈ আছে৷ ৰবীন্দ্ৰনাথ ঠাকুৰে সমগ্ৰ বিষয়টোক এক সুকীয়া তাৎপৰ্য প্ৰদান কৰি কৈছে– ‘ধাতুগত অৰ্থ ধৰিলে সাহিত্য শব্দৰ মাজত এটি মিলনৰ ভাব দেখা যায়৷ সি যে কেৱল ভাবে-ভাবে ভাষাই-ভাষাই মিল, তেনে নহয়; মানুহৰ লগত মানুহৰ অতীতৰ লগত বৰ্তমানৰ৷ দূৰৰ লগত ওচৰৰ মিলন৷’
ডব্লিউ বি ওৱৰ্চফল্ডৰ মতে– ‘‘Literature, then, in the widest sense, is the record of impression made by external realities of every kind upon great men, and of the reflections which these men have made upon them.’’
ডব্লিউ এইচ হাডচনে সাহিত্য জীৱনৰ সৈতে সংস্পৃক্ত বুলি ক’ব খোজে৷ তেওঁ কৈছে ভাষাৰ মাধ্যমেৰে প্ৰকাশিত জীৱনৰ অভিব্যক্তিয়েই সাহিত্য৷ ‘Literature is a vital record of what men have seen in life,... it is thus fundamentally an experssion of life through the medium of language.’’
বিখ্যাত ব্ৰিটছ সমালোচক-তাত্ত্বিক টেৰি ঈগলটনৰ মতে– ‘Some texts are born literary, some achieve literariness and some have literature thrust upon them.’’
বিখ্যাত ইটালিয়ান লেখক তাত্ত্বিক উমবেৰ্তো এইকোৰ মতে সাহিত্য হ’ল– ‘‘An organisation of words that signifiy different aspects of the world.’’
এনেদৰে প্ৰাচ্য আৰু পাশ্চাত্য আলংকাৰি নন্দনতাত্ত্বিকসকলে নিজা নিজা দৃষ্টিকোণেৰে সাহিত্যৰ সংজ্ঞা দিছে যদিও কোনোটো সংজ্ঞাই সৰ্বসন্মত সংজ্ঞা নহয়৷ মহেন্দ্ৰ বৰাই সাহিত্যৰ সংজ্ঞা দি কৈছে– ‘সত্য আৰু সুন্দৰৰ বোল সনা জীৱন আৰু অভিজ্ঞতাৰ প্ৰকাশেই সাহিত্য৷’ এই সকলোবৰ বিচাৰ কৰি সাহিত্য সম্পৰ্কে এনেদৰে ক’ব পাৰি– সাহিত্য হ’ল মানুহৰ দ্বাৰা, মানুহৰ বিশ্বখনৰ বিষয়ে, মানুহৰ জীৱনৰ, সমাজৰ বিষয়ে প্ৰকৃত আৰু কল্পিত বিভিন্ন অভিজ্ঞতা-অনুভৱৰ ভাষাৰে কৰা প্ৰকাশ৷ আন কথাত শব্দ আৰু অৰ্থৰ অপূৰ্ব লালিত্যৰে ৰসময় ৰূপত জীৱনৰ অভিব্যক্তিৰ প্ৰকাশেই সাহিত্য৷
সাহিত্য শিক্ষণ কি?
কোনো এটা ভাষাত তথা বিভিন্ন প্ৰকাৰৰ সাহিত্য কেনেদৰে অধ্যয়ন কৰিব লাগে বা সেই ভাষাৰ সাহিত্যৰ মৌলিক চৰিত্ৰসমূহ কেনেধৰণৰ, সেই সকলোবৰ দিশৰ শিক্ষণেই সাহিত্য শিক্ষণৰ কেন্দ্ৰবিন্দু৷ সকলো ভাষাৰে কিছুমান সুকীয়া বিশেষত্ব থাকে৷ ভাষে ভেদে ভাষা কোৱা বা ভাষাৰ গঠন প্ৰক্ৰিয়া সুকীয়া সুকীয়া৷ ঠিক তেনেদৰে ভাষাভেদে বাক্যৰ গঠন প্ৰণালী, শব্দৰ ব্যৱহাৰ, জতুৱা ঠাঁচ, খণ্ডবাক্যৰ প্ৰয়োগৰীতি একে নহয়৷ আনহতে ভাষা নহ’লে সাহিত্য ৰচনা হ’ব নোৱাৰে৷ আকৌ সাহিত্য বুজিবলৈ হ’লে ভাষাৰ কলিকা বুজিবৈ লাগিব৷ আনহাতে ‘শিক্ষণ’ এনে এটা প্ৰক্ৰিয়া যাৰ জৰিয়তে কোনো এটা বিষয় কোনো এজন ব্যক্তিয়ে অন্য ব্যক্তিক সেই নিৰ্দিষ্ট বিষয়টোৰ সম্পৰ্কে অৱগত কৰে৷ সাধাৰণ অৰ্থত সাহিত্যৰ বিষয়ে যি প্ৰক্ৰিয়াৰ জৰিয়তে সম্যক ধাৰণা অন্য ব্যক্তি বা ছাত্ৰ-ছাত্ৰীলৈ প্ৰেৰণ কৰা হয় সেয়াই সাহিত্যৰ শিক্ষণ৷
সাহিত্য শিক্ষণৰ উদ্দেশ্য আৰু গুৰুত্ব
সাহিত্য শিক্ষণৰ অন্তৰালত কেতবোৰ উদ্দেশ্য আছে৷ সাহিত্য শিক্ষণৰ মূল উদ্দেশ্যে হৈছে ছাত্ৰ-ছাত্ৰীৰ অন্তৰত উদয় হোৱা ভাব-চিন্তাৰ মৌলিকত্বৰ বিকাশ সাধন কৰা৷ শিশুৱে দেখি শিকে, শুনি শিকে৷ এই দেখি-শুনি শিকাটোৰ পৰিপক্বতা ঘটে পঠনত৷ মানুহ মাত্ৰকেই নিজা নিজা মৌলিক চিন্তাধাৰা আছে, বুজা শক্তি আছে আৰু এই চিন্তা আৰু বুজা শক্তিৰ আঁৰত আছে সুপ্ত অৱস্থাত সৃজনী শক্তি৷ ছাত্ৰ-ছাত্ৰীৰ এই বুজা শক্তি যাতে বৃদ্ধি হয়, ভাষাজ্ঞান যাতে বৃদ্ধি হয় আৰু লগতে নতুন নতুন কিবা সৃষ্টিৰ বাবে যাতে আগ্ৰহী হয় এনে উদ্দেশ্যবোৰেই সাহিত্যশিক্ষণৰ উদ্দেশ্য৷ সাহিত্য বুলি কওঁতে যিহেতু কবিতা, গদ্য [কাহিনীযুক্ত আৰু কাহিনীবিযুক্ত], প্ৰবন্ধ, ৰচনা এই সকলোবোৰ সামৰি লোৱা হয়৷ আনহাতে প্ৰত্যেকটো বিধা শিক্ষণৰে কিছুমান সুকীয়া সুকীয়া উদ্দেশ্য আছে৷ সামগ্ৰীকভাৱে এই আটাইবোৰৰে কিছুমান উমৈহতীয়া উদ্দেশ্য লক্ষ্য কৰা যায়–
√ ছাত্ৰ-ছাত্ৰীক সাহিত্যনুৰাগী কৰি তোলা সাহিত্য শিক্ষণৰ প্ৰধান উদ্দেশ্য৷ সাহিত্য শিক্ষণৰ জৰিয়তে বিভিন্ন প্ৰকাৰৰ সাহ্যিৰ সৈতে ছাত্ৰ-ছাত্ৰীক পৰিচয় কৰাই দি বিভিন্ন প্ৰকাৰৰ সাহিত্য পঢ়িবলৈ আগ্ৰহ জন্মোৱা৷
√ ভাষাজ্ঞান বৃদ্ধি কৰোৱা সাহিত্য শিক্ষণৰ এক গুৰুত্বপূৰ্ণ উদ্দেশ্য৷ সাহিত্য অধ্যয়নৰ জৰিয়তে স্বাভাৱিকতে ছাত্ৰ-ছাত্ৰীৰ ভাষাজ্ঞান বৃদ্ধি হয়৷
√ সাহিত্য শিক্ষণৰ জৰিয়তে কল্পনাশক্তি বৃদ্ধি কৰি ছাত্ৰ-ছাত্ৰীৰ ৰচনাত্মক প্ৰবৃত্তিক উৎসাহ জন্মাবলৈ প্ৰয়াস কৰা হয়৷
√ সাহিত্য শিক্ষণৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ শব্দভণ্ডাৰ বৃদ্ধি কৰা আৰু বিভিন্ন প্ৰকাৰৰ সাহিত্য ৰচনাৰ ৰীতি আয়ত্ত কৰি নিজৰ ভাষাত প্ৰকাশ কৰিবলৈ সক্ষম হোৱাত সহায় কৰা৷
√ পঠন অভ্যাস আৰু পঠনৰ দক্ষতা বৃদ্ধি কৰা
√ অৰ্থব্যঞ্জকভাৱে শব্দ ব্যৱহাৰ কৰি সাহিত্যৰ বিধা অনুসৰি বিভিন্ন ধৰণৰ প্ৰয়োগৰ কৌশল অৱগত কৰোৱা– যাতে ভাব আৰু ভাষাৰ মধুমিলন ঘটে৷
√ ছাত্ৰ-ছাত্ৰীৰ মনত জাতীয় চেতনা আৰু স্বদেশানুৰাগ জগাই তোলা সাহিত্য শিক্ষণৰ অন্যতম উদ্দেশ্য৷ জাতীয় চৈতন্যবোধ সম্বলিত বিভিন্ন সাহিত্য পঢ়াৰ ফলত ছাত্ৰ-ছাত্ৰীৰ মনত জাতীয় চেতনাই গা কৰি উঠিব পাৰে৷
√ প্ৰথিতযশা সাহিত্যিকসকলৰ সৈতে পৰিচয় কৰাই দিয়াৰ লগতে সেইসকলৰ সৃষ্টিৰাজীৰ গুৰুত্ব অনুধাৱন কৰাত সহায় কৰা৷
√ সমাজ সংস্কাৰকামী মনোভাৱ গঢ়ি তোলাৰ লগতে সমাজৰ সকলো দিশৰ প্ৰতি সচেতন মনোভাৱ গঢ়ি তোলাত সহায় কৰা৷
√ সাহিত্য অধ্যয়নৰ জৰিয়তে দেশৰ কৃষ্টি, সভ্যতা আৰু সাংস্কৃতিক ঐতিহ্যৰ লগত পৰিচয় কৰাই দিয়াৰ লগতে বিভিন্ন সাংস্কৃতিক ঐতিহ্যৰ মাজত সাদৃশ্য-বৈসাদৃশ্য সম্পৰ্কে অৱগত কৰাব পাৰি৷
√ সাহিত্য শিক্ষণৰ জৰিয়তে এটা ভাষাৰ ৰস, ছন্দ, ধ্বনি অলংকাৰ উপমা আদিৰ প্ৰয়োগ সম্পৰ্কে ছাত্ৰছাত্ৰীক ধাৰণা প্ৰদান কৰাটোও ইয়াৰ উদ্দেশ্যৰ ভিতৰুৱা৷
√ সাহিত্যৰ ভাববোধৰ ক্ষেত্ৰত যতি, বিৰাম, লয়, শ্বাসাঘাত, সন্ধি, সুৰ, সুৰলহৰ আদিয়ে বিশেষ ভূমিকা গ্ৰহণ কৰে৷ সাহিত্য শিক্ষণৰ জৰিয়তে এই দিশসমূহ ছাত্ৰ-ছাত্ৰীক অৱগত কৰাব পাৰি৷
√ ছাত্ৰ-ছাত্ৰীক সাহিত্যৰ বিভিন্ন প্ৰকাৰৰ বিধা আৰু এইবোৰৰ আংগিকগত কলাকৌশসমূহ পৰিচয় কৰাই দিয়া সাহিত্য শিক্ষণৰ আন এক উদ্দেশ্য৷
এনে উদ্দেশ্যেবোৰলৈ লক্ষ্য কৰিলে দেখা যায় যে মাতৃভাষাৰেই হওক বা অন্য ভাষাৰেই হওক সাহিত্য শিক্ষণৰ গুৰুত্ব অপৰিসীম৷ ছাত্ৰ-ছাত্ৰীক মাতৃভাষাৰ প্ৰতি দ্বায়িত্বশীল কৰি তোলাৰ ক্ষেত্ৰত সাহিত্য শিক্ষণে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কবি ৰাৰে৷ ছাত্ৰ-ছাত্ৰীক যিকোনো ভাষাৰ খুটি-নাতি শিকোৱা সাহিত্য শিক্ষণৰ জৰিয়তে সম্ভৱ হৈ উঠে৷ মুঠৰ ওপৰত সাহিত্য শিক্ষণৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক সাহিত্যৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ পৰা আৰম্ভ কৰি সেই সাহিত্যৰ আৰ্হিত নিজে সাহিত্য সৃষ্টি কৰাৰ অনুপ্ৰেৰণা যোগোৱালৈকে সম্ভৱ হৈ উঠে৷
প্ৰকাৰ অনুসৰি সাহিত্য শিক্ষণ
গদ্য শিক্ষণ
‘গদ্য’ বুলিলে সাধাৰণতে কথোপকথনৰ ভাষাৰ সাধাৰণ প্ৰয়োগৰ বিপৰীতে কিছু উচ্ছ পৰ্যায়ৰ বিকাশৰ মাধ্যম ৰূপে সাহিত্যত ব্যৱহৃত এক ভাষিক ৰূপক বুজায়৷ৰ চেম্বাৰ্চ অভিধানে ‘গদ্য’ (Prose)-ৰ সংজ্ঞা এনেদৰে দিছে– Ordinary spoken and writen language with words in direct, straight forwards arrangement. অৰ্থাৎ কথিত আৰু লিখিত উভয় ভাষাতে ব্যৱহৃত প্ৰত্যক্ষ, স্পষ্ট আৰু অৰ্থযুক্ত শব্দৰ সমষ্টিকে ‘গদ্য’ বোলা হয়৷ সংস্কৃত আলংকাৰিকসকলে ছন্দোবদ্ধহীন ৰচনাক গদ্য বুলি ক’ব খুজে৷ বিশ্বনাথ কবিৰাজে ‘সাহিত্য দৰ্পণ’ত ‘বৃত্তবন্ধোজ্বিতং গদ্যম্’ অৰ্থাৎ ছন্দহীন বা কোনো ছন্দৰ সম্পৰ্ক নোহোৱাকৈ ৰচিত কাব্যক ‘গদ্য’ বুলি কৈছে৷ পাশ্চাত্য আলংকাৰিকসকলে বিভিন্ন ধৰণে গদ্যৰ সংজ্ঞা দিবলৈ প্ৰয়াস কৰিছে৷ এইচ. ৰেদ [H.Read]-এ গদ্যৰ সংজ্ঞা দিবলৈ গৈ এনেদৰে কৈছে– Prose is a structure of ready made works. অৰ্থাৎ পূৰ্ব প্ৰস্তুত অৰ্থ প্ৰকাশক শব্দৰ সংযুতিয়েই গদ্য৷ সি যি হওক গদ্য হ’ল মানুহৰ মনৰ ভাব-অনুভূতি প্ৰকাশৰ এক শক্তিশালী মাধ্যম৷ গদ্য মানুহৰ কথা কোৱা ভাষা৷ দৈনন্দিন জীৱনত মানুহে কোৱা কথা পোনপটীয়া৷ ইয়াত কোনো ছন্দ নাথাকে৷ ছন্দহীন ভাষাক যেতিয়া লিখিত ৰূপ দিয়া হয় তেতিয়া তাকে গদ্য আখ্যা দিব পাৰি৷ সকলোৱে পঢ়ি বা শুনি যাতে কথাবোৰ সহজে বুজিব পাৰে, সেইটোৱেই হৈছে গদ্যৰ প্ৰাথমিক উদ্দেশ্য৷
গদ্য শিক্ষণৰ মূল লক্ষ্য আৰু উদ্দেশ্য হ’ল ছত্ৰ-ছাত্ৰীৰ ভাষ জ্ঞান বৃদ্ধি কৰা আৰু গদ্য পাঠৰ জাৰিয়তে তেওঁলোকক ভাষ-শিক্ষা লাভ কৰোৱা৷ তদুপৰি ছাত্ৰ-ছাত্ৰীৰ পঠন অভ্যাস আৰু পঠনৰ দক্ষতা বৃদ্ধি কৰা গদ্য শিক্ষণৰ অন্যতম উদ্দেশ্য৷ সমান্তৰালভাৱে ছাত্ৰ-ছাত্ৰীক সাহিত্যানুৰাগী কৰাৰ উপৰিও সাহিত্য তত্ত্ব , নন্দনতাত্ত্বিক, ৰস মাধুৰ্য শিল্পকলা আদি সম্বন্ধে অৱগত কৰোৱা৷
সামগ্ৰীকভাৱে গদ্য শিক্ষণৰ উদ্দেশ্য দুই প্ৰকাৰে ভাগ কৰি আলোচনা কৰিব পাৰি– সাধাৰণ উদ্দেশ্য আৰু বিশেষ উদ্দেশ্য৷ সাধাৰণ উদ্দেশ্য হৈছে পঠনীয় পাঠসমূহৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে বহুতো নতুন নতুন শব্দ আহৰণ কৰি নিজৰ শব্দ ভাণ্ডাৰ বৃদ্ধি কৰাৰ লগতে বিভিন্ন গদ্য ৰচনাৰ ৰীতি আয়ত্ত কৰি সেইবোৰ যাতে নিজৰ ভাষত প্ৰকাশ কৰিবলৈ সক্ষম হাত এই ক্ষেত্ৰত সহায় কৰা৷ তদুপৰি নিজে গদ্য পাঠ পঢ়ি তাৰ অৰ্থ বুজা আৰু লেখকৰ ভাব অনুযায়ী বুজি নিজৰ ভাৱ অনুভূতিও প্ৰকাশ কৰিবলৈ প্ৰয়াস যাতে কৰিব পাৰে সেয়াও গদ্য শিক্ষণৰ আন এক উদ্দেশ্য৷ তৃতীয়তে গদ্য পাঠৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন লেখকৰ ৰচনা-ৰীতিৰ লগতো চিনাকী হ’ব পাৰে আৰু নিজেও তাৰ জৰিয়তে ৰচনা কৌশল লাভ কৰি নিজাভাৱে ৰচনাৰীতি প্ৰয়োগ কৰাৰ সুবিধা পায়৷ গদ্যপাঠত শব্দালংকাৰ, অৰ্থালংকাৰ আদি সাহিত্যৰ অলংকাৰ সম্পৰ্কেও সম্যক আভাস ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰে আৰু সেইবোৰৰ পৰা নিজৰ ৰচনাত প্ৰয়োগ কবিৰলৈ প্ৰয়াস কৰিব পাৰে৷ তদুপৰি ছাত্ৰ-ছাত্ৰীৰ কল্পনা শক্তি বৃদ্ধি কৰি ৰচনাত্মক প্ৰবৃত্তিক উৎসাহ জন্মোৱা, ছাত্ৰ-ছাত্ৰীৰ সুপ্ত সৃজনাত্মক প্ৰতিভাৰ দ্বাৰ উন্মোচন কৰি সাহিত্য সৃষ্টিৰ বাবে প্ৰেৰণা যোগোৱা, উচ্ছ ভাৱাপন্ন গদ্য পঢ়ি সাহিত্যৰ সৌন্দৰ্য উপভোগ কৰাৰ লগতে নৈতিক চৰিত্ৰ গঢ়ি তোলা ইত্যাদি উদ্দেশ্যেক সাধাৰণ উদ্দেশ্য হিচাপে বিবেচনা কৰা হয়৷
গদ্য শিক্ষণৰ বিশেষ উদ্দেশ্যৰ ভিতৰত জ্ঞান, বোধ, প্ৰয়োগ, ৰুচি, মনোভাৱ, কৌশল আদিয়েই প্ৰধান৷ ছাত্ৰ-ছাত্ৰীক গদ্য পাঠৰ সূত্ৰ কাহিনী বিৱৰণ আদি সোঁৱৰণ কৰাত, জ্ঞান আহৰণ কৰাত সহায় কৰা৷ বাস্তৱ অভিজ্ঞতাৰ সহায়ত সূত্ৰ, লক্ষণ, বিভাগ বৰ্ণনাদি চিনাক্তকৰণৰ জ্ঞান লাভত সহায় কৰা গদ্য শিক্ষণৰ বিশেষ উদ্দেশ্যৰ ভিতৰুৱা৷
বোধশক্তি [Understanding, faculty of thinking] বৃদ্ধি কৰা গদ্য শিক্ষণৰ অন্যতম বিশেষ বৈশিষ্ট্য৷ গদ্য পাঠৰ ভাব বৰ্ণনাৰ সূত্ৰ আদিৰ মাজত সাদৃশ্য আৰু বৈসাদৃশ্য দেখুওৱাব পৰা পাৰ্গতালি লাভ কৰাত সায় কৰা, নিজা ভাব আৰু চিন্তাৰে বিভিন্ন উদাহৰণৰ বৰ্ণনা দি যুক্তিৰে বিচাৰ কৰিব পৰা যুগ্যতা অৰ্জন কৰা, কেন্দ্ৰস্থ ভাব আৰু উপভাবসমূহৰ মাজত থকা যোগসূত্ৰ বুজি প্ৰকাশ কৰিব পৰা, বিভিন্ন ধ্বনি আৰু কথা কোৱাৰ সুৰৰ পাৰ্থক্যবোৰ বুজি শুদ্ধভাৱে প্ৰয়োগৰ ক্ষমতা আয়ত্ত কৰা, গল্প, প্বন্ধ, কাহিনী, নাটক আদি পঢ়ি গঠনমূলক পৰ্যালোচনা কৰিব পৰা গুণ আয়ত্ত কৰা আদি বিভিন্ন দিশ এই বোধশক্তি বৃদ্ধি কৰাৰ লগত সম্পৰ্কীত উদ্দেশ্য৷ বোধশক্তি বৃদ্ধি হ’লে ছাত্ৰ-ছাত্ৰীৰ অধ্যয়নৰ প্ৰতি ৰুচি বাঢ়ে, অধ্যয়নুখী হয়, অধ্যয়নৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ জাতীয় চৈতন্য আৰু সৃজনী শক্তিৰো বিকাশ সাধন হয়৷ [পদ্মৰাম শালৈ, অসমীয়া মাতৃভাষা শিক্ষণ, পৃষ্ঠা. ২৪]
মাতৃভাষাত গদ্য পাঠৰ এইবোৰেই প্ৰধান উদ্দেশ্য আৰু এই উদ্দেশ্যসমূহ সন্মুখত ৰাখি শিক্ষা দিলে গদ্য শিক্ষণত সুফল লাভ কৰিব পাৰি৷
কবিতা শিক্ষণ
কবিতা সাহিত্যৰ এনে এক ছাঁ পোহৰৰ ৰূপ ছবি, যাক কোনো ৰীতি বা সীমাৰে আবদ্ধ কৰিব নোৱাৰি৷ কবিতাৰ লগত যুক্তি-বুদ্ধি, আবেগ-অনুভূতি, বাস্তৱ-কল্পনা, সপোন দিঠকৰ মিশ্ৰিত জিলিকনি থাকে৷ আপাত দৃষ্টিত বিপৰীতধৰ্মী যেন লগা কবিতাৰ এই সমস্ত দিশক এটি মাথোন সংজ্ঞাৰে আবদ্ধ কৰিব নোৱাৰি৷ কবিতাত কবিৰ অন্তৰৰ ভাব-অনুভূতি কল্পনা নিহত হৈ থাকে৷ কবিয়ে তেওঁৰ সেই ভাব-অনুভূতি কল্পনাৰ দ্বাৰা আমাৰ চিনাকি প্ৰকৃতি জগতখনকো এক অভিনৱত্বৰ ৰূপত সজাই পৰাই তোলে৷ কবিতাত কবিৰ ভাব-প্ৰকাশক শব্দচয়নৰ সৌন্দৰ্য্য, ভাষা-ৰীতিৰ মনোহাৰিত্ব, লয়ৰ মাধুৰ্যই পাঠকক মুগ্ধ কৰি তোলে৷ কবিতাৰ যোগেদি চিনাকি জগতখনক সম্পূৰ্ণ নতুন ৰূপত চোৱাৰ আভাসেৰে পাঠকৰ মনত এক বিমল আনন্দ প্ৰদান কৰিব পাৰে কাৰণেই কবিক দ্ৰষ্টা-স্ৰষ্টাৰূপে অভিহিত কৰা হয়৷ কবিতাই পাঠকক এক বিমল আনন্দ দিয়ে, সদায় দেখি থকা প্ৰকৃতি জগতখনক নতুনকৈ চাবলৈ শিকায়; আনকি কবিতা লিখাৰ হেঁপাহ নজন্মাকৈও নাথাকে৷ কবিতা পঠন-অধ্যয়নে সৃষ্টিৰ প্ৰয়াস জন্মায়৷
সাহিত্যৰ এক প্ৰধান ভাগ কবিতা৷ কবিতা মূলতঃ ধ্বনি-নিৰ্ভৰ৷ পঠনৰ জৰিয়তেহে কবিতাই প্ৰাণ পাই উঠে৷ সেয়েহে কবিতা শিক্ষণত পঠনত সৰ্বাধিক গুৰুত্ব দিয়া উচিত৷
কবিতা শিক্ষাৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে আনন্দ পাব লাগে৷ কবিতা শিক্ষণৰ লক্ষ্য হৈছে কবিৰ চিন্তা আৰু অনুভূতি ছাত্ৰক যথাযথভাৱে অনুভৱ কৰোৱা আৰু সোৱাদ লোৱাৰ যুগ্য কৰা৷ অনুৰাগ সৃষ্টিয়েই কবিতা শিক্ষণৰ ঘাই লক্ষ্য৷ প্ৰাথমি শ্ৰেণীৰ পৰা উচ্ছ শ্ৰেণীলৈকে শিক্ষকে এই লক্ষ্য আগত ৰাখিব লাগে৷ সেয়েহে কবিতা পঢ়াওতে এন পৰিৱেশ সৃষ্টি কৰিব লাগে, ছাতে ছাত্ৰই একান্তমনে কবিৰ চিন্তাধাৰা অনুভৱ কৰিব পাৰে৷
কবিতা মূলতঃ স্বাদন[Ahpreciationa] পাঠ৷ ইয়াৰ জৰিয়তে সাহিত্যৰ বিশিষ্ট গুণ আৰু ৰসাস্বাদনৰ বাবে ছাত্ৰ-ছাত্ৰীক সাজু কৰি তোলা হয়৷ কবিতা পাঠত ব্যকৰণ শিকাবলৈ যোৱাটো কেতিয়াও উচিত নহয়৷ ভাষাৰ অধিক সৃষ্টিশীল, কল্পনাশীল ব্যৱহাৰৰ সৈতে পৰিচয় কৰি দি ছাত্ৰ-ছাত্ৰীক সৌন্দৰ্য সচেতন আৰু কল্পনাশীল কৰি সূক্ষ্ম অনুভূতিবোৰৰ বিকাশ ঘটোৱাৰ উদ্দেশ্য লৈয়ে কবিতা পঢ়োৱা হয়৷ [মদন শৰ্মা, অসমীয়া ভাষা শিক্ষণ পদ্ধতি,প. ৯৪]
ধ্বনি, ছন্দ, শব্দৰ গতিয়ে শিশু তথা ছাত্ৰ-ছাত্ৰীৰ মন আকৰ্ষণ কৰে৷ সহজে উচ্ছাৰণ কৰিব পৰা ধ্বনিবোৰৰ পুনৰুক্তিয়ে তেওঁলোকক আনন্দ দিয়ে যদিহে সেই পুনৰুক্তিৰ সৈতে সুৰ আৰু লয় জড়িত হৈ থাকে৷ সেইবাবে প্ৰাথমি পৰ্যায়ৰ আৰম্ভণিতে সহজে উচ্ছাৰণ কৰিব পৰা শব্দ বাধ্বনিৰ লয়যুক্ত ব্যৱহাৰেৰে লিখা পদ্য পঢ়িবলৈ দিয়া উচিত৷ শিশুয়ে কবিতাৰ অৰ্থ বুজিছেনে নাই সেয়া গুৰুত্বপূৰ্ণ নহয়৷ অৰ্থ বুজা আৱশ্যক হ’লেও শব্দাৰ্থৰ জ্ঞান তেওঁৰ লক্ষ্য নহয়; ধ্বনি মাধূৰ্য আৰু শিশু উপযোগী শব্দসজ্জাহে এনে পদ্যত অধিক গুৰুত্বপূৰ্ণ৷ এনে পদ্য পঢ়ি শিশুৱে আনন্দ লাভ কৰে৷ সমান্তৰালভাৱে বিভিন্ন শব্দৰ সঠিক উচ্ছাৰণো এন পদ্য বাৰম্বাৰ পঠনৰ ফলত উন্নত হয়৷ তলৰ শ্ৰেণীত শিশুৰ বাবে ৰচিত পদ্য সমস্বৰে পাঠ কৰিবলৈ দিব লাগে৷ স্পষ্টকৈ শুদ্ধ উচ্ছাৰণেৰে কবিতাৰ স্বাভাৱিক লয় ৰক্ষা কৰি পাঠ কৰিবলৈ শিকোৱাটোৱেই প্ৰাথমিক স্তৰৰ প্ৰথম দুই শ্ৰেণীত কবিতা পঠনৰ উদ্দেশ্য৷
কবিতা শিকোৱাৰ আগতে শিক্ষকে কবিতাটোৰ বিষয়ে অকণমান আভাস দাঙি ধৰিব লাগে যাতে কবিতা পঢ়া আৰু শিকাৰ কাৰণে ছাত্ৰ-ছাত্ৰীৰ ধাউতি বাঢ়ে৷ কবিজনৰ সম্পৰ্কে বিশদভাৱে আলোচনাৰ বিপৰীতে চমু পৰিচয়হে দিব লাগে৷
কবি আৰু কবিতাটোৰ চমু আভাস দিয়াৰ পিছত শিক্ষকে প্ৰথমতে কবিতাটো লয়যুক্তভাৱে পঢ়ি শুনাব লাগে৷ শিক্ষকে কবিতাটো প্ৰথম পঢ়ি শুনাওঁতে ছাত্ৰ-ছাত্ৰীক কিতাপ মেলি কবিতাটো চাই যাবলৈ দিব নালাগে৷ কাৰণ কবিতা হৈছে শব্দ শ্ৰৱণৰ বিষয়৷ কবিতা পঢ়িব লাগে শব্দৰ মাধুৰ্যৰ বাবেহে৷ ছাত্ৰ-ছাত্ৰীয়ে কিতাপ মেলি কবিতাটো চাই গ’লে শ্ৰৱণতকৈ দৰ্শনতহে অধিক গুৰুত্ব দিয়া হ’ব৷ সেয়েহে শিক্ষকৰ প্ৰথম পঠনত ছাত্ৰ-ছাত্ৰীক কিতাপ চাবলৈ দিব নালাগে যাতে ছাত্ৰ-ছাত্ৰীয়ে শুনে আৰু পঢ়িবলৈ আগ্ৰহী হৈ পৰে৷
শুদ্ধ পঠন কবিতা শিক্ষণৰ এক গুৰুত্বপূৰ্ণ দিশ৷ ই কবিতাৰ ভাব, বিষয়বস্তু বুজাত যথেষ্ট সহায় কৰে৷ গতিকে কবিতা পঠনৰ শিক্ষাটোৱেই কবিতা শিক্ষণৰ পদক্ষেপ৷ সেয়ে শিক্ষকে কবিতাটো পঢ়োঁতে কিছু সময় ল’ব পাৰে যাতে শ্ৰৱণে ছাত্ৰ-ছাত্ৰীৰ মনত ক্ৰিয়া কৰিব পাৰে৷
কবিতাই ছাত্ৰ-ছাত্ৰীক বিশেষভাৱে আকৰ্ষণ কৰিব পাৰে৷ কবিতাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক ভাষা শিক্ষাৰ প্ৰতিও আগ্ৰহী কৰিব পৰা হয়৷
প্ৰবন্ধ শিক্ষণ
সাহিত্যৰ ভাগবোৰৰ ভিতৰত প্ৰবন্ধই এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আছে৷ বিশেষকৈ আধুনিক সাহিত্য জগতত ইয়াৰ বিকাশ ঈৰ্ষণীয়৷ প্ৰবন্ধ একপ্ৰকাৰৰ ৰচনা যদিও ৰচনাৰদৰে ই কিছুমান ধৰাবন্ধা নিয়মৰ অধীন নহয়৷ একেটা বিষয়তে বিভিন্নজনে প্ৰবন্ধ লিখিব পাৰে৷ মানুহ ভেদে যিহেতু চিন্তাধাৰা বা দৃষ্টিভংগী সুকীয়া সুকীয়া সেয়ে একেটা বিষয়ত প্ৰবন্ধ লিখিলেও নিজ নিজ দৃষ্টিভংগী প্ৰকাশ পায়৷ বিষয়বস্তুৰ বৰ্ণনাৰ মৌলিকত্বই প্ৰবন্ধ বিচাৰৰ মূল আধাৰ৷ প্ৰবন্ধৰ প্ৰথম লক্ষণীয় বিষয়টো হ’ল প্ৰকাশভংগী আৰু ৰচনাশৈলী৷ প্ৰবন্ধত বিষয়বস্তুৰ জ্ঞানেই যথেষ্ট নহয়৷ উপযুক্ত শব্দ ব্যৱহাৰৰ যোগেদি সেই জ্ঞান প্ৰকাশ পাব লাগিব৷ ভাব প্ৰকাশক শব্দ ব্যৱহাৰৰ ওপৰতে প্ৰবন্ধকাৰৰ ব্যক্তিত্ব প্ৰকাশ পায়৷ ভাব প্ৰকাশক শব্দৰ ব্যৱহাৰতে প্ৰকৃত প্ৰন্ধৰ ৰচনা ৰীতি গঢ়ি উঠে৷ ঠিক তেনেদৰে ভাব আৰু প্ৰকাশভংগীৰ মাজেৰেহে লেখকৰ মৌলিকত্ব প্ৰকাশ পায়৷ প্ৰকাশভংগীৰ সৰলতাইহে এটা প্ৰবন্ধক সাৰ্থক প্ৰবন্ধ কৰি তোলে৷ প্ৰবন্ধত প্ৰবন্ধকাৰ বক্তা, পাঠক আৰু শ্ৰোতা৷ বক্তাই কথা কওঁতে যেনেকৈ শ্ৰোতাই আমেজ পায় ঠিক তেনেদৰে প্ৰবন্ধ পঢ়ি যাতে পাঠকে আমেজ পায় বা বিষয়বস্তুৰ ভিৰতলৈ প্ৰৱেশ কৰিব পাৰে সেই দিশলৈ প্ৰবন্ধকাৰে লক্ষ্য কৰা উচিত৷ প্ৰবন্ধৰ ভাষা সহজ-সৰল আৰু স্পষ্ট হ’ব লাগে৷ দীঘলীয়া জটিল বাক্য যিমান পাৰি বৰ্জন কৰাটো প্ৰবন্ধকাৰৰ এক প্ৰাৰম্ভিক কাৰ্য৷ যুক্তিনিষ্ঠতা প্ৰবন্ধৰ এক ঘাই বৈশিষ্ট্য৷ বিষয়বস্তুৰ যুক্তিযুক্ত উপস্থাপনেহে প্ৰবন্ধ একাটাৰ গুৰুত্ব বৃদ্ধি কৰিব পাৰে৷ মুঠৰ ওপৰত প্ৰকাশভংগীৰ সৰলতা, প্ৰাঞ্জলতা আৰু যুক্তিনিষ্ঠ উপস্থাপনেই হৈছে প্ৰবন্ধ ৰচনাৰ মৌলিক চৰ্ত৷ এনে দিশবোৰ প্ৰবন্ধ শিক্ষণৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক অৱগত কৰোৱা হয়৷ ইয়াতেই প্ৰবন্ধ শিক্ষণৰ প্ৰয়োজনীয়তা অনুভূত হয়৷
সাহিত্য শিক্ষণৰ বিভিন্ন দিশ
‘শিক্ষণ’ এনে এটা প্ৰক্ৰিয়া যাৰ জৰিয়তে কোনো এটা বিষয় কোনো এজন ব্যক্তিয়ে অন্য ব্যক্তিক সেই নিৰ্দিষ্ট বিষয়টোৰ সম্পৰ্কে অৱগত কৰে৷ সাধাৰণ অৰ্থত সাহিত্যৰ বিষয়ে যি প্ৰক্ৰিয়াৰ জৰিয়তে সম্যক ধাৰণা অন্য ব্যক্তি বা ছাত্ৰ-ছাত্ৰীলৈ প্ৰেৰণ কৰা হয় সেয়াই সাহিত্যৰ শিক্ষণ৷ সাহিত্য শিক্ষণৰ বিভিন্ন দিশ বুলি ক’লে সাহিত্যৰ বিভিন্ন প্ৰকাৰৰ বিধা আছে৷ বিশেষকৈ গদ্য আৰু পদ্য বা কবিতা এই দুটা ভাগত ভাগ কৰিব কাৰি যদিও ইয়াৰো আকৌ ভালেমান উপভাগ লক্ষ্য কৰা যায়৷ গল্প, প্ৰবন্ধ, নাটক, ৰচনা, কাহিনী আদি সকলোবোৰ গদ্যৰ ভিতৰুৱা যদিও প্ৰত্যেকটো বিধাৰে ৰচনাৰ প্ৰকৃতি সুকীয়া৷ ঠিক তেনেদৰে প্ৰত্যেকটো বিধাৰে জ্ঞন, বোধ, ৰুচি, কৌশল, প্ৰয়োগ আদি সুকীয়া সুকীয়া ধৰণৰ৷ এই সকলোবোৰ দিশ সাহিত্য শিক্ষণৰ জৰিয়তে সম্ভৱ হৈ উঠে৷
সাহিত্য শিক্ষণৰ ক্ষেত্ৰত কেতবোৰ বিশেষ দিশৰ ওপৰত গুৰুত্ব দিয়া হয়–
সাহিত্যৰ বিভিন্ন বিধাৰ সৈতে পৰিচয় : সাহিত্যৰ বিভিন্ন প্ৰকাৰৰ বিধা আছে৷ বিশেষকৈ গদ্য আৰু পদ্য বা কবিতা এই দুটা ভাগত ভাগ কৰিব পাৰি যদিও ইয়াৰো আকৌ ভালেমান উপভাগ লক্ষ্য কৰা যায়৷ গল্প, প্ৰবন্ধ, নাটক, ৰচনা, কাহিনী আদি সকলোবোৰ গদ্যৰ ভিতৰুৱা যদিও প্ৰত্যেকটো বিধাৰে ৰচনাৰ প্ৰকৃতি সুকীয়া৷ সাহিত্যৰ শিক্ষণত প্ৰথমেই সাহিত্যৰ এই বিধাসমূহৰ সৈতে ছাত্ৰ-ছাত্ৰীক পৰিচয় কৰাই দিয়াৰ লগত ইয়াৰ বৈশিষ্ট্য সম্পৰ্কেও অৱগত কৰোৱা হয়৷
সাহিত্যৰ নন্দনতত্ত্ব : সাহিত্যৰ নন্দনতাত্ত্বিক বৈশিষ্ট্যৰ সৈতে ছাত্ৰছাত্ৰীক পৰিচয় কৰাই দিয়াটো সাহিত্য শিক্ষণৰ অন্যতম গুৰুত্বপূৰ্ণ দিশ৷ সাহিত্যৰ নন্দনতাত্ত্বিক দিশত ৰস, অলংকাৰ, ছন্দ, যতি, সুৰ, স্বাসাঘাত, সন্ধি আদিৰ সকলোবোৰ দিশ সামৰি লোৱা হয়৷ সাহিত্যত এইবোৰৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা ছাত্ৰ-ছাত্ৰীক এই দিশৰ জৰিয়তে অৱগত কৰা হয়৷
তদানিন্তন সমাজ ব্যৱস্থা : সাহিত্যৰ সৈতে সমাজৰ সম্পৰ্ক অতি নিবিড়৷ সাহিত্যিকে সাহিত্য ৰচনাৰ কৰোঁতে সমসাময়িক সমাজৰ পৰা সমল লয় বা সমসাময়িক সমাজৰ প্ৰভাৱ সাহিত্যত স্বাভাৱিকতেই পৰে৷ আনহাতে সাহিত্য কোনো সময়ৰ সমসাময়িক সমাজ জীৱনৰ দলীল স্বৰূপ বুলিও কোৱা হয়৷ সাহিত্য শিক্ষণত সমসাময়িক সমাজৰ ছৱি সাহিত্যত কেনেদৰে প্ৰকাশ পায় বা কেনেদৰে ধৰি ৰাখিব পাৰি সেয়া অৱগত কৰোৱা হয়৷
লেখকৰ পৰিচয় : সাহিত্য শিক্ষণৰ ক্ষেত্ৰত ছাত্ৰছাত্ৰীক লেখকৰ সৈতে পৰিচয় কৰাই দিব লাগে৷ লেখকৰ প্ৰাথমিকক পৰিচয়ৰ লগতে সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰাৰ ক্ষেত্ৰত তেখেতৰ অৱদান তথা তেখেতৰ সাহিত্যৰ বিশেষত্ব আদিৰ বিষয়েও সম্যক ধাৰণা দিব পৰা যায়৷ লেখকৰ সৈতে পৰিচয় কৰাই দিয়াটো সাহিত্য শিক্ষণৰ এক গুৰুত্বপূৰ্ণ দিশ৷
সমসাময়িক সাহিত্যৰ আভাস : কোনো পাঠ শিক্ষণৰ সময়ত কেৱল নিৰ্ধাৰিত পাঠৰ শিক্ষণেই সাহিত্য শিক্ষণৰ উদ্দেশ্য নহয়৷ সমসাময়িক সাহিত্যৰ গতি-প্ৰকৃতিৰ আভাসো ছাত্ৰ-ছাত্ৰীক দিব লাগে যাতে ছাত্ৰ-ছাত্ৰীয়ে সেইবোৰৰ পৰা অধিক জ্ঞান আহৰণৰ অৱকাশ পায়৷
সাহিত্যৰ ভাষশৈলী : শৈলী সাহিত্যৰ গুৰুত্বপূৰ্ণ অংগ৷ লেখকভেদে সাহিত্য ৰচনাৰ শৈলী সুকীয়া সুকীয়া৷ সাহিত্যৰ প্ৰভাৱশালিতা শৈলীৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰ কৰে৷ আনহাতে সাহিত্যৰ বিধা ভেদে শৈলীৰ পাৰ্থক্য আছে৷ গল্প ৰচনাৰ শৈলী বা উপন্যাস ৰচনাৰ শৈলী প্ৰবন্ধ ৰচনাৰ শৈলীৰ লগতে নিমিলে৷ গল্প, উপন্যাস আদিত আলংকাৰিক শৈলী প্ৰয়োগ হোৱাৰ বিপৰীতে প্ৰবন্ধত পোনপটীয়া আৰু যুক্তিনিষ্ঠ শৈলী প্ৰয়োগেহে গুৰুত্ব পায়৷ সাহিত্য শিক্ষণত শৈলিগত দিশটোৰ প্ৰতিও বিশেষ গুৰুত্ব আৰূপ কৰা হয়৷
উপসংহাৰ
সাহিত্য এক বৈচিত্ৰ্যপূৰ্ণ অভিধা৷ সেয়েহে ইয়াৰ সৰ্বসন্মত সংজ্ঞা আজিকোপটি কোনেও নিৰ্ধাৰিত কৰিব পৰা নাই৷ ইয়াৰ প্ৰকাশো বহুমুখী৷ সাহিত্যৰ বিধা অনুসৰি সাহিত্যৰ গঠন সুকীয়া সুকীয়া৷ সাহিত্য শিক্ষণৰ মৌলিক প্ৰয়োজনীয়তা তাতেই৷ গল্প ৰচানৰ আৰ্ট প্ৰবন্ধ ৰচনাৰ সৈতে নিমিলে৷ ঠিক তেনেদৰে উপন্যাস ৰচনাৰ শৈলী আৰু নাযকৰ শৈলী একে নহয়৷ আনহাতে সাহিত্য পাঠৰ ক্ষেত্ৰতো বিধা অনুসৰি সুক্ষ্ম পাৰ্থক্য আছে৷ কবিতা পাঠৰ সৈতে প্ৰবন্ধ পাঠ একে নহয়৷
সাহিত্য সৃষ্টি কৰিবলৈ হ’লে প্ৰথমে সাহিত্য পঢ়িব লাগিব৷ সাহিত্যৰ বিধা অনুসৰি তাৰ কাৰিকৰি দিশ তথা আংগিকগত দিশৰ সৈতে পৰিচয় হ’ব লাগিব৷ সাহিত্য শিক্ষণৰ প্ৰয়োজনীয়তা তাতেই৷ সাহিত্য শিক্ষণৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে এনেবোৰ সুবিধা লাভ কৰে৷ সাহিত্য শিক্ষণৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক সকলো প্ৰকাৰে দক্ষ কৰি তুলিব পাৰি৷ ছাত্ৰ-ছাত্ৰীক কল্পনা শক্তি বৃদ্ধি কৰাৰ পৰা সৃষ্টি কৰ্মৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ লৈকে, সাহিত্য অধ্যয়নৰ প্ৰতি অনুৰাগ সৃষ্টি কৰাৰ পৰা ভাষাৰ কালিকা অৱগত কৰাৰ লৈকে সকলো দিশ সাহিত্য শিক্ষণৰ ভিতৰুৱা৷ মুঠৰ উপৰত উপযুক্ত সাহিত্যৰ শিক্ষণে ছাত্ৰ-ছাত্ৰীৰ সৰ্বতোপ্ৰকাৰৰ বিকাশ সাধন কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ মনত জাতীয় চেতনা জাগ্ৰত কৰাৰ ক্ষেত্ৰতো সাহিত্য শিক্ষণে ভূমিকা গ্ৰহণ কৰে৷
সহায়ক গ্ৰন্থপঞ্জী
গোস্বামী, দীনেশ চন্দ্ৰ [সম্পা.] : বিজ্ঞান লেখকৰ হাতপুথি, অসম বুক হাইভ, গুৱাহাটী, দ্বিতীয় প্ৰকাশ, ২০০৯
গোস্বামী, যতীন্দ্ৰনাথ : মাতৃভাষা শিক্ষণ, জ্যোতি প্ৰকাশন, পাণবজাৰ, গুৱাহাটী, অষ্টম তাঙৰণ-২০১৮
দত্তবৰুৱা, ফণীন্দ্ৰ নাৰায়ণ : প্ৰয়োগ ভাষাবিজ্ঞানৰ ৰূপৰেখা, বনলতা, ডিব্ৰুগড়, প্ৰথম প্ৰকাশ, ২০০৬
দাস, হলিৰাম : অসমীয়া মাতৃভাষা শিক্ষণ পদ্ধতি, সৰস্বতী প্ৰকাশন, গোলাঘাট, পূৰ্ন মূদ্ৰণ, ২০১৩
বৰুৱা, শান্তনু কৌশিক আৰু শংকব কৌশিক বৰুৱা [সম্পা.] : লেখক-সাংবাদিকৰ গাইড, সঞ্জীৱন প্ৰকাশন, গুৱাহাটী-চ্ছ, দ্বিতীয় পৰিবদ্ধিৰ্ত সংস্কৰণ-২০১৬
ভট্টাচাৰ্য, অতনু : সৃজনীমূলক সাহিত্য : প্ৰেৰণা আৰু আৰ্হি, আঁক-বাক, গুৱাহাটী, প্ৰথম প্ৰকাশ-২০১৫
ভূঞা, নয়ণমণি : ভাষা আহৰণ, পূৰ্বায়ণ প্ৰকাশন, গুৱাহাটী-১৪, প্ৰথম প্ৰকাশ-২০১৮
শইকীয়া, বিনয় মোহন [সংক. আৰু সম্পা.] : লিখা আৰু পঢ়াৰ কথা, ভৱানী প্ৰিণ্ট এণ্ড পাব্লিকেশ্যনচ্, গুৱাহাটী-জ্জ, প্ৰথম প্ৰকাশ-২০১০
শৰ্মা, দেৱজিত [সম্পা.] : লেখক, নৰ্থ লখিমপুৰ কলেজ প্ৰকাশন, খেলমাটি, লখিমপুৰ, দ্বিতীয় পৰিবদ্ধিৰ্ত সংস্কৰণ-২০১৬
শৰ্মা, মদন : অসমীয়া ভাষা শিক্ষণ পদ্ধতি, ষ্টুডেণ্টচ্ষ্ট’ৰচ, কলেজ হোষ্টেল ৰোড, গুৱাহাটী-ৰ,ষষ্ঠ সংস্কৰণ-২০১৭
শালৈ, পদ্মৰাম : অসমীয়া মাতৃভাষা শিক্ষণ, মনোজ বুক ষ্টল, ৰঙিয়া, পৰিবৰ্ধিত সংস্কৰণ, ২০১২
0 Comments