জোনাকী যুগৰ সাহিত্য : কবিতা, নাটক, উপন্যাস আৰু চুটিগল্প ।। প্ৰবন্ধ



* অৱতৰণিকা 
‘অৰুনোদই’য়ে প্ৰতিষ্ঠা কৰা আধুনিক অসমীয়া সাহিত্যক পৰৱৰ্তী যিখন কাকতে সসন্মানে আগুৱাই নিয়াত সহায় কৰিলে সেইখনেই আছিল “জোনাকী”৷ 'জোনাকী’ এখন কেৱল আলোচনী নহয়; ই এটা যুগ, এটা আন্দোলন, এটা সাহিত্যিক ব্যক্তিত্ব৷ আধুনিক অসমীয়া মনৰ বৌদ্ধিক আৰু সৃষ্টিশীল জাগৰণৰ 'জোনাকী’য়েই সংঘটন কৰিলে৷ “নতুন প্ৰাণৰ ন-চকু যুৰি”ত নতুন দীপ্তি লৈ আধুনিক অসমীয়া মনে নিজৰ জীৱনক আৰু সামগ্ৰিকভাৱে সমষ্টিগত জীৱন আৰু বিশ্বক ন-কৈ চাবলৈ শিকিলে জোনাকীৰ মাজেদিয়েই৷ (নগেন শইকীয়া: অৰুনোদইৰ পৰা জোনাকীলৈ, পৃ-৩৩) অসমীয়া সাহিত্যৰ ইতিহাসত জোনাকীৰ ভূমিকা উল্লেখযোগ্য৷ কলিকতাত বাস কৰা সকলো প্ৰবাসী অসমীয়া একত্ৰিত হৈ ১৮৮৮ চনৰ ২৫ আগষ্ট তাৰিখে ‘অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা’ প্ৰতিষ্ঠা কৰে৷ অ.ভা.উ.সা. সভাই পুৰণি পুথি সংগ্ৰহ আৰু প্ৰকাশ, শিক্ষানুষ্ঠানত অসমীয়া ভাষাৰ প্ৰচলন, অশুদ্ধ ব্যাকৰণ আৰু আখৰ জোঁটনিৰ সলনি শুদ্ধ প্ৰণালীৰ ব্যৱহাৰ, সংস্কৃত আৰু আন ভাষাৰ পৰা উৎকৃষ্ট পুথিৰ অনুবাদ, অসমৰ সামাজিক আৰু ধৰ্মীয় পদ্ধতিৰ তথ্য সংগ্ৰহৰ যোগেদি বুৰঞ্জীৰ প্ৰণয়ন আৰু পাঠ্যপুথিৰ লগতে আন আন সাহিত্য বিষয়ক ৰচনাৰ অভাৱ দূৰ কৰিবলৈ আঁচনি গ্ৰহণ কৰিছিল৷ নৱপ্ৰতিষ্ঠিত এই অ.ভা.উ.সা. সভাৰ নীতিসমূহ প্ৰতিফলিত কৰিব পৰাকৈ এখন কাকতৰ প্ৰয়োজন হোৱাত মুখপত্ৰ স্বৰূপে ১৮৮৯ চনৰ জানুৱাৰী মাহত “জোনাকী” নামৰ নতুন এখন মাহেকী কাকতে জন্মলাভ কৰে৷ এই কাকতখনক কেন্দ্ৰ কৰিয়েই অসমীয়া সাহিত্যত ‘জোনকী যুগ’ নাম লৈ এটা নতুন যুগৰ সৃষ্টি হৈছিল৷ জোনাকী কাকতৰ জন্মৰ কাহিনীয়ে অসমীয়া সাহিত্য আৰু সমাজত দেখা দিয়া পৰিৱৰ্তনৰ আভাস দাঙি ধৰে৷ উল্লেখযোগ্য যে জোনাকী যুগটোৰ পৰাহে প্ৰকৃতাৰ্থত আধুনিক যুগৰ আৰম্ভ হয়৷ ‘জোনাকী যুগ’ আৰু ইয়াৰ সময়সীমা সম্পৰ্কে হোমেন বৰগোহাঞিয়ে লিখিছে– ১৮৮৯ চনত কলিকতাত জোনাকী আলোচনী প্ৰতিষ্ঠা হোৱাৰ লগে লগেই অসমীয়া সাহিত্যৰ আধুনিক যুগ তথা ৰোমাণ্টিক যুগ আৰম্ভ হোৱা বুলি নিশ্চিতভাৱে ক’ব পাৰি৷ কিন্তু যুগটো যতি-চিহ্ন টানিবলৈ ১৯৩৯ চনটোক বাচি লোৱাৰ আন কোনো যুক্তি নাই– যদিহে আমি সেই বছৰতে আৰম্ভ হোৱা দ্বিতীয় বিশ্বযুদ্ধক সমগ্ৰ মানৱ সভ্যতাৰ বুৰঞ্জীত এটা যুগান্তকাৰী ঘটনা বুলি মানি নলওঁ৷ ১৯৩৯ চনৰ পৰৱৰ্তে ১৯৩৮ চনটোকো আমি অসমীয়া সাহিত্যৰ ৰোমাণ্টিক আন্দোলনৰ সমাপ্তিৰ বছৰ বুলি ঘোষণা কৰিব পাৰোঁ৷ কাৰণ, সেই বছৰতে ৰোমাণ্টিক আন্দোলনৰ দুজন প্ৰধান নেতা লক্ষ্মীনাথ বেজবৰুৱা আৰু চন্দ্ৰকুমাৰ আগৰৱালাৰ মৃত্যু হৈছিল৷ [হোমেন বৰগোহাঞি : ভূমিকা, হোমেন বৰগোহাঞি [সম্পা.] অসমীয়া সাহিত্যৰ বুৰঞ্জী [ষষ্ঠ খণ্ড],  পৃ. .২২] প্ৰফুল্ল মহন্তই এই সম্পৰ্কে মত প্ৰকাশ কৰি কৈছে– মিছনেৰী সাহিত্যৰ থুনুকথানাক অসমীয়া ভাষাক, ব্যাকৰণ আৰু অভিধানৰ ভেটিত প্ৰতিষ্ঠা কৰি, পাঠ্যপুথি ৰচনাৰে বিকাশৰ বাট পোনাই যোৱাৰ দাবী নিঃসন্দেহে হেমচন্দ্ৰ বৰুৱা আৰু গুণাভিৰাম বৰুৱাই কৰিব পাৰে৷ সেই ভাষাটোকে আধুনিক বিজ্ঞানসন্মত ৰূপ দি জোনাকীয়ে আধুনিক অসমীয়া সাহিত্যৰ সোঁত অসমলৈ বোৱাই আনিছিল৷ প্ৰকৃতাৰ্থত জোনাকীয়ে সংগঠিত কৰা সাহিত্য-সংস্কৃতিৰ আন্দোলনেই আধুনিক অসমীয়া সাহিত্যক সুদৃঢ় ভেটিত প্ৰতিষ্ঠা কৰি থৈ গ’ল৷ তেওঁলোকৰ চিন্তা বৃহত্তৰ জনসমাজলৈ সম্প্ৰসাৰিত নহ’লেও সেই আন্দোলনে জন্ম দিয়া এমুঠি সৃষ্টিশীল-মননশীল লেখকৰ হাততেই আধুনিক অসমীয়া সাহিত্যই এটা আয়তন লাভ কৰে আৰু আজিৰ সাহিত্যক তাৰেই বিকশিত ৰূপ বুলি ক’ব পাৰি৷ গতিকে ১৮৮৯ চনতে অসমীয়া সাহিত্যত আধুনিক যুগৰ সূচনা হয়৷ [প্ৰফুল্ল মহন্ত, আধুনিক অসমীয়া সাহিত্য ঃ সামাজিক-বৌদ্ধিক পটভূমি [১৮৮৯-১৯৯৩ ৰোমাণ্টিক যুগ], অশোক কুমাৰ গোস্বামী [মুখ্য সম্পা.] আৰু ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামী [সম্পা.], অসমীয়া সাহিত্যৰ বুৰঞ্জী [পঞ্চম খণ্ড], পৃ. ৩]
 জোনাকী কাকতৰ জৰিয়তে অসমীয়া সাহিত্যই বিভিন্ন ন-ন সাজেৰে সাজি-কাচি ওলায়৷ এই ক্ষেত্ৰত কেইগৰাকীমান প্ৰবাসী অসমীয়া ছাত্ৰৰ ভূমিকাৰ কথা ক’বই লাগিব৷ তেখেতসকলৰ ভিতৰত লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৱালা, হেমচন্দ্ৰ গোস্বামীৰ নাম প্ৰথমেই উল্লেখযোগ্য৷ কোৱা বাহুল্য যে এই তিনিগৰাকীক জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলিও কোৱা হয়৷  অসমীয়া সাহিত্যলৈ জোনাকীয়ে কঢ়িয়াই অনা ৰমন্যাসবাদৰ অৱদান সম্পৰ্কে সত্যেন্দ্ৰনাথ শৰ্মাই সমীক্ষাত্মক ইতিবৃত্তত কেইবাটও দিশ আঙুলিয়াই দিছে৷ যথা–
> ৰমন্যাসবাদৰ যোগেদি বিভিন্ন প্ৰকাশ গীত কবিতাৰ [প্ৰকৃতিমূলক, প্ৰেমবিষয়ক, ছনেট, শোক কবিতা, ব্যঙ্গ কবিতা আদি সৃষ্টিয়ে অসমীয়া কাব্য সাহিত্যলৈ নতুন কবিতাৰ ধাৰা বোৱাই আনে৷ 
>  চুটিগল্প, উপন্যাস আৰু বিবিধ শ্ৰেণীৰ প্ৰবন্ধ আমদানি কৰি গদ্য সাহিত্য বৈচিত্ৰ্যময় কৰি তোলে৷ পুৰণি সাহিত্যত কেৱল ধৰ্মমূলক গদ্যহে প্ৰচলিত আছিল৷ হেমচন্দ্ৰ-গুণাভিৰামৰ দিনত গদ্যৰ বহুতো নতুনত্ব আহিছিল যদিও চুটিগল্প আৰু উপন্যাস প্ৰকৃতাৰ্থত সৃষ্টি হোৱা নাছিল৷ 
> ইংৰাজী নাটৰ Tragedy, Comedy, Farce-ৰ আদৰ্শত অসমীয়াতো তেনে নাট ৰচনা কৰাৰ প্ৰয়াস আৰম্ভ হয়৷ 
> ‘জোনাকী’, ‘বিজুলী’য়ে বহুতো নতুন লেখক সৃষ্টি কৰে যিসকলে বিংশ শতাব্দীৰ কেবা দশকলৈ অসমীয়া সাহিত্যৰ বিভিন্ন দিশত পৰিপুষ্টি সাধন কৰি গৈছে৷ 
> অ. ভা. উ. সা. সভাই বিভিন্ন শাখাৰ যোগেদি আৰু মুখপত্ৰ ‘জোনাকী’ৰ সহায়ত গোটেই অসমতে সাহিত্য তথা সংস্কৃতিৰ প্ৰতি অনুৰাগ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল৷ 
> ‘জোনাকী’ আৰু ‘বিজুলী’ৰ সুস্থ প্ৰতিযোগিতাৰ ফলত দুয়োখন কাকতে দুদল লেখক সৃষ্টি কৰি পৰস্পৰে অবাটে যোৱাত বাধা দি সাহিত্যৰ এক সুস্থ বাতাবৰণ গঢ়ি উঠাত সহায় কৰিছিল৷ 

কবিতা 
ৰোমাণ্টিক যুগৰ সাহিত্য বুলি কোৱাৰ মাত্ৰকেই প্ৰথমে কবিতাৰ কথাই আহে৷ এই সময়চোৱাত অসমীয়া সাহিত্যলৈ কবিতাৰ ঢল বোৱাই অনাৰ ক্ষেত্ৰত কেইবাজনো উদ্যমি ব্যক্তিৰ ভূমিকা আছিল সুদূৰপ্ৰসাৰী৷ হোমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঞিবৰুৱা, আনন্দচন্দ্ৰ আগৰৱালা, মফিজুদ্দিন আহমদ হাজৰিকা, ৰঘুনাথ চৌধাৰী, যতিন্দ্ৰ নাথ দুৱৰা, অম্বিকাগিৰি ৰায়চৌধুৰী, নলিনীবালা দেৱী প্ৰভৃতি লেখকসকলে অসমীয়া কবিতাত এক জাগৰণ তথা নৱন্যাসৰ সূচনা কৰিছিল৷ জোনাকী যুগৰ কবিসকলৰ ভিতৰত চন্দ্ৰকুমাৰ আগৰৱালা শ্ৰেষ্ঠ অসমীয়া ৰোমাণ্টিক কবি৷ বনকুঁৱৰী নামৰ কবিতাৰ জৰিয়তে তেখেতে অসমীয়া সাহিত্যলৈ ৰোমাণ্টিক কবিতাৰ ধাৰা বোৱাই আনে৷ আনকথাত ‘বনকুঁৱৰী’ প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতা৷ কবিতাটি জোনাকীৰ প্ৰথম সংখ্যাত অৰ্থাত ১৮৮৯ চনৰ জানুৱাৰী সংখ্যাতে প্ৰকাশ পাইছিল৷ এই বনুকুঁৱৰী কবিতাটিৰ সম্পৰ্কে নগেন শইকীয়ৰ এটি মন্তব্য প্ৰণিধানযোগ্য– প্ৰতিটো স্তৱকতে ধৰি ৰাখিছে কল্পিত চিত্ৰৰ অচাক্ষুষ শব্দৰূপ আৰু তাৰ মাজত ব্যঞ্জিত হৈছে সৌন্দয্যসন্ধানী কবি চিত্ৰৰ নান্দনিক ৰসবোধ৷ এই সৌন্দয্যবোধ বা নান্দনিক চেতনা হ’ল চন্দ্ৰকুমাৰৰ কাব্য চেতনাৰ ঘাই আধাৰ৷ [চন্দ্ৰকুমাৰৰ কবিতা সমগ্ৰ, পৃ. ৯]
চন্দ্ৰকুমাৰ আগৰৱালাই তেখেতৰ দুখন কবিতাপুথি ‘প্ৰতিমা’ [১৯৪১] আৰু ‘বীন ব’ৰাগী’ [১৯৩২]ৰ জৰিয়তে অসমীয়া কাব্য-সাহিত্যক এক বিশেষ মাত্ৰা প্ৰদান কৰে৷ উল্লেখযোগ্য যে অসমীয়া কাব্য-সাহিত্যত প্ৰতিমাৰ গুৰুত্ব বুজি বেজবৰুৱাই প্ৰতিমা সম্পৰ্কে মন্তব্য কৰিছিল– ‘প্ৰতিমাখন সৰু কিন্তু নিভাজ সোণৰ৷’ কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ মৃত্যুৰ পিছত ‘চন্দ্ৰামৃত’ [১৯৬৭] নামৰ আন এখন কাব্য সংকলন প্ৰকাশ পায়৷ 
চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাসমূহৰ ভিতৰত বনকুঁৱৰীৰ পাছতেই মাধুৰী, কিশোৰী, তেজীমলা, সৌন্দৰ্য, বীন-বৰাগী, মানৱ বন্দনা, নিয়ৰ আদি কবিতা অসমীয়া ৰোমাণ্টিক কবিতাৰ ক্ষেত্ৰখনৰ নজহা-নপমা সম্পদ৷ চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতালৈ সামগ্ৰীকভাৱে লক্ষ্য কৰিলে দেখা যায় যে তেওঁৰ কবিতাত কল্পনাপ্ৰৱনতা, সৌন্দৰ্য চেতনা, মানৱিকতাবাদ, প্ৰকৃতিপ্ৰীতি, অতিপ্ৰাকৃত বৰ্ণনা আদিৰে ভৰুণ হৈ আছে৷
সুন্দৰৰ আৰাধনা জীৱনৰ খেল চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ অন্যতম বৈশিষ্ট্য৷ ‘সুন্দৰৰ আৰাধনা জীৱনৰ খেল, অভিনয় অন্তে ঘোৰ কাল যৱনিক’–বুলি অনুভৱ কৰা কবি চন্দ্ৰকুমাৰ আগৰৱালাই ‘চিৰলগৰীয়া’ শীৰ্ষক কবিতাত কৈছে– ‘সুন্দৰৰো সুন্দৰ সংসাৰ দুদিনীয়া, প্ৰাণে প্ৰাণে বন্ধা মোৰ চিৰ লগৰীয়া’৷ আকৌ ‘সত্য তুমি শিৱ তুমি, অসীম সুন্দৰ’ কবিতাত কবিয়ে লিখিছে– জ্ঞানময় প্ৰেমময় প্ৰাণৰ ঈশ্বৰ, তুমি শিৱ তুমি অসীম সুন্দৰ৷ আগৰৱালাৰ সৌন্দয্য চেতনা প্ৰকাশ পোৱা আন এটি উল্লেখযোগ্য কবিতা হৈছে ‘মাধুৰী’৷ ফুটো নুফুটোকৈ থকা কুমলীয়া কলি, মাৰো নামাৰোকৈ মাৰা মিচিকি হাঁহি, আধা মেলা হৃদয়ৰ দুৱাৰ, আধা বন্ধা খোপা, মুহূৰ্তৰ কাৰণে উদঙাই দিয়া সদ্য যৌৱনপ্ৰাপ্ত  কিশোৰীৰ বুকু, আধা ফুটা মাত, ৰিণিকি ৰিণিকি বাঁহীৰ সুৰ, ছয়াময়া ঠেহ পেঁচ, হাঁহো নে কান্দোকৈ থকা চলচলীয়া চকু, যাওঁ নেযাওঁকৈ থকা আগ-পিছ কৰা ভৰি, ধেমালিমিহলি খং এই সকলোবোৰৰ মাজতেই কবিয়ে প্ৰেয়সিৰ সৌন্দৰ্য বিচাৰি পাইছে৷ মাধুৰি কবিতা সম্পৰ্কে অপূৰ্ব বৰাই মন্তব্য কৰি কৈছে– মাধুৰী কবিতাত সৌন্দৰ্য সম্পৰ্কে কবিৰ এক মৌলিক দৃষ্টিভংগী প্ৰকাশ পাইছে৷ পূৰ্ণ বিকশিত সৌন্দয্যৰ্তকৈ অৰ্ধ বিকশিত সৌন্দৰ্যইহে ৰহস্যময়তা আৰু সম্ভাৱনীয়তাৰ কাৰণে মানৱ হৃদয়ত সুগভীৰ আহ্লাদৰ জোৱাৰ তেলো– এই ভাৱবস্তুৱেই কবিতাটোৰ প্ৰাণশক্তি৷ [অপূৰ্ব বৰা, চন্দ্ৰকুমাৰ আগৰৱলাৰ মাধুৰী, অৰবিন্দ ৰাজখোৱা [সম্পা.] অসমীয়া কাব্য পৰিক্ৰমা, পৃ. ১৯৬]
চন্দ্ৰকুমাৰ আগৰৱলাৰ কবিতাৰ ভিতৰত ‘তেজীমলা’ আন এটি উল্লেখযোগ্য কবিতা৷ ‘প্ৰতিমা’ৰ অন্তৰ্গত তেজীমলা কবিতাটি প্ৰাচীন অসমীয়া বেলাডৰ আধুনিক ৰূপ৷ তেজীমলা কবিতা সম্পৰ্কে ধৰণী লাহনে মন্তব্য কৰি কৈছে– অসমীয়া ৰোমাণ্টিক কবিতাৰ যি সৌন্দৰ্য চেতনা, কল্পনা প্ৰৱনতা আৰু প্ৰকৃতিৰ বৰ্ণাঢ্য বৈচিত্ৰ্য ৰূপ সেয়া তেজীমলা কবিতাৰ অলংকাৰ সদৃশ৷ তেজীমলাৰ শান্ত-সমাহিত সৌন্দৰ্য বৰ্ণনা কৰোঁতে কবিৰ যি ৰোমাণ্টিক আকুলতা, প্ৰকৃতিৰ বুকুত বিলীন হৈ পৰাৰ যি মানসিকতা সেই আটাইবোৰে তেজীমলাক ৰোমাণ্টিক বিশিষ্টতা দান কৰিছে৷ [ধৰণী লাহন, চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘তেজীমলা’, অৰবিন্দ ৰাজখোৱা [সম্পা.] অসমীয়া কাব্য পৰিক্ৰমা, পৃ. ২০৪]
জোনাকী যুগৰ কাব্য সাহিত্যলৈ বৰঙণি আগবঢ়োৱা কবিসকলৰ ভিতৰত চন্দ্ৰকুমাৰ আগৰৱলাৰ পিছতেই হেমচন্দ্ৰ গোস্বামীৰ নাম উল্লেখ কৰিব পাৰি৷ হেমচন্দ্ৰ গোস্বামীৰ একমাত্ৰ কবিতা পুথি হৈছে ‘ফুলৰ চাকি’ [১৯০৭]৷ গোস্বামীৰ কবিতাৰ সংখ্যা তেনেই তাকৰ যদিও  ব্যক্তিপ্ৰেম, স্বদেশ প্ৰেম, প্ৰকৃতি চিত্ৰণ, ভগৱতপ্ৰীতি, হাস্যৰস আদি তেখেতৰ কবিতাত তলবলাই আছে৷
অসমীয়া কবিতাৰ ক্ষেত্ৰত হেমচন্দ্ৰ গোস্বামীৰ নাম জিলিকা থকাৰ আন এক প্ৰধান কাৰণ হৈছে অসমীয়া চনেট কবিতাৰ জন্মদাতা৷ গোস্বামীৰ ‘প্ৰয়তমাৰ চিঠি’ কবিতাটোৱেই প্ৰথম অসমীয়া চনেট কবিতা৷ এই কবিতাটোৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি  ভবেন বৰুৱাই লিখিছে– হেমচন্দ্ৰ গোস্বামীৰ আন যিটো কবিতাত কাব্যৰ ঘনীভূত আৰু ব্যঞ্জনাবহুল চৰিত্ৰ ভালদৰে প্ৰকাশ হৈছে, সেই কবিতাটো হ’ল, ‘প্ৰিয়তমাৰ চিঠি’৷ এই প্ৰথম অসমীয়া চনেটটোৱেই এতিয়ালৈকে সাৰ্থক অসমীয়া চনেট৷ [ভবেন বৰুৱা, হেমচন্দ্ৰ গোস্বামীৰ কবিতা : ‘প্ৰিয়তমাৰ চিঠি’, অসমীয়া সাহ্যিৰ বুৰঞ্জী [পঞ্চম খণ্ড], পৃ. ১০৮-১০৯]
জোনাকী আলোচনীৰ তৃতীয় ভাগৰ প্ৰথম সংখ্যাত প্ৰকাশ পোৱা ‘পুৱা’ হেমচন্দ্ৰ গোস্বামীৰ আন এটি উল্লেখযোগ্য কবিতা৷ জোনাকীপূৰ্ব অসমীয়া ভাষা-সাহিত্যৰ নিস্তব্ধ ছৱিখনৰ ঠাইত নৱলব্ধ চেতনাৰে সমৃদ্ধ অন্য এখন ছবি পুৱা কবিতাটোত কবিয়ে অংকণ কৰিছে৷ 
হেমচন্দ্ৰ গোস্বামীৰ ‘পুৱা’ আৰু ‘প্ৰিয়তমাৰ চিঠি’ অসমীয়া সাহিত্য-বৰঞ্জীৰ নজহা-নপমা সম্পদ৷ অন্য কবিতা নিলিখি কেৱল এই দুটা কবিতা লিখা হ’লেও গোস্বামীৰ নাম যে সোণালী আখৰেৰেই লিখা থাকিলহেঁতেন তাত কোনো সন্দেহ নাই৷ এই সম্পৰ্কে ভৱেন বৰুৱাৰ মন্তব্য প্ৰণিধানযোগ্য– ...‘পুৱা’ আৰু ‘প্ৰিয়তমাৰ চিঠি’ কবিতাদুটাত এক নতুন কাব্যিক চেতনাৰ আপোন সুৰৰ সন্ধান পোৱা যায়, আৰু এই কবিতা দুটাৰ কাৰণেই হেমচন্দ্ৰ গোস্বামীৰ স্থান অসমীয়া কাব্যৰ বুঞ্জীত বিশেষ আদৰণীয় হৈ ৰ’ব৷ [ভবেন বৰুৱা, হেমচন্দ্ৰ গোস্বামীৰ কবিতা : ‘প্ৰিয়তমাৰ চিঠি’, অসমীয়া সাহ্যিৰ বুৰঞ্জী [পঞ্চম খণ্ড], পৃ. ১০৮]
অসমীয়া ৰোমাণ্টিক কবিতা বা জোনাকী যুগৰ অসমীয়া কাব্য-সাহিত্যত আন এগৰাকী উল্লেখযোগ্য কবি হৈছে ৰঘুনাথ চৌধাৰী৷ জোনাকী কাকততেই চৌধাৰীৰ প্ৰথম কবিতা প্ৰকাশ পায়৷ ‘বিহগী কবি’ হিচাপে খ্যাত কবিৰ প্ৰথমখন কবিতাপুথি ‘সাদৰী’ প্ৰকাশ পায় ১৯১০ চনত৷ তাৰ পাছত তেখেতৰ ক্ৰমে কেতেকী [১৯১৮], কাৰবালা [১৯২৩], দহিকতৰা [১৯৩১], আৰু নৱমল্লিকা [১৯৫৮] প্ৰকাশ পায়৷ 
ৰঘুনাথ চৌধাৰীৰ কবিতা সম্পৰ্কে পল্লৱী ডেকা বুজৰবৰুৱাই লিখিছে– ঊনবিংশ শতিকাৰ নব্য ৰোনাণ্টিক কাব্য আন্দোলনৰ বহু বৈশিষ্ট্যৰ মাজৰ কেইটিমান প্ৰধান বৈশিষ্ট্য আছিল– প্ৰকৃতিপ্ৰীতি, অতীতৰ ঐতিহ্যৰ প্ৰতি অনুৰাগ আৰু ৰহস্যবাদী চিন্তাৰ প্ৰকাশ৷ জোনাকী যুগৰ পৰা মৃত্যুৰ সময়লৈকে ৰঘুনাথ চৌধাৰীৰ কবিতাৰাজিত এই তিনিওটা বৈশিষ্ট্য পৰ্যায়ক্ৰমে পৰিস্ফুট হোৱা দেখা গৈছিল৷ প্ৰকৃতি জগতৰ ৰূপ, ৰস, গন্ধ, স্পৰ্শ ৰোমাণ্টিক কবিৰ বাবে অনুপ্ৰেৰণা আৰু আনন্দৰ উৎস আছিল৷ বিশ্ব প্ৰকৃতিৰ বৰ্ণাঢ্য বিচিত্ৰ ক্ষেত্ৰৰ পৰা বুটলা উপাদানৰ ফুল আৰু চৰাই সম্পৰ্কীয় কবিতাৰাজিৰ দৰেই অসমীয়া কাব্যত ৰঘুনাথ চৌধাৰীৰ কবি জীৱনৰ প্ৰথম ধাৰাটি[প্ৰকৃতি প্ৰীতি]ত ৰচিত ফুল আৰু চৰাই সম্পৰ্কীয় কবিতাখিনিয়ে কবিগৰাকীৰ শ্ৰেষ্ঠ অভিব্যক্তিৰ সাক্ষ্য বহন কৰি জিলিকি আছে৷ কবি ৰঘুনাথ চৌধাৰীৰ ফুল আৰু চৰাইৰ প্ৰেমত বাউল আত্মহীন মানসিক অভিব্যক্তিৰ প্ৰকাশে অসমীয়া প্ৰকৃতি কবিতাকে গীতিময়তা আৰু সৌন্দৰ্যৰ অনন্য বিৰল এক মিত্ৰজোঁট উপহাৰ দিছে৷ [ পল্লৱী ডেকা বুজৰবৰুৱা : ৰঘুনাথ চৌধাৰীৰ ‘গোলাপ’, অৰবিন্দ ৰাজখোৱা [সম্পা.] অসমীয়া কাব্য পৰিক্ৰমা, পৃ.২৩৪]
জোনাকী কাকতৰ জৰিয়তে যিসকল কবিয়ে অসমীয়া কাব্য-সাহিত্যত নবন্যাসৰ সূচনা কৰিছিল, সিবিলাকৰ ভিতৰত লক্ষ্মীনাথ বেজবৰুৱাৰ অন্যতম৷ সত্যেন্দ্ৰনাথ শৰ্মাৰ ভাষাত– ‘জোনাকী’ কাকতৰ যোগেদি সাহিত্যত যুগান্তৰ অনাসকলৰ ভিতৰত লক্ষ্মীনাথ সৰ্বগ্ৰণী৷ [সত্যেন্দ্ৰনাথ শৰ্মা : অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, পৃ. ২৮৮] বেজবৰুৱাই কবিতাপুথি কদমকলি [১৯১৩] আৰু মৰণোত্তৰভাৱে প্ৰকাশিত পদুমকলি [১৯৫৮]ৰ জৰিয়তে ৰোমাণ্টিক কবিতাৰ ঢল অসমীয়া সাহিত্যলৈ বোৱাই অনাত অৰিহণা যোগায়৷ কদমকলি [১৯১৩]ত সন্নিৱিষ্ট হোৱা আৰু তাৰ পিছত ‘বাঁহী’ত মাজে সময়ে প্ৰকাশ হোৱা কবিতাসমূহে বেজবৰুৱাৰ কবিত্ব গুণৰ পৰিচয় দিয়ে৷ [সত্যেন্দ্ৰনাথ শৰ্মা : অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, পৃ. ২৯১] বেজবৰুৱাৰ কবিতা সম্পৰ্কে উপেন্দ্ৰনাথ শৰ্মাই লিখিছে–বেজবৰুৱাৰ কবিতাত এনে এক স্বকীয়তা[Individuality] এনে এক সতেজতাৰ পৰিচয় পোৱা যায় যি অসমীয়া ৰোমাণ্টিক কবিতাত দুৰ্লভ৷ [উপেন্দ্ৰনাথ শৰ্মা : লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা, অশোক কুমাৰ গোস্বামী [মুখ্য সম্পা.] আৰু ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামী [সম্পা.], পূৰ্বোক্ত গ্ৰন্থ, পৃ. ২৪৮] বেজবৰুৱাৰ কবিতাই একাধিক স্তৰত আমাক আলোড়িত কৰে৷ বেজবৰুৱাৰ কবিতাৰ সংখ্যা তেনেই কম যদিও এই সীমিত পৰিসৰতে তেখেতে নানা ধৰণৰ বিষয়বস্তুৰ অৱতাৰণা কৰিছে৷ আনহাতে বেজবৰুৱাৰ কবিতাত প্ৰেম-চেতনা আছিল অধিক সক্ৰিয়৷ এক কথাত বেজবৰুৱা অসমীয়া ভাষাৰ শ্ৰেষ্ঠ প্ৰেমৰ কবিসকলৰ অন্যতম৷ বেজবৰুৱাই বৈবাহিক প্ৰেমৰ আধাৰতে তেওঁৰ শ্ৰেষ্ঠ প্ৰেমৰ কবিতাবোৰ ৰচিছে৷ এই জীৱনৰ নিৰাপত্তা আৰু সমষ্টিৰ ভাব তেখেতৰ এনে প্ৰেমৰ কবিতাৰ কেন্দ্ৰীয় প্ৰেৰণা৷ প্ৰিয়তমা, প্ৰিয়তমাৰ সৌন্দৰ্য, প্ৰেম আদি বেজবৰুৱা প্ৰণয়মূলক কবিতাৰ উৎকৃষ্ট উদাহৰণ৷ বেজবৰুৱাৰ দৃষ্টিত প্ৰেমেই জগতৰ ধৰণী, ‘‘প্ৰেমতে ঘূৰিছে ভূমণ্ডল, প্ৰেমত ফুলিছে শতদল’’৷ 
 স্বদেশ প্ৰেম বেজবৰুাৰ কবিতান নিখুঁত ৰূপত ফুটি উঠিছে৷ এই সম্পৰ্কে হৰেকৃষ্ণ ডেকাই লিখিছে– বেজবৰুৱাৰ স্বদেশানুৰাগেই মাতৃভাষা প্ৰেমত পৰিণত হৈছিল আৰু সেই চেতনাৰ পৰাই আহিছিল জাতীয়তাবোধ৷ তাত মিহলি হৈ আছিল ঐতিহ্যৰ প্ৰতি  গৌৰৱবোধ আৰু অসমীয়াৰ জাতীয় মানসিকতাৰ অবক্ষয়ৰ ক্ষেত্ৰত শংকা৷  এই অবক্ষয়ৰ বিষয়ে অসমীয়াক সচেতন কৰিবলৈ তেখেতে কবিতাৰ মাজেৰে স্বজাতিক সাৰ পাবলৈ উদাত্ত আহ্বান কৰিছিল আৰু মাজে মাজে কৃপাবৰী ব্যংগৰ চেঙাতেল ঘাঁত ঘহিও দিছিল৷ [হৰেকৃষ্ণ ডেকাঃ লক্ষ্মীনাথ বেজবৰুৱা আৰু কবিতা, অশোক কুমাৰ গোস্বামী [মুখ্য সম্পা.] আৰু ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামী [সম্পা.] , পূৰ্বোক্ত গ্ৰন্থ, পৃ. ২৬৫] বেজবৰুৱাৰ বাবে স্বদেশ সদায়েই অসম আৰু অসমীয়াৰ পৰিচয় অসমীয়া ভাষা– সেই ভাষাই বহন কৰি অনা ঐতিহাসিক আৰু সাংস্কৃতিক ঐতিহ্যতে আছে এই পৰিচয়ৰ ৰাজহাড়৷ তেখেতৰ ‘অসম সংগীত’ কবিতাটো অতীত-গৌৰৱৱৰ সোঁৱৰণৰ মাজেৰে অসমীয়া জাতীয় চেতনা জগাই তোলাৰ এক প্ৰচেষ্টা আৰু হীনমন্যতাৰ পৰা জাগিবৰ বাবে এক আহ্বন৷ 
বেজবৰুৱাৰ ‘বীন-বৰাগী’ আন এটা উল্লেখযোগ্য কবিতা৷ জাতীয় চেতনালব্ধ কবিতাটোৰ বিষয়ে ক’বলৈ গৈ কবি তথা সমালোচক হৰেকৃষ্ণ ডেকাই মন্তব্য কৰিছে– বীন-বৰাগী জাতীয় ভাবৰ বাহক হোৱাৰ উপৰিও আন এনে এটা প্ৰতীকী মাত্ৰা আহৰণ কৰিছে যে সি তাত কবি কল্পনাই জাতীয়তাবাদী ভাৱধাৰা অতিক্ৰম কৰি এক নতুন ৰোমাণ্টিক উপলব্ধিত উপনীত হৈছে আৰু শেষৰ শাৰীকেইটাত কল্পনাই অসাধাৰণ ব্যাপ্তি লাভ কৰিছে...৷ এই ব্যাপ্তি কিন্তু জাতীয়তাবাদী অনুভূতিক এৰি থৈ হোৱা নাই, জাতীয়তাবাদী অনুভূতিৰ পৰাই কল্পনাই এইদৰে পাখি মেলি উঠিছে৷ [হৰেকৃষ্ণ ডেকাঃ লক্ষ্মীনাথ বেজবৰুৱা আৰু কবিতা, অশোক কুমাৰ গোস্বামী [মুখ্য সম্পা.] আৰু ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামী [সম্পা.] , পূৰ্বোক্ত গ্ৰন্থ, পৃ. ২৬৭] ৰোমাণ্টিক কবিতাৰ কল্পনাপ্ৰৱনতা চৰিত্ৰটি এনেদৰে বেজবৰুৱাৰ কবিতাত সম্পৃক্ত হৈ আছে৷
প্ৰকৃতিৰ মনোমোহা সৌন্দৰ্যৰ বৰ্ণনাৰে আৰম্ভ হোৱা মালতি বেজবৰুৱাৰ এটা উল্লেখযোগ্য কবিতা৷ কবিতাটোৰ ৰদৰ উজ্জ্বল পোহৰত তিৰবিৰ কৰা নৈপাৰৰ বালি, আকাশেৰে লানি পাতি উৰি যোৱা শুধ বগা বগলীজাক, কোমল কহুঁৱা ফুলবোৰ অথবা ফটিকৰ ধাৰ যেন নদীৰ নিৰ্মল জলৰাশি আদি প্ৰতিটো বস্তুৱেই কবিৰ মনত অনেক সৌন্দৰ্যৰ আকৰ স্বৰূপ৷  ইবিলাকৰ মাজেৰে কবিতাটোত কবিৰ এগৰাকী মানস প্ৰেমিকাৰ বিমূৰ্ত ৰূপৰ বৰ্ণনা বৰ্ণিত হৈছে৷ কবিৰ কল্পনাত মালতী অতুলনীয়৷ সুন্দৰী মালতীক লৈ কবিয়ে কৰা সৌন্দৰ্য সন্ধান যে কেৱল দেহজ ৰূপৰ আৰাধনা নহয়, সেয়া স্পষ্ট কৰি দি বেজবৰুৱাই কবিতাটোক বা মালতী চৰিত্ৰটোক আন এক আয়তন প্ৰদান কৰিলে৷ মনেৰে গঢ়া মনৰ প্ৰতিমা মালতীৰ প্ৰতি তেওঁৰ প্ৰীতি, আকৰ্ষণ, হেঁপাহ দিনে দিনে বাঢ়ি যোৱাৰ লগে লগে অৱশ্যে পৃথিৱীৰ বাসনাৰ পৰিৱেশেৰে তেওঁ মালতিক আন এক ৰূপ দিব বিচাৰিলে৷ [স্মৃতিৰেখা ভূঞা : লক্ষ্মীনাথ বেজবৰুৱাৰ মাতলী, অৰবিন্দ ৰাজখোৱা [সম্পা.], অসমীয়া কাব্য পৰিক্ৰমা, পৃ. ১৬৭] মুঠৰ ওপৰত বেজবৰুৱাৰ কবি প্ৰতিভা আৰু ৰুমাণ্টিক যুগৰ কবি হিচাপে ৰূমাণ্টিক চেতনা কবিতাটোত সুন্দৰকৈ প্ৰকাশ পাইছে৷ 
মালিতাৰ আৰ্হিত ৰচনা কৰা বেজবৰুৱাৰ ধনবৰ আৰু ৰতনী এটা উল্লেখযোগ্য কবিতা৷ কবিতাটোত ধনবৰৰ হৃদয় ওপজা বিচ্চেদৰ ব্যথা অতি মৰ্মস্পৰ্শী হৈ প্ৰকাশ পাইছে৷ ধনবৰ আৰু ৰতনী কবিতাটোৰ সম্পৰ্কে হৰেকৃষ্ণ ডেকাৰ মন্তব্য এনেধৰণৰ– কবিতাটোত মালিতাৰ আৰ্হি আছে, কিন্তু বেজবৰুৱাই কাহিনী- প্ৰধান বৰ্ণনা কৰিব খোজা নাই আৰু সেয়েই কাহিনীৰ অংশটো কবিতাৰ শীৰ্ষত গদ্যত দিছে পটভূমি হিচাপে৷ ধনবৰৰ ভালপোৱাৰ গভীৰতা আৰু ৰতনী গুচি যোৱাত তাৰ অন্তৰত সৃষ্টি হোৱা গভীৰ বেদনাখিনিহে মৰ্মস্পৰ্শী হৈ কবিতাটোত প্ৰকাশ পাইছে৷ [হৰেকৃষ্ণ ডেকাঃ লক্ষ্মীনাথ বেজবৰুৱা আৰু কবিতা, অশোক কুমাৰ গোস্বামী [মুখ্য সম্পা.] আৰু ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামী [সম্পা.] , পূৰ্বোক্ত গ্ৰন্থ, পৃ. ২৬৩]
জোনাকী যুগৰ অসমীয়া কবিতাক সমৃদ্ধ কৰাৰ ক্ষেত্ৰত অৰিহণা আগবঢ়োৱা আন এগৰাকী কবি হৈছে পদ্মনাথ গোহাঞিবৰুৱা৷ গোহাঞিবৰুৱাই সতীৰ্থ লক্ষ্মীনাথ বেজবৰুৱাৰ দৰেই অসমীয়া সাহিত্যৰ দৈন্যৰ দিনত একোটা বিষয়তে লেখনি আবদ্ধ নাৰাখি সাহিত্যৰ সকলো দিশতে লেখনি প্ৰসাৰণ কৰিছিল৷ বেজবৰুৱাৰ দৰে স্বাভাৱিক প্ৰতিভাৰ তেওঁ অধিকাৰি নাছিল যদিও মাতৃভাষাৰ প্ৰতি ঐকান্তিক অনুৰাগ, আশাশুধীয়া প্ৰচেষ্টা আৰু সাহিত্যানুভূতিৰ যৌগিক সমবায়ত অসমীয়া সাহিত্যলৈ বৰ প্ৰয়োজনীয় সময়ত বিবিধ উপচাৰে নৈবেদ্য আগবঢ়াই আমাৰ ভাষা-সাহিত্য টনকীয়ল কৰাত অমূল্য বৰঙণি আগবঢ়াই গৈছে৷... গোহাঞিবৰুৱা সাহিত্য প্ৰয়োজনীয় মুহূৰ্তত বিশিষ্ট ঐতিহাসিক ভূমিকা গ্ৰহণ কৰি অসমীয়া সাহিত্যক নিজৰ ভৰিত থিয় হ’বলৈ শক্তি দান কৰিছিল৷ [সত্যেন্দ্ৰনাথ শৰ্মা : অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, পৃ. ২৯৫]
লীলাকাব্য [১৯০১] আৰু জুৰণি [১৯০১] কাব্যপুথিৰ জৰিয়তে অসমীয়া কবিতাৰ ভঁৰাল সমৃদ্ধ কৰা গোহাঞিবৰুৱাৰ আন এখন কবিতাপুথি হৈছে ফুলৰ চানেকি [১৯৪১]৷ এই ফুলৰ চানেকিখনৰ সম্পৰ্কে সত্যেন্দ্ৰনাথ শৰ্মাই মন্তব্য কৰিছে– ‘ফুলৰ চানেকি’ নামৰ তৃতীয়খন কবিতাপুথি ‘জুৰণি’ আৰু নাটকসমূহৰ পৰা বুটলি অনা আন অংশ কিছুমানৰ সংগ্ৰহ মাত্ৰ৷ আন ঠাইত প্ৰকাশ নোপোৱা কবিতা ইয়াত নাই৷ [সত্যেন্দ্ৰনাথ শৰ্মা : অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, পৃ. ২৯৫]

নাটক 
আধুনিক অসমীয়া নাটকৰ সৃষ্টি আৰু বিকাশৰ ক্ষেত্ৰত ‘জোনাকী যুগ’ৰ ভূমিকা উল্লেখযোগ্য৷ এই সময়ছোৱাত নাট্যসাহিত্যৰ ধাৰাক সমৃদ্ধ কৰাৰ ক্ষেত্ৰত পদ্মনাথ গোহাঞিবৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা, বেণুধৰ ৰাজখোৱ, দুৰ্গাপ্ৰসাদ মজিন্দাৰ বৰুৱা, চন্দ্ৰধৰ বৰুৱা, দুৰ্গেশৰ শৰ্মা, নবীন চন্দ্ৰ বৰদলৈ, জ্যোতিপ্ৰসাদ আগৰৱালা প্ৰভৃতি নাট্যকাৰসকলৰ নাম বিশেষভাৱে উল্লেখযোগ্য৷ এই সময়ছোৱাৰ নাটক সম্পৰ্কে পোনা মহন্তই মন্তব্য কৰিছে– জোনাকীৰ সময়ত অৰ্থাৎ উনবিংশ শতিকাৰ শেষৰ দশকটোত, যি সীমিত সংখ্যক মৌলিক অসমীয়া নাটক ওলাইছিল সিবোৰৰ সৰহভাগেই হয় পাতল ধেমেলীয়া নহয় পৌৰাণিক আখ্যানমূলক নাটক৷ [পোনা মহন্ত, নাটক : ১৮৮৯-১৯৩৯, অশোক কুমাৰ গোস্বামী [মুখ্য সম্পা.] আৰু ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামী [সম্পা.] , পূৰ্বোক্ত গ্ৰন্থ, পৃ. ৩৪৮] উল্লেখযোগ্য যে জনসাধাৰণৰ ৰুচী অনুসৰি নাটক ৰচনা কৰাটো এই সময়ৰ নাট্যকাৰসকলৰ অন্যতম এক উদ্দেশ্যই আছিল৷ সেই সময়ত এনে নাটক জনপ্ৰিয় হোৱাৰ অন্যতম কাৰণ হ’ল দৰ্শকৰ অধিকাংশই আছিল চহা-হজুৱা মানুহ৷ সেয়ে ব্যক্তি বা সমাজ জীৱনৰ জটিল প্ৰশ্নবোৰতকৈ ৰামায়ণ, মহাভাৰত বা ভাগৱতৰ আখ্যান আৰু পাতলীয়া বা প্ৰহসনজাতীয় নাটক ৰচনাতহে প্ৰধনকৈ মনোনিৱেশ কৰিছিল৷ কৈ থোৱা ভাল হ’ব যে প্ৰহসন হ’ল এনে এক প্ৰকাৰৰ নাটক, য’ত জীৱন আৰু সমাজৰ গুৰুত্বপূৰ্ণ দিশৰ পৰা লঘু বিষয়বস্তু আহৰণ কৰি অতিৰঞ্জিত, অবাস্তৱ আৰু অবিশ্বাস্যভাৱে ৰূপায়িত কৰা হয়৷ হাস্যৰস প্ৰহসনৰ প্ৰধান বৈশিষ্ট্য৷ হাস্যৰসৰ মাজেৰে নাট্যকাৰে দৰ্শকক বিমল আনন্দ দিয়াৰ লগতে সমাজ থকা দোষ-ত্ৰুতি কিছুমান সংশোধন কৰাৰ চেষ্টা কৰে৷ প্ৰহসনৰ বিষয়বস্তু বুলিবলৈ একো নাথাকে৷ কোনো এক পৰিস্থিতিৰ উপস্থাপনেৰে হাস্যৰসৰ উদ্ৰেক কৰা দেখা যায়৷
প্ৰহসন আৰু গহিন সামাজিক নাটক ৰচনাৰে লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া সাহিত্যলৈ বিশেষ বৰঙণি আগবঢ়াই গৈছে৷ বেজবৰুৱাৰ নাটককেইখন হৈছে– [ক] প্ৰহসন– লিতিকাই [১৮৯৪], নোমল [১৯১৩], পাচনি [১৯১৩], চিকৰপতি নিকৰপতি [১৯১৩];  বুৰঞ্জীমূলক নাটক– জয়মতী কুঁৱৰী [১৯১৫], চক্ৰধ্বজ সিংহ [১৯১৫] আৰু বেলিমাৰ [১৯১৫]৷ বেজবৰুৱাৰ প্ৰহসন সম্পৰ্কে সত্যেন্দ্ৰনাথ শৰ্মাৰ মন্তব্য প্ৰণিধানযোগ্য– বেজবৰুৱাৰ প্ৰহসনকেইখনৰ প্লট বা কাহিনী বৰ দূৰ্বল; হাস্যজনক পৰিস্থিতি  কিছুমান শিথিলভাৱে একে সূত্ৰত গাথি থোৱা হৈছে৷ পৰিস্থিতিসমূহ বহত ক্ষেত্ৰত উদ্ভট আৰু অতিৰঞ্জিত৷ দুই এঠাইত ব্যঙ্গৰ ছিটিকনি থাকিলেও নিভাঁজ হাস্যৰসে নাটককেইখন সঞ্জীৱিত কৰিছে৷ সবল আৰু নিৰ্বোধ চহা চৰিত্ৰৰ ব্যৱহাৰ আৰু কথা বাৰ্তাৰ হাস্যস্পদ ৰূপ নাটককেইখনত দাঙি ধৰিছে৷  [সত্যেন্দ্ৰনাথ শৰ্মা : অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, পৃ. ৩৩৫]
প্ৰহসনৰ পাচতেই বেজবৰুৱাই গহীন ঐতিহাসিক নাটক ৰচনা কৰিবলৈ মনোনিৱেশ কৰে৷ এই ক্ষেত্ৰত তেখেতে কেইবাটাও দিশৰ পৰা অনুপ্ৰেৰণা লাভ কৰিছিল৷ এই সম্পৰ্কে অৰবিন্দ ৰাজখোৱাই লিখিছে– পলমকৈ হ’লেও গহীন ঐতিহাসিক নাটক লিখিবলৈ লোৱাৰ উদ্দেশ্য মূলতে দুটা বুলি অনুমান হয়– প্ৰথম, অসমৰ গৌৰৱময় অতীত বুৰঞ্জীৰ কেইটিমান লেখত লবলগীয়া কাহিনীৰ নাট্যৰূপ দিয়া, আৰু দ্বিতীয়, তেওঁৰ পূৰ্বপৰিকল্পিত আঁচনিমতে বুৰঞ্জীমূলক নাটকৰ যোগেদি অসমীয়া নাট্য-সাহিত্যত শ্ব্যেইক্সপীয়েৰিয়ান নাটকৰ আৰ্হি ৰূপায়িত কৰা৷ [অৰবিন্দ ৰাজখোৱা : বেজবৰুৱাৰ বুৰঞ্জীমূলক নাটক, অজিত ভৰালী [সম্পা.], প্ৰসংগ নাটক, পৃ. ৭৭]
বেজবৰুৱাৰ তিনিওখন ঐতিহাসিক নাটকেই আহোমসকলৰ দিনৰ অসম বুৰঞ্জীৰ কাহিনীক ভেটি কৰি ৰচিত৷ জয়মতী কুঁৱৰী নাটকত সতী জয়মতীৰ স্বদেশৰ হকে আত্মোৎসৰ্গা, চক্ৰধ্বজ সিংহ নাটকত শৰাইঘাট ৰণত অসমৰ জয়ৰলৈকে অসম বুৰঞ্জীৰ এটি গৌৰৱময় অধ্যায় আৰু বেলিমাৰ নাটকত আহোম শাসনৰ অৱনতি আৰু পতনক বিষয়বস্তু হিচাপে লোৱা হৈছে৷ বেজবৰুৱাই নিজৰ অপূৰ্ব কল্পনা আৰু সৃজনী শক্তিৰ বলত ঐতিহাসিক সত্যক আঘাত নকৰাকৈ বুৰঞ্জীৰ পুৰণি কাহিনী আৰু মৃতপ্ৰায় চৰিত্ৰসমূহক নতুনকৈ জীৱন্ত কৰি তুলিবলৈ সক্ষম হৈছিল৷ [পোনা মহন্ত, নাটক :১৮৮৯-১৯৩৯, অশোক কুমাৰ গোস্বামী [মুখ্য সম্পা.] আৰু ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামী [সম্পা.] , পূৰ্বোক্ত গ্ৰন্থ, পৃ. ৩৬০]ইয়াতেই বেজবৰুৱাৰ সাৰ্থকতা৷ 
‘জোনাকী যুগ’ৰ অসমীয়া নাটকৰ আন এগৰাকী উল্লেখযোগ্য ব্যক্তি হ’ল পদ্মনাথ গোহাঞিবৰুৱা৷ প্ৰহসন, বুৰঞ্জীমূলক নাটক আৰু পৌৰাণিক নাটক ৰচনাৰে গোহাঞিবৰুৱাই অসমীয়া নাট্য-সাহিত্যৰ ভঁৰাল টনকীয়াল কৰি গৈছে৷ গোহাঞিবৰুৱাৰ নাটককেইখন হৈছে– [ক] প্ৰসহন– গাঁওবুঢ়া [১৮৯৭], টেটোন তামুলী [১৯০৯], আৰু ভূত নে ভ্ৰম [১৯২৪] [খ] বুৰঞ্জীমূলক– জয়মতী [১৯০০], গদাধৰ [১৯০৭], সাধনী [১৯১১] আৰু লাচিত বৰফুকন [১৯১৫]; পৌৰাণিক নাটক– বাণৰজা [১৯৩২]৷ উল্লেখযোগ্য গোহাইবৰুৱাৰ হাততেই অসমীয়া ঐতিহাসিক নাটকে জন্মলাভ কৰে৷ সম্ভৱতঃ পদ্মনাথ গোহাঞিবৰুৱাৰ জয়মতী নাটেই প্ৰথম প্ৰকাশিত বুৰঞ্জীমূলক নাটক৷ [সত্যেন্দ্ৰনাথ শৰ্মা, অসমীয়া নাট্য সাহিত্য, প. ১৭৮] বেজবৰুৱাৰ প্ৰহসন সম্পৰ্কে সত্যেন্দ্ৰনাথ শৰ্মাৰ মন্তব্য প্ৰনিধানযোগ্য– প্ৰহসন হিচাপে গাঁওবুঢ়া আৰু টেটোন তামুলী সাৰ্থক ৰচনা৷ নিভাঁজ হাস্যৰস, টাইপ চৰিত্ৰ সৃষ্টি, গাঁৱলীয়া জীৱনৰ নিখুঁত পৰিৱেশ ৰচনাত গোহাঞিবৰুৱাই দক্ষতদা প্ৰদৰ্শন কৰিছে৷ সংস্কাৰধৰ্মী মনোভাৱে ভূত নে ভ্ৰম নাটকৰ স্বাভাৱিকতা নষ্ট কৰিছে৷ [অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, পৃ. ৩৩৪ ] উল্লেখযোগ্য যে গাঁওবুঢ়া নাটকখন গোহাঞিবৰুৱাই সামাজিক নাটক হিচাপেহে ৰচনা কৰিছিল আৰু সেই কথা তেখেতে নাটকখনৰ পাতনিত উল্লেখ কৰিছে৷ যথা– ‘আধুনিক অসমীয়া সমাজৰ আদিচোৱাত, চৰকাৰী কৰ্মচাৰী গাঁওবুঢ়াৰ ‘অনাহাৰী’ বিষয়-ববীয়া খাটনি বিষয়ক ৰহস্যই এই লেখকৰ অন্তৰত, ল’ৰাকালত সদায় কৌতুহল জন্মাইছিল৷ সেই ৰহস্যৰ আৰ্হি ৰাইজৰ আগত দাঙ্গি ধৰাই এই সামাজিক নাটক লিখিবলৈ লোৱাৰ আগ-উদ্দেশ্য৷’ এই দিশৰ পৰা নিঃসন্দেহে আমি গাঁওবুঢ়াক সামাজিক নাটক বুলি অভিহিত কৰিব পাৰোঁ৷ গোহাঞিবৰুৱাৰ গাঁওবুঢ়া সম্পৰ্কে ক’বলৈ গৈ পোনা মহন্তই মন্তব্য কৰিছে– ঊনবিংশ শতিকাৰ লঘু সামাজিক নাটক ৰূপে পদ্মনাথ গোহাঞিবৰুৱাৰ গাওঁবুঢ়াৰ মূল্য সবাটোতকৈ অধিক৷ নাটকখনত লঘু সংলাপে হাস্যৰস সৃষ্টি কৰিলেও নাট্যকাৰৰ লক্ষ্য হাস্যৰস সৃষ্টি কৰা নহয়, সমস্যা ৰূপায়ন কৰাহে৷ [পোনা মহন্ত, নাটক :১৮৮৯-১৯৩৯, অশোক কুমাৰ গোস্বামী [মুখ্য সম্পা.] আৰু ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামী [সম্পা.], পূৰ্বোক্ত গ্ৰন্থ, পৃ. ৩৪৮] নাট্যকাৰৰ উদ্দেশ্যও আছিল হাস্যৰসৰ মাজেদি সমাজ সংস্কাৰ কৰাহে৷ বৃটিছ শাসনৰ আদিছোৱাত হোৱা গাঁওবুঢ়া পদবীৰ বিলাই-বিপত্তিৰ চিত্ৰ গাঁওবুঢ়া নাটকৰ মূখ্য বিষয়৷ নিজে অনাহাৰে থাকি ইংৰাজ চাহাবসকলৰ সেৱা কৰাৰ ফলত গাঁওবুঢ়াৰ ব্যক্তিগত জীৱনত কেনে বিপদৰ সৃষ্টি হয় তাকেই নাট্যকাৰে নাটকখনৰ জৰিয়তে উপস্থাপন কৰিছে৷ 
গোহাঞিবৰুৱাৰ বুৰঞ্জীমূলক নাটকবোৰে অসমীয়া নাট্য-সাহিত্যৰ ভঁৰাল মেটমৰা কৰি ৰাখিছে৷ সত্যেন্দ্ৰনাথ শৰ্মাই গোহাঞিবৰুৱাৰ বুৰঞ্জীমূলক নাটক সম্পৰ্কে এনেদৰে কৈছে– বুৰঞ্জীমূলক নাটককেইখনত বিষয়বস্তুৰ বিকাশত মৌলিকতা লক্ষ্য কৰা নাযায়, ঐতিহাসিক ঘটনাৰে নাটকীয় ৰূপান্তৰ বুলিব পাৰি৷ ‘সাধনী’ আৰু ‘জয়মতী’ ট্ৰেজেডি, বাকী দুখন কমেডি, নাটক হিচাপে ‘জয়মতী’য়েই বোধকৰো তেওঁৰ শ্ৰেষ্ঠ নাটক৷ [সত্যেন্দ্ৰনাথ শৰ্মা : অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, পৃ. ৩৩৪-৩৩৫] আহোম ৰজা চুলিকফা অথবা ল’ৰাৰজাই গদাপানীৰ সম্ভেদ উলিয়াবলৈ তেওঁৰ পত্নী জয়মতীক চাউদাঙৰ হতুৱাই নিৰ্মম শাস্তি দি মৃত্যুমুখত পেলোৱা ঘটনা নাটকখনৰ বিষয়বস্তু৷ আনহাতে গদাধৰ আৰু লাচিত বৰফুকনত আহোম বীৰৰ শৌৰ্য-বীৰ্য আৰু সাধনী নাটকত চুতীয়া ৰজা ধৰ্মধ্বজৰ জীয়ৰী সাধনীৰ নিষ্ঠা আৰু সতীত্ব প্ৰদৰ্শন কৰা হৈছে৷ গোহাঞিবৰুৱাৰ এই ঐতিহাসিক নাটক সম্পৰ্কে ক’বলৈ গৈ পোনা মহন্তই লিখিছে– ইতিহাসৰ ঘটনাৰ পৰা আঁতৰি অহাৰ চেষ্টা গোহাঞিবৰুৱাৰ নাটকত নাই৷ কিন্তু ভাৰতীয় পৰম্পৰাৰ প্ৰতি নাট্যকাৰৰ আনুগত্য তেওঁৰ প্ৰধান চৰিত্ৰসমূহৰ মাজত প্ৰতিফলিত নোহোৱাকৈ থকা নাই৷ [পোনা মহন্ত, নাটক : ১৮৮৯-১৯৩৯,অশোক কুমাৰ গোস্বামী [মুখ্য সম্পা.] আৰু ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামী [সম্পা.] , পূৰ্বোক্ত গ্ৰন্থ, পৃ. ৩৭৬] গোহাইবৰুৱাৰ জয়মতী নাটকৰ সফলতা সম্পৰ্কে সত্যেন্দ্ৰনাথ শৰ্মাই অসমীয়া নাট্য সাহিত্যত কৈছে– জয়মতী চৰিত্ৰৰ গাম্ভীৰ্য, সাহস, তেজস্বিতা, পতিভক্তি আৰু ৰাজনৈতিক সচেতনতা ফুটাই তোলাত নাট্যকাৰ বহু পৰিমানে সফল হৈছে৷ [সত্যেন্দ্ৰনাথ শৰ্মা : অসমীয়া নাট্য-সাহিত্য, পৃ. ১৮৮)
জয়মতী নাটকৰ পিছতে ৰচনা কৰা গদাধৰ নাটকত জয়মতী নাটকৰ ঘটনাই স্বাভাৱিক পৰিণতি লাভ কৰিছে৷ পাঁচটা অংকত বিভক্ত নাটকখনত জয়মতীৰ মৃত্যুৰ পাছত গদাপণিয়ে কেনেকৈ বৰফুকনৰ সহায়ত ৰাজপাট গ্ৰহণ কৰি ৰাজ্যত শান্তি স্থাপন কৰে আৰু দোষীক দণ্ডবিধান কৰে তাৰ বিবৰণ আছে৷ নাটকখন ৰচনা কৰিবলৈ যাওঁতে নাট্যকাৰে ঘটনা সংস্থাপনত বুৰঞ্জীৰ ঘটনাৰ পৰা বিশেষ আঁতৰি যোৱা নাই আৰু কোনো মৌলিক ঘটনাও অৱতাৰণা কৰা নাই৷ সত্যেন্দ্ৰনাথ শৰ্মাৰ ভাষাত– চৰিত্ৰ সৃষ্টিত দৃষ্য-পৰম্পৰা সংস্থাপনত আৰু ঘটনা বিকাশত ‘গদাধৰ’ নাটক ‘জয়মতী’তকৈ যে নিম্নস্তৰৰ তাত কোনো সন্দেহ নাই৷সত্যেন্দ্ৰনাথ শৰ্মা ঃ অসমীয়া নাট্য-সাহিত্য, পৃ. ১৯১]
জয়মতীৰ দৰেই এগৰাকী আত্মত্যাগী নাৰী চৰিত্ৰক কেন্দ্ৰ কৰি গোহাঞিবৰুৱাই সাধনী নাটকখন ৰচনা কৰে৷ গোহাঞিবৰুৱাৰ সাধনী এখন বিয়োগান্তক নাটক৷ শোকাবহ পৰিণতিত নাটকৰ সামৰণি মাৰিছে৷ বিয়োগান্তক নাটক স্বৰূপে ‘জয়মতীতকৈ ‘সাধনী’ নিম্ন পৰ্যায়ৰ যদিও নীতিপাল আৰু সাধনীৰ জীৱনৰ গতি আৰু পৰিণতিত ভাগ্যৰ প্ৰভাৱ অধিক স্পষ্ট৷ [সত্যেন্দ্ৰনাথ শৰ্মা : অসমীয়া নাট্য-সাহিত্য, পৃ. ১৯৩]
জোনাকীৰৰ সময়ছোৱাৰ পৌৰাণিক নাটকৰ ধাৰাটোক শক্তিশালী কৰা আন কেইখনমান নাটক হ’ল–ৰুদ্ৰৰাম বৰদলৈৰ বৈদেহী বিচ্চেদ [১৯০১], জৰাসন্ধ বধ, ৰাৱণ বধ, শ্ৰীৰামৰ বিজয় মহোৎসৱ; চন্দ্ৰধৰ বৰুৱাৰ মেঘনাদ বধ[১৯০৪], তিলোত্তমা সম্ভৱ[১৯২৯], ৰাজৰ্ষি [১৯৩৭]; বেণুধৰ ৰাজখোৱাৰ দুৰ্যোধনৰ উৰুভঙ্গ[১৯০৩], দক্ষযজ্ঞ[১৯০৮], দুৰ্গাপ্ৰসাদ মজিন্দাৰ বৰুৱাৰ গুৰুদক্ষিণা [১৯০১], বৃষকেতু[১৮৯৯]; দুৰ্গেশ্বৰ শৰ্মাৰ পাৰ্থ পৰাজয়[১৯০৯], বালিবধ [১৯১২]; ইন্দ্ৰেশ্বৰ বৰঠাকুৰৰ শ্ৰীবৎস চিন্তা[১৯২৭]; অম্বিকাগিৰী ৰায়চৌধুৰীৰ জয়দ্ৰথ বধ[১০১২], ভক্ত গৌৰৱ[১৯১২]; বলৰাম পাঠকৰ লৱ-কুশ[১৯১৪]; ধনীৰাম দত্তৰ উৰ্বশী উদ্ধাৰ[১৯১৮] আদি উল্লেখযোগ্য পৌৰাণিক নাটক৷
আধুনিক অসমীয়া পৌৰাণিক নাটকৰ ইতিহাসত জ্যোতিপ্ৰসাদ আগৰৱালাৰ একমাত্ৰ পৌৰাণিক নাটক শোণিত কুঁৱৰী এক উল্লেখযোগ্য সংযোজন৷ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পাছত মিত্ৰদেৱ মহন্তৰ বৈদেহী বিয়োগ[১৯৩০], দণ্ডিনাথ কলিতাৰ অগ্নিপৰীক্ষা[১৯৫৭], পদ্মনাথ গোহাঞিবৰুৱাৰ বাণৰজা[১৮৫৪শক] আদি প্ৰকাশ হয়৷ অতুলচন্দ্ৰ  হাজৰিকাৰ নৰকাসুৰ [১৯৩০] নন্দদুলাল[১৯৩৫], বেউলা [১৯৩৯], কুৰুক্ষেত্ৰ[১৯৩৬], ৰামচন্দ্ৰ [১৯৩৭], চম্পাৱতী[১৯৩৫] শকুন্তলা[১৯৩৯], সাৱিত্ৰী[১৯৩৯] আদি নাটকে আধুনিক অসমীয়া পৌৰাণিক নাটকৰ ধাৰাটোক আৰু অধিক সমৃদ্ধি প্ৰদান কৰে৷ হাজৰিকাৰ পাছতেই কমলাকান্ত ভট্টাচাৰ্যৰ অৱসান [১৯৩৬], আনন্দচন্দ্ৰ বৰুৱাৰ বিসৰ্জন[১৯৩৩], নল-দয়মন্তী [১৯৩৪] গণেশ গগৈৰ শকুনিৰ প্ৰতিশোধ[১৯২৯]; কৰুণাধৰ বৰুৱাৰ সীতা[১৯৩৭], ৰত্নাকৰ[১৯৪৬]; শুক্লেশ্বৰ বৰাৰ কলংকমোচন[১৯৪৬]; মালৱিকা দেৱীৰ আদিকবি [১৯৩৮] আদি পৌৰাণিক নাটকৰ নাম ল’ব পাৰি৷ 
ঐতিহাসিক নাটক ৰচনাৰ ক্ষেত্ৰত শৈলধৰ ৰাজখোৱা, প্ৰসন্নলাল চৌধুৰী, দৈৱচন্দ্ৰ তালুকদাৰ, দণ্ডিনাথ কলিতা, কমলানন্দ ভট্টাচাৰ্য, বিনন্দ চন্দ্ৰ বৰুৱা, অতুল চন্দ্ৰ হাজৰিকা আদিৰ নাম বিশেষভাৱে উল্লেখযোগ্য৷ শৈলধৰ ৰাজখোৱাৰ বিদ্যাৱতী [১৯১৮] আৰু¸ প্ৰতাপসিংহ [১৯৫৩] উল্লেখযোগ্য ঐতিহাসিক নাটক৷ প্ৰসন্নলাল চৌধুৰীৰ নীলাম্বৰ [১৯২৬] এখন সফল ঐতিহাসিক নাটক৷ আনন্দ বৰুৱাৰ কমতাকুঁৱৰী [১৯৪০] আন এখন ঐতিহাসিক নাটক৷ দৈৱচন্দ্ৰ তালুকদাৰে ৰচনা কৰা ঐতিহাসিক নাটক কেইখন হৈছে– বামুণী কোঁৱৰ [১৯২৯] হৰদত্ত [১৯৩৫] আৰু অসম প্ৰতিভা [১৯৪২]৷ দণ্ডিনাথ কলিতাৰ সতীৰ তেজ [১৯৩১], কমলানন্দ ভট্টাচাৰ্যৰ  মৰাণ জীয়ৰী[১৯২৪], নগা কোঁৱৰ[১৯৩৫], বিনন্দ চন্দ্ৰ বৰুৱাৰ শৰাইঘাট[১৯৩৭], অতুলচন্দ্ৰ হাজৰিকাৰ কনৌজ কুঁৱৰী[১৯৩৩] ছত্ৰপতি শিৱাজী[১৯৪৭] আদি উল্লেখযোগ্য ঐতিহাসিক নাটক৷
সামাজিক সমস্যাৰ ওপৰত গুৰুত্ব দি পোনপ্ৰথমে গুণাভিৰাম বৰুৱাই ৰাম-নৱমী [১৮৫৭] নাটকখন ৰচনা কৰিছিল৷ গুণাভিৰাম বৰুৱাই লিখা এই নাটকখনেই পাশ্চাত্যৰ অনুকৰণত লিখা প্ৰথমখন অসমীয়া সামাজিক নাটক৷ ইয়াৰ পাছতেই হেমচন্দ্ৰ বৰুৱাৰ কানীয়া কীৰ্ত্তন[১৮৬১] ৰচিত হয়৷ ইয়াৰ পাছতেই ৰুদ্ৰৰাম বৰদলৈ, বেণুধৰ ৰাজখোৱাৰ নাম ল’ব পাৰি৷ ৰুদ্ৰৰাম বৰদলৈৰ বঙাল বঙালনী [১৮৭১) আৰু বেণুধৰ ৰাজখোৱাৰ সেউতী কিৰণ[১৮৯৪] দুখন উল্লেখযোগ্য সামাজিক নাটক৷
এই সময়ছোৱাত প্ৰকাশ পোৱা নবীন চন্দ্ৰ বৰদলৈৰ গৃহলক্ষ্মী [১৯১১] এইখন এখন গহীন সামাজিক নাটক৷ ইয়াৰ পাছতেই ঘনকান্ত বৰুৱাৰ উমা [১৯১১], লক্ষ্মীধৰ শৰ্মাৰ নিৰ্মলা [১৯২৬]ই অসমীয়া সামাজিক নাটকৰ ইতিহাসক সমৃদ্ধ কৰি তোলে৷ পৰৱৰ্তী সময়ত লক্ষ্মীকান্ত দত্তৰ সংসাৰ চিত্ৰ[১৯৩৭], অতুল চন্দ্ৰ হাজৰিকাৰ কল্যাণী[১৯৩৯], প্ৰবীণ ফুকনৰ কাল পৰিণয় আৰু আসাম হলিউদ বিষ্ণুপ্ৰসাদ গোস্বামীৰ কুবেৰ, হৰিচন্দ্ৰ ভট্টাচাৰ্যৰ ৰমণীশক্তি[১৯৩৫], আৰু কু-পুত্ৰ [১৯৩৮], সত্যপ্ৰসাদ বৰুৱাৰ চাকৈ-চকোৱা [১৯২৯], ৰিপুনাথ গোহাঁই বৰুৱাৰ বয়ন বিদ্যালয় আৰু¸ দৈৱচন্দ্ৰ তালুকদাৰৰ চন্দ্ৰকলা আদি  নাটকে অসমীয়া সামাজিক নাটকক সমৃদ্ধ কৰি ৰাখিছে৷

উপন্যাস 
অৰুনোদই যুগতেই উকমুকনি ঘটা অসমীয়া উপন্যাস সাহিত্যই জোনাকী যুগত এক বিশেষ আয়তন লাভ কৰিলে৷ এই ক্ষেত্ৰত পদ্মনাথ গোহাঞিবৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা, ৰজনীকান্ত বৰদলৈৰ নাম প্ৰথমেই ল’ব লাগিব৷  
জোনাকী যুগৰ উপন্যাস বুলি ক’লে যি গৰাকী ব্যক্তিৰ নাম প্ৰথমেই মনলৈ আহে তেখেত হ’ল পদ্মনাথ গোহাঞিবৰুৱা৷ উল্লেখযোগ্য যে অসমীয়া সাহিত্যৰ প্ৰথম ঔপন্যাসিক পদ্মনাথ গোহাঞিবৰুৱা৷ পদ্মনাথ গোহাঞিবৰুৱাই কেৱল মাত্ৰ দুখন উপন্যাস ৰচনা কৰিছিল আৰু দুয়োখনেই ইতিহাসৰ পটভূমিত ৰচনা কৰা অৰ্থাৎ ঐতিহাসিক উপন্যাস৷ তেখেতৰ প্ৰথম উপন্যাস ভানুমতি [১৯৯১]ৰ জৰিয়তে আধুনিক অসমীয়া উপন্যাসৰ প্ৰকৃত ধাৰাৰ সূত্ৰপাত হয়৷ উপন্যাখনৰ কাহিনী সম্পৰ্কে ক’বলৈ গৈ গোৱিন্দ প্ৰসাদ শৰ্মাই লিখিছে– ‘ভানুমতি’ত এক ব্যক্তি সত্ত্বাৰ আমাৰ পৰম্পৰাৰ বিপক্ষে দ্বিধাহীন প্ৰতিবাদ দেখা পাওঁ; আৰু সেয়েই ‘ভানুমতী’ৰ কাহিনীক উপন্যাসলৈ তুলিছে৷৩০ ভানুমতীত পৰম্পৰাৰ বিপৰীতে ব্যক্তিবাদৰ জয় হোৱাৰ বিপৰীতে আৰু ফুটি উঠিছে নতুন সমাজখনৰ নতুন অৰ্থৰ বাস্তৱতা৷ তথাপি অৱশ্যে উপন্যাসখনৰ কাহিনীৰ সমাজখন লেখকৰ নিজৰ যুগৰ সমাজ হিচাপে দেখুওৱা হোৱা নাই৷ ইয়াৰ কাহিনীৰ পটভূমি হৈছে মোৱামৰীয়া বিদ্ৰোহ৷ অৱশ্যে মোৱামৰীয়া বিদ্ৰোহৰ পটভূমিত কাহিনীটো স্থাপন কৰা হৈছে যদিও বিদ্ৰোহৰ প্ৰত্যক্ষ প্ৰভাৱ কাহিনীটোত নাই৷ সেই বিদ্ৰোহে ভানুমতী আৰু চাৰু গোহাঞিৰ প্ৰণয়ত কোনো প্ৰকাৰে সহায় বা বাধা সৃষ্টি কৰা নাই৷ মোৱামৰীয়া বিদ্ৰোহৰ পৰিৱৰ্তে আন কোনো ঘটনাক পটভূমি হিচাপে লোৱা হ’লেও কাহিনীৰ একো ক্ষতি নহ’লহেঁতেন৷ গতিকে বিদ্ৰোহৰ কথা আওপকীয়াভাৱেহে কাহিনীটোত সোমাই পৰিছে আৰু সেইবাবে ঐতিহাসিক ঘটনা আৰু প্ৰণয় কাহিনীৰ অঙ্গাঙ্গী সম্বন্ধ স্থাপিত হোৱা নাই৷ [শৈলেন ভৰালী : অসমীয়া ঐতিহাসিক উপন্যাস, পৃ. ২৫] কাহিনীৰ ৰাজনৈতিক পটভূমি ঐতিহাসিক বুলি দেখুৱালেও, উপন্যাসখন দৰাচলতে ঐতিহাসিক উপন্যাস নহয়৷ ইয়াৰ কাল্পনিক কাহিনীটিৰ ঐতিহাসিক ৰাজনৈতিক পটভূমিৰ লগতো এৰাবনোৱাৰা সম্পৰ্ক নাই৷ [গোৱিন্দ প্ৰসাদ শৰ্মা : উপন্যাস, অশোক কুমাৰ গোস্বামী [মুখ্য সম্পা.] আৰু ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামী [সম্পা.] , পূৰ্বোক্ত গ্ৰন্থ, পৃ. ৪৪৯] সেই দিশৰ পৰা অতীতৰ এটা বিশেষ সময়ৰ পটভূমিত ৰচিত হ’লেও অতীতৰ বাতাবৰণ জাগ্ৰত কৰিব নোৱাৰা এই কাল্পনিক কাহিনীৰ উপন্যাসখন সামাজিক উপন্যাস হিচাপেহে ধৰা দিছে৷ [গোৱিন্দ প্ৰসাদ শৰ্মা : অসমীয়া উপন্যাসৰ ইতিহাস, পৃ. ১০] অতীতৰ স্বপ্নময় বৰ্ণনা আৰু চৰিত্ৰৰ বীৰত্বসূচক কাৰ্যই ঐতিহাসিক উপন্যাসত সৃষ্টি কৰা ৰোমাঞ্চকৰ পৰিৱেশ গোহাঞিবৰুৱাৰ উপন্যাসত নাই৷ ইয়াত ৰোমান্সৰ সৃষ্টি কৰা একমাত্ৰ অৱলম্বন হৈছে প্ৰণয়৷ কিন্তু প্ৰণয়াত্মক কাহিনীটোৱে উদ্‌ঘাটন কৰা ৰোমান্স বহু পৰিমাণে সংযমিত হৈ পৰিছে চাৰু গোহাঞিক সক্ৰিয় হ’বলৈ নিদিয়া কাৰণেই৷ ভানুমতি আৰু চাৰু গোহাঞিৰ প্ৰেমৰ গভীৰতা ভালদৰে প্ৰকাশ নাপালে৷ তৰা আৰু চাৰু গোহাঞিৰ সম্পৰ্কৰো পাঠকে কোনো ৰস নাপালে৷ [শৈলেন ভৰালী : অসমীয়া ঐতিহাসিক উপন্যাস, পৃ. ২৮]  সিয়ে হ’লেও প্ৰথম অসমীয়া আধুনিক উপন্যাস হিচাপে ভানুমতীৰ ঐতিহাসিক মূল্য আৰু গুৰুত্ব কোনোকালেই ম্লান নপৰে৷
ভানুমতীৰ দুবছৰ পাছতেই গোহাইবৰুৱাৰ দ্বিতীয়খন উপন্যাস লাহৰী [১৮৯২] প্ৰকাশিত হয়৷ ইতিমধ্যে প্ৰকাশিত গোহাঞিবৰুৱাৰে ভানুমতী [১৯৯১] আৰু বেজবৰুৱাৰ পদুম কুঁৱৰী [১৮৯২] আলোচনীৰ পাততে থকাত ‘লাহৰী’য়েই গ্ৰন্থ আকাৰত প্ৰকাশিত প্ৰথমখন অসমীয়া উপন্যাসৰ মৰ্যাদা লাভ কৰে৷ লাহৰীৰ পটভূমি মানৰ অসম আক্ৰমণৰ শেষৰ সময়চোৱা সময়৷  কিন্তু ইতিহাসৰ পটভূমিত ৰচিত হ’লেও ভানুমতীৰ দৰে লাহৰীতো মূল কাহিনীৰ সৈতে বুৰঞ্জীৰ সম্পৰ্ক একেবাৰেই ক্ষীণ, প্ৰায় নাই বুলিবই পাৰি৷ ভানুমতিৰ কাহিনী সম্পৰ্কে ক’বলৈ গৈ গোৱিন্দ প্ৰসাদ শৰ্মাই লিখিছে– সামাজিক উপন্যাস হিচাপে ‘লাহৰী’ৰ কাহিনী অযথা জটিল৷ পূৰ্বৰ উপন্যাসৰ এটা প্ৰেমৰ কাহিনীৰ বিপৰীতে ইয়াত আছে দুটা সমান্তৰাল প্ৰেমৰ কাহিনী৷ অৱশ্যে লাহৰী আৰু কমলৰ প্ৰেমৰ কাহিনীটিয়েই ইয়াত প্ৰধান কাহিনী৷ জয়ন্তী আৰু পূৰ্ণ গোহাঞিৰ প্ৰেমৰ কাহিনীটি সমান্তৰাল হ’লেও উপকাহিনীহে৷ কম সংখ্যক চৰিত্ৰৰ ‘ভানুমতী’ৰ সৰল কাহিনীৰ বিপৰীতে অধিক চৰিত্ৰৰ‘লাহৰী’ যদিও জটিল উপন্যাস, গুণগত দিশত কিন্তু ‘লাহৰী’ ‘ভানুমতী’ৰ পৰ্যায়লৈ নুঠিল৷ [গোৱিন্দ্ৰ প্ৰসাদ শৰ্মাঃ অসমীয়া উপন্যাসৰ ইতিহাস, পৃ. ১৮] গোহাঞিবৰুৱাৰ উপন্যাসদুখন সম্পৰ্কত সত্যেন্দ্ৰনাথ শৰ্মাৰ মন্তব্য প্ৰণিধানযোগ্য– দুয়োখন প্ৰেমৰ চিত্ৰ, ‘ভানুমতী’ দুখাত্মক আৰু ‘লাহৰী’ মিলনাত্মক৷ দুয়োখন উপন্যাসেই নায়িকাপ্ৰধান৷ আহোম যুগত ঐতিহাসিক পটভূমিত কাহিনীদুটা ৰচনা কৰা হৈছে যদিও ইতিহাসৰ ঘটনাই আখ্যানৰ বিকাশত একো সহায় কৰা নাই৷ সেই কাৰণে উপন্যাসদুখনক ঐতিহাসিক নুবুলি সামাজিক উপন্যাস বোলাহে সমীচীন হ’ব৷ উপন্যাস দুখনত চাঞ্চল্যকৰ ঘটনা আছে, কিন্তু চৰিত্ৰৰ আভ্যন্তৰীণ বিশ্লেষণ নাই৷ [সত্যেন্দ্ৰনাথ শৰ্মা : অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, পৃ. ৩৪৯] সি যি নহওক আৰম্ভণি স্তৰৰ উপন্যাস হিচাপে গোহাঞিবৰুৱাৰ ভানুমতী আৰু লাহৰী যে সদায়ে জিলিকি থাকিব তাত কোনো সন্দেহ নাই৷
জোনাকী যুগৰ অসমীয়া উপন্যাস সাহিত্যৰ ধাৰাত এক উল্লেখযোগ্য সংযোজন হ’ল লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাস পদুমকুঁৱৰী [১৮৯১]৷ অসম বুৰঞ্জী প্ৰসিদ্ধ দন্দুৱা দ্ৰোহ ঘটনাক কেন্দ্ৰ কৰি ৰচনা কৰা এই উপন্যাখন অসমীয়া সাহিত্যৰ দ্বিতীয়খন উপন্যাস৷ উপন্যাসখনত বুৰঞ্জীৰ ঘটনাৰ সৈতে সূৰ্যকুমাৰ আৰু হৰদত্তৰ জীয়ৰী পদুমক লৈ এটি প্ৰণয়-কাহিনী সংযোগ কৰা হৈছে আৰু এই প্ৰণয় কাহিনীয়েই হৈ পৰিছে উপন্যাসখনৰ উপজিব্য৷ আচলতে এই ৰোমান্সৰ পটভূমিতহে ঐতিহাসিক ঘটনাটো ৰখা হৈছে৷ [শৈলেন ভৰালী : অসমীয়া ঐতিহাসিক উপন্যাস, পৃ. ৩৩] উপন্যাসখনৰ মূলায়ন কৰিবলৈ গৈ গোৱিন্দ প্ৰসাদ শৰ্মাই লিখিছে– অসমীয়া সাহিত্যৰ দ্বিতীয় উপন্যাস হৈ ই অসমীয়া সাহিত্য যদিও টনকিয়াল কৰাত সাহয় কৰিছে, গুণগত দিশত উপন্যাস হিচাপে ই বৰ চহকী নহয়৷ ইয়াৰ চৰিত্ৰবোৰৰ কলীয়াভোমোৰা, হৰদত্ত, বীৰদত্ত– আনকি ফুল, পদুমকুঁৱৰী– কোনোটিয়েই তেজ-মঙহৰ মানুহ হিচাপে জীৱন্ত নহয়৷ তেওঁলোকৰ মুখত দিয়া কথা আৰু গ্ৰন্থকাৰ বৰ্ণনাকাৰীৰ বৰ্ণনাৰেহে আমি তেওঁলোকৰ উদ্দেশ্য, আবেগ-অনুভূতিৰ কথা গম পাওঁ৷ তেওঁলোকৰ মুখত দিয়া কথা-বতৰাও তেওঁলোকৰ আচৰণৰ লগত ভালদৰে মিলি নোযোৱাত সিবোৰ বাহিৰৰ পৰা আৰোপিত যেন লাগে৷ সংলাপবোৰতো কৃত্ৰিমতাৰ গোন্ধ৷ [গোৱিন্দ্ৰ প্ৰসাদ শৰ্মা : উপন্যাস, অশোক কুমাৰ গোস্বামী [মুখ্য সম্পা.] আৰু ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামী [সম্পা.], পূৰ্বোক্ত গ্ৰন্থ, পৃ. ৪৪৫) অস্বাভাৱিক ঘটনা, চাঞ্চল্যজনক পৰিণতি আৰু অপ্ৰয়োজনীয় বা ঔচিত্যহীন বৰ্ণনাই উপন্যাসখনৰ মূল্য হ্ৰাস কৰিছে৷ [সত্যেন্দ্ৰনাথ শৰ্মা : অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, পৃ. ৩৪৯] ইতিহাসৰ ঘটনাৰ ফাঁকে ফাঁকে প্ৰণয় কাহিনীটো সোমাই পৰাৰ ফলত ইতিহাসৰ ঘটনাৰ সৈতে ই অভিন্ন হৈ পৰিছে৷ প্ৰেমাখ্যানটো ঐতিহাসিক ঘটনাৰ লগত অঙ্গাঙ্গীভাৱে জড়িত কৰি দিব পৰাতেই ঔপন্যাসিকৰ কৃতিত্ব৷
পদ্মনাথ গোহাঞিবৰুৱা আৰু লক্ষ্মীনাথ বেজবৰুাৰ সমান্তৰালকৈ যিজন ঔপন্যাসিকে অসমীয়া উপন্যাস ৰচনাৰে এক আলোড়ন সৃষ্টি কৰিবলৈ সক্ষম হৈছিল সেইজনেই হৈছে ৰজনীকান্ত বৰদলৈ৷ বৰদলৈৰ হাততেই অসমীয়া ঐতিহাসিক উপন্যাসে প্ৰতিষ্ঠা লাভ কৰে৷ চাৰ ওৱাল্টাৰ স্কট, বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায় আদিৰ ঐতিহাসিক উপন্যাসৰ পৰা প্ৰেৰণা লাভ কৰা বৰদলৈয়ে তেখেতৰ একমাত্ৰ সামাজিক উপন্যাস মিৰি জীয়ৰী ৰচনা কৰে ১৮৯৪ চনত৷ উল্লেখযোগ্য যে ‘মিৰি জীয়ৰী’ উপন্যাখনেই প্ৰথম অসমীয়া জনজাতীয় সামাজিক উপন্যাস৷ এই সম্পৰ্কে গোৱিন্দ প্ৰসাদ শৰ্মাই লিখিছে– ৰজনীকান্ত বৰদলৈৰ প্ৰথম উপন্যাসখন কেইবাটাও কথাত অসমীয়া সাহিত্যতে প্ৰথম৷ ই প্ৰথম জনজাতীয় সমাজক লৈ ৰচিত অসমীয়া উপন্যাস; প্ৰথম সাধাৰণ, হোজা, গ্ৰাম্য চৰিত্ৰক লৈ ৰচিত উপন্যাস; আৰু প্ৰথম নিভাঁজ, সম্পূৰ্ণৰূপে সমসাময়িক সমাজ-আশ্ৰিত সামাজিক উপন্যাস৷ [গোৱিন্দ প্ৰসাদ শৰ্মা : অসমীয়া উপন্যাসৰ ইতিহাস, পৃ. ২৮] জনজাতীয় জীৱনৰ প্ৰতি কেনেও ভ্ৰূক্ষেপ নৌকৰোঁতেই বৰদলৈয়ে মিৰি জনজাতিৰ সামাজিক পটভূমিত অত্যন্ত সহানুভূতিশীল দৃষ্টিৰে শোৱণশিৰি পাৰৰ ডেকা-গাভৰুৰ সৰল-একনিষ্ঠ প্ৰেমৰ চিত্ৰ অংকণ কৰিছে৷ পিতৃ-মাতৃৰ বাধা, সামাজিক প্ৰতিবন্ধক আৰু প্ৰতিদ্বন্দি প্ৰাণীৰ হেঙাৰলৈ পিঠি দি জঙ্কি আৰু পানেইৰ প্ৰেমে কৰুণ মৃত্যুৰ মাজেদি কেনেকৈ সফলতা লাভ কৰিলে তাক লেখকে বেদনাবিধৃত ৰূপত চিত্ৰিত কৰিছে৷ [সত্যেন্দ্ৰনাথ শৰ্মা : অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, পৃ. ৩৫১] মিচিং জনজাতীৰ ৰীতি-নীতি, স্বভাৱ-চৰিত্ৰৰ সহানুভূতিশীল অধ্যয়ন আৰু সৰল মিৰি ডেকা-গাভৰুৰ একনিষ্ঠ প্ৰেমৰ কৰুণ চিত্ৰই উপন্যাসখন এতিয়াও সজীৱ কৰি ৰাখিছে৷
মিৰি জীয়ৰী ৰচনাৰ পাছতেই বৰদলৈয়ে ঐতিহাসিক উপন্যাস ৰচনাত মনোনিৱেশ কৰে৷ তেখেতে মনোমতী [১৯০০], দন্দুৱা দ্ৰোহ [১৯০৯], নিৰ্মল ভকত [১৯১০], ৰাধা-ৰুক্মিনীৰ ৰণ [১৯২৫], ৰঙ্গিলী [১৯২৫], তাম্ৰেশ্বৰীৰ মন্দিৰ [১৯২৬] ৰহদৈ লিগিৰী [১৯৩০], থম্বা-থোইবীৰ সাধু [১৯৩২] উপন্যস ৰচনাৰে অসমীয়া ঐতিহাসিক উপন্যাসৰ ভেটি সুদৃহ কৰাৰ লগতে জোনাকী যুগৰ উপন্যাস সাহিত্যক সমৃদ্ধিশালী কৰি তোলে৷ 
মনোমতী বৰদলৈৰ মানৰ তৃতীয় আক্ৰমণৰ পটভূমিত ৰচনা কৰা উপন্যাস৷ অৱশ্যে কোনো এখন বুৰঞ্জীৰেই স্পষ্ট প্ৰভাৱ উপন্যাসখনত নাই৷ সেইবাবে, মূল কাহিনীৰ উপৰি ইয়াৰ সৰহভাগ চৰিত্ৰই কাল্পনিক৷ উপন্যাসখনৰ প্ৰধান বিষয়বস্তু হ’ল লক্ষ্মীকান্ত আৰু মনোমতীৰ প্ৰণয় আৰু ৰাজনৈতিক ধুমুহাই তেওঁলোকৰ প্ৰণয়ত কৰা খেলি-মেলি৷ প্লটৰ নিৰ্মাণ, ইয়াৰ চৰিত্ৰ-সৃষ্টি, ইয়াৰ কাহিনীৰ চণ্ডী বৰুৱা-হলকান্ত বৰুৱাৰ পাৰিবাৰিক কলহ, ইয়াৰ কাহিনীত ৰাজনৈতিক পৰিস্থিতিয়ে পাৰিবাৰিক ক্ষেত্ৰত সৃষ্টি কৰা কৰুণ ৰস, আৰু ইয়াৰ কাহিনীৰ সামৰণিৰ অসৎ আচৰণৰ হলকান্ত বৰুৱাৰ আত্মশুদ্ধি আৰু তাৰ মাজেদি অহা সামাজিক শান্তিয়ে উপন্যাসখনক এক উপভোগ্য উপন্যাসৰ শাৰীলৈ তুলিছে৷ [গোৱিন্দ প্ৰসাদ শৰ্মা : অসমীয়া উপন্যাসৰ ইতিহাস, পৃ. ৪০]
দন্দুৱা দ্ৰোহ  উপন্যাসখন বৰদলৈয়ে বদন বৰফুকনৰ অত্যাচাৰৰ বিৰোদ্ধে হৰদত্ত বীৰদত্তৰ নেতৃত্বত কামৰূপত সংঘটিত হোৱা বুৰঞ্জী প্ৰসিদ্ধ দন্দুৱা দ্ৰোহক লৈ ৰচিত হৈছে৷ বৰদলৈৰ আন উপন্যাসৰ দৰে এইখন উপন্যাসত বুৰঞ্জীৰ ঘটনা কেৱল পটভূমি হৈ থকা নাই৷ উপন্যাসখনৰ প্ৰকৃত বিষয়বস্তু হ’ল বদন বৰফুকন আৰু তেখেতৰ পুত্ৰদ্বয়ৰ অত্যাচাৰ৷ হৰদত্তৰ বিদ্ৰোহৰ আয়োজন, আহোম সৈন্যৰ সৈতে তেওঁৰ সন্যৰ সংঘৰ্ষ, হৰদত্তৰ সহায়কাৰী বৰুৱা, চৌধাৰীসকলৰ নিৰুঠসাহ, যুদ্ধত হৰদত্তৰ পৰাজয় আৰু শেষত মৃত্যু– এই এলানি ঐতিহাসিক ঘটনাৰ হেঁচাত মহীৰাম আৰু পদ্মা কুমাৰীৰ প্ৰণয় কাহিনীয়ে গা কৰি উঠিব নোৱাৰিলে৷ ঘটনাসমূহৰ মাজে মাজে দুই এঠাইত প্ৰেমিক-প্ৰেমিকাহালে ক্ষন্তেকৰ বাবে দেখা দিছে৷ বুৰঞ্জীৰ কথা আৰু যুদ্ধ-বিগ্ৰহৰ ঘটনাই প্ৰাধান্য লাভ কৰা হেতুকে উপন্যাসখন বহুপৰিমামে নীৰস হৈ পৰা লক্ষ্য কৰা যায়৷ 
 মানৰ আক্ৰমণৰ পটভূমিত ৰচিত বৰদলৈৰ আন এখন উপন্যাস নিৰ্মল ভকত৷ উপন্যসখনত কোনো ঐতিহাসিক চৰিত্ৰই অংশগ্ৰহণ কৰা নাই৷ উপন্যাসখনৰ মূল কথা নিৰ্মল-ৰূপহীৰ প্ৰণয় আৰু ৰাজনৈতিক দুৰ্যোগে সিহঁতৰ জীৱনলৈ নমাই অনা বিপৰ্যয়৷ নিৰ্মল আৰু ৰূপহীৰ দাম্পত্য জীৱনৰ অৱসান ঘটালে মানৰ দ্বিতীয় আক্ৰমণে৷ মানৰ হাতত বন্দী হৈবহুতো বছৰলৈ নিৰ্মল সন্ধানহীন হৈ পৰাত আৰু ইতিমধ্যে মানৰ তৃতীয় আক্ৰমণত সকলো বিধ্বস্ত হোৱাত ৰূপহী আৰু অনিৰামৰ মিলন হয়৷ ঐতিহাসিক চৰিত্ৰ কোনো পোনপটীয়া প্ৰভাৱ নাথাকিলেও ৰজাঘৰীয়া বিষয়াসকলৰ অৰিয়াঅৰি আৰু তাৰ ফলস্বৰূপে হোৱা মানৰ আক্ৰমণৰ এটি স্পষ্ট আভাস উপন্যাসখনত পোৱা যায়৷ 
ৰজনীকান্ত বৰদলৈৰ উপন্যাস সম্পৰ্কে সত্যেন্দ্ৰনাথ শৰ্মাৰ মন্তব্য প্ৰনিধানযোগ্য– বৰদলৈৰ কাহিনীসমূহৰ পৰিণতি নায়ক-নায়িকাৰ চাৰিত্ৰিক দ্বন্দ্ব আৰু ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ পৰত প্ৰতিষ্ঠিত নহয়; ই প্ৰায়ে তেওঁলোকৰ হাত নথকা প্ৰতিকূল পৰিৱেশ নাইবা অৱস্থাৰ ফল৷ সেই সময়ৰ অসমৰ ভাগ্যনিয়ন্তাসকলৰ ভোগলিপ্সা, ক্ষমতাৰ অৰিয়াঅৰি, স্বেচ্চাচাৰিতা আৰু ৰাজনৈতিক ধুমুহাৰ হেঁচাত নায়ক-নায়িকাৰ জীৱনো অস্থিৰ৷ এইদৰে বৰদলৈয়ে অসমৰ ইতিহাসৰ পটভূমিত অসমীয়া জীৱনৰ ধৰ্ম, সমাজনীতি প্ৰেম-প্ৰীতি, বীৰত্ব, ঈৰ্ষা অসূয়া, সৰলতা আৰু মধুৰতাৰ চিত্ৰ অংকন কৰি উপন্যাসৰ সুদৃঢ় ভেটি বান্ধি থৈ যায়৷ অসমীয়া গ্ৰাম্যজীৱনৰ জীৱনস্ৰোত বৰদলৈয়ে যেনেকৈ সহানুভূতিৰে উপলব্ধি কৰিছিল, অসমীয়া গীত-মাতৰ লগত যেনে আন্তৰিক সংযোগ আছিল, ধৰ্মৰ শান্তি-প্ৰদায়িকা শক্তিৰ ওপৰত যেনে আস্থা আছিল, অসমৰ নদ-নদী, পৰ্বত-পাহাৰৰ প্‌তি যেনে নিবিড় ভালপোৱা প্ৰকাশ পাইছে সেই সকলোৱে বৰদলৈৰ উপন্যাসৰাজিক কেৱল ঐতিহাসিক মূল্যই দান কৰা নাই, অষ্টাদশ শতাব্দিৰ শেষ আৰু ঊনবিংশৰ আদিভাগৰ অসমীয়া জীৱনৰ জীৱন্ত চিত্ৰও দাঙি ধৰিছে৷ [সত্যেন্দ্ৰনাথ শৰ্মা : অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, পৃ. ৩৫২]
জোনাকী যুগৰ অসমীয়া উপন্যাস সাহিত্যৰ আন এক শক্তিশালী নাম হৈছে দণ্ডিনাথ কলিতা৷ কলিতাৰ প্ৰথমখন উপন্যাস ‘ফুল’ ৰচিত হৈছিল ১৯০৮ চনত৷ অৱশে প্ৰকাশ পায় ১৯২৩ চনত৷ ‘ফুল’ উপন্যাসখনত ঔপন্যাসিক কলিতাই অসমীয়াৰ মাজত বহুতো সৎ প্ৰকৃতিৰ আদৰ্শবাদী লোক থকা স্বত্বেও সামগ্ৰীকভাৱে সেই জাতিৰ স্বাৰ্থন্বেষী, সুবিধাভোগী, হৃদয়হীন ৰূপটো ফুটাই তুলিছে৷ 
দণ্ডিনাথ কলিতাৰ দ্বিতীয়খন উপন্যাস ‘সাধনা’৷ উপন্যাসখন ১৯২৮ চনত প্ৰকাশ পাইছিল৷ সাধনা উপন্যাস সম্পৰ্কে গোবিন্দ প্ৰসাদ শৰ্মাই লিখিছে– ‘সাধনা’ দণ্ডিনাথ কলিতাৰ শ্ৰেষ্ঠ উপন্যাস আৰু অসমীয়া উপন্যাস সাহিত্যৰো ই অন্যতম শ্ৰেষ্ঠ কৰ্ম৷ এই পৰ্যন্ত গঢ় লোৱা অসমীয়া উপন্যাস সাহিত্যক এক নতুন মাত্ৰা দান কৰি এই উপন্যাসে অসমীয়া ৰাজনৈতিক উপন্যাসৰো পাতনি মেলিছে৷ প্ৰাথমিকভাৱে এক সামাজিক উপন্যাস হোৱা স্বত্ত্বেও ইয়াৰ ৰাজনৈতিক প্ৰকৃতি স্পষ্ট৷ সমসাময়িক অসমীয়া সমাজৰ ৰূপ আৰু আদৰ্শ ফুটাই তোলাৰ মাজেদিয়ে ইয়াত সমসাময়ীক ভাৰতীয় ৰাজনীতিৰো ৰূপ আদৰ্শ অতি সুন্দৰকৈ ফুটাই তোলা হৈছে৷ [গোৱিন্দ প্ৰসাদ শৰ্মা : উপন্যাস, অশোক কুমাৰ গোস্বামী [মুখ্য সম্পা.] আৰু ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামী [সম্পা.], পূৰ্বোক্ত গ্ৰন্থ, পৃ.  ৫১৯]
‘পৰিচয়’ দণ্ডিনাথ কলিতাৰ আন এখন উপন্যাস৷ ১৯৪৭ চনত প্ৰকাশিত উপন্যাসখনৰ ৰচনা কাল ১৮০৭ বুলি লেখকে উপন্যাসখনৰ আগকথাত উল্লেখ কৰিছে৷ প্ৰথম দৃষ্টিত প্ৰেম, নৈতিক আদৰ্শ আৰু অনৈতিক বস্তুবাদী আদৰ্শৰ মাজৰ সংঘাত আৰু শেষত প্ৰেম আৰু নৈতিক আদৰ্শৰ জয় ইয়াৰ কাহিনীত দেখুওৱা হৈছে৷ 
১৯৪৭ চনত প্ৰকাশিত কলিতাৰ আন এখন উপন্যাস হৈছে ‘গণবিপ্লৱ’৷ একেবছৰতেই তেখেতৰ আন এখন উপন্যাস ‘হত্যাকাৰি কোন’  উপন্যাসখন প্ৰকাশ পায়৷ ইয়াৰ পিছৰ বছত অৰ্থাত ১৯৪৮ চনত কলিতাৰ আন এখন উপন্যাস ‘অদৃষ্ট’  নামৰ সামাজিক উপন্যাসখন প্ৰকাশ পায়৷ একে বছৰতে কলিতাৰ শেষৰখন উপন্যাস আৱিষ্কাৰ [১৯৪৮] প্ৰকাশ পায়৷ এনেদৰে অসমীয়া উপন্যাসৰ ধাৰাটোক কলিতাৰ উপন্যাসে এক বিশেষ মাত্ৰা প্ৰদান কৰাত গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়ায়৷ 
ৰজনীকান্ত বৰদলৈৰ পৰৱৰ্তী সময়ত ভালেসংখ্যক ঔপন্যাসিকে আত্মপ্ৰকাশ কৰে৷ সিবিলাকৰ ভিতৰত হৰেশ্বৰ শৰ্মা বৰুৱাৰ নাম ল’ব লাৰি৷ তেখেতৰ একমাত্ৰ উপন্যাস ‘কুসুম কুমাৰী’ অসমীয়া উপন্যাসৰ অন্যতম সংজোযন৷ উপন্যাসখনৰ প্ৰকাশ কাল  অৱশ্যে সত্যেন্দ্ৰনাথ শৰ্মা আৰু মহেশ্বৰ নেওগ দুয়োৰীকীয়ে সুকীয়া সুকীয়াকৈ দিছে৷ নেওগৰ মতে ১৮৯৯ খৃঃত আৰু শৰ্মাৰ মতে ১৯০৫ খৃঃত৷ ইয়াৰ পাছত নবীন চন্দ্ৰ ভট্টাচাৰ্য্যৰ একমাত্ৰ উপন্যাস ‘চন্দ্ৰ প্ৰভা’ [১৯০৮]ৰ নাম উল্লেখ কৰিব পাৰি৷ উপন্যাসখনত কামৰূপৰ আঠঘৰীয়াৰ লেখক ভট্টাচাৰ্যই কামৰূপ জিলাৰ তৎকালীন গ্ৰাম্য সমাজৰ চিত্ৰ এখন দাঙি ধৰাৰ প্ৰয়াস কৰিছে৷ বিয়া দি উলিয়াই দিয়া কুমলীয়া ছোৱালী এজনী সেইখন সমাজত কেনেকৈ শাহুৱেক, নন্দেক আদিৰ অত্যাচাৰৰ সন্মুখীন হয় আৰু তেওঁৰ স্বামীয়ে মাক ভনীয়েকৰ ওপৰত মাত নামাতি সেই বোৱাৰী নিৰ্যাতনৰ নিৰৱ দৰ্শক হয়, তাকে উপন্যাসখনত তুলি ধৰাৰ প্ৰয়াস কৰিছে৷ জোনাকী যুগৰ অন্যতম এগৰাকী কবি হিতেশ্বৰ বৰবৰুৱায়ো এখন উপন্যাস ৰচনা কৰিছিল– মালিতা [১৯১৪] শপ্তদশ শতিকাৰ আৰম্ভণিৰ আহোম ৰজা প্ৰতাপ সিংহৰ ৰাজত্ব কালত উপস্থাপিত কাহিনী এটিৰ উপন্যাসিকা ‘মালিতা’ এখন ঐতিহাসিক উপন্যাস৷ [গোৱিন্দ্ৰ প্ৰসাদ শৰ্মা : উপন্যাস, অশোক কুমাৰ গোস্বামী [মুখ্য সম্পা.] আৰু ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামী [সম্পা.] , পূৰ্বোক্ত গ্ৰন্থ, পৃ.  ৫১৬]
 
চুটিগল্প 
জোনাকীৰ জৰিয়তে অসমীয়া সাহিত্যত চুটিগল্পই জন্ম লাভ কৰে৷ ‘অৰুনোদই যুগ’ত নৈতিক আখ্যান, সাধুকথা আৰু উপকথা প্ৰকাশ হৈছিল৷ কিন্তু প্ৰকৃত চুটিগল্প ‘জোনাকী যুগতহে আবিৰ্ভাৱ হয়৷ শৈলেন ভৰালীৰ ভাষাত– চুটিগল্প আলোচনীৰ সন্তান৷ [শৈলেন ভৰালী : জোনাকী যুগৰ চুটিগল্প, অপূৰ্ব বৰা [সম্পা.], অসমীয়া চুটিগল্প : ঐতিহ্য আৰু বিৱৰ্তন, পৃ. ৩১] অন্যন্য ভাষাৰ চুটিগল্পৰ দৰে অসমীয়া ভাষাতো চুটিগল্পৰ জন্ম হৈছিল আলোচনীৰ পাততেই৷ উনবিংশ শতিকাৰ শেষ দশকত কলিকতাৰ পৰা প্ৰকাশিত জোনাকীৰ পাতত লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া চুটিগল্পৰ জন্ম দিয়ে৷ জোনাকীৰ চতুৰ্থ বছৰৰ চতুৰ্থ সংখ্যাত প্ৰকাশিত বেজবৰুৱাৰ ‘সেউতী’ নামৰ গল্পটোকেই প্ৰথম অসমীয়া চুটিগল্প বুলি ধৰা হৈছে৷ ইয়াৰ পূৰ্বে একে বছৰতে দ্বিতীয় আৰু তৃতীয় সংখ্যাটো বেজবৰুৱাৰ ঘৰপতা ককা আৰু মূলাখোৱা বুঢ়া শীৰ্ষক দুটা গল্প প্ৰকাশ পাইছিল৷ অৱশ্যে চুটিগল্পৰ বিশিষ্ট লক্ষণসমূহ গল্প দুটাত প্ৰকাশ হোৱা নাছিল৷ বেজবৰুৱাই সাধুকথাৰ অতিপ্ৰাকৃত জগতখনৰ পৰা আঁতৰি আহি বাস্তৱ জীৱনৰ পৰা ঘটনাৱলীৰ বিষয়বস্তু গ্ৰহণ কৰি সেউতী গল্পটো ৰচনা কৰিছিল৷ বেজবৰুৱাৰ প্ৰায় আটাইখিনি চুটিগল্প তিনিখন পুথিত সন্নিৱিষ্ট হৈ প্ৰকাশ পাইছে৷ তেখেতৰ গল্পপুথিকেইখন হ’ল– সুৰভী [১৯০৯], সাধুকথাৰ কুকি [১৯১০], জুনবিৰি [১৯১৩] আৰু মৰণোত্তৰভাৱে প্ৰকাশ পোৱা কেঁহুকলি [১৯৬৮]৷ বেজবৰুৱাৰ গল্প পুথিকেইখনৰ সম্পৰ্কত সত্যেন্দ্ৰনাথ শৰ্মাৰ মন্তব্য প্ৰণিধানযোগ্য– গল্প সংকলনকেইটাত সকলোবোৰ ৰচনাই পূৰ্ণাংগ চুটিগল্পৰ সকলোবোৰ লক্ষণ পূৰ্ণ কৰা নাই৷ কিছুমান ব্যঙ্গ চিত্ৰ বা নক্সা, কিছুমান কাহিনী বিহীন ব্যঙ্গাত্মক চৰিত্ৰ-সৃষ্টি মাত্ৰ আৰু দুই এটা সাধু কথায়ো ঠাই পাইছে৷ কিন্তু সৰহভাগতে চুটিগল্পৰ বিকাশ ঘটিছে ঊনবিংশ শতাব্দীৰ শেষাস্তৰৰ ভাঙোনমুখী অন্তঃসাৰশূণ্য, অভিজাত্যৰ ধ্বজাবহনকাৰী নিম্ন-মধ্যবিত্ত শ্ৰেণী, ইংৰাজ ৰাজত্বৰ দূৰ্নীতিপৰায়ণ আমোলা শ্ৰেণী আৰু অন্ধ সংস্কাৰত আকণ্ঠ নিমজ্জিত শুচিবায়গ্ৰস্ত সমাজৰ কাৰ্য আৰু ব্যৱহাৰৰ ভেটিট৷ অসমীয়া সমাজখন বেজবৰুৱাৰ নখ-দৰ্পণত আছিল আৰু গল্পবোৰত তাৰ চিত্ৰ ব্যঙ্গাত্মক ৰূপত প্ৰকাশ হৈছে৷ [সত্যেন্দ্ৰনাথ শৰ্মা : অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, পৃ. ৩৫৫]
লক্ষ্মীনাথ বেজবৰুৱাই সমাজৰ ভণ্ডামি, কু-সংস্কাৰ, দুৰ্নীতি, গোড়ামি আদিক বিষয়বস্তু হিচাপে লৈ কেইবাটাও ব্যঙ্গাত্মক গল্প ৰচনা কৰিছিল৷ মলক গুইন গুইন, নাঙলুচন্দ্ৰ দাস, ভোকেন্দ্ৰ বৰুৱা, ভোমকেৰেলা ইত্যাদি ব্যঙ্গাত্মক গল্প৷ ইয়াৰ বিপৰীতে ব্যক্তি জীৱনৰ হাঁহি- কান্দোন, সুখ-দুখ নানান সংঘাত আদিক চিত্ৰিত কৰিও বেজবৰুৱাই বহুকেইটা গল্প ৰচনা কৰিছিল৷ এনেবোৰ গল্পত জীৱনক সহৃদয়তাৰে উপলব্ধি কৰাৰ প্ৰয়াস দেখা যায়৷ [প্ৰহ্লাদ কুমাৰ বৰুৱা : অসমীয়া চুটিগল্পৰ অধ্যয়ন, পৃ. ৩৮] এই গল্পসমূহৰ আঁৰত আছিল সমাজখন শুদ্ধ কৰাৰ আন্তৰিকতাপূৰ্ণ আগ্ৰহ৷ পুত্ৰৱান পিতা, ভদৰী, নকও, জলকুৱঁৰী, মুক্তি, পাতমুগী আদি এনে গল্পৰ নিদৰ্শন৷ ভোকেন্দ্ৰ বৰুৱাত অৰ্ধশিক্ষিত, দুন¹তি পৰায়ণ, লোভী অসমীয়া, অৰ্থহীন সামাজিক মূল্যবোধ প্ৰকাশ পাইছে৷ 
বেজবৰুৱাৰ গল্পত বৃটিছক অন্ধভাৱে অনুকৰণ কৰিবলৈ গৈ আত্মপৰিচয় হেৰুৱাই পেলাব বিচৰা এচাম অসমীয়া লোকক সমালোচনা কৰিছে৷ সমাজ-সংস্কাৰে অত্যধিক গুৰুত্ব পোৱাৰ বাবে গল্পসমূহৰ শৈল্পিক দিশটো সবল ৰূপত প্ৰকাশ নাপালে বুলি ক’ব পাৰি৷ এই সম্পৰ্কত সমালোচক হোমেন বৰগোহাঞিৰ মন্তব্য এনেধৰণৰ-- বেজবৰুৱাৰ সাহিত্য কৃতিৰ প্ৰধান বৈশিষ্ট্য হ’ল হাস্যৰস আৰু ব্যংগ সমালোচনা৷ Satire বা ব্যংগ সমালোচনাৰ প্ৰধান উদ্দেশ্য হ’ল সমাজ সংস্কাৰ৷ সংস্কাৰ স্পৃহা প্ৰবল আছিল; তেওঁৰ গল্পবোৰতো শিল্পচেতনা বা ৰস সৃষ্টিতকৈ সমাজ-সংস্কাৰৰ ইচ্চাই আছিল প্ৰবল৷ [হোমেন বৰগোহাঞি : লক্ষ্মীনাথ বেজবৰুৱা, অপূৰ্ব বৰা [সম্পা.], পূৰ্বোক্ত গ্ৰন্থ, পৃ. ৪২] বেজবৰুৱাৰ গল্প সম্পৰ্কে উদয় দত্তই লিখিছে– লক্ষ্মীনাথ বেজবৰুৱাই হাঁহি আৰু ব্যঙ্গৰ জৰিয়তে সেই সময়ৰ অসমীয়া সমাজখনৰ দোষ-গুণ উদঙাই দেখুৱাৰ লগতে ব্যক্তি-জীৱনৰ সুখ-দুখ, হাঁহি-কান্দোনৰ ছবি গভীৰ মানৱীয় সহানুভূতিৰে অংকণ কৰিছে৷ প্ৰথমবিধ ৰচনাত তেওঁ ঘাইকৈ কৃপাবৰ বৰবৰুৱা ৰূপে পাঠকৰ আগত ওলাইছিল৷ তেওঁৰ কবিতা আৰু উপন্যাসত প্ৰকাশ পাইছিল তেওঁৰ আনটো ৰূপ; আৰু দুয়োটা ৰূপৰ সমাহাৰ হৈছিল তেওঁৰ গল্পসমূহত৷ [উদয় দত্ত : চুটিগল্প, অশোক কুমাৰ গোস্বামী [মুখ্য সম্পা.] আৰু ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামী [সম্পা.] , পূৰ্বোক্ত গ্ৰন্থ, পৃ. ৪১৫]  অসমীয়া চুটিগল্পৰ বুৰঞ্জীত লক্ষ্মীনাথ বেজবৰুৱা আন একো কাৰণে নহ’লেও কেৱল এই কাৰণে অমৰ হৈ ৰ’ব যে তেওঁ অসমীয়া ভাষাত সাহিত্যৰ এইবিধ শাখাৰ পিতৃ-পুৰুষ, অৰ্থাৎ তেওঁ অসমীয়া ভাষাত প্ৰথম চুটিগল্প লেখক৷ [হোমেন বৰগোহাঞি : বেজবৰুৱাৰ চুটিগল্প, অপূৰ্ব বৰা [সম্পা.], পূৰ্বোক্ত গ্ৰন্থ, পৃ. ৩৫]
বেজবৰুৱাৰ পাছতেই জোনাকী যুগৰ দ্বিতীয়জন গল্পকাৰ হৈছে শৰৎচন্দ্ৰ গোস্বামী৷ বেজবৰুৱাৰ সমসাময়িক হ’লেও গোস্বামীয়ে বিষয়বস্তুৰ ক্ষেত্ৰত বেজবৰুৱাৰ পৰা আঁতৰি আহি নতুন বিষয়বস্তুক গল্পৰ সমল হিচাপে গ্ৰহণ কৰি অসমীয়া গল্পসাহিত্যলৈ নতুন চিন্তাধাৰা কঢ়িয়াই আনিলে৷ শৰৎ চন্দ্ৰ গোস্বামীৰ গল্পৰ বিষয়বস্তু সাধুকথাধৰ্মী বিষয়বস্তুৰ পৰা আঁতৰি আহি বাস্তৱধৰ্মী বিষয়বস্তুত আশ্ৰয় ল’লেহি৷ ‘গ্ৰাম্য আৰু নগৰীয়া উভয় জীৱনৰ পটভূমিৰ পৰা গ্ৰহণ কৰা গোস্বামীৰ গল্পৰ বিষয়বস্তু বাস্তৱধৰ্মী৷ [প্ৰহ্লাদ কুমাৰ বৰুৱা : পূৰ্বোক্ত গ্ৰন্থ, পৃ. ৫৫]
মানৱজীৱনলৈ বিভিন্ন উৎসৰ পৰা অহা সংঘাতে সৃষ্টি কৰা দ্বন্দ্বই হ’ল শৰৎ চন্দ্ৰ গোস্বামীৰ চুটিগল্পৰ মূল বিষয়বস্তু৷ এই সংঘাত কেতিয়াবা হৃদয় বৃত্তিৰ পৰা আৰু কেতিয়াবা ব্যক্তি বা সমাজৰ পৰা সৃষ্টি হোৱা দ্বন্দ্ব৷ প্ৰথম শ্ৰেণীৰ গল্প হ’ল– ব্ৰহ্মপুত্ৰৰ বুকুত, নদৰাম, তৰা, সন্ন্যাসিনী আদি৷ দ্বিতীয় শ্ৰেণীৰ গল্প হ’ল ঘুনুচা, নৈৰ দাঁতিত, পশুপতিৰ বিয়া আদি৷ 
‘জোনাকী যুগ’ৰ গল্পসমূহত প্ৰধানকৈ সমাজ সচেতন দৃষ্টিভংগী এটা প্ৰকাশ পাইছিল৷ সমাজৰ দোষ-ক্ৰটি, কু-সংস্কাৰ, অন্ধ-বিশ্বাস আদি বিষয়সমূহ গল্পৰ মাজেৰে প্ৰকাশ পাইছিল৷ বাল্যবিবাহ, বিধৱা বিবাহ, সংকীৰ্ণ চিন্তা ধনী-দুখীয়া বিভাজন এই সমস্যাবোৰে সেই সমাজখন আগুৰি আছিল বাবে এই বিষয়বোৰে গল্পত স্থান পাইছিল৷ তদুপৰি ইংৰাজ চাহাবক অনুকৰণ কৰিবলৈ গৈ নিজৰ পৰিচয় পাহৰি পেলাই নিজকে বহুৱাত পৰিণত কৰিব বিচৰা এচাম অসমীয়াক বেজৰুৱাই গল্পত ব্যঙ্গৰ জৰিয়তে সমালোচনা কৰিছিল৷ সমাজত পৰম্পৰাগতভাবে প্ৰচলন হৈ থকা ব্যৱস্থাবোৰে সেইসময়ত মানুহক বাৰুকৈয়ে জ্বলা-কলা খুৱাইছিল৷ সেই পৰম্পৰাসমূহৰ প্ৰত্যাহ্বান হিচাপে বহু গল্পত চৰিত্ৰসমূহে বিদ্ৰোহ কৰিছিল৷ কিন্তু সেই পৰম্পৰাগত চিন্তা-ধাৰাৰ বৃত্তটোৰ পৰা ওলাই আহিব নোৱাৰিলে৷ বেজবৰুৱাৰ ললিতী কাকতি  গল্পৰ নায়িকা ললিতীয়ে পৰম্পৰাগতভাবে চলি অহা কু-সংস্কাৰৰ বিপক্ষে এক প্ৰতিবাদী মনোভাৱ প্ৰদৰ্শন কৰিছে৷ তথাপিও সেইসময়ৰ অসমীয়া চুটিগল্পত প্ৰকাশ পোৱা চৰিত্ৰবোৰ বিশেষকৈ নাৰী চৰিত্ৰবোৰ বিৱৰ্তিত অসমীয়া সমাজৰ একো একোটা মানসিক অৱস্থাৰ প্ৰতিনিধিমূলক চৰিত্ৰ৷ 
পাশ্চাত্যৰ ৰোমাণ্টিক ভাৱধাৰাই সেই সময়ত গল্পসমূহতো প্ৰভাৱ পেলাইছিল৷ সেই সময়ৰ গল্পসমূহত প্ৰেম আৰু প্ৰকৃতিৰ চিত্ৰ, প্ৰকৃতিৰ লগত মানুহৰ গভীৰ সম্পৰ্কৰ চিত্ৰ চিত্ৰিত হৈছে৷ বেজবৰুৱাৰ নকও, কন্যা, জলকুৱঁৰী, মুক্তি শৰৎচন্দ্ৰ গোস্বামীৰ ময়না, ব্ৰহ্মপুত্ৰৰ বুকুত, নৈৰ দাঁতিত আদি গল্প ইয়াৰ উল্লেখনীয় নিদৰ্শন৷ 
লক্ষ্মীনাথ বেজবৰুৱা আৰু শৰৎচন্দ্ৰ গোস্বামীৰ পিছত আৱাহন যুগ আৰম্ভ হোৱাৰ আগলৈকে কেইজনমান গল্পকাৰে আত্মপ্ৰকাশ কৰিছিল যদিও তেওঁলোকৰ বেছিভাগেই আশাশুধিয়াকৈ গল্প ৰচনাত লাগি নাথাকিল আৰু বিশেষ প্ৰতিভাৰ পৰিচয় দিব নোৱাৰিলে৷ বিষয়বস্তু বা আংগিকগত দিশত তেওঁলোকে কোনো নতুন দিশ উন্মোচন কৰিব নোৱাৰিলে৷ [উদয় দত্ত : চুটিগল্প, অসমীয়া সাহিত্যৰ বুৰঞ্জী [পঞ্চম খণ্ড] পৃ. ৪৩৮] সিয়ে হ’লেও যিকেইজন গল্পকাৰে কিছু হ’লেও এৰা-ধৰাকৈ গল্প ৰচনা কৰি আছিল তেখেতসকলৰ ভিতৰত দণ্ডিনাথ কলিতা, সূৰ্যকুমাৰ ভূঞা, নকুলচন্দ্ৰ ভূঞা আৰু দেবেশ্বৰ শৰ্মাৰ নাম উল্লেখ কৰিব পাৰি৷ এখেতসকলে ঊষা আৰু বাঁহীৰ জৰিয়তে গল্প চৰ্চা কৰি আহিছিল৷ 

উপসংহাৰ 
ঘাইকৈ আলোচনীক কেন্দ্ৰ কৰি কৰা আধুনিক অসমীয়া সাহিত্যৰ যুগবিভাজনত ‘জোনাকী যুগৰ ভূমিকা’ যথেষ্ট তাৎপৰ্যপূৰ্ণ৷ ৰোমাণ্টিক কবিতা, চুটিগল্পৰ জন্ম, উপন্যাসৰ বিকাশ, নাটকৰ বিকাশ আদি বিভিন্ন দিশত এই তাৎপৰ্য নিহিতি হৈ আছে৷ জোনাকীয়ে অসমীয়া সাহিত্যক সমৃদ্ধ কৰাই নহয় ই অসমীয়া সাহিত্যক দান কৰিলে এক বিশেষ আয়তন৷ অসমীয়া সাহিত্যলৈ নৱন্যাসৰ ধাৰা বোৱাই অনাৰ লগতে বিভিন্ন পাশ্চাত্য সাহিত্যৰ সৈতে অসমীয়া লেখক-পাঠকক পৰিচয় কৰাই দিয়াৰ ক্ষেত্ৰতো জোনাকীৰ ভূমিকাই সৰ্বাধিক৷ জোনাকীৰ গাত ভেজাদিয়েই পৰৱৰ্তী লেখক-সাহিত্যিকে সাহিত্য চৰ্চাত আজিও মনোনিৱেশ কৰি আছে বুলি ক’লেও বঢ়াই কোৱা নহয়৷ অসমীয়া ভাষা সাহিত্যক সমৃদ্ধ কৰাৰ সমান্তৰালকৈ জাতীয় চৈতন্য জগাই তোলাৰ ক্ষেত্ৰতো জোনাকীৰ ভূমিকা আছিল বলিষ্ঠ৷ মুঠৰ ওপৰত কবিতাৰ পৰা নাটকলৈ, গল্পৰ পৰা উপন্যসলৈ, ব্যঙ্গসাহিত্যৰ পৰা শিশু সাহিত্যলৈ অসমীয়া সাহিত্যৰ সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত জোনাকীৰ অৱদান অসমীয়া সাহিত্যৰ ইতিহাসত সোণালী আখৰেৰে চিৰকাল জিলিকি থাকিব৷

গ্ৰন্থপঞ্জী
খনিকৰ, পৰেশ : ভাষা সাহিত্য সংস্কৃতি, অসম বুক ট্ৰাষ্ট, পাণবজাৰ, গুৱাহাটী, প্ৰথম প্ৰকাশ, ২০১৯
গোস্বামী, অশোক কুমাৰ [মুখ্য সম্পা.] আৰু ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামী [সম্পা.] : অসমীয়া সাহিত্যৰ বুৰঞ্জী [পঞ্চম খণ্ড], আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা, ৰাজাদুৱাৰ, উত্তৰ গুৱাহাটী, প্ৰথম প্ৰকাশ ছেপ্তেম্বৰ ২০১৫
বৰগোহাঞি, হোমেন [সম্পা.] : অসমীয়া সাহিত্যৰ বুৰঞ্জী [ষষ্ঠ খণ্ড], আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা, ৰাজাদুৱাৰ, উত্তৰ গুৱাহাটী, দ্বিতীয় প্ৰকাশ, মাৰ্চ, ২০১৩
বৰুৱা, প্ৰহ্লাদ কুমাৰ : অসমীয়া চুটিগল্পৰ অধ্যয়ন, বনলতা, ডিব্ৰুগড়-ৰ, গুৱাহটী-ৰ, পুনৰ মূদ্ৰণ : ২০১২
বৰা, অপূৰ্ব [সম্পা.] : অসমীয়া চুটিগল্প : ঐতিহ্য আৰু বিৱৰ্তন, যোৰহাট কেন্দ্ৰিয় মহাবিদ্যালয় প্ৰকাশন কোষ, যোৰহাট-১০, প্ৰথম প্ৰকাশ ২০১২
ভৰালী, অজিত [সম্পা.] : প্ৰসংগ নাটক, চন্দ্ৰ প্ৰকাশ, পাণবজাৰ, গুৱাহাটী-ৰ, প্ৰথম প্ৰকাশ ২০১৯
ভৰালী, শৈলেন : অসমীয়া ঐতিহাসিক উপন্যাস, চন্দ্ৰ প্ৰকাশ, পাণবজাৰ, গুৱাহাটী-ৰ, চতুৰ্থ প্ৰকাশ, ২০১৩
ৰাজখোৱা, অৰবিন্দ [সম্পা.] : অসমায়া চুটিগল্পৰ গতি-প্ৰকৃতি, দত্ত প্ৰকাশন, লখিমপুৰ, দ্বিতীয় সংস্কৰণ, ২০১১
– [সম্পা.] : অসমীয়া কাব্য পৰিক্ৰমা, দত্ত প্ৰকাশন, লখিমপুৰ, দ্বিতীয় পৰিৱদ্ধিত প্ৰকাশ, ২০১১
শইকীয়া, অজিৎ [সম্পা.] : ছশ বছৰৰ অসমীয়া নাটক : পৰম্পৰা আৰু পৰিৱৰ্তন, পথাৰ, দুলীয়াজান, দ্বিতীয় প্ৰকাশ, ২০১৪
শৰ্মা, গোৱিন্দ প্ৰসাদ : অসমীয়া উপন্যাসৰ ইতিহাস, জ্যোতি প্ৰকাশন, পাণবজাৰ, গুৱাহাটী-ৰ, প্ৰথম প্ৰকাশ, নৱেম্বৰ, ২০১৪
শৰ্মা, সত্যেন্দ্ৰনাথ : অসমীয়া নাট্য সাহিত্য, সৌমাৰ প্ৰকাশ, ৰিহাবাৰী, গুৱাহাটী-৮, পুনৰমূদ্ৰণ, ২০০৫
– : অসমীয়া উপন্যাসৰ গতিধাৰা, সৌমাৰ প্ৰকাশ, ৰিহাবাৰী, গুৱাহাটী-৮, পুনৰ মুদ্ৰণ, ২০১৩
– : অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, সৌমাৰ প্ৰকাশ, ৰিহাবাৰী, গুৱাহাটী-৮, পুনৰমূদ্ৰণ, ২০১৭

Post a Comment

0 Comments