অৱতৰণিকা :
মানুহ সামাজিক প্ৰাণী৷ সামাজিক প্ৰাণী হিচাপে মানুহে আদিম অৱস্থাৰে পৰা পৰস্পৰে পৰস্পৰৰ সৈতে যোগাযোগ স্থাপন কৰি আহিছে৷ এই যোগাযোগৰ প্ৰধান মাধ্যম হৈছে ভাষা৷ কথা বা ভাষাই মানুহক আন জীৱ-জন্তুৰ পৰা পৃথক কৰিছে৷ আন আন জীৱ-জন্তু বা চৰাই-চিৰিকটিৰ মাজত ইটোৰ মনোভাৱ সিটোক বুজাবলৈ যে কোনো মাধ্যম নাই তেনে নহয়, সিহঁতেও ভোক, খং, শোক, দুখ আদি অনুভূতি আৰু জীৱনৰ প্ৰাথমিক অভাৱবোৰ বুজাবৰ কাৰণে কিছুমান মাত মাতে৷ কোনো বিপদ উপস্থিত হ’লে হৰিণা আৰু তেনে কিছুমান জন্তুৱে চিঞৰি চিঞৰি আনবোৰক বিপদৰ আগজাননী দিয়ে৷ মৌমাখিবোৰে এক বিশেষ ধৰণৰ নাচৰ দ্বাৰা ইটোৱে সিটোক মৌ থকা ঠাইৰ সম্ভেদ জনায়! জীৱ-জন্তুবোৰৰ মনোভাৱৰ প্ৰকাশৰ বাবে ব্যৱহাৰ কৰা মাত বা গতিৰ কিন্তু কোনো নতুনত্ব দেখা নাযায়৷ চিৰকাল সিহঁতে একে ধৰণে মনোভাৱ ব্যক্ত কৰি আহিছে৷ দুই এবিধ জন্তু বা চৰায়ে কোনো এবিধ সিকোৱা কথা বা কাম হুবহু ক’ব নাইবা কৰিবও পাৰে৷ কিন্তু সিহঁতে শিকোৱা কথাকেইটাৰ বাহিৰে আন কোনো কথা নিজৰ পিনৰ পৰা উদ্ভাৱন কৰি প্ৰকাশ কৰিব নোৱাৰে৷ উদাহৰণস্বৰূপে কুকুৰে মাত্ৰ তিনি-চাৰি প্ৰকাৰৰ ভিন্ন মাত মাতিব পাৰে আৰু সেইকেইটাৰে এটা কুকুৰে আন এটাৰ হতুৱাই কাম কৰাবও পাৰে৷ মানুহে দেখা বা কল্পনা কৰা যি কোনো এটা বিষয়ে ক’ব পাৰে, নতুন নতুন শব্দ বা বাক্যাংশৰ সৃষ্টি কৰিব পাৰে, আন ভাষাৰ পৰাও নতুন শব্দ বা বাক্যাংশ ধাৰ কৰিব পাৰে আৰু এইদৰে সময়ত আৱশ্যক হোৱা মনোভাৱ প্ৰকাশ কৰিবলৈ মানুহ সমৰ্থ হয়৷ জীৱ-জন্তুৱে মনোভাৱ প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰা মাতত কোনো নতুনত্ব নাথাকে৷ মানুহে হ’লে সেয়া সদায় নতুন নতুন ধৰণেৰে ধ্বনি-সংযোগৰ ব্যৱহাৰৰ দ্বাৰা মনোভাৱ ব্যক্ত কৰি আছে৷ মানুহে ব্যৱহাৰ কৰা প্ৰায় প্ৰতিটো বাক্যই আগতে ব্যৱহাৰ নকৰা বাক্য৷ সৃজনাত্মকতা বা উৎপাদকতা ভাষাৰ এক বিশিষ্ট লক্ষণ৷ তদুপৰি ভাষাৰ মাধ্যমেৰে মানুহৰ উপলব্ধজ্ঞান ভৱিষ্যতলৈ সংৰক্ষিত হয়৷ পৰৱৰ্তী যুগৰ মানুহে সেইবাবে পূৰ্বৱৰ্তী যুগৰ কোনো বিষয়েজ্ঞান লাভ কৰিবলৈ প্ৰথমৰ পৰা আৰম্ভ কৰিবলগীয়া নহয়৷ ভাষাৰ ব্যৱহাৰৰ আৰম্ভণিৰ পৰাহে মানৱ জাতি মানৱ শাৰীলৈ উঠিছে৷
মানুহৰ বাক্ শক্তিৰ পাছত আন এটা শক্তি লুকাই আছে সি হৈছে ভাব শক্তি৷ ভাব নহ’লে ভাষা নোলায় আৰু ভাষা নহ’লে ভাব প্ৰকাশ কৰিব নোৱাৰি৷ ভাব আৰু ভাষাৰ লগত এটা অতি নিবিড় সম্পৰ্ক আছে যদিও অতি সূক্ষ্মভাৱে চালে দেখা যায় যে ভাষা নথকাতো ভাবৰ সৃষ্টি হ’ব পাৰে৷ বহু সময়ত প্ৰকাশ কৰিবলৈ ভাষা নাই বুলিও কোৱা হয়৷ ইয়ে ভাষাৰ অনুপস্থিতিত ভাবৰ স্থিতিৰ কথা প্ৰমাণ কৰে৷ ভাষাৰদ্বাৰা ভাব প্ৰেৰণ-গ্ৰহণৰ মূল আধাৰ হৈছে শব্দ৷ ভাব বিনিময়ৰ বাবে শব্দ আৰু তাৰ প্ৰয়োগৰ কলা ভাষাত নিহিত হৈ থাকে৷ উপযুক্ত শব্দসজ্জাই ভাব এটাক কঢ়িয়াই নিয়াত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰে৷ কিন্তু উপযুক্ত শব্দসজ্জাৰ পৰা এটা শব্দৰ ইফাল-সিফাল বা পৰিৱৰ্তন হ’লেই অৰ্থৰ পৰিৱৰ্তন ঘটি সাংঘাটিক অৰ্থ দিব পাৰে বা কেতিয়াবা কোনো অৰ্থ নোলাবও পাৰে৷ মুঠৰ ওপৰত মানুবে ভাষাৰ মাধ্যমেদি বিভিন্ন ভাবৰ আদান-প্ৰদান কৰে৷ মনৰ ভিতৰত উদ্দেলিত হৈ থকা বিভিন্ন প্ৰসংগক বক্তাই ভাষাৰ মাধ্যমেদি শৃংখলিতভাৱে শ্ৰোতাৰ কাষলৈ লৈ যাব পাৰে৷ সেয়েহে ভাষা হৈছে যোগাযোগৰ এক প্ৰথম আৰু প্ৰধান মাধ্যম৷
যোগাযোগৰ প্ৰধান ভাগ দুটা– মৌখিক যোগাযোগ আৰু লিখিত যোগাযোগ৷ আনহাতে দুয়োটাই ভাষিক যোগাযোগ৷ অৰ্থাত দুয়োটাতেই ভাষাৰ ব্যৱহাৰ হয়৷ মৌখিক যোগাযোগত ভাষা কথিত ৰূপত আৰু লিখিত যোগাযোগত ভাষা লিখিত ৰূপত ব্যৱহাৰ হয়৷ আমাৰ আলোচনাত কেৱল মৌখিক যোগাযোগৰ বিষয়েহে আলোচনা সামৰি লোৱা হৈছে৷
মৌখিক শব্দটো এটা বিশেষণ শব্দ যাৰ আভিধানিক অৰ্থ ‘যিটো মুখেৰে কোৱা মাত্ৰ, লিখিত নহয়; বাছনিক [কথা]’৷ [আধুনিক অসমীয়া অভিধান] আনহাতে যোগাযোগ শব্দই সম্পৰ্ক স্থাপন বা খা-খবৰ দিয়া-লোৱা কাৰ্যক বুজায়৷ অৰ্থাৎ শব্দগত দিশৰ পৰা মৌখিক যোগাযোগে মুখে মুখে সম্পৰ্ক স্থাপন কৰা বা কথা-বতৰা পতা কাৰ্যক সামৰি লয়৷
মৌখিক যোগাযোগৰ প্ৰকাৰ
মৌখিক যোগাযোগে ব্যক্তি আৰু ব্যক্তিৰ যোগাযোগ, সভা-সমিতি, আলোচনাচক্ৰ, অধিৱেষণ, সামূহিক আলোচনা আদিক সামৰি লয়৷ সেই দিশৰ পৰা মৌখিক যোগাযোগক আমি তলত দিয়াৰ দৰে ভাগ কৰি দেখুৱাব পাৰি–
👉 ব্যক্তি আৰু ব্যক্তিৰ যোগাযোগ
👉 সভা-সমিতি
👉 আলোচনাচক্ৰ-অধিৱেষণ
👉 সামূহিক আলোচনা
ইবিলাকৰ বিষেয়ে তলত বহলাই আলোচনা কৰাৰ প্ৰয়াস কৰা হ’ল–
ব্যক্তি আৰু ব্যক্তিৰ যোগাযোগ
মৌখিক যোগাযোগ বুলি কওঁতে পোনতে যি কথা মনলৈ আহে সেয়াই হৈছে কোনো ব্যক্তি বা ব্যক্তিসমূহৰ সৈতে মুখামুখী বাৰ্তালাপ৷ এই সম্পৰ্কে নীৰাজনা মহন্ত বেজবৰাই তেখেতৰ যোগাযোগ কলা নামৰ গ্ৰন্থত লিখিছে– ব্যক্তি-ব্যক্তি যোগাযোগৰ ক্ষেত্ৰত মুখামুখী বাৰ্তালাপৰ স্থান প্ৰথম৷ বন্ধুত্বপূৰ্ণ পৰিৱেশত মুখামুখিকৈ বহি দৃষ্টিভংগী, ভাবধাৰাৰ ভাষিক আদান-প্ৰদানেই মুখামুখি বাৰ্তালাপ৷ ইয়াত এজন ব্যক্তিয়ে বক্তা আৰু শ্ৰোতাৰ দুয়োটা ভূমিকা পালন কৰে৷ৰ অৰ্থাৎ ব্যক্তি আৰু ব্যক্তিৰ যোগাযোগৰ প্ৰধান মাধ্যম হ’ল কথোপকথন৷ এই কথোপকথনৰ বাবে পৰস্পৰৰ সঁহাৰিৰ প্ৰয়োজন৷ এজনে আনজনৰ কথাৰ অৰ্থ বুজি পোৱাৰ সমান্তৰালভাৱে তাৰ সঁহাৰি জনালেহে সি সাৰ্থক যোগাযোগ হৈ উঠে৷ এই সম্পৰ্কে ফণীন্দ্ৰ নাৰায়ণ দত্তবৰুৱাই তেখেতৰ প্ৰয়োগ ভাষাবিজ্ঞানৰ ৰূপৰেখা গ্ৰন্থত লিখিছে– প্ৰত্যেক ভাষাতে এনে কিছুমান শব্দ থাকে যিবোৰে কেইবাটাও অৰ্থ বহন কৰিব পাৰে৷ বিশেষকৈ অসমীয়া ভাষাৰ ক্ষেত্ৰত এই বিশেষত্ব অতি স্পষ্ট৷ বক্তাই যেতিয়া তেনে ভিন্ন অৰ্থবাচক এটা শব্দ প্ৰয়োগ কৰে তাৰ কোনো এটা বিশেষ অৰ্থ মনলৈ আনিহে কৰে, ভিন ভিন অৰ্থত নকৰে৷ শ্ৰোতাই বিশেষ অৰ্থটো উদ্ধাৰ কৰি ল’ব লাগিলে কি প্ৰসংগত, কি অভিপ্ৰায়ে বক্তাই সেই শব্দটো ব্যৱহাৰ কৰিছে সেই কথা ভালদৰে বুজি পাব লাগিব৷ নহলে অৰ্থবোধত বিভ্ৰাট ঘটিব৷২ কথাষাৰ বুজিবৰ বাবে আমি এটা উদাহৰণৰ সহায় ল’লে বেছি ভাল হ’ব৷ ভিন্ন অৰ্থবাচক তেনে এটা শব্দ হৈছে ‘সাৰ’৷ ইয়াৰ কেইবাটাও অৰ্থ আছে; কোনো এটা প্ৰসংগত বক্তাই তাৰ এটা মাত্ৰ অৰ্থতহে শব্দটো ব্যৱহাৰ কৰে৷ তেখেতে ‘সাৰ’ বুলি ‘ঘৰ চোতাল সৰা’ বুজাইছেনে ‘কোনো খেল আদিত পৰাজয় হোৱা’ বুজাইছে নে ‘কোনো কাম বিপদ আদিৰ পৰা ৰক্ষা পৰা’ বুজাইছে, নে ‘মাতিৰ উৰ্বৰতা বৃদ্ধি কৰা সামগ্ৰী’ বুজাইছে নে ‘বস্তুৰ কোনো মূল বা শ্ৰেষ্ঠ অংশ’ বুজাইছে সেই কথা শ্ৰোতাই প্ৰসংগৰ পৰাহে উদ্ধাৰ কৰিব লাগে৷ প্ৰসংগ সুস্পষ্ট নহ’লে শব্দ বা বাক্যৰ অৰ্থবোধত ব্যাঘাট জন্মাটো নিশ্চিত৷
ব্যক্তি আৰু ব্যক্তিৰ মাজৰ যোগাযোগৰ ক্ষেত্ৰত মুখামুখি নোহোৱাকৈয়ো বাৰ্তালাপৰ এক সহজলভ্য আৰু বহুলপ্ৰচলিত মাধ্যম হৈছে টেলিফোনযোগে হৈাৱা বাৰ্তালপ৷ ইয়াত এজনে আনজনক দেখি নথকাৰ বাবে শৰীৰভাষাৰ অৱকাশ নাথাকে৷ সেয়ে এনে প্ৰকাৰৰ বাৰ্তালাপত ভাষাৰ সথিক উপস্থাপনৰ দিশটোত অধিক গুৰুত্ব দিব লাগে৷ টেলিফোনত পতা কথাৰ ভাষা সম্পৰ্কে ক’বলৈ গৈ নীৰাজনা মহন্তই লিখিছে– টেলিফোনত পতা কথাৰ ভাষা সৰল, পোনপটীয়া হ’ব লাগে৷ উচ্ছাৰণৰ স্পষ্টতা নিশ্চিতভাৱেই প্ৰয়োজনীয় কথা৷ মুখামুখি বাৰ্তালাপতকৈ টেলিফোনত কথাবতৰা পাতোঁতে শব্দ আৰু বাক্যাংশ প্ৰয়োগৰ ক্ষেত্ৰত অধিক সতৰ্কতা অৱলম্বনৰ প্ৰয়োজন৷ কিয়নো মুখামুখি বাৰ্তালাপত শ্ৰোতাই ভাষাৰ আনুষংগিক শৰীৰ ভাষাৰ সহায়ত বক্তাৰ অভিপ্ৰেত অৰ্থ স্পষ্টভাৱে বুজি লোৱাৰ সুবিধা থাকে৷ টেলিফোনত কিন্তু বক্তাই প্ৰয়োগ কৰা শব্দৰ পোনপটীয়া অৰ্থৰ পৰাই সম্পূৰ্ণ অৰ্থ শোতাই উলিয়াই ল’ব লাগে৷৩ সম্প্ৰতি ম’বাই ফোলনৰ ব্যৱহাৰ বৃদ্ধি পোৱাৰ লগে লগে ব্যক্তি আৰু ব্যক্তিৰ যোগাযোগৰ ক্ষেত্ৰত আৰু অধিক সুচল হৈ পৰিল৷ বিভিন্ন ধৰণৰ এপ্লিকেশ্যনৰ যেনে হোৱাটচএপ, ইনষ্টাগ্ৰাম, ইম’ আদিৰ জৰিয়তে ‘ভিডিঅ’ কল’ৰ জৰিয়তে পূৰ্বৰ ফ’নিন যোগাযোগৰ সীমাবদ্ধতা অতিক্ৰম কৰি মুখামুখি যোগাযোগৰ এক নতুন ধাৰাৰ সৃষ্টি হৈছে৷ ই মৌখিক যোগাযোগৰ এক ইতিবাচক যাত্ৰা বুলিব পাৰি৷
সভা-সমিতি
মৌখিক যোগাযোগৰ আন এক প্ৰকাৰ হৈছে সভা-সমিতি আদিৰ জৰিয়তে হোৱা যোগাযোগ৷ সভা-সমিতি আদিৰ জৰিয়তে বক্তা আৰু শ্ৰোতাৰ সৈতে পোনপটীয়া যোগাযোগ স্থাপন হয়৷ এই প্ৰকাৰৰ যোগাযোগৰ ক্ষেত্ৰত বক্তৃতাই বিশেষ ভূমিকা গ্ৰহণ কৰে৷ বক্তৃতা এটা সফল কৰি তুলিবলৈ তিনিটা প্ৰধান দিশৰ প্ৰতি গুৰুত্ব দিব লাগে৪ সেইকেইটা হ’ল–
👉 মূল কথা প্ৰথমে ক’ব লাগে
👉 তাৰ পাছত কথাখিনি নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত আলোচনা কৰিব লাগিব৷
👉 তাৰ পাছত কথাখিনিৰ সাৰাংশ এটা ক’ব লাগে৷
উল্লেখযোগ্য যে এই প্ৰকাৰৰ যোগাযোগৰ ক্ষেত্ৰত বহুতো শ্ৰোতাই দাৰ্শকৰ সৈতে মুকাবিলা কৰিব লগীয়া হয়৷ সেয়েহে শ্ৰোতাক আকৰ্ষণ কৰি ৰখাটো যথেষ্ট গুৰুত্বপূৰ্ণ৷ এই ক্ষেত্ৰত দহটা উপায়ৰ কথা দীনেশ চন্দ্ৰ গোস্বামীয়ে বিজ্ঞান লেখকৰ হাতপুথি গ্ৰন্থত উল্লেখ কৰিছে৫–
👉 বন্ধু ভাবাপন্ন হওক– হাঁহক
👉 সহজকৈ থাকক
👉 নেতৃত্ব এটা লওক
👉 আত্মবিশ্বাসেৰে থিয় হওক
👉 কি ক’ব আগতে আঁচনি কৰক
👉 কথাখিনি সহজকৈ ৰাখিব
👉 সাৱলীল যেন শুনাওঁক
👉 মাতটো যিমান পাৰি ডাঙৰ কৰি স্পষ্ট কৰক
👉 প্ৰতিজন শ্ৰোতাকে অন্তৰ্ভুক্ত কৰক
👉 সময়ৰ প্ৰতি ধ্যান ৰাখিব৷
–নিশ্চিতভাৱে এজন বক্তাৰ কথাবোৰ শ্ৰোতাই তেতিয়াহাহে শুনিব যেতিয়া কথাবোৰে শ্ৰোতাৰ মনত প্ৰভাৱ বিস্তাৰ কৰিব পাৰিব, যেতিয়া কথাবোৰ শ্ৰোতাই প্ৰয়োজনীয় বুলি ভাবিব৷ অন্যথা এই যোগাযোগ অৰ্থাৎ বক্তাই যিটো বাৰ্তা উদিষ্ট শ্ৰোতা-দৰ্শকলৈ প্ৰেৰণ কৰিব খুজিছে সেয়া ব্যাঘাট জন্মিব৷
আলোচনাচক্ৰ [Seminar] :
মৌখিক যোগাযোগৰ আন এক ভাগ হৈছে আলোচনাচক্ৰ৷ ইয়াটো কোনো এটা বিষয় উপস্থাপন আৰু প্ৰত্যক্ষ আলোচনাৰ অৱকাশ থাকে৷ কোনো এটা বিষয় উপস্থাপন কৰাৰ পাছত উপস্থিত সকলৰ সৈতে আলোচনাৰ বাবে মুকলি থাকে আৰু আলোচনাৰ শেষত সৰ্বসন্মত সিদ্ধান্ত বা বিষয়টোৰ সৈতে জৰিত বিভিন্ন সমস্য সমাধানৰ পথৰ সন্ধান কৰা হয়৷
সামূহিক আলোচনা [Group Discussion) :
সামূহিক আলোচনা বা মৌখিক যোগাযোগৰ এটা ভাগ৷ ই প্ৰায় আলোচনাচক্ৰৰ সৈতে সম চৰিত্ৰৰ৷ ইয়াতো এটা বিষয় আলোচনাৰ বাবে মুকলি থাকে আৰু নিৰ্দিষ্ট আলোচককেইজনে নিজা নিজা মন্তব্য আগবঢ়াই৷ ইজনে আনজনৰ সৈতে পোনপটীয়াকৈ ভাৱৰ আদান প্ৰদান কৰিব পাৰে বাবেই ই মৌখিক যোগাযোগৰ ভিতৰুৱা৷
মৌখিক যোগাযোগৰ সৈতে জড়িত বিভিন্ন দিশ
মৌখিক যোগাযোগৰ সৈতে কেতবোৰ বিশেষ দিশ জড়িত হৈ থাকে৷ আগতেই উল্লেখ কৰা হৈছে যে যোগাযোগৰ প্ৰধান মাধ্যমেই হৈছে ভাষা আৰু এই ভাষা হৈছে কিছুমান অৰ্থযুক্ত শব্দ বা বাক্যৰ সমষ্টি৷ এই শব্দ বা বাক্যৰ জৰিয়তে মানুহে মনত উদয় হোৱা বিভিন্ন ভাব ইজনে আনজনলৈ প্ৰেৰণ কৰে বা শ্ৰোতাই গ্ৰহণ কৰে৷ ইয়ে মৌখিক যোগাযোগৰো মূল কথা৷ ইবিলাকৰ ওপৰি মৌখিক যোগাযোগৰ ক্ষেত্ৰত কিছুমান শব্দভিন্ন উপাদানে ক্ৰিয়া কৰা কৰে৷ নীৰাজনা মহন্তই ইবিলাকক অশাব্দিক কাৰ্যকলাপ৬ বুলি উল্লেখ কৰিছে৷ এই ক্ষেত্ৰত শৰীৰ ভাষা বা Body Language ৰ কথা প্ৰথমেই উল্লেখ কৰিব পাৰি৷ আমি কতিয়াবা কথা-বতাৰ পাতোঁতে ইজনে আনজনক সঁহাৰি জনাবলৈ কথা নোকোৱাকৈয়ে মূৰ দোঁৱাই সন্মতি জনাও বা মূৰ জোকাৰি অসন্মতি জনোৱা অৰ্থ নিৰ্দেশ কৰোঁ আৰু সেয়া বক্তায়ো বুজি পায়৷ ঠিক তেনেদৰে ওচৰতে থকা কাৰোবাক মাতিবলৈ বা বিদায় জনাবলৈ হাতবাউলি মতা হয় বা হাত জোকাৰি বিদায় জনোৱা হয়৷ হাত, চকু, মুখ আদিৰে কৰা অংগী-ভংগী, বাহ্যিক চেহেৰাৰ ৰং-ৰূপ বা ধৰণ-কৰণ, কোৱাৰ সুৰ, উচ্ছাৰণ ভংগিমা আদিৰে বাচিক বিশেষত্ব ইত্যাদি ধৰণৰ সকলোকে একেলগে শৰীৰ-ভাষা [Body Language] অভিধাৰে সামৰি লোৱা হয়৷ মৌখিক যোগাযোগক এই শৰীৰ ভাষাই বিশেষভাৱে সহায় কৰে৷জ্জ
মৌখিক যোগাযোগত ভাষাভিন্ন উপাদানৰ গুৰুত্ব সম্পৰ্কে পণ্ডিতসকলে মত প্ৰকাশ কৰি কৈছে যে মৈখিক যোগাযোগৰ কাৰ্যক্ষমতাৰ শতকৰা ৩৫ ভাগহে শব্দৰ ওপৰত নিৰ্ভৰশীল৷ বাকী শতকৰা ৬৫ ভাগেই শৰীৰৰ অন্য অভিব্যক্তিৰ দ্বাৰা প্ৰেৰিত আৰু গৃহিত হয়৷ এই কথাৰ পৰাই মৈখিক যোগাযোগত ভাষাভিন্ন উপাদানৰ গুৰুত্ব যে অপৰিসীম সেই কথাৰ উমান পাব পাৰি৷ মৌখিক যোগাযোগৰ সৈতে জড়িত এই ভাষাভিন্ন অৰ্থাৎ অশাব্দিক কাৰ্যকলাপসমূহক নীৰাজনা মহন্তই তেখেতৰ যোগাযোগ কলা গ্ৰন্থত তিনিটা প্ৰধান ভাগত ভাগ কৰি দেখুৱাইছে–
👉 শৰীৰ ভাষা সম্পৰ্কীয়
👉 স্থানিক দূৰত্ব সম্পৰ্কীয়
👉 বাচনিক লক্ষণ
–ইবিলাকৰো আকৌ কিছুমান সুক্ষ্ম সুক্ষ্ম ভাগ আছে৷ সেই সম্পৰ্কে বহলাই আলোচনা কৰাৰ প্ৰয়াস কৰা হ’ল–
শৰীৰ ভাষা (Body Language) সম্পৰ্কীয়
মৈখিক যোগাযোগৰ সৈতে শৰীৰৰ ভাষা বিশেষভাৱে জড়িত হৈ থাকে৷ ইতিমধ্যে উল্লেখ কৰা হৈছে যে মৈখিক যোগাযোগ মূলতঃ বক্তা আৰু শ্ৰোতাৰ পোনপটীয়া যোগাযোগ৷ সেয়েহে এই প্ৰকাৰৰ যোগাযোগত শ্ৰোতাৰ মনোযোগিতা আদায় কৰিব পৰাৰ ওপৰতেই যোগাযোগৰ সফলতা নিৰ্ভৰ কৰে৷ এজন বক্তাই কথা কিবা এটা কোৱাৰ আগতে যিহেতু প্ৰথমে শ্ৰোতাৰ সৈতে মুখামুখি হ’ব লাগে সেয়া কথা কোৱাৰ আগতেই তেখেতৰ বাহ্যিক চেহেৰাটোৰ সৈতে শ্ৰোতা পৰিচয় হয়৷ শ্ৰোতাই বক্তাৰ চেহেৰা বা তেখেতৰ আদৱ-কায়দা দেখিয়েই তেখেতৰ কথা-বতৰা কেনে ধৰণৰ হ’ব তাৰ এক পূৰ্বধাৰণা কৰি লয়৷ এই সম্পৰ্কে দীনেষ চন্দ্ৰ গোস্বামীয়ে মন্তব্য কৰিছে যে শ্ৰোতাই বক্তাৰ বিষয়ে প্ৰথম ১২০ চেকেণ্ডৰ ভিতৰতে এটা ধাৰণা কৰি লয়৷জ্জ্ব গতিকে প্ৰথমেই যদি শ্ৰোতাৰ মনত ভাল ধাৰণাৰ জন্ম দিব নোৱাৰি তেতিয়া শ্ৰোতাৰ মনোযোগ আদায় কৰাত বক্তা ব্যৰ্থ হোৱাৰ সম্ভাৱনা থাকে আৰু যোগাযোগ ব্যাহত হয় বা হোৱাৰ সম্ভাৱনা থাকে৷ আনহাতে শৰীৰৰ বিভিন্ন অংগি-ভংগী তথা আচৰণ বিধিয়ে শ্ৰোতাৰ মনোযোগ আকৰ্ষণ কৰাৰ ক্ষেত্ৰত অৰিহণা যোগায়৷ এনে উপাদানসমূহক তলত দিয়া ধৰণে আলোচনা কৰিব পাৰি–
ক] ব্যক্তিগত বাহ্যিক ৰূপ [Appearance]
বক্তাৰ বাহ্যিক ৰূপ অৰ্থাৎ তেখেতে পৰিধান কৰা সাজ-সজ্জা, তেখেতৰ কেশবিন্যাস, প্ৰসাধন আদি এই প্ৰকাৰত সামৰি ল’ব পাৰি৷ বক্তাই কথা কোৱাৰ আগতেই তেখেতৰ বাহ্যিক ৰূপবোৰে শ্ৰোতাৰ মনত ইতিবাচক বা নেতিবাচক দৃষ্টিভংগীৰ সূচনা কৰে৷ সাধাৰণ সাজ-পোচাক পৰিপাটিকৈ পিন্ধা ব্যক্তিৰ প্ৰতি স্বাভাৱিকতেই আমাৰ এক আকৰ্ষণ জন্ম হোৱাৰ বিপৰীতে বেপেৰুৱা সাজপাৰৰ পৰিধান কৰা লোকৰ প্ৰতি স্বাভাৱিকতেই আমাৰ এক ঋনাত্মক দৃষ্টিভংগী গঢ়ি উঠে৷ কেশবিন্যাসৰ ক্ষেত্ৰতো একে কথাই খাটে৷ মুঠৰ ওপৰত সম্পূৰ্ণ বাহ্যিক যেন লাগিলেও এনেবোৰ কথা ব্যক্তি এজনৰ ব্যক্তিত্বৰ বিশেষ দিশ৷ কাৰণ এনোবোৰ দিশৰ পৰাই তেখেতৰ মানসিকতাৰ এক সম্যক পৰিচয় পাব পাৰি৷
খ] দেহভংগী [Posture]
মৌখিক যোগাযোগত সহায় কৰা আন এক ভাষাভিন্ন উপাদান হৈছে বক্তাৰ দেহভংগী৷ অৰ্থাৎ বক্তাই থিয় হওঁতে, বহোঁতে বা খোজকাঢোঁতে প্ৰকাশ পোৱা বিভিন্ন দেহভংগীমাই মৌখিক যোগাযোগত প্ৰভাৱ পেলাব পাৰে৷ বক্তাই কথা ক’বলৈ লৈ কেনেদৰে থিয় হৈছে তাতেই দৰ্শক বা শ্ৰোতাই তেখেতৰ আত্মবিশ্বাসৰ প্ৰাথমিক পৰিচয় লাভ কৰিব পাৰে৷ কেৱল কথা এটা কৈ থকা বা বিষয় এটা প্ৰেৰণ কৰি খতা সময়খিনিতেই নহয়, কথাটো কোৱাৰ ঠিক আগৰ আৰু পাছৰ সময়খিনিৰো যোগাযোগৰ সফলতা তথা প্ৰভাৱশালিতাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব থাকে৷জ্ঝ বক্তাৰ শ্ৰোতাৰ সৈতে যোগাযোগ সফল কৰিবলৈ দীনেশ চন্দ্ৰ গোস্বামীয়ে পৰামৰ্শ দিছে– মজিয়াত আঠা লগাদি লাগি নধৰিব৷ স্বাভাৱিক হওক, একে ঠাইতে ৰৈ নাথাকিব৷১০
গ] অংগ-সংকেত [Gesture]
সাধাৰণতে কথা বতৰা মাতোঁতে আমাৰ অংগসঞ্চালনৰ দিশটো মন কৰিবলগীয়া৷ ই বক্তব্য বিষয়ক সঠিক ৰূপত বক্তাৰ কাষলৈ লৈ যোৱাৰ মাধ্যম হ’ব পাৰে৷ কথা কৈ থাকোঁতে সথিক ৰূপত হাত-মূৰ, মুখৰ অংগি-ভংগী আদিয়ে শ্ৰোতা দৰ্শকৰ দৃষ্টিগোচৰ হয় আৰু বিষয়বস্ত বুজাত সহায়ক হয়৷ কেতিয়াবা কথা নোকোৱাকৈয়ে অংগ সংকেতৰ দ্বাৰাই সঁহাৰি বা প্ৰেত্যুত্তৰ দিয়া হয়৷ কোনোবাই কিবা সোধিলে মূৰ জোকাৰি হয় বা নহয় বা পৰা-নোৱাৰাৰ সংকেত দিয়া হয়৷ তাৰ বাবে কোনো কথা কোৱাৰ প্ৰয়োজন নহয়৷ ঠিক তেনেদৰে কাৰোবাজ বিদায় জনাবলৈ আমি হাত জোকাৰি বিদায় জনাও বা দূৰৈৰ কাৰোবাক কাষলৈ মাতিবলৈ জোৰকৈ চিঞৰাৰ বিপৰীতে হাত বাউলদি মতা হয়৷ এই ক্ষেত্ৰত এনে অংগসংকেতে বিশেভাৱে সহায় কৰে৷ এইয়া কেৱল মৌখিক যোগাযোগতহে সম্ভৱ৷ আনহাতে বেপেৰুৱা অংগি সংকেত যেনে– হাতেৰে কিবা পিটিকি থকা, নখ কামোৰা, আঙুলি ফুটাই থতা আদিয়ে বিপৰীত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে৷ ফলত যোগাযোগ সম্পূৰ্ণৰূপে সফল নহ’বও পাৰে৷ এনে ক্ষেত্ৰত বক্তা সচেতন হোৱাটো খুৱেই প্ৰয়োজনীয় দিশ৷
ঘ] মুখভংগী [Facial Expression]
মৌখিক যোগাযোগত সহায় কৰা এই ভাষাভিন্ন উপাদানবিলাকৰ ভিতৰত আটাইতকৈ শক্তিশালী উপাদানবিধেই হৈছে মুখভংগী বা মুখাভিব্যক্তি৷ আনকথাত মুখাভিব্যক্তি মৌখিক যোগাযোগৰ এক সবল আৰু সক্ৰিয় মাধ্যম৷ মানুহৰ মুখখন চায়েই তেখেতৰ মানসিক অৱস্থাৰ পৰিচয় পাব পাৰি৷ মানুহে মনত কঢ়িয়াই লৈ ফুৰা ভালপোৱা-বেয়াপোৱা, সুখ-দুখ, ভয়-আ(ৰ্য. ক্ৰোধ-দৃঢ়তা, অৱজ্ঞা-অনিচ্চা আদি সকলোবিলাক মনৰ ভিতৰুৱা ভাব মুখমণ্ডলে প্ৰতিবিম্বিত কৰে৷ মুখৰ এটা সামান্য হাঁহিয়ে মানুহৰ মনোযোগ আদায় কৰিব পাৰি৷ সমান্তৰালভাৱে ই সহানুভূতিৰো পৰিচায়ক৷ বক্তব্য বিষয়টোৰ প্ৰতি বক্তাজন কিমান উৎসাহী সেই সম্পৰ্কে দৰ্শক বা শ্ৰোতাই তেখেতৰ মুখাভিব্যক্তি চায়েই এক ধাৰণ কৰি লয় বা ল’ব পাৰে৷ বক্তাৰ মুখতেই যদি উৎসাহ ধৰা নপৰে বা বিষয়টোক লৈ বক্তাই যদি উৎসাহিত নহয়, শ্ৰোতা কিয় উৎসাহিত হ’ব৷ এনে ক্ষেত্ৰত যোগাযোগ ব্যাঘাট জন্মিব পাৰে৷ সমান্তৰালভাৱে কথা কৈ থাকোঁতে মুখৰ পেশীৰ সামান্য লৰচৰেও শ্ৰোতাক বহু কথা ক’ব পাৰে৷ এনেদৰে মৌখিক যোগাযোগত মুখভংগী বা মুখ্যাভিব্যক্তিয়ে প্ৰভাৱ বিস্তাৰ কৰে৷
ঙ] চাক্ষুষ অভিব্যক্তি [Eye Contact]
মোখভংগীৰ পিছতেই মৌখিক যোগাযোগ সফল কৰি তোলাত সহায় কৰা এটা প্ৰধান উপাদান হৈছে চাক্ষুষ অভিব্যক্তি৷ এই সম্পৰ্কে নীৰাজনা মহন্তৰ বক্তব্য প্ৰণিধানযোগ্য– মুখাবয়বে যদি মানুহৰ সমস্ত দৈহিক অৱস্থাৰ প্ৰতিবিম্বন ঘটাব পাৰে, চকু মানুহৰ আত্মাৰ স্বচ্চ ছবি দাঙি ধৰিবলৈ সক্ষম৷ বক্তাৰ চকুৱে তেওঁৰ বুদ্ধিমত্তা, দৃষ্টিভংগী, বক্তব্যৰ সত্যতা, আন্তৰিক অনুভূুতিৰ উমান দিয়ে৷ৰৰ চকুত চকু থৈ কথা কোৱাতেই বক্তাৰ আত্মবিশ্বাস ফুটি উঠে৷ সমান্তৰালভাৱে শ্ৰোতা দৰ্শকৰ মনোযোগ কেনেধৰণৰ সেয়া বক্তাই উমান পাব পাৰে৷ চকুত চকু নৰখাকৈ কথা বা বক্তৃতা দিয়াটো বক্তাই কৰা এটা ভুল বুলি দীনেশ চন্দ্ৰ গোস্বামীয়ে উল্লেখ কৰিছে৷ তেখেতে ইয়াৰ গুৰুত্ব সম্পৰ্কে উল্লেখ কৰি কৈছে– চকুৰ ফালে চালে ব্যক্তিগত মনোযোগ বুজা যায়৷ ই প্ৰত্যক্ষ সংযোগ বলবান কৰে৷১২ অৰ্থাৎ শ্ৰোতাক বা দৰ্শকক আপোনাৰ বক্তব্যৰ সৈতে জড়িত কৰোৱাৰ এক মাধ্যম হৈছে চাক্ষুষ অভিব্যক্তি৷ সমান্তৰালভাৱে বক্তব্যটোৰ প্ৰতি শ্ৰোতাৰ ‘ফীডবেক’ৰ লাভৰো সৰ্বোত্তম আৰু সৰ্বাধিক বিশ্বাসনীয় মাধ্যম৷ সেয়েহে চকুত চকু থৈ কৰা যোগাযোগৰ প্ৰভাৱ সৰ্বোত্তম আৰু সৰ্বাত্মক বুলি একে আষাৰতে ক’ব পাৰি৷
বাচনিক বা কণ্ঠ্য বৈশিষ্ট্য [Vocal Feature]
মৌখিক বুলি কোৱা মাত্ৰকেই ইয়াত মুখ আৰু কথা কোৱাৰ প্ৰসংগ জড়িত হৈ আছে৷ কথা কোৱাৰ প্ৰসংগ অহা মাত্ৰকেই তাত কণ্ঠ বা কণ্ঠ্যস্বৰৰ বিভিন্ন স্বৰূপৰ প্ৰসংগ আহে৷ কোৱা বাহুল্য যে ভাষাত থকা শব্দবোৰে মানুহৰ কণ্ঠত প্ৰাণ পাই উঠে৷ আকৌ একেটা শব্দ বা বাক্যই বিভিন্ন ধৰণে উচ্ছাৰণ কৰাৰ ফলত শব্দ বা বাক্যৰ অৰ্থৰ তাৰতম্য ঘটে৷ এই ক্ষেত্ৰত শ্বাসাঘাত, সুৰ-লহৰ আদি বিভিন্ন উপাদানে ভূমিকা গ্ৰহণ কৰে৷ মৌখিক যোগাযোগত এই কণ্ঠস্বৰৰ ভূমিকা সম্পৰ্কে ক’বলৈ গৈ নীৰাজনা মহন্ত বেজবৰাই উল্লেখ লিখিছে– কণ্ঠস্বৰে এফালেদি বক্তব্য বিষয়ক যেনেকৈ প্ৰাণময় কৰি তোনে, আনফালেদি তেনেকৈ ই প্ৰত্যেক ব্যক্তিকে নিজশ্ব বিশেষ পৰিচিতি প্ৰদান কৰে৷ এবাৰ-দুবাৰ মাতটো শুনাৰ পাছত আমি ব্যক্তিজন নেদেখাকৈয়ে মাতটোৰপৰাই তেওঁ কোন কৈ দিব পাৰোঁ৷১৩ অৰ্থাৎ একেজন ব্যক্তিৰে কণ্ঠস্বৰ বা মাতটোৰ পৰাই তেখেতে কেনে অৱস্থাত আছে অৰ্থাৎ আনন্দিত হৈ আছে নে দুখত আছে, খঙত আছে নেকি, অধিক উৎসাহিত হৈ আছে নেকি এই কথাবোৰৰ উমান পাব পাৰি৷ তদুপৰি মাতটো শুনিয়েই মানুহজন কোনবিধৰ হ’ব অৰ্থাৎ মৰমিয়াল নে খঙাল হ’ব সেই সম্পৰ্কেও আমাৰ ধাৰণা জন্ম হ’ব পাৰে বা হয়৷ সেয়েহে মৌখিক যোগাযোগত কণ্ঠস্বৰৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ৷
কণ্ঠস্বৰৰ প্ৰক্ষেপণ একপ্ৰকাৰৰ কলা৷ এই কলা কোনেও জন্মগতভাৱে শিকি নাহে বা জন্মগতভাৱে সুন্দৰ কণ্ঠৰ অধিকাৰী ব্যক্তি খুউব কমেইহে থাকে৷ আন কলাৰ দৰে এই কলাও অনুশীলন আৰু প্ৰশিক্ষণৰ জৰিয়তে আয়ত্ত কৰিব পাৰি৷ একেটা বিষয় আৰু একেখিনি কথা দুজন ব্যক্তিৰ উপস্থাপন ভিন্ন ধৰণৰ হোৱাৰ মূলতেই হ’ল কথা কোৱাৰ আৰ্ট বা কলা৷ একেখিনি কথাকে এজনৰ সুদক্ষ উপস্থাপনে আপোনাৰ মন মুহিত কৰাৰ বিপৰিতে আন এজনৰ কণ্ঠত আমনি লাগি হামি-টুপনি আহিব পাৰে৷ গতিকে মৌখিক যোগাযোগ সফল কৰি তোলাৰ ক্ষেত্ৰত কথা কোৱাৰ আৰ্টৰ ভূমিকা অনস্বীকাৰ্য৷ কথা প্ৰভাৱশালী আৰু শ্ৰোতাৰ মনোযোগ আকৰ্ষণ কৰাৰ কেইটামান দিশ সম্পৰ্কে আলোচনা কৰাৰ প্ৰয়াস কৰা হ’ল–
ক] মাতৰ তীব্ৰতা [Volume]
ইতিম্য উল্লেখ কৰা হৈছে যে মৌখিত যোগাযোগৰ সৈতে মাত বা কণ্ঠৰ সম্পৰ্ক অংগাংগীভাৱে জড়িত হৈ থাকে৷ পৰিৱেশ আৰু ক্ষেত্ৰ অনুসৰি মাতৰ তীব্ৰতা ভিন্ন ধৰণৰ হয় বা হোৱাটো প্ৰয়োজন৷ উদাহৰণস্বৰূপে বহল মুকলি ঠাইত কথা কওঁতে ডাঙৰ মাতেৰে ক’বলগীয়া হয়৷ আনহাতে এটা বন্ধ সৰু কোঠা সেই একেখিনি কথা উপস্থাপন কৰিবলৈকে সৰু মাতৰ ব্যৱহাৰ কৰা হয়৷ এই সম্পৰ্কে নীৰাজনা মহন্তৰ মন্তব্য প্ৰণিধানযোগ্য– বৰকৈ চিঞৰি কোৱা কথাত মাতৰ মাধুৰ্য নোহোৱা হোৱাৰ লগতে বক্তব্য বিষয়েও সংবেদনশীলতা হেৰুৱায়৷ অৰ্থাৎ শ্ৰোতাৰ মনত উপযুক্ত মাত্ৰাত ভাব-অনুভূতিৰ সৃষ্টি কৰাত ব্যৰ্থ হয়৷ কোৱা কথাবোৰ শুনিবলৈ হুতা-মুটা হ’লে বক্তাৰ ভাব প্ৰেৰণৰ উদ্দেশ্যৰ লগতে শ্ৰোতাৰ অৰ্থ গ্ৰহণৰ উদ্দেশ্যও ব্যাহত হয়৷১৪ আকৌ প্ৰয়োজনতকৈ অধিক সৰু মাতেও যোগাযোগত ব্যাঘাট জন্মায়৷ তদুপৰি প্ৰয়োজনতকৈ সৰু মাত ভীৰুতা, আত্মবিশ্বাসহীনতা, বক্তব্য বিষয়সম্পৰ্কীয়জ্ঞ ানৰ অসম্পূৰ্ণতা, নিজৰ উপস্থাপন ৰীতি সম্পৰ্কত শংকা ভাব আদিৰ পৰিচায়ক৷ স্বাভাৱিকতেই আত্মবিশ্বাসে মাত অধিক শক্তিশালি কৰাৰ লগতে বিষয় এটা সুন্দৰ উপস্থাপনত সহায় কৰে৷ আনহাতে থুকাথুকি মাত বা কওঁ নকওকৈ কোৱা মাতে উপযোক্ত ভাব শ্ৰোতাৰ কাষলৈ লৈ যোৱাত ব্যৰ্থ হয়৷ সেয়েহে বক্তব্য বিষয়ে দাবী কৰা ভাব অনুসৰি মাতৰ তীব্ৰতা প্ৰয়োগ কৰিব পাৰিলেহে মৌখিক যোগাযোগ সফল হোৱাৰ সম্ভাৱনা থাকে বা সফল হয়৷
খ] কথনৰ বেগ [Pace/Rate]
নিৰ্ধাৰিত সময়ৰ ভিতৰত কিমান শব্দ কোৱা হৈছে, সেই কথাটোৱে কথনৰ বেগ নিৰ্ধাৰণ কৰে৷১৫ শ্ৰোতাৰ ভেদে বিষয় অনুধাবন কৰাৰ ক্ষমতা ভিন্ন ধৰণৰ হয়৷ আনহাতে বেছি খৰকৈ বা বেছি লাহে লাহে কোৱা কথাৰ পৰাও ভাবৰ বিচ্যুতি ঘটে৷ গতিকে ভাব অনুসৰি কণ্ঠৰ বেগ ব্যৱহাৰ কৰিব পৰাতো মৌখিক যোগাযোগৰ সফলতা-বিফলতা নিৰ্ভৰ কৰে৷ কঠনৰ বিষয়বস্তু অত্যন্ত আকৰ্ষণীয় হ’লেও জোখতকৈ কম বেগৰ কঠন আমনিদায়ক হৈ পৰে৷ আনহাতে অধিক বেগত বা খৰকৈ কোৱা কথাৰ ক্ষেত্ৰত শ্ৰোতাই বিষয়বস্তু বুজি পাবলৈ সময় কম পোৱাৰ লগতে বক্তব্য বিষয়ৰ এটা ভাবৰ পৰা আন এটা ভাবলৈ যাবলৈ শ্ৰোতাৰ অসুবিধা হয়৷ ফলত বক্তা আৰু শ্ৰোতাৰ সম্পৰ্ক বিচ্যুত হয় আৰু শ্ৰোতাৰ অমনোযোগী হৈ পৰে৷ সেয়েহে প্ৰয়োজনীয় স্থানত সাময়িক বিৰতিৰে শ্ৰোতাক বক্তব্য বিষয় অনুধাৱন কৰিবলৈ অৱকাশ দিয়াৰ প্ৰয়োজন অত্যন্ত বেছি৷ তেতিয়াহে মৌখিক যোগাযোগে সফলতা অৰ্জন কৰাৰ সম্ভাৱনা থাকে৷
গ] সুৰ বা কণ্ঠস্বৰৰ কম্পন [Pitch]
আগতেই উল্লেখ কৰা হৈছে যে একেটা বাক্য বা শব্দ বিভিন্ন ধৰণে উচ্ছাৰণ কৰা অৰ্থাৎ কণ্ঠস্বৰৰ ভিন্নতাৰ ফলত ভিন্ন অৰ্থ নিস্পত্তি হ’ব পাৰে বা হয়৷ এই ক্ষেত্ৰত সুৰ আৰু সুৰলহৰৰ ভূমিকাই সৰ্বাধিক৷ সুৰ ঘোষত্বৰ এটা বিশেষ গুণ৷ কণ্ঠস্থ স্ৰৰতন্ত্ৰীৰ স্পন্দনৰ ফলত যি সাংগীতিক লহৰৰ সৃষ্টি হয় সেয়ে ঘোষত্ব৷ স্পন্দনৰ তীব্ৰতা অনুসৰি এই লহৰ উচ্ছ বা নিম্ন হ’ব পাৰে৷ সাংগীতিক লহৰ বা ঘোষত্বৰ উঠা-নমাকে সুৰ [Pitch] বোলে৷১৬ এই সুৰ আকৌ কেইবাপ্ৰকাৰৰো আছে– উচ্ছ বা উদাত্ত [high], নিম্ন বা অনুদাত্ত [low], স্বৰিত [mid or level] আদি সুৰৰ ভাগ৷ সি যি কি নহওক মাতৰ উঠা-নমাই শ্ৰোতাক বক্তাৰ মনৰ আবেগ-অনুভূতি, আন্তৰিক ভাৱ আদিৰ উমান দিব পাৰে৷ মাতৰ সুৰ সলনি কৰি কথনত সজীৱতা, প্ৰাণোচ্চলতা, আকৰ্ষণীয়তা, উষ্ণ আত্মীয়তাৰ সঞ্চাৰ কৰিব পাৰি৷ তাৰ বিপৰীতে মাতৰ সুৰতেই অনাত্মীয়তা, অসন্তুষ্টি আদিৰো ভাব প্ৰকাশ পায়৷ আনহাতে ভিন্ন ধৰণৰ সুৰ-দলহৰৰ প্ৰয়োগে বক্তব্য বিষয়ক একঘেয়ামী নোহোৱা কৰে আৰু শ্ৰোতাৰ মনোযোগ ধৰি ৰখাত সহায় কৰে৷ তদুপৰি কণ্ঠস্বৰৰ সঠিক প্ৰয়োগ তথা উঠানমাই বক্তাৰ অভিপ্ৰায় শ্ৰোতাৰ কাষলৈ লৈ যোৱাত বা শ্ৰোতাই বক্তাৰ অভিপ্ৰায় [intention] বুজি পোৱাত সহায় কৰাৰ লগতে শ্ৰোতাৰ উৎসুকতা ধৰি ৰখাতো সহায় কৰে৷ এই সকলো দিশৰ পৰা মৌখিক যোগাযোগ সফল কৰাৰ ক্ষেত্ৰত এই সুৰ বা কণ্ঠস্বৰৰ কম্পনে বিশেষ ভূমিকা পালন কৰিব পাৰে৷
ঘ] উচ্ছাৰণৰ স্পষ্টতা আৰু শুদ্ধতা [Articulation and Pronunciation]
মৌখিক যোগাযোগ যিহেতু বক্তা আৰু শ্ৰোতাৰ মাজৰ পোনপটীয়া সম্পৰ্ক আৰু এই সম্পৰ্কৰ প্ৰধান মাধ্যম হৈছে ভাষা অৰ্থাৎ কথিত ভাষা, সেয়ে ইয়াত উচ্ছাৰণৰ স্পষ্টতাৰ কথাটো জড়িত হৈ থাকে৷ ভাষাত ধ্বনিসমূহৰ উচ্ছাৰণৰ সামান্য তাৰতম্যৰ ফলতেই অৰ্থ বিভ্ৰাট ঘটিব পাৰে৷ বিভিন্ন শব্দ বা বাক্যবিলাকৰ অন্তৰ্গত প্ৰতিটো ধ্বনিৰ উচ্ছাৰণ স্পষ্ট হ’লেহে বক্তাৰ ভাব-প্ৰেৰণৰ উদ্দেশ্যই সম্পূৰ্ণতা আৰু সাৰ্থকতা লাভ কৰিব পাৰে৷ বক্তব্যৰ অন্তৰ্গত সমস্ত অংশ ভালকৈ উচ্ছাৰিত নহ’লে শ্ৰোতাৰ অৰ্থগ্ৰহণত গতি বাধাগ্ৰস্ত হোৱাৰ লগতে সামগ্ৰিক ৰূপত অৰ্থবোধতো ব্যাঘাত জন্মে৷ খোকোজা লগা উচ্ছাৰণেৰে বা লেবালেতেপাকৈ কোৱা কথা যিমানেই সাৰুৱা নহওক, সি শ্ৰোতাৰ বিশ্বাসযোগ্যতা হেৰুৱায়৷ তেনে কথাৰ প্ৰতি শ্ৰোতাৰ আগ্ৰহ নোহোৱা হয়৷ স্পষ্ট উচ্ছাৰণে বক্তব্যত এক তীক্ষ্ণতা, এক অপৰিমিত শক্তি আনি দিয়ে৷ প্ৰতিটো শব্দৰ শুদ্ধ সম্পূৰ্ণ উচ্ছাৰণ, একাধিক শব্দ একেলগে লেতিয়াই নেপেলোৱা, শব্দ বা বাক্যৰপৰা কোনো অংশ বাদ নিদিয়া, শব্দৰ উচ্ছাৰণ খণ্ডিত নকৰা আদিবিলাক কথনৰ স্পষ্টতাৰ ক্ষেত্ৰত মন কৰিবলগীয়া কথা৷১৭ সাধাৰণতে কথা বতৰা পাতোতে বা বক্তৃতা দিওঁতে কিছুমানৰ ৰকাৰ যুক্ত শব্দ বা শব্দৰ মাজৰ ‘ৰ’ ধ্বনিৰ উচ্ছাৰণ স্পষ্ট নহয়, সমান্তৰালভাৱে বহুতৰে যুক্ত ব্যঞ্জনৰ উচ্ছাৰণৰ অস্পষ্টতা লক্ষ্য কৰা যায়৷ এনেবোপে শ্ৰোতাৰ মনোযোগ আকৰ্ষণ কৰাত হেঙাৰ হৈ ঠিয় দিয়ে৷
মৌখিক যোগাযোগ সফল কৰি তোলাৰ ক্ষেত্ৰত উচ্ছাৰণৰ স্পষ্টতাৰ সমান্তৰালভাৱে শুদ্ধ উচ্ছাৰণৰ দিশটোও মনকৰিবলগীয়া৷ কিছুমানশব্দ বিকৃত ৰূপত উচ্ছাৰণ কৰাৰ ফলত৷ ুতিকটু হয় আৰু শ্ৰোতাৰ কাণত ই ধৰা পৰা মাত্ৰকেই যোগাযোগত ব্যাঘাট জন্মাৰ সম্ভাৱনা থাকে৷ স্বাভাৱিকতেই এনে ধৰণৰ উচ্ছাৰণে বক্তব্যৰ গাম্ভীৰ্যও হ্ৰাস কৰে৷ সাধাৰণতে শুনিবলৈ পোৱা তেনে কিছুমান শব্দ– বেক্তি [ব্যক্তি], বিবহ্যৰ [ব্যৱহাৰ], জীঅন [জীৱন] ইত্যাদি৷ [বন্ধনিৰ ভিতৰত দিয়া শব্দই সঠিক উচ্ছাৰণ যুক্ত শব্দক বুজাইেছৈ৷]
ঙ] স্বৰ নিয়ন্ত্ৰণ [Voice modulation]
বক্তব্য বিষয় এটাক সঠিক আৰু মনোগ্ৰাহী তথা কলাত্মকভাৱে উপস্থাপন কৰাৰ ক্ষেত্ৰত কণ্ঠস্বৰৰ নিয়ন্ত্ৰণৰ ভূমিকা মনকৰিবলগীয়া৷ বিশেষকৈ শ্বাসাঘাটৰ প্ৰয়োগে এই ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰে৷ কথা কওঁতে শব্দৰ সকলোবোৰ ধ্বনিতে সমানে যোৰ নপৰে৷ কিছুমান ধ্বনিৰ উচ্ছাৰণত বেছি জোৰ পৰে, অৰ্থাৎ হাঁওফাঁওৰ পৰা ওলাই অহা বায়ু একেটা চাপতে বৰ বেছিকৈ বাহিৰ হয়; কিছুমান ধ্বনিৰ উচ্ছাৰণত জোৰ কমকৈ পৰে, অৰ্থাৎ বহিৰ্গামী বায়ুৰ চাপো কম আৰু বায়ুও কমকৈ ওলায়৷ জোৰ দি উচ্ছাৰণ কৰোঁতে উচ্ছাৰণকৰণো কিছু পৰিমাণে সুথিৰ হয়৷ ধ্বনিৰ উচ্ছাৰণৰ এই আপেক্ষিক জোৰৰ নামেই শ্বাসাঘাত [stress]৷ দৰাচলতে সকলো ভাষাতেই শ্বাসাঘাটৰ প্ৰয়োগ হয়৷১৮ মৌখিক যোগাযোগত এই স্বৰ নিয়ণ্ত্ৰণ সম্পৰ্কে নীৰাজনা মহন্ত বেজবৰাই লিখিছে– স্বৰৰ নিয়ন্ত্ৰণে মাতত যি সজীৱতা আৰু নমনীয়তা প্ৰদান কৰে, তাৰদ্বাৰা বিভিন্ন আৱেগ, অনুভৱ-অনুভূতি, বিশ্বাস-অবিশ্বাস, উৎকণ্ঠা-সংশয়, আসা-নিৰাশা আদিবিলাক প্ৰভাৱশালীধৰণেৰে ফুটাই তোলা সম্ভৱ হৈ উঠে৷১৯
চ] সাময়িক বিৰতি [Pause]
মৌখিক যোগাযোগৰ সৈতে শ্ৰোতাই ভাব বুজি পোৱাৰ কথাটো বিশেষভাৱে জড়ি হৈ থাকে৷ লিখিত যোগাযোগৰ ক্ষেত্ৰত পাঠকে পুণৰ পঢ়ি বুজি লোৱাৰ অৱকাশ থকাৰ বিপৰীতে মৌখিক যোগাযোগত সেই অৱকাশ নাথাকে৷ বক্তাই কৈ যাওঁতেই শ্ৰোতাই বক্তব্য বিষয়ৰ অৰ্থ বা ভাব বুজি যাবলগীয়া হয়৷ সেয়েহে ইয়াত শ্ৰোতাক বুজিবলৈ কিছু সময় [সাময়িক বিৰতি] দিয়াৰ প্ৰয়োজন নি(য় আছে৷ এনে বিৰতিয়ে কথনৰ বিষয়টো শ্ৰোতাৰ বোধগম্য হোৱাত বা অনুধাৱন কৰাত সহায় কৰে৷ লিখিত যোগাযোগত যতি চিহ্নৰ ব্যৱহাৰে ভাব বহন কৰাৰ বিপৰীতো মৌখিক যোগাযোগত বক্তাৰ সাময়িক বিৰতিয়ে সেই ভাব বহন কৰে৷ সেয়েহে ভাব অনুসৰি সাময়িক বিৰতিৰ গুৰুত্ব অপৰিসীম৷ যথুপযুক্ত স্থানত যথোপযুক্ত বিৰতিয়ে কথনক সুন্দৰ আভূষণৰ দৰে সজাই-পৰাই তোলে৷
মৌখিক যোগাযোগত যেনেকৈ সাময়িক বিৰতিৰ প্ৰয়োজন ঠিক তেনেদৰে অনাৱশ্যকীয় দীঘলীয়া বিৰতিয়ে কথন প্ৰক্ৰিয়াৰ স্বাভাৱিক প্ৰৱাহত বাধাৰ সৃষ্টি কৰে৷ প্ৰকৃততে শব্দবোৰৰ সলসলীয়া উচ্ছাৰণেৰে বাক্যবোৰ কৈ যাওঁতে কিছুমান স্থানত আপোনা-আপুনিয়ে ক্ষণিকৰ বাবে বিৰাম গ্ৰহণ কৰা হয়৷ এনে সাময়িক বিৰতি যিহেতু স্বাভাৱিক প্ৰক্ৰিয়া, গতিকে তাক স্বসঃস্পুৰ্তভাৱে আহিবলৈ দিয়াই ভাল৷ এই ক্ষেত্ৰত অত্যাধিক সতৰ্কতা অৱলম্বনে কথন কাৰ্যটোক কৃত্ৰিম আৰু যান্ত্ৰিক ধৰণৰ কৰি তোলাৰো অৱকাশ থাকে৷ গতিকে প্ৰয়োজনতকৈ অধিক বিৰতিয়েও মৌখিক যোগাযোগত হেঙাৰ হৈ ঠিয় দিয়ে বা দিয়াৰ সম্ভাৱনা থাকে৷
মৌখিক যোগাযোগৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ প্ৰতিবন্ধক হ’ল ভয়৷ এই সম্পৰ্কে এমাৰ্ছনৰ এষাৰ কথা প্ৰণিধানযোগ্য– ‘ভয়ৰ দৰে আন একোৱেই পৃথিৱীত মানুহৰ ক্ষতি নকৰে৷ এই ভয় দূৰ কৰি আত্মবিশ্বাস গঢ়ি তুলিবলৈ বিভিন্ন ধৰণে নিজকে প্ৰস্তুত কৰি গঢ়ি তুলিব পাৰি৷ যেনে–
বিষয় বা বক্তৃতাৰ ভীতি সম্বন্ধীয় বিভিন্ন ঘটনাৰ খবৰ ৰাখাটো এটা গুৰুত্বপূৰ্ণ কাম৷
নিজকে সঠিকভাৱে প্ৰস্তুত কৰি ল’ব লাগে৷ এই ক্ষেত্ৰত অৱলম্বন কৰিবলগীয়া কাৰ্যপন্থাসমূহৰ ভিতৰত– জনা কথাবোৰকে জুকিয়াই ক’বলৈ চেষ্টা কৰিব লাগে আৰু এইবোৰৰ সম্পৰ্কত আলোচনা তথা বিশ্লেষণ কৰাৰ প্ৰয়াস কৰিব লাগে৷ উপস্থিতসকলক এইবোৰ কামত লগাবলৈ অনুৰোধ কৰিব লাগে৷ বিষবোৰ বা প্ৰসংগবোৰৰ সৈতে জড়িত হৈ থকা খুটি-নাতি বিচাৰ কৰি সেইবোৰৰ প্ৰতিকাৰৰ পথ বা সমাধানসূত্ৰ দেখুৱাবলৈ চেষ্টা কৰিব লাগে৷ এই ক্ষেত্ৰত সকলোকে সহযোগিতা আগবঢ়াবলৈ আৱেদন কৰিব পাৰে৷
উপসংহাৰ ঃ
যোগাযোগ মানুহৰ বাবে এক অপৰিহাৰ্য প্ৰক্ৰিয়া৷ এই যোগাযোগ প্ৰক্ৰিয়া মানৱ সভ্যতাৰ বিকাশৰ আগৰে পৰাই চলি আহিছে৷ প্ৰথম অৱস্থাত বিভিন্ন অংগি-ভংগী, বিভিন্ন চিহ্নৰ আদিৰ জৰিয়তে ভাবৰ আদান প্ৰদানৰ বাবে আৰম্ভ হোৱা যোগাযোগ বিভিন্ন প্ৰক্ৰিয়াৰ মাজেৰে আহি আজি ডিজিটেল ৰূপ লাভ কৰিছেহি৷ এই দীঘলীয়া পৰিক্ৰমাত যোগাযোগৰ এক ঈৰ্ষণীয় পৰিৱৰ্তন ঘটিছে৷
মানুহে দৈনন্দিন জীৱনত পৰস্পৰে-পৰস্পৰৰ সৈতে ভাৱৰ আদন-প্ৰদান কৰিবৰ বাবে বিভিন্ন ধৰণৰ কথা বতৰা পাতিবলগা হয়৷ এই কথা-বতৰা পাতোতে বা এজন ভাব আনজনলৈ প্ৰত্যক্ষ্য ভাৱে কঢ়িয়াই নিয়াৰ ক্ষেত্ৰত সহায় কৰা যোগাযোগৰ প্ৰথম আৰপ প্ৰভাৱশালী ভাগটোৱেই হৈছে মৌখিক যোগাযোগ৷ ইয়াত বক্তা আৰু শ্ৰোতা দুয়োটাৰে উপস্থিতি বাধ্যতামূলক৷ বক্তাই ক’ব খোজা কথা বা ভাৱ এটাক শ্ৰোতাৰ মনলৈ সথিক ৰূপত লৈ যাবলৈ সক্ষম হোৱা-নোহোৱাতেই মৌখিক যোগাযোগৰ সফলতা বিফলতা নিৰ্ভৰ কৰে৷ বিষয় এটাক তেনেদৰে উপস্থাপন কৰিলে বক্তব্য বিষয় এটা শ্ৰোতাই বুজি পোৱাত সহায়ক হয় বা শ্ৰোতাৰ মনোযোগ আকৰ্ষণ কৰিবলৈ বক্তাই কোনবোৰ দিশৰ প্ৰতি গুৰুত্ব দিব লাগে, ভাষাভিন্ন উপাদান আদিয়ে বক্তব্য বিষয় বুজি পোৱাত কেনেদৰে সহায়ক হৈ উঠিব পাৰে, বক্তাই কথা কওঁতে শ্ৰোতাৰ সৈতে কেনেদৰে সম্পৰ্ক বজাই ৰখা উচিত ইত্যাদি সম্পৰ্কীয় আলোচনাই মৌখিক যোগাযোগৰ আলোচনাৰ মূল কথা৷ নিশ্চিতভাৱে বন্ধুতসুলভ আচৰণ, সৰল কথোপকথনমূলক বক্তব্য, শব্দৰ যথোপযুক্ত উচ্ছাৰণ তথা বক্তব্য বিষয়ৰ কলাত্মক উপস্থাপ, আদি মৌখিক যোগাযোগ সফল কৰি তোলাৰ সঁচাৰ কাঠি৷
প্ৰসংগসূত্ৰ নিৰ্দেশ
১ নীৰাজনা মহন্ত বেজবৰা, যোগাযোগ কলা, পৃ. জ্জ
২ ফণীন্দ্ৰ নাৰায়ণ দত্ত বৰুৱা, প্ৰয়োগ ভাষাবিজ্ঞানৰ ৰূপৰেখা, পৃ. ১০৫
৩ নীৰাজনা মহন্ত বেজবৰা, পূৰ্বোক্ত, পৃ. জ্জ্ব
৪ দীনেশ চন্দ্ৰ গোস্বামী, বিজ্ঞান লেখকৰ হাতপুথি, পৃ.১২৪
৫ উল্লিখিত, পৃ.১২৪
৬ নীৰাজনা মহন্ত বেজবৰা, পূৰ্বোক্ত, পৃ. ২৫
৭ উল্লিখিত, পৃ. ২৫
৮ দীনেশ চন্দ্ৰ গোস্বামী, পূৰ্বোক্ত, পৃ.১২৬
৯ নীৰাজনা মহন্ত বেজবৰা, পূৰ্বোক্ত, পৃ. চ্ছ
১০ বিজ্ঞান লেখকৰ হাতপুথি, পৃ.১২৬
১১ নীৰাজনা মহন্ত বেজবৰা, পূৰ্বোক্ত পৃ. ২৭
১২ বিজ্ঞান লেখকৰ হাতপুথি, পৃ. ১২৬
১৩ নীৰাজনা মহন্ত বেজবৰা, পূৰ্বোক্ত. ২৭-২৮
১৪ উল্লিখিত, পৃ. ২৮
১৫ উল্লিখিত, পৃ. ২৮
১৬ গোলোক চন্দ্ৰ গোস্বামী, ধ্বনি-বিজ্ঞ ানৰ ভূমিকা, পৃ. ১২৪
১৭ নীৰাজনা মহন্ত বেজবৰা, পূৰ্বোক্ত, পৃ. ২৯
১৮ গোলোক চন্দ্ৰ গোস্বামী, পূৰ্বোক্ত, পৃ. ১২৩
১৯ নীৰাজনা মহন্ত বেজবৰা, পূৰ্বোক্ত, পৃ. ৩০
সহায়ক গ্ৰন্থপঞ্জী ঃ
গোস্বামী, উপন্দ্ৰনাথ : ভাষাবিজ্ঞান, মণি-মাণিক প্ৰকাশ, পাণবজাৰ, গুৱাহাটী-ৰ, একবিংশতিতম্ সংস্কৰণ, ২০১৪
গোস্বামী, গোলোকচন্দ্ৰ ধ্বনি-বিজ্ঞানৰ ভূমিকা, বীণা লাইব্ৰেৰী, পাণবজাৰ, গুৱাহাটী-১, পুনৰ প্ৰকাশ- নৱেম্বৰ, ২০১১
গোস্বামী, দীনেশ চন্দ্ৰ [সম্পা.] : বিজ্ঞান লেখকৰ হাতপুথি, অসম বুক হাইভ, গুৱাহাটী-ৰ, প্ৰথম প্ৰকাশ ২০০৩
বেজবৰা, নীৰাজনা মহন্ত : যোগাযোগ কলা, বনলতা, ডিব্ৰুগড়-ৰ, দ্বিতীয় প্ৰকাশ, ২০১২
দত্তবৰুৱা, ফণীন্দ্ৰ নাৰায়ণ : প্ৰয়োগ ভাষাবিজ্ঞান ৰূপৰেখা, বনলতা, ডিব্ৰুগড়-ৰ, প্ৰথম প্ৰকাশ : ছেপ্টেম্বৰ ২০০৬
নেওগ, মহেশ্বৰ; ৰজনীকান্ত দেৱশৰ্মা আৰু নৱকান্ত বৰুৱা [সম্পা.] : আধুনিক অসমীয়া অভিধান, অসম প্ৰকাশন পৰিষদ, গুৱাহাটী-২১, অষ্টাদশ সংস্কৰণ, এপ্ৰিল, ২০১১
.
0 Comments